শৰীৰস্থান (Anatomy; এনাটমী) হৈছে জীৱৰ শৰীৰৰ অভ্যন্তৰীণ গঠন, তন্ত্ৰসমূহৰ অৱস্থান আদিৰ বিষয়ে কৰা অধ্যয়ন। ই জীৱবিদ্যা আৰু ভেষজ বিদ্যাৰ এটা ভাগ। এনাটমী শব্দটো গ্ৰীক এনাটমীয়া শব্দৰ পৰা আহিছে যাৰ মূল অৰ্থ হ’ল ana: পৃথক কৰা আৰু temnein: কাটি চোৱা। মানৱ শৰীৰ বিদ্যা, প্ৰাণী শৰীৰ বিদ্যা আৰু উদ্ভিদ শৰীৰ বিদ্যা ইয়াৰ অন্তৰ্গত। ভ্ৰুণবিদ্যা, তুলনামুলক শৰীৰস্থান, তুলনামুলক ভ্ৰুণবিদ্যা আদিও ইয়াৰ লগত জড়িত বিভাগ।১
শৰীৰস্থানক "সম্যক শৰীৰস্থান" (gross anatomy/macroscopic anatomy) আৰু "আণুবীক্ষণিক শৰীৰস্থান" (microscopic anatomy) এই দুটা ভাগত ভগাব পাৰি।১ সম্যক শৰীৰস্থান (ইয়াক স্থানীয় শৰীৰস্থান আৰু এনথ্ৰ’প’টমী বুলিও কোৱা হয়, topographical anatomy, regional anatomy, anthropotomy) হৈছে খালী চকুৰে দেখা পোৱা শৰীৰৰ অংগবোৰৰ অধ্যয়ন।১ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত শৰীৰৰ সূক্ষ্ম গঠনৰ অধ্যয়নকে আণুবীক্ষণিক শৰীৰস্থান বুলি ক’ব পাৰি। কলাবিদ্যা (histology, শৰীৰৰ কলাসমূহৰ বিন্যাস সম্পৰ্কে অধ্যয়ন) আৰু কোষ বিদ্যা (Cell biology/cytology, কোষসমূহৰ অধ্যয়ন) ইয়াৰ অন্তৰ্গত।
শৰীৰস্থানৰ ইতিহাস চালে সময়ৰ লগে লগে শৰীৰৰ অংগ আৰু গঠন সম্পৰ্কীয় জ্ঞানৰ দ্ৰুত বিকাশ চকুত পৰে। পুৰণি কালৰ জন্তু আৰু মৃত মানৱ শৰীৰ কাটি-ছিঙি পৰীক্ষা কৰা উপায়বোৰো বিংশ শতিকাৰ প্ৰযুক্তিগত জটিল কৌশল যেনে এক্স ৰে’, আলট্ৰাচাউণ্ড, এম.আৰ.আই. আদিৰ উত্থানৰ ফলত ক্ৰমাৎ নোহোৱা হৈ পৰিছে।
শৰীৰস্থানক শৰীৰ ৰোগতত্ত্ব (anatomical pathology)ৰ লগত ভুল কৰিব নালাগে, এই বিষয়টো হৈছে ৰোগগ্ৰস্ত অংগৰ সম্যক আৰু আণুবীক্ষণিক অধ্যয়ন।
পৃষ্ঠ শৰীৰস্থান
পৃষ্ঠ শৰীৰস্থান (surface anatomy/Superficial anatomy) হ’ল শৰীৰৰ ভাঁজ বা পৃষ্ঠভাগত সহজে দেখা পোৱা আংগিক চিহ্নসমূহৰ অধ্যয়ন। পৃষ্ঠ শৰীৰস্থানৰ জ্ঞানেৰে চিকিৎসক বা পশু শল্য চিকিৎসকে ভিতৰভাগত থকা গঠনসমূহৰ স্থান বা অৱস্থাৰ আভাস পাব পাৰে।১ "পৃষ্ঠ" এটা দিশগত শব্দ যিটোৱে কোনো অঙ্গ আন অঙ্গতকৈ বাহিৰত বা শৰীৰৰ পৃষ্ঠাভাগৰ ওচৰত অৱস্থিত হোৱা বুজায়।২
মানৱ শৰীৰস্থান
স্কেন]]
]]
' পুৰণি সংস্কৰণৰ পৰা)]]
সম্যক মানৱ শৰীৰস্থান আৰু কলাবিদ্যাকে ধৰি মানৱ শৰীৰস্থান হৈছে প্ৰাপ্তবয়স্ক মানৱ শৰীৰৰ গঠনৰ বৈজ্ঞানিক অধ্যয়ন।১
সাধাৰণতে জীৱবিজ্ঞানৰ ছাত্ৰ, চিকিৎসাবিজ্ঞানৰ ছাত্ৰ, পেৰামেডিক, ফিজিঅ’থেৰাপিষ্ট, নাৰ্ছ আদিয়ে বিভিন্ন মডেল, কংকাল, পাঠ্যপুথি, ছবি, বক্তৃতা, টিউট’ৰিয়েল আদিৰ সহায়ত সম্যক শৰীৰস্থান আৰু আণুবীক্ষণিক শৰীৰস্থানৰ জ্ঞান আয়ত্ত কৰে। কলাৰ স্লাইড প্ৰস্তুত কৰি অণুবীক্ষণ যন্ত্ৰৰে চাই আণুবীক্ষণিক শৰীৰস্থান বা কলাবিদ্যাৰ জ্ঞান বঢ়াব পাৰি। ইয়াৰ বাহিৰেও চিকিৎসা বিজ্ঞানৰ ছাত্ৰসকলে ব্যৱচ্ছেদন আৰু মৃতদেহৰ অধ্যয়নেৰে সম্যক শৰীৰস্থানৰ কথা জানিব পাৰে।
মানৱ শৰীৰস্থান, শৰীৰতত্ত্ব আৰু জৈৱ ৰসায়ন চিকিৎসা বিজ্ঞানৰ প্ৰাথমিক বিষয় যিবোৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰক শিকোৱা হয়। মানৱ শৰীৰস্থান স্থানীয়ভাৱে বা প্ৰণালীবদ্ধভাৱে শিকাব পাৰি;১ অৰ্থাৎ মূৰ, বুকুৰ দৰে শৰীৰৰ স্থান এটা বাছি লৈ, বা স্নায়ুতন্ত্ৰ, শ্বাসতন্ত্ৰৰ দৰে অঙ্গপ্ৰণালী এটা বাছি লৈ। সকলো চিকিৎসকৰ বাবে শৰীৰস্থানৰ পুংখানুপুংখ জ্ঞানৰ প্ৰয়োজন, বিশেষকৈ শল্য চিকিৎসক বা ৰোগ নিৰ্ধাৰণৰ লগত জড়িত কলাৰোগতত্ত্ব (histopathology) বা ৰেডিঅ’ল’জী ক্ষেত্ৰৰ চিকিৎসকৰ বাবে।
বিদ্যায়তনিক মানৱ শৰীৰস্থানবিদসকলক সাধাৰণতে বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আদিয়ে নিয়োগ কৰে। তেওঁলোকে শৰীৰস্থানৰ শিক্ষা প্ৰদান কৰাৰ লগতে বিভিন্ন প্ৰণালী, অঙ্গ, কলা বা কোষৰ গৱেষণাতো নিয়োজিত হয়।
আন শাখা
- তুলনামূলক শৰীৰস্থান (Comparative anatomy): ইয়াত বেলেগ বেলেগ জন্তুৰ শৰীৰৰ গঠনৰ তুলনামূলক অধ্যয়ন কৰা হয়।১
- নৃতাত্বিক শৰীৰস্থান: ইযাত মানুহৰ বিভিন্ন জাতিৰ শৰীৰস্থানৰ তুলনামূলক অধ্যযন কৰা হয়।
- কলাত্মক শৰীৰস্থান: কলাত্মক কাৰণত শৰীৰস্থানৰ অধ্যয়ন।
বহিঃ সংযোগ
- Anatomy Mnemonics Mnemonics in Anatomy.
- Anatomia 1522–1867: Anatomical Plates from the Thomas Fisher Rare Book Library
- Anatomy of the Human Body Gray, Henry. Philadelphia: Lea & Febiger, 1918
- High-Resolution Cytoarchitectural Primate Brain Atlases
- Anatomy in the 16th century studies and digitized texts by the BIUM (Bibliothèque interuniversitaire de médecine et d'odontologie, Paris) see its digital library Medic@.
- 19th Century Anatomy Lesson Animated dissection following Gray's Anatomy
- "Anatomy of the Human Body". 20th edition. 1918. Henry Gray
তথ্যসূত্ৰ
- ↑ Introduction page, "Anatomy of the Human Body". Henry Gray. 20th edition. 1918
- ↑ Marieb, Elaine. (2010). Human Anatomy & Physiology. Pearson Education, Inc. পৃ. 12
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰীৰস্থান” প্ৰবন্ধৰ সংশোধন ৬৩১৪৬৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।