অংগ
৮ প্ৰবন্ধ
-
হৃদযন্ত্ৰ
হৃদযন্ত্ৰ (Heart) হৃদপেশীৰ দ্বাৰা গঠিত কেন্দ্ৰীয় পাম্প সদৃশ অংগ,যি অবিৰতভাৱে প্ৰাণীৰ জীৱন থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে। ই বক্ষ গহ্বৰত হাঁওফাঁও দুটাৰ মধ্যৱৰ্তী স্থানত অৱস্থিত সোপোকা অংগ। হৃদযন্ত্ৰ হৃদয়াৱৰণ ৰ দ্বাৰা আবৃত হৈ থাকে।
-
বৃক্ক
বৃক্ক হ'ল মানুহ আৰু আন সকলো মেৰুদণ্ডী প্ৰাণীৰ প্ৰধান ৰেচন অংগ। ই মূত্ৰ উৎপাদন আৰু বহিষ্কাৰ কৰে, আৰু লগতে শৰীৰৰ পানী বা ইলেকট্ৰোলাইট (চদিয়াম, পটাচিয়াম, ইত্যাদি) ৰ ভাৰসাম্য বজায় ৰাখে। বৃক্কৰ উপদেহীয় অংশইঅন্তঃস্ৰাৱী গ্ৰন্থি হিচাপে কাম কৰে। অঙ্গটি পেৰিট'নিয়ামৰ পাছফালে অবস্থিত।
-
পাকস্থলী
পাকস্থলীটো খাদ্যনলীৰ আটাইতকৈ বহল অংশ আৰু ই মধ্যচ্ছদাৰ ঠিক তলতে বাওঁফালে অৱস্থিত। পাকস্থলীটো পেশীযুক্ত আৰু আকৃতিত ইংৰাজী J আখৰটোৰ দৰে। পূৰ্ণবয়স্ক মানুহৰ পাকস্থলীৰ আয়তন প্ৰায় 1500 মি. লি.। ই ওপৰৰ পিনে ইছ’ফেগাছৰ লগত আৰু তলৰ পিনে ডুৱ’ডেনামৰ লগত সংযুক্ত হৈ থাকে।
-
জিভা
জিভা বা জিহ্বা (Tongue) মুখগহ্বৰৰ মজিয়াত এখন ডাঙৰ তথা ডাঠ মঙহাল বহিঃসাৰী (Protrusible) আৰু সংবেদনশীল জিহ্বা থাকে। জিহ্বাখন মুখগহ্বৰৰ মজিয়াত ফ্ৰিনুলাম (Frenulum) নামৰ লিগামেন্টৰ দ্বাৰা জিহ্বাখন স্তৰীভূত অধিচ্ছদীয় কোষৰ দ্বাৰা গঠিত। ইয়াৰ উপৰিভাগত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ টেমুনা থাকে।
-
বৃহদান্ত্ৰ
বৃহদান্ত্ৰ হৈছে মেৰুদণ্ডীৰ পাচন তন্ত্ৰৰ একেবাৰে শেষৰ অংশ। ইয়াক ক'লন বুলিও কোৱা হয়। ইয়াত পানীৰ শোষণ হয় আৰু অৱশিষ্ট খিনি মলত্যাগৰ দ্বাৰা দেহৰ পৰা বহিস্কাৰ নোহোৱা পৰ্যন্ত মল হিচাপে জমা হৈ থাকে। চিকাম, ক'লন, মলভাণ্ড, পায়ুনলীৰ সমন্বয়ত বৃহদান্ত্ৰ গঠিত বুলি বহু বিশেষজ্ঞই মত পোষণ কৰে।
-
নাসিকা গহ্বৰ
নাসিকা গহ্বৰ(nasal cavity) মুখৰ মাজভাগত নাকৰ ওপৰত আৰু ভিতৰৰফালে থকা বৃহৎ, বায়ুৰে ভৰা ঠাই। নাকৰ চেপটামে গহ্বৰটোক দুটা গহ্বৰত ভাগ কৰে, যাক ফ’ছা বুলিও কোৱা হয়। প্ৰতিটো গহ্বৰ নাকৰ ৰন্ধ্ৰ দুটাৰ ভিতৰত সংযুক্ত এটাৰ অংশ।
-
চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব
চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব (anterior lobe of cerebellum) হৈছে মস্তিষ্কৰ অন্যতম লোব, যিয়ে অচেতন প্ৰ’প্ৰ’চেপচনৰ মধ্যস্থতাকাৰী হিচাপে দায়বদ্ধ। মস্তিষ্কৰ আগফালৰ লোবত ইনপুট প্ৰধানকৈ মেৰুদণ্ডৰ পৰা হয়। ইয়াক কেতিয়াবা “পেলিঅ’চেৰবেলাম’’ৰ বুলিও কোৱা হয়।
-
আনুষঙ্গিক স্তন
আনুষঙ্গিক স্তন, যাক পলিমাষ্টিয়া, অতিৰিক্ত স্তন, বা মামাই এৰাটিকাই বুলিও কোৱা হয়, হৈছে অতিৰিক্ত স্তন থকাৰ অৱস্থা। এই অতিৰিক্ত স্তনবোৰ স্তনাগ্ৰ বা স্তনবৃন্তৰ সৈতে বা অবিহনেও দেখা দিব পাৰে।