অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

প্ৰতিৰোধ তন্ত্ৰ

প্ৰতিৰোধ তন্ত্ৰ (Immune system) হৈছে কোনো এটা জীৱৰ দেহত থকা, বহুতো জীৱবৈজ্ঞানিক গঠন আৰু জীৱবৈজ্ঞানিক পদ্ধতিৰে গঠিত এক প্ৰকাৰৰ প্ৰতিৰোধ প্ৰণালী যি জীৱটোক ৰোগ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে।

হালনাগাদ: ১২ জুন ২০২১ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

প্ৰতিৰোধ তন্ত্ৰ (Immune system) হৈছে কোনো এটা জীৱৰ দেহত থকা, বহুতো জীৱবৈজ্ঞানিক গঠন আৰু জীৱবৈজ্ঞানিক পদ্ধতিৰে গঠিত এক প্ৰকাৰৰ প্ৰতিৰোধ প্ৰণালী যি জীৱটোক ৰোগ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে। প্ৰতিৰোধ তন্ত্ৰই মূলতঃ বিভিন্ন ধৰণৰ পদাৰ্থ, ৰোগ সৃষ্টিকাৰী পদাৰ্থ, ভাইৰাছৰ পৰা পৰজীৱি কৃমিলৈকে চিনাক্ত কৰিব পাৰে আৰু জীৱৰ নিজৰ দেহ কোষৰ পৰা পৃথক কৰিব পাৰে। বহুতো প্ৰজাতিৰ, প্ৰতিৰোধ তন্ত্ৰক কেইবাটাও উপ-তন্ত্ৰত শ্ৰেণীবিভাজন কৰিব পাৰি, যেনে ইননেট ইমিউন ছিষ্টেম বনাম এডাপ্তিভ ইমিউন ছিষ্টেম, বা হিউমৰেল ইমিউনিটি বনাম চেল-মেডিয়েটেড ইমিউনিটি। মানুহৰ ক্ষেত্ৰত, ৰক্ত–মস্তিষ্ক প্ৰতিৰোধ, ৰক্ত–চেৰেব্ৰ’স্পাইনেল প্ৰতিৰোধ, আৰু একে ধৰণৰ তৰল-মস্তিষ্ক প্ৰতিৰোধে পেৰিফেৰেল প্ৰতিৰোধ তন্ত্ৰৰ পৰা স্নায়ুপ্ৰতিৰোধ তন্ত্ৰক পৃথক কৰে, যি মস্তিষ্কক সুৰক্ষা প্ৰদান কৰে।

বীজাণুবোৰ অতি খৰকৈ বিকশিত হয় আৰু পৰিৱেশৰ লগত সহৱস্থান কৰিবলৈ শিকে, আৰু সেইদৰে প্ৰতিৰোধ তন্ত্ৰৰ দ্বাৰা চিনাক্তকৰণ আৰু প্ৰশমিত হোৱাৰ পৰা হাত সাৰিব পাৰে; সেইদৰে, প্ৰতিৰোধ তন্ত্ৰইও এইবোৰ চিনাক্ত কৰি প্ৰশমিত কৰিবলৈ বিবিধ প্ৰতিৰক্ষা প্ৰক্ৰিয়াৰ বিকাশ সাধন কৰে। আনকি সৰল এককোষী জীৱ, যেনে বেক্টেৰিয়াইও উৎসেচকৰ ৰূপত বেক্টেৰিয়া জনিত সংক্ৰমণ ৰোধৰ বাবে উৎসেচকৰ ৰূপত এক প্ৰকাৰৰ ৰুডিমেণ্টেৰি প্ৰতিৰোধ তন্ত্ৰৰ সৃষ্টি কৰিব পাৰে। অন্যান্য বুনিয়াদী প্ৰতিৰোধ প্ৰক্ৰিয়া প্ৰাচীন সংকোষকেন্দ্ৰী জীৱৰ দেহতেই উদ্ভৱ হৈছিল আৰু এতিয়াও সিহঁতৰ উত্তৰসূৰী, যেনে উদ্ভিদ আৰু মেৰুদণ্ডী প্ৰাণীৰ দেহত বিদ্যমান। এই প্ৰক্ৰিয়াসমূহ হৈছে ফেগ’ছাইট’ছিছ, ডিফেন্সিন নামৰ এণ্টিমাইক্ৰ’বিয়েল পেপ্টাইডছ, আৰু কম্পিমেণ্ট তন্ত্ৰ। হনুযুক্ত মেৰুদণ্ডী, যেনে মানুহৰ অধিক শক্তিশালী প্ৰতিৰক্ষা প্ৰদ্ধতি আছে।১

প্ৰতিৰোধ তন্ত্ৰৰ বিসংগতিৰ ফলত স্বয়ং প্ৰতিৰোধজনিত ৰোগ, জ্বলন ৰোগ আৰু কৰ্কট ৰোগৰ সৃষ্টি হয়।২ সাধাৰণ অৱস্থাতকৈ কম সক্ৰিয় প্ৰতিৰোধ তন্ত্ৰই প্ৰতিৰোধৰ অভাৱ সৃষ্টি কৰে, ফলত বহুতো ৰোগৰ সৃষ্টি হয়। মানুহৰ ক্ষেত্ৰত প্ৰতিৰোধ তন্ত্ৰৰ অভাৱত, বংশগত ৰোগ, যেনে 'ছেভাৰেল কম্বাইন ইমিউনুডেফিছিয়েন্সি' অথবা HIV/এইচ.আই.ভি/এইড্‌ছৰ দৰে অৰ্জিত ৰোগৰ সৃষ্টি হ’ব পাৰে। সেইদৰে অতি সক্ৰিয় প্ৰতিৰোধ তন্ত্ৰৰ ফলত 'স্বয়ং প্ৰতিৰোধতা'ৰ সৃষ্টি হ’ব পাৰে, যি নিজৰ দেহ কোষকেই বীজাণু জ্ঞান কৰি নাশ কৰে। সাধাৰণতে হোৱা এনে কেইটামান স্বয়ং প্ৰতিৰোধজনিত ৰোগ হৈছে, 'হেছিম’ট’ছ থাইৰ’ডাইছিছ', 'ৰিউমাটইড আৰ্থৰাইটিছ', 'ডায়েবেটিছ মেলিটাছ টাইপ 1' আৰু 'ছিষ্টেমিক লিউপাছ এৰিথেমাট’ছাছ'।

তথ্যসূত্ৰ

  1. ↑ Beck, Gregory; Habitat, Gail S. (November 1996). Immunity and the Invertebrates. Scientific American. পৃ. 60–66
  2. ↑ (Aug 2001). Chronic immune activation and inflammation as the cause of malignancy. British Journal of Cancer. পৃ. 473–83

সম্পৰ্কিত শ্ৰেণী

অংগ তন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিৰোধ তন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ২৮১৮৩৫ (১২ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।