বিকল্প চিকিৎসা
৪ প্ৰবন্ধ
-
আয়ুৰ্বেদ
আয়ুৰ্বেদ (आयुर्वेद, "জীৱন-জ্ঞান") বা আয়ুৰ্বেদিক ঔষধ ভাৰতীয় উপমহাদেশীয় এক পৰম্পৰাগত আৰু বিকল্প ঔষধি ব্যৱস্থা। চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা এই ব্যৱস্থাৰ আটাইতকৈ পুৰণি গ্ৰন্থ। ঔষধৰ এই প্ৰাচীন বিশ্বকোষ দুখনেই আয়ুৰ্বেদীয় ব্যৱস্থাৰ প্ৰতিষ্ঠাপক আৰু সম্পূৰক।
-
আকুপাংচাৰ
আকুপাংচাৰ হ’ল ধাতুৰ মিহি বেজীৰে মানুহৰ শৰীৰৰ বিশেষ কিছুমান ঠাইত বিন্ধি কৰা এবিধ চিকিৎসা। ই মূলতে: লেটিন ভাষাৰ শব্দ; ‘আকু’ মানে বেজী আৰু পাংচাৰ মানে হ’ল ফুটুৱা।
-
পৰম্পৰাগত তিব্বতীয় চিকিৎসা
পৰম্পৰাগত তিব্বতীয় চিকিৎসা বা চোৱা ৰিগ্পা (তিব্বতীয়: གསོ་བ་རིག་པ། (bod lugs) Gso ba rig pa) তিব্বতীয় চিকিৎসা পদ্ধতি। অষ্টম শতিকাত ৰজা ত্ৰিছং দেত্সেনৰ শাসনকালত ইয়াৰ বিকাশ ঘটিছিল। সেই সময়ৰ বিভিন্ন দেশৰ উন্নত চিকিৎসা পদ্ধতিসমূহ এই চিকিৎসা পদ্ধতিত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
ভাৰতত অন্ধবিশ্বাস
অন্ধবিশ্বাস বা কুসংস্কাৰ বুলিলে এনে কোনো বিশ্বাসক বুজায় যি অলৌকিক কাৰ্যৰ ওপৰত ভিত্তি কৰি গঠিত প্ৰথা আৰু যি আধুনিক বিজ্ঞানৰ বিৰোধী। অন্ধবিশ্বাসৰ বিশ্বাস আৰু আচাৰ-ব্যৱহাৰ প্ৰায়ে ব্যক্তিভেদে বা এটা সংস্কৃতিৰ পৰা আন এটা সংস্কৃতিলৈ পৰিলৰ্তিত হয়।