কৰ্ণ বা কাণ (ইংৰাজী: ear) হৈছে শব্দ অন্তঃকৰণ কৰা একপ্ৰকাৰৰ অংগ। ইয়াক শ্ৰৱণেন্দ্ৰিয় বুলিও কোৱা হয়। ই কেৱল শব্দ শুনাৰ লগতে জড়িত নহয়, ই দেহৰ অৱস্থান আৰু ভাৰসাম্যতা ৰক্ষা কৰাতো সহায় কৰে।
গঠন
স্তন্যপায়ী প্ৰাণীৰ বিভিন্ন প্ৰজাতিভেদে বহিঃকৰ্ণৰ আকাৰৰ ভিন্নতা দেখা যায়। যদিও সকলোবোৰ স্তন্যপায়ীৰ কাণৰ আভ্যন্তৰিণ কাৰ্য প্ৰায় একে বুলিব পাৰি।
বহিঃকৰ্ণ
মূল প্ৰবন্ধ: বহিঃকৰ্ণ
কাণৰ একেবাৰে বাহিৰৰ অংশটোক বহিঃকৰ্ণ বোলে। মানুহ আৰু অন্য প্ৰায় সকলো মেৰুদণ্ডীৰ কাণৰ দৃশ্যমান অংশটোৱেই হৈছে বহিঃকৰ্ণ, আৰু সাধাৰণতে কাণ বুলিলে এই অংশটোকেই বুজোৱা হয়।
মধ্য কৰ্ণ
মূল প্ৰবন্ধ: মধ্য কৰ্ণ
মধ্য কৰ্ণ হৈছে মেলিয়াছ (বা হামাৰ), ইনকাছ (বা এনভিল), আৰু ষ্টেপছ্ (বা ষ্ট্ৰিৰাপ)নামৰ তিনিডাল হাড়যুক্ত এটা বায়ুপূৰ্ণ গহ্বৰ। এই মধ্য কৰ্ণ ইউষ্টেচিয়ান নলীৰ দ্বাৰা ডিঙিৰ ওপৰৰ অংশৰ লগত সংযুক্ত হৈ থাকে।
অন্তঃ কৰ্ণ
মূল প্ৰবন্ধ: অন্তঃ কৰ্ণ
অন্তঃ কৰ্ণ দেহৰ ভিতৰত থাকে। ই ভাৰসাম্য আৰু গতিৰ বাবে সংবেদন অংগৰ দ্বাৰা গঠিত।
কাৰ্য

শুনা
বহিঃকৰ্ণত পৰা শব্দ তৰংগ মধ্য কৰ্ণৰ মাজেৰে পাৰহৈ যায়, আৰু অন্তঃকৰ্ণত স্নায়ুতন্ত্ৰলৈ পৰিবাহিত হয়। এই তৰংগ স্নায়ুয়ে মগজুৰ টেম্পৰেল লবলৈ পৰিবাহিত কৰে, তাত ইয়াক শব্দ হিচাপে পঞ্জীকৰণ কৰা হয়।
ভাৰসাম্যতা
স্থিৰ বা গতিশীল আৱস্থাত ভাৰসাম্যতা প্ৰদান কৰা কাণৰ অন্য এটা প্ৰধান কাৰ্য। কাণে দুই প্ৰকাৰৰ ভাৰসাম্যতা প্ৰদান কৰে: স্থিতাৱস্থাৰ ভাৰসাম্যতা, মাধ্যাকৰ্ষণ শক্তি অনুভৱ কৰিব পৰা, আৰু গতিশীল ভাৰসাম্যতা, ত্বৰণৰ সংবেদন গ্ৰহণ কৰিব পৰা।
ৰোগ
শ্ৰৱণহীনতা
আংশিক বা পূৰ্ণভাৱে শুনাৰ ক্ষমতা নাইকিয়া হোৱাই শ্ৰৱণহীনতা। ইয়াৰ কাৰণ আঘাত পোৱা, শ্ৰৱণ যন্ত্ৰ বিকল হোৱা, কিছুমান অন্য ৰোগ, বা অন্য মানসিক কাৰণো হ'ব পাৰে।
অন্য প্ৰাণী
বিভিন্ন প্ৰজাতিৰ বহিঃকৰ্ণৰ আকৃতি আৰু আকাৰৰ ক্ষেত্ৰত যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়।১
অমেৰুদণ্ডী
কেৱল মেৰুদণ্ডী প্ৰাণীৰহে কাণ থাকে, শব্দ চিনাক্তকৰণৰ বাবে অমেৰুদণ্ডীৰ অন্য কিছুমান সংবেদন অংগ থাকে। পতংগৰ ক্ষেত্ৰত, শব্দ শুনাৰ বাবে টাইম্পানেল অৰগান ব্যৱহাৰ কৰে। এই অংগবোৰ পতংগৰ পৰিয়ালভেদে মূৰ বা অন্য যিকোনো অংশত থাকিব পাৰে।২
শব্দ চিনাক্তকৰণৰ বাবে সন্ধিপদী প্ৰাণীৰ কিছুমান অতি সৰল অংগ থাকে। যেনে- মকৰা আৰু পঁইতাচোৰাৰ ঠেঙত থকা কিছুমান নোমৰ দ্বাৰা শব্দ চিনাক্ত কৰে। পলুবোৰৰ দেহত থকা নোমৰ দ্বাৰা সিহঁতে কম্পন অনুভৱ কৰিব পাৰে৩ আৰু শব্দৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে।
তথ্যসূত্ৰ
- ↑ The Bat's Ear as a Diffraction Grating
- ↑ Yack, JE, and JH Fullard, 1993. What is an insect ear? Ann. Entomol. Soc. Am. 86(6): 677-682
- ↑ Scoble, M. J. 1992. The Lepidoptera: Form, function, and diversity. Oxford University Press
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্ণ (অংগ)” প্ৰবন্ধৰ সংশোধন ৩৮০৫৯০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।