পতংগজনিত ৰোগ
৪ প্ৰবন্ধ
-
মেলেৰিয়া
মেলেৰিয়া (Maleria)ক সাধাৰণতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপেই জনা যায়। মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্ৰ জীৱাণুৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্ৰমিত হয়। সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে।
-
ডেংগি জ্বৰ
ডেংগি জ্বৰ ডেংগি ভাইৰাছৰ ফলত হোৱা এক মহজনিত ক্ৰান্তীয় ৰোগ। এটা প্ৰকাৰৰ সংক্ৰমণে সেইবিধৰ প্ৰতি আজীৱন প্ৰতিৰক্ষা আৰু বাকীবোৰৰ প্ৰতি হস্ৰম্যাদী প্ৰতিৰক্ষা প্ৰদান কৰে। পাছত বেলেগ প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ হ'লে জটিলতাৰ সম্ভাৱনা বাঢ়ে।
-
জাপানীজ এন্কেফেলাইটিছ
জাপানিজ এনকেফেলাইটিছ (Japanese encephalitis) মহৰ দ্বাৰা সংক্ৰমিত এটা প্ৰাণীজনিত ৰোগ (Zoonotic disease)। কিউলিছিন মহে এই ৰোগ বিয়পায়। এই ৰোগৰ কাৰক ভাইৰাছ বিধৰ নাম হ’ল জাপানিজ এনকেফেলাইটিছ ভাইৰাছ। প্ৰথমে জাপানত চিনাক্ত হৈছিল বাবে এই ৰোগক জাপানিজ এনকেফেলাইটিছ বুলি নামকৰণ কৰা হৈছিল।
-
জিকা ভাইৰাছ
জিকা ভাইৰাছ (Zika virus বা ZIKV) হৈছে ভাইৰাছ পৰিয়াল Flaviviridae আৰু গণ Flavivirus-ৰ অন্তৰ্গত এবিধ বীজাণু। দিনত সক্ৰিয় থকা Aedes মহ যেনে A. aegyptiয়ে এই ভাইৰাছ বিয়পায়। এই নামটো ১৯৪৭ চনত ভাইৰাছবিধ প্ৰথম ধৰা পৰা উগাণ্ডাৰ জিকা অৰণ্যৰ পৰা আহিছে।