দুৰ্যোগ
৯ প্ৰবন্ধ
-
প্ৰাকৃতিক দুৰ্যোগ
প্ৰাকৃতিক দুৰ্যোগ (Natural Disaster) হৈছে পৃথিৱীৰ বায়ুমণ্ডল, জলমণ্ডল, জীৱমণ্ডল বা ভূমণ্ডলৰ ভয়াৱহ বতৰ বা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত হোৱা এক বিপৰ্যয়জনক পৰিঘটনা।
-
দুৰ্যোগ
দুৰ্যোগ হ’ল এনে এক সময়ৰ ভিতৰত সংঘটিত হোৱা এক গুৰুতৰ সমস্যা যিয়ে ব্যাপক মানৱ, বস্তুগত, অৰ্থনৈতিক বা পৰিৱেশগত ক্ষতিৰ সৃষ্টি কৰে। ক্ষতিগ্ৰস্ত সম্প্ৰদায় বা সমাজে নিজৰ সম্পদ ব্যৱহাৰ কৰি মোকাবিলা কৰাৰ ক্ষমতাক ই অতিক্ৰম কৰে।
-
দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫
দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ (২০০৫ চনৰ ৫৩ নং আইন), ভাৰতৰ সংসদৰ উচ্চ সদনে ২০১৮ চনৰ ২৮ নৱেম্বৰত আৰু ২০০৫ চনৰ ১২ ডিচেম্বৰত সংসদৰ নিম্ন সদন লোকসভাই গৃহীত কৰে। ২০০৫ চনৰ ২৩ ডিচেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে। দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ১১টা অধ্যায় আৰু ৭৯টা ধাৰা আছে।
-
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ভাৰত)
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ভাৰত), সংক্ষেপে এনডিএমএ (NDMA), হৈছে ভাৰত চৰকাৰৰ এক শীৰ্ষস্থানীয় সংস্থা, যাৰ দায়িত্ব হৈছে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে নীতি নিৰ্ধাৰণ কৰা। এনডিএমএ ২০০৫ চনৰ ২৩ ডিচেম্বৰত ভাৰত চৰকাৰে প্ৰণয়ন কৰা দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫-ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হয়।
-
ক্ৰান্তীয় ঘূৰ্ণীবতাহ
ক্ৰান্তীয় ঘূৰ্ণীবতাহ বা গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ হৈছে কম চাপৰ অঞ্চল, বন্ধ নিম্নস্তৰৰ বায়ুমণ্ডলীয় পৰিসঞ্চালন, প্ৰচণ্ড বতাহ, প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ সৃষ্টি কৰা এক সৰ্পিল ধুমুহা ব্যৱস্থা।
-
২০২২ চনত অসমৰ বানপানী
২০২২ চনৰ মে’ মাহত উত্তৰ-পূব ভাৰতৰ অসমত মাৰাত্মক বানপানীৰ সৃষ্টি হৈছিল। ৬ লাখ ৫০ হাজাৰতকৈ অধিক লোকক ঘৰৰ পৰা উচ্ছেদ কৰাৰ লগতে ২৫ জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে।তিনিদিনীয়া ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পাৰ ফাটি যোৱাৰ পিছত ১৯০০ খন গাঁও ডুব যায়।
-
২০২৩ চনৰ তুৰস্ক–চিৰিয়া ভূমিকম্প
২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত দক্ষিণ আৰু মধ্য তুৰস্কৰ লগতে উত্তৰ আৰু পশ্চিম ছিৰিয়াতো এটা বিপৰ্যয়জনক আৰু ধ্বংসাত্মক ৭.৮ মানৰ ভূমিকম্পই আঘাত কৰে। গাজিয়ানেপ চহৰৰ পৰা ৩৪ কিলোমিটাৰ (২১ মাইল) পশ্চিমে পুৱা ০৪:১৭ বজাত টি আৰ টি (০১:১৭ ইউটিচি)ত সংঘটিত হয়, যাৰ তীব্ৰতা একাদশ (চৰম)।
-
২০২৬ৰ উজনি অসমৰ বান
২০২৬ চনৰ ১৯ জুলাইত নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণ ঘটি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত জলপৃষ্ঠ বৃদ্ধি হয় আৰু বানৰ সৃষ্টি হয়বুলি কোৱা হৈছে যদিও আঞ্চলিক বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ সূত্ৰই নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা নাই বুলি তথ্য প্ৰকাশ কৰে।
-
ৰেট-হ’ল মাইনিং
ৰেট-হ’ল মাইনিং বা ৰেট মাইনিং (Rat-hole mining) হৈছে উত্তৰ-পূব ভাৰতত কয়লা উলিওৱাৰ বাবে ব্যৱহৃত এটা প্ৰক্ৰিয়া। ইয়াত শ্ৰমিকে মাটি খন্দি সৰু ছিদ্ৰ কৰি কয়লা উলিয়ায়।