অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

স্মাৰ্টফোন

স্মাৰ্টফোন হৈছে এক বিশেষ শ্ৰেণীৰ ম'বাইল ফোন বা ভ্ৰাম্যভাষ যাৰ দ্বাৰা একাধিক কাৰ্য সম্পাদন কৰিব পাৰি। সাধাৰণ ফোন আৰু স্মাৰ্টফোনৰ মাজত একাধিক বৈসাদৃশ্য আছে। যাৰ ভিতৰত শক্তিশালী হাৰ্ডৱেৰ আৰু উৎকৃষ্ট পৰ্যায়ৰ ম'বাইল অপাৰেটিঙ ছিষ্টেমেই প্ৰধান।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ৮২৫ শব্দ · ৫ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

স্মাৰ্টফোন হৈছে এক বিশেষ শ্ৰেণীৰ ম'বাইল ফোন বা ভ্ৰাম্যভাষ যাৰ দ্বাৰা একাধিক কাৰ্য সম্পাদন কৰিব পাৰি। সাধাৰণ ফোন আৰু স্মাৰ্টফোনৰ মাজত একাধিক বৈসাদৃশ্য আছে। যাৰ ভিতৰত শক্তিশালী হাৰ্ডৱেৰ আৰু উৎকৃষ্ট পৰ্যায়ৰ ম'বাইল অপাৰেটিঙ ছিষ্টেমেই প্ৰধান। লগতে ছফ্টৱেৰ(চালনাজ্ঞান) আৰু ইণ্টাৰনেট-সংযোগো(ম'বাইল নেটৱৰ্কত ইণ্টাৰনেট-সন্ধান (Web browsing১ over mobile broadband) সেই বৈশিষ্ট্যসমূহৰ অন্যতম। ভয়চ কল,লিখিত বাৰ্তা-প্ৰেৰণৰ সুবিধাৰ উপৰি স্মাৰ্টফোনে সংগীত,দৃশ্য-শ্ৰাব্য,কেমেৰা,গে'ম আদি মাল্টিমিডিয়া শ্ৰেণীৰ নানানটা কাম সম্পাদন কৰিবলৈও সুবিধা প্ৰদান কৰে। স্মাৰ্টফোন এটাত বিভিন্ন ধৰণৰ সংবেদক(Sensor) থাকে,যিবোৰে বিভিন্ন ছফ্টৱেৰে সঠিকভাৱে কাৰ্য-সম্পাদন কৰাত সহায় কৰে। উদাহৰণস্বৰূপে মেগনেট'মিটাৰ, নিকটত্ব সংবেদক(Proximity Sensor),বেৰ'মিটাৰ, জাইৰ'স্কপৰ কথা ক'ব পাৰি। স্মাৰ্টফোন এটাই তাঁৰবিহীন সংযোগো সুচল কৰি তোলে। সেই কাম সম্পন্ন কৰিবলৈ স্মাৰ্টফোন এটাত ব্লু-টুথ, ৱাই-ফাই আৰু ভূমণ্ডলীয় অৱস্থান-নিৰ্ণয় পদ্ধতি (GPS) ইত্যাদিৰ ব্যৱহাৰ দেখা যায়।

২০০০ চনত ব্লেকবেৰি,ন'কিয়াৰ চিম্বায়ান প্লেটফৰ্ম আৰু ৱিনড'জ ম'বাইলে বজাৰ দখল কৰিবলৈ আৰম্ভ কৰে। সেইসমূহ ম'বাইলৰ বিশেষত্ব আছিল কুৱেৰ্টি কিবৰ্ড(Qwerty Keyboard) নাইবা ৰোধসম্পন্ন টাচ্ছস্ক্ৰীণ নিবেশ আৰু বিশেষ গুৰুত্ব দিয়া হৈছিল ই-মেইল আৰু তাঁৰবিহীন ইণ্টাৰনেট সেৱাত। ২০০৭ চনত আইফ'নৰ আগমন হোৱাৰ লগে লগে,অধিকাংশ স্মাৰ্টফোনৰেই আকাৰ পূৰ্বতকৈ মিহি হ'ল। কিবৰ্ডত চুইচ টিপাৰ পৰিৱৰ্তে বৃহৎ ধাৰকীয় (Capacitive) পৰ্দাত আঙুলিৰ পৰশৰ সহায়ত এইবোৰ ফোনক বিভিন্ন নিৰ্দেশনা দিয়া হৈছিল। গ্ৰাহকে ডাউনল'ড কৰাৰ সুবিধা লাভ কৰিছিল, অ'নলাইনত সামগ্ৰী কিনাৰ সুবিধা লাভ কৰিছিল আৰু ক্লাউড ষ্টৰেজ,ভাৰ্চুৱেল সহায়ক, নাইবা ম'বাইলযোগে ধন আদায় দিয়া সেৱাসমূহ গ্ৰহণ কৰিব পাৰিছিল।

শেহতীয়াকৈ সংশোধিত,উন্নততৰ হাৰ্ডৱেৰ আৰ দ্ৰুতশীল তাঁৰবিহীন যোগাযোগ ব্যৱস্থাই স্মাৰ্টফোন উদ্যোগৰ অভাৱনীয় বিকাশ সাধন কৰে। ২০১২ চনৰ মধ্যভাগত স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা আছিল প্ৰায় ১০০ কোটি। ২

অনুমান কৰা হৈছে যে,২০১৯ চনত স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা ২৫০ কোটি হ'বগৈ।৩

ইতিহাস

'স্মাৰ্টফোন' হিচাপে অভিহিত কৰিব পৰা প্ৰথমটো যন্ত্ৰ বজাৰত ওলাইছিল ১৯৯২ চনত। তাৰ আদিৰূপটোৰ নাম আছিল Angler; যাক সাজি উলিয়াইছিল ফ্ৰেংক কেনোভা নামৰ ব্যক্তি এগৰাকীয়ে। যন্ত্ৰটোৰ কাম-কাজৰ প্ৰদৰ্শন কৰা হৈছিল সেইবছৰৰে নৱেম্বৰ মাহত; কমডেস্ক কম্পিউটাৰ উদ্যোগৰ এক বাণিজ্য মেলাত।৪৫৬

চাৰ্জিঙ অৱস্থাত ছিম'ন স্মাৰ্টফোন
চাৰ্জিঙ অৱস্থাত ছিম'ন স্মাৰ্টফোনছবি: Bcos47 · Public domain

১৯৯৪ চনত ছিম'ন পাৰ্ছনেল কমুনিকেটৰৰ অধীনস্থ বেলছাউথৰ দ্বাৰা সেইটো যন্ত্ৰৰে এটি পৰিমাৰ্জিত সংস্কৰণ উলিউৱা হ'ল। ফোনকল গ্ৰহণ আৰু প্ৰেৰণৰ উপৰিও এইটো টাচ্ছস্ক্ৰীন যন্ত্ৰত ফেক্স আৰু ই-মেইলৰ আদান-প্ৰদান হৈছিল। লগতে এখন ঠিকনা বহী, কেলেণ্ডাৰ, সাক্ষাৎ-নিৰ্ণায়ক, কেলকুলেটৰ, বিশ্ব ঘড়ী, আৰু নোটপেডৰ সুবিধা আছিল। ৭ ছিম'ন ওলোৱাৰ পাছতহে, অৰ্থাৎ ১৯৯৫ চনতহে পোনপ্ৰথমবাৰৰ বাবে স্মাৰ্টফোন নামটো মানুহৰ মাজত প্ৰচলিত হৈছিল।৮

২০১০চনৰ পৰা স্মাৰ্টফোন

  • ২০১০ চনৰ আৰম্ভণিতে ডাঙৰ আকাৰৰ স্মাৰ্টফোনে মানুহৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। সেইবোৰ স্ক্ৰীণৰ কৌণিক আকৃতি আছিল কমেও ৫.৫ ইঞ্চি আৰু 'ফেবলেট' "phablets" হিচাপে পৰিচয় লাভ কৰিছিল। সেইসময়তে ছেমছাঙৰ গেলেক্সী ছিৰিজৰ ম'বাইলবোৰে বিশেষ সমাদৰ লাভ কৰে।৯১০
  • ২০১৩ চনত 'ফেয়াৰফোন'এ(Fairphone) তেওঁলোকৰ প্ৰথমটো সামাজিকভাৱে নীতিনিষ্ঠ(Socially Ethical) স্মাৰ্টফোন লণ্ডন নক্সা মহোৎসৱত মুকলি কৰে। স্মাৰ্টফোন নিৰ্মাণত যিবোৰ সামগ্ৰী ব্যৱহাৰ হয়, সেই সামগ্ৰীবোৰৰ উৎসক কেন্দ্ৰ কৰি একধৰণৰ গম্ভীৰ পৰিৱেশৰ সৃষ্টি হৈছিল। ১১ সেই পৰিৱেশক কিছু সুস্থিৰ কৰিবলৈকে ফেয়াৰফোন আৰু ২০১৫ চনত 'সিফ্টফোন'(Shiftphone)এ ম'বাইলৰ নিজাকৈ আৰ্হি প্ৰস্তুত কৰি উলিয়ায়।১২ সেইখিনি সময়তে কিছুমান কোম্পানীয়ে কিছু উন্নত পৰ্যায়ৰ অথচ সৰল ডিছপ্লেবিশিষ্ট ম'বাইল নিৰ্মাণ কৰে। সেইবোৰ ডিছপ্লে বক্ৰীয় ফৰ্ম ফেক্টৰৰে সমৃদ্ধ।
নমনীয় ডিছপ্লে অৰ্থাৎ Flexible Display
নমনীয় ডিছপ্লে অৰ্থাৎ Flexible Displayছবি: U.S. Army RDECOM · CC BY 2.0

যেনে-ছেমছাং গেলেক্সী ৰাউণ্ড আৰু এল.জি.ৰ জি ফ্লেক্স।১৩১৪১৫

ছফ্টৱেৰ

  • অপাৰেটিং ছিষ্টেম(OS)

স্মাৰ্টফোন এটাৰ কামবোৰ সুচাৰুৰূপে চলাই নিবলৈ কম্পিউটাৰত থকাৰ দৰে এটা অপাৰেটিং ছিষ্টেম(OS)থাকে। তলত কেইটামান অপাৰেটিং ছিষ্টেমৰ নাম উল্লেখ কৰা হ'ল-

  1. এনড্ৰয়ড
  2. আই অ' এছ(iOS)
  3. উইনড'জ (Windows)
  4. ব্লেকবেৰি(Blackberry)
  5. ফায়াৰফক্স(Firefox)
  6. ছেলিফিছ (Sellyfish)১৬
  • ম'বাইল এপ: ম'বাইল এপ হৈছে একধৰণৰ কম্পিউটাৰ প্ৰগ্ৰাম। এইবোৰৰ জৰিয়তে স্মাৰ্টফোনত বিভিন্ন কাৰ্য সম্পাদিত কৰা হয়। এইধৰণৰ ম'বাইল এপৰ আকাৰ(Size) সাধাৰণতে কম আৰু এক নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰিবৰ বাবে ইহঁতক ফোনত ইনষ্টল কৰা হয়। ম'বাইল এপৰ এই ধাৰণাটো এপল কোম্পানীয়ে পোনপ্ৰথমে জনপ্ৰিয় কৰিছিল। ম'বাইল এপবোৰ গুগলৰ প্লে ষ্ট'ৰ, এপলৰ এপ ষ্টৰ বা অন্যান্য ঠাইৰ পৰা ডাউনল'ড কৰিব পাৰি। ১৭

স্মাৰ্টফোনত ইনষ্টল হোৱা কেইটামান জনপ্ৰিয় ম'বাইল এপ হৈছে-

  • ফে'চবুক
  • মেছেঞ্জাৰ
  • শ্বেয়াৰ ইট
  • হোৱাটছ্ আপ
  • ছুপাৰ ব্ৰাইট এল-ই-ডি ফ্লেছলাইট (Super-Bright LED Flashlight)১৮

হাৰ্ডৱেৰ

বিগত সময়ছোৱাত স্মাৰ্টফোনৰ গঠনশৈলী আৰু নিৰ্মাণকাৰ্যলৈ যুগান্তকাৰী পৰিৱৰ্তন আহিছে। স্মাৰ্টফোন হৈছে এটি সৰু কাৰ্যক্ষম কম্পিউটাৰৰ দৰে। গতিকে কম্পিউটাৰত থকা কেতবোৰ উপাদান স্মাৰ্টফোনতো দেখিবলৈ পোৱা যায়। স্মাৰ্টফোনত থকা কিছুমান হাৰ্ডৱেৰ হৈছে:

  • টাচ্ছস্ক্ৰীন-দুটা বিশেষ কাৰকৰ ওপৰত ভিত্তি কৰি টাচ্ছস্কীন নিৰ্মাণ কৰা হয়। আঙুলিৰ স্পৰ্শৰ প্ৰতি স্ক্ৰীনখন কিমান সংবেদনশীল আৰু দ্বিতীয়টো হৈছে স্ক্ৰীনখনৰ ৰিজ'লিউছন।

টাচ্ছস্ক্ৰীন নিৰ্মাণ কৰিবলৈ ৰেজিজটিভ, কেপাচিটিভ,ইনফ্ৰাৰেড আদি বিভিন্নধৰণৰ টাচ্ছস্ক্ৰীন প্ৰযুক্তি ব্যৱহাৰ কৰা হয়।১৯

  • কেমেৰা- সকলোধৰণৰ স্মাৰ্টফোনতেই কেমেৰা সংযুক্ত থাকে। ফোনৰ পিছফালে নাইবা আগফালে এক বা ততোধিক কেমেৰা থাকিব পাৰে। এইবোৰৰ মেগাপিক্সেলৰ মাত্ৰা সময়ৰ লগে লগে বাঢ়ি আহিছে।
  • জিপিএছ-মানুহ,ক্ষেত্ৰ,ঠাই,ঐতিহাসিক স্থানৰ অৱস্থান আদি জানিবৰ বাবে জিপিএছ(Global Positioning System) ব্যৱহাৰ কৰা হয়। প্ৰায় সকলোধৰণৰ স্মাৰ্টফোনতেই জিপিএছ সংযুক্ত হৈ থাকে। বিভিন্নধৰণৰ সেৱা-সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰতো জিপিএছ আজিকালি বহুলভাৱে ব্যৱহাৰ হয়।
  • ফিংগাৰপ্ৰিণ্ট ছেঞ্চৰ-ম'বাইলৰ গৰাকীৰ তথ্য নাইবা ব্যক্তিগত কথা-বতৰা,ছবি আদি প্ৰতিৰক্ষা প্ৰদানৰ হেতু সাধাৰণতে ম'বাইলৰ পিছফালে এইবিধ সংবেদক ব্যৱহাৰ কৰা হয়। ২০
  • বেটেৰী: স্মাৰ্টফোনৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান। সাধাৰণতে অধিকাংশ বেটেৰীয়েই লিথিয়াম আয়ন প্ৰযুক্তিৰ দ্বাৰা নিৰ্মাণ কৰা হয়। কিছুমান বেটেৰী স্মাৰ্টফোনটোৰ পৰা উলিয়াই আনিব পাৰি(Removable), আৰু কিছুমান বেটেৰী স্মাৰ্টফোনতেই স্থায়ীৰূপত(non-removable) সংযুক্ত হৈ থাকে।
  • মেম'ৰি কাৰ্ড: স্মাৰ্টফোনৰ সকলো তথ্য,ডাটা আদি এইখন কাৰ্ডত সংৰক্ষিত হৈ থাকে। ইয়াৰ অবিহনে কোনো স্মাৰ্টফোনেই কাৰ্যক্ষম হ'ব নোৱাৰে। বজাৰত বিভিন্নধৰণৰ, বিভিন্ন 'ছাইজ'ৰ মেম'ৰি কাৰ্ড উপলব্ধ।

২১

ব্যৱ্হাৰ

আমি বিভিন্ন ধৰণে smart phone ৰ ব্যৱ্হাৰ কৰো। Smart phone ৰ ব্যৱ্হাৰ সমূহ তলত উল্লেখ কৰা হ'ল:- ১) যোগাযোগ কৰিবৰ বাবে। call, video call, WhatsApp, text message আদিৰ সহায়ত আমি সকলোৰে সৈতে যোগাযোগ হৈ থাকিব পাৰোঁ। ২) YouTube, Google, Wikipedia আদিৰ সহায়ত আমি আমাৰ মনত চলি থকা প্ৰশ্নৰ উত্তৰ পাব পাৰো আৰু তাৰ বিষয়ে বহল ভাবে অধ্যয়ন কৰিব পাৰো। ৩) facebook, instagram, twitter আদিৰ সহায়ত আমি দেশ-বিদেশৰ মানুহৰ লগত চিনাকি হব পাৰোঁ। ৪)facebook, instagram, twitter আদিয়ে প্ৰচাৰ মাধ্যম মজবুত কৰি তুলিছে, ফলত আমি সকলো ধৰণৰ বাতৰি পাবলৈ সক্ষম হৈছো।

তথ্যসূত্ৰ

  1. ↑ www.researchgate.net/publication/329502453_A_Sur
  2. ↑ www.cnet.com/news/worldwide-smartphone-user-base
  3. ↑ www.statista.com/statistics/330695/number-of-sma
  4. ↑ www.bloomberg.com/news/articles/2012-06-29/befor
  5. ↑ www.bbc.com/news/technology-28802053
  6. ↑ Schneidawind, John. ((November 23, 1992)). Poindexter putting finger on PC bugs; Big Blue unveiling. Poindexter putting finger on PC bugs; Big Blue unveiling. USA Today. পৃ. 2B
  7. ↑ gadgets.ndtv.com/mobiles/news/worlds-first-smart
  8. ↑ আৰ্কাইভ কপি
  9. ↑ www.engadget.com/2011/12/29/1-million-galaxy-not
  10. ↑ www.cnet.com/news/samsung-10m-galaxy-notes-sold-
  11. ↑ www.theguardian.com/commentisfree/2013/sep/23/ap
  12. ↑ আৰ্কাইভ কপি
  13. ↑ www.theverge.com/2013/10/8/4818572/samsung-galax
  14. ↑ www.engadget.com/2013/11/15/lg-g-flex-att-lte/?g
  15. ↑ www.engadget.com/2013/10/27/lg-g-flex/
  16. ↑ www.interaction-design.org/literature/article/th
  17. ↑ www.techopedia.com/definition/2953/mobile-applic link|date=December 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
  18. ↑ www.makeuseof.com/tag/most-popular-android-apps/
  19. ↑ www.cammaxlimited.co.uk/news/general/what-are-th
  20. ↑ www.interaction-design.org/literature/article/th
  21. ↑ fossbytes.com/whats-inside-smartphone-depth-look

সম্পৰ্কিত শ্ৰেণী

প্ৰযুক্তিসংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্মাৰ্টফোন” প্ৰবন্ধৰ সংশোধন ৬২৫৭৪৮ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।