প্ৰাণীৰ গঠন
১৭ প্ৰবন্ধ
-
হাঁওফাঁও
হাঁওফাঁও (lung) হৈছে উন্নত জীৱৰ মুখ্য শ্বাস অংগ। অধিকাংশ টেট্ৰাপ'ড, কিছু মাছ আৰু কিছু শামুকৰ হাঁওফাঁও থাকে। স্তন্যপায়ী আৰু জ়টিল জীৱবোৰৰ ৰাজহাড়ৰ কাষত হৃদযন্ত্ৰৰ দুয়ো কাষে দুটা হাঁওফাঁও থাকে।
-
তেজ
তেজ বা ৰক্ত (Blood) হৈছে ৰক্তসংবহন তন্ত্ৰৰ লগত জড়িত এবিধ তৰল মাধ্যম। ই ৰক্তবাহিকাইদি খাদ্য, শ্বসন গেছ, ৰেচন দ্ৰব্য, হৰম'ন, এনজাইম আদি দ্ৰব্যবোৰ বিভিন্ন কলাসমূহলৈ প্ৰেৰণ কৰে আৰু কলাকোষসমূহত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ আৰু অন্যান্য বিপাকীয় অলাগতিয়াল দ্ৰব্যসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট স্থানলৈ…
-
হৃদযন্ত্ৰ
হৃদযন্ত্ৰ (Heart) হৃদপেশীৰ দ্বাৰা গঠিত কেন্দ্ৰীয় পাম্প সদৃশ অংগ,যি অবিৰতভাৱে প্ৰাণীৰ জীৱন থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে। ই বক্ষ গহ্বৰত হাঁওফাঁও দুটাৰ মধ্যৱৰ্তী স্থানত অৱস্থিত সোপোকা অংগ। হৃদযন্ত্ৰ হৃদয়াৱৰণ ৰ দ্বাৰা আবৃত হৈ থাকে।
-
চকু
চকু (ইংৰাজী:Eyes) হৈছে দৰ্শন অংগ। চকুৱে পোহৰক নিউৰণত বিদ্যুৎ-ৰাসায়নিক সংকেতলৈ ৰূপান্তৰ কৰে। চকুৰ আইৰিছে চাৰিওকাষৰ পোহৰক নিয়ন্ত্ৰিতভাৱে লেন্স মাজেৰে প্ৰৱেশ কৰিবলৈ দিয়ে। এই পোহৰক নিউৰণে কিছুমান সংকেতৰূপে স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ কৰে। মগজুত এই সংকেতৰ বিশ্লেষণ হয় আৰু জীৱই দেখা পাবলৈ সক্ষম হয়।
-
যকৃৎ
যকৃৎ হৈছে মেৰুদণ্ডী আৰু অন্য কিছু প্ৰাণীৰ এটা অত্যাৱশ্যকীয় অংগ। মানুহৰ ক্ষেত্ৰত ই মধ্যচ্ছদাৰ তলফালে পেটৰ সোঁকাষৰ ওপৰ অংশত থাকে। যকৃতৰ বহু কাৰ্য আছে, বহু দেহজ ক্ৰিয়াৰ বিষ প্ৰশমন, প্ৰ'টিন সংশ্লেষণ, পাচনৰ বাবে প্ৰয়োজনীয় জৈৱৰসায়নৰ উৎপাদন কৰে।
-
ছাল
ছাল বা চৰ্ম হৈছে মেৰুদণ্ডীৰ বাহ্যিক আৱৰণ। অন্য প্ৰাণীৰ আৱৰণবোৰ, যেনে সন্ধীপদিৰ বহিঃ কংকাল আদিৰ বিকাশৰ উৎস, গঠন আৰু ৰাসায়নিক সংযুতি ভিন্ন। স্তন্যপায়ীৰ ছাল বহু তৰপীয়া আৱৰণি কলাৰে গঠিত আচ্ছাদন তন্ত্ৰৰ এটা অংগ, আৰু ই ভিতৰত থকা পেশী, হাড়, লিগামেণ্ট আৰু আভ্যন্তৰিণ অংগসমূহক সুৰক্ষা প্ৰদান কৰে।
-
দাঁত
দাঁত (Teeth) মেৰুদণ্ডী প্ৰাণীৰ মুখত অৱস্থিত এটি অংগ। কঠিন খাদ্যবস্তু কৰ্তন,চৰ্বন নাইবা পেষণৰ বাবে স্তন্যপায়ী প্ৰাণীবোৰৰ দাঁত বিশেষভাৱে বিকাশিত। দাঁতবোৰ উৰ্দ্ধ আৰু নিম্নহনুত থকা গাঁতবোৰৰ ভিতৰত সোমাই থাকে। এই ধৰণৰ দাঁতক থেক'ডণ্ট (thecodont) বোলে।
-
কৰ্ণ (অংগ)
কৰ্ণ বা কাণ (ইংৰাজী: ear) হৈছে শব্দ অন্তঃকৰণ কৰা একপ্ৰকাৰৰ অংগ। ইয়াক শ্ৰৱণেন্দ্ৰিয় বুলিও কোৱা হয়। ই কেৱল শব্দ শুনাৰ লগতে জড়িত নহয়, ই দেহৰ অৱস্থান আৰু ভাৰসাম্যতা ৰক্ষা কৰাতো সহায় কৰে।
-
নাক
নাক মেৰুদণ্ডী প্ৰাণীৰ দেহত থকা সংবেদনশীল অংগ আৰু শ্বাস-প্ৰশ্বাসৰ বাবে ব্যৱহৃত এক গঠন। নাকৰ নাসিকা ৰন্ধ্ৰৰে শ্বাসক্ৰিয়াৰ বায়ু প্ৰৱেশ আৰু প্ৰস্থান কৰে। ইয়াৰ ভিতৰত নাসিকা গহ্বৰ আৰু মুখৰ বাহিৰৰ নাক থাকে।
-
ক্ষুদ্ৰান্ত্ৰ
ক্ষুদ্ৰান্ত্ৰ হৈছে পৌষ্টিকনলীৰ এটা অংশ। ই পাকস্থলী আৰু বৃহদান্ত্ৰৰ মাজত থাকে। খাদ্যৰ সৰ্বাধিক পাচন আৰু অৱশোষণ ইয়াতেই সংঘটিত হয়। ক্ষুদ্ৰান্ত্ৰৰ তিনিটা প্ৰধান ভাগ আছে – ডুৱডেনাম, জেজুনাম, আৰু ইলিয়াম। অগ্নাশয়ৰ পাকস্থলী ৰস আৰু অগ্নাশয় ৰস অগ্নাশয় নলী জৰিয়তে ইয়াত প্ৰৱেশ কৰে।
-
স্তন
স্তন হৈছে এক প্ৰকাৰৰ দুগ্ধ গ্ৰন্থী। প্ৰতিটো গ্ৰন্থী মাইকী আদিমানৱৰ বক্ষৰ ওপৰৰ অংশত থাকে। এই গ্ৰন্থীয়ে উৎপাদন আৰু নিঃসৰণ কৰা গাখীৰ অপত্যই খায়। মতা আৰু মাইকী উভয়ৰে একে ভ্ৰূণীয় কলাৰ পৰা ইয়াৰ বিকাশ হয়, কিন্তু যৌন সক্ষমতা লাভ কৰাৰ সময়ত, এষ্ট্ৰ'জেন আৰু অন্য বৃদ্ধিৰ লগত জড়িত হ'ৰমনৰ প্ৰভাৱত কেৱল…
-
পেশী
পেশী হৈছে অধিকাংশ প্ৰাণীৰ দেহত থকা এক প্ৰকাৰৰ কোমল কলা। পেশী কোষবোৰ প্ৰটিনযুক্ত এক্টিন আৰু মায়চিন সূত্ৰৰে গঠিত। এই সূত্ৰহোৰৰ সংকোচনৰ বাবে পেশী কোষবোৰৰ আকাৰ আৰু আকৃতিৰ পৰিবৰ্তন হয়। বলৰ উৎপাদন কৰা আৰু চলন ক্ষমতা প্ৰদান কৰা হৈছে পেশীৰ কাৰ্য।
-
বৃহদান্ত্ৰ
বৃহদান্ত্ৰ হৈছে মেৰুদণ্ডীৰ পাচন তন্ত্ৰৰ একেবাৰে শেষৰ অংশ। ইয়াক ক'লন বুলিও কোৱা হয়। ইয়াত পানীৰ শোষণ হয় আৰু অৱশিষ্ট খিনি মলত্যাগৰ দ্বাৰা দেহৰ পৰা বহিস্কাৰ নোহোৱা পৰ্যন্ত মল হিচাপে জমা হৈ থাকে। চিকাম, ক'লন, মলভাণ্ড, পায়ুনলীৰ সমন্বয়ত বৃহদান্ত্ৰ গঠিত বুলি বহু বিশেষজ্ঞই মত পোষণ কৰে।
-
ৰক্তবাহিকা
ৰক্তবাহিকা (ইং: Blood Vessel) বোৰ হৈছে ৰক্ত পৰিবহণ তন্ত্ৰৰ এটা উপাদান। জীৱদেহত তিনি প্ৰকাৰৰ ৰক্তবাহিকা থাকে, সেই কেইটা হৈছে ধমনী, সিৰা, আৰু ৰক্ত কেশিকা।
-
অগ্ন্যাশয়
অগ্ন্যাশয় বা pancreas মেৰুদণ্ডী প্ৰাণীৰ পাচন তন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ এটা অংগ। মানুহৰ দেহত ই পেটৰ পাকস্থলীৰ পিছফালে অৱস্থিত। অগ্ন্যাশয় এক মিশ্ৰ গ্ৰন্থি, কাৰণ ই অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োবিধ গ্ৰন্থি হিচাপে কাম কৰিব পাৰে।
-
সিৰা
সিৰা (Vein) হ’ল শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই নিয়া আৰু হৃদযন্ত্ৰত প্ৰৱেশ কৰা ৰক্তবাহিকা। সিৰাবোৰে সাধাৰণতে অশুদ্ধ তেজ (অক্সিজেনবিহীন বা ডিঅক্সিজেনেটেদ তেজ) কঢ়িয়াই লৈ ফুৰে। সিৰা ধমনীৰ দৰে তিনি তৰপীয়া।
-
চলং
চলং বা কেৰাপেচ হৈছে সন্ধিপদী, যেনে ক্ৰুষ্টেচিয়ান আৰু এৰাকনিড, লগতে মেৰুদণ্ডী প্ৰাণী, যেনে কচ্ছপ আদি কেইবাটাও প্ৰাণীৰ গোটৰ বহিঃকংকাল বা খোলাৰ পৃষ্ঠীয় (ওপৰৰ) অংশ। কচ্ছপ বা কাছৰ তলৰ ফালটোক প্লাষ্ট্ৰন বোলা হয়।