অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

বৰআই

বৰ‌আই (smallpox) বা বসন্ত ৰোগ'ভেৰিঅ'লা মেজৰ (Variola major) and ভেৰিঅ'লা মাইনৰ (Variola minor) নামৰ দুবিধ ভাইৰাছে কৰা এবিধ সংক্ৰামক বেমাৰ। ইয়াক লেটিন নাম variola বা variola vera নামেৰেও জনা যায়। এই নাম দুটা varius ("দাগযুক্ত") বা varus ("শালমন")ৰ পৰা উদ্ভুত হৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫০৫ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বৰ‌আই (smallpox) বা বসন্ত ৰোগ'ভেৰিঅ'লা মেজৰ (Variola major) and ভেৰিঅ'লা মাইনৰ (Variola minor) নামৰ দুবিধ ভাইৰাছে কৰা এবিধ সংক্ৰামক বেমাৰ।১ ইয়াক লেটিন নাম variola বা variola vera নামেৰেও জনা যায়। এই নাম দুটা varius ("দাগযুক্ত") বা varus ("শালমন")ৰ পৰা উদ্ভুত হৈছে। ইংৰাজীত ৰোগবিধক "pox"২ বা "red plague" বোলা হৈছিল;৩ ১৫শ শতিকাত ভেৰিঅ'লাক "great pox" (ছিফিলিছ)-ৰ পৰা পৃথককৈ বুজাবলৈ "smallpox" শব্দটো প্ৰথম ব্যৱহাৰ কৰা হৈছিল।৪ অসমত জনবিশ্বাসমতে শীতলাক এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱীৰূপে গণ্য কৰি ৰোগটোক "আই" (ডাঙৰ জোলা বান্ধে বাবে বৰ-আই) বোলা হয়।৫ শীতকালৰ শেষৰফালে আৰু বসন্তকালৰ আৰম্ভণিতে এই ৰোগৰ আধিক্য বেছি বাবে "বসন্ত" '(chicken pox আৰু measles-ৰ সৈতে) বুলি কোৱা হয়। ১৯৭৭ চনৰ ২৬ অক্টোবৰত শেষভাগৰ বাবে প্ৰাকৃতিকভাৱে হোৱা বৰ‌আইৰ (Variola minor) ৰোগী চিনাক্ত কৰা হৈছিল।৬

বৰ‌আইৰ ভাইৰাছে ছালৰ সৰু ৰক্তনলিকা, মুখ আৰু ডিঙিত ভিতৰত খোপনি পুতে। ছালত ই প্ৰথমে ৰঙচুৱা গুটি গুটি কৰে যিবোৰ পিছলৈ পানীজোলালৈ ৰূপান্তৰিত হয়। ভেৰিঅ'লা মেজৰে কম প্ৰাবল্যৰ ৰোগৰ সৃষ্টি কৰে (Alastrim, cottonpox, milkpox, whitepox, আৰু Cuban itch বুলিও কোৱা হয়) যাৰ ফলত প্ৰায় ১% ৰোগীৰ মৃত্যু হয়। ভেৰিঅ'লা মেজৰে বেছি প্ৰাবল্যৰ ৰোগ কৰে আৰু ৩০-৩৫% ৰোগীৰ মৃত্যু হয়।৭৮ V. major সংক্ৰমণৰ পলমীয়া জটিলতা হৈছে প্ৰধানকৈ মুখত হোৱা বৈশিষ্টমূলক দাগ (৬৫-৮৫% ৰক্ষা পৰা ৰোগীৰ ক্ষেত্ৰত)।৯ কৰ্ণিয়াৰ আলচাৰৰ ফলত হোৱা অন্ধতা আৰু আৰ্থাইটিছ বা অষ্টয়'মায়েলাইটিছৰ ফলত হোৱা পংগুতা ২-৫% ৰোগীৰ ক্ষেত্ৰত পোৱা যায়।

প্ৰায় ১০০০০ বছৰৰ পূৰ্বে মানুহৰ মাজত বৰ‌আইয়ে দেখা দিয়া বুলি বিশ্বাস কৰা হয়।৪ ইজিপ্টৰ ফাৰাও ৰামছেছ পঞ্চমৰ (Ramses V) মামীৰ দেহত পোৱা ৰঙচুৱা দাগ সম্ভৱতঃ ইয়াৰ সকলোতকৈ পুৰণি শাৰীৰিক প্ৰমাণ।১০ ৰোগটোৱে ১৮শ শতিকাৰ শেষৰ বছৰকেইটাত বছৰি প্ৰায় ৪,০০,০০০ মানুহৰ প্ৰাণ লৈছিল (পাঁচজন শাসনকৰ্তাসহ),১১ আৰু সকলো অন্ধতাৰ এক তৃতীয়াংশৰ কাৰণ আছিল।৭১২ প্ৰাপ্ৰবয়স্ক আক্ৰান্ত ৰোগীৰ ২০-৬০% আৰু আক্ৰান্ত শিশুৰ ৮০%তকৈও বেছিৰ মৃত্যু ঘটিছিল।১৩ বিংশ শতিকাত প্ৰায় ৩০০-৫০০ নিযুত মানুহৰ মৃত্যুৰ বাবে এই ৰোগ দায়ী আছিল।১৪১৫১৬ ১৯৬৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছিল যে সেই বছৰত আনুমানিক ১৫ নিযুত মানুহ বৰ‌আইত আক্ৰান্ত হৈছিল আৰু ২ নিযুত মানুহ মৃত্যুমুখত পৰিছিল।৬

উনবিংশ আৰু বিংশ শতিকাজুৰি প্ৰতিষেধকৰ ব্যাপক ব্যৱহাৰৰ পিছত ১৯৭৯ চনত বিশ্ব স্বাস্থ্য সংস্থাই বৰ‌আই নিৰ্মূল হোৱা বুলি ঘোষণা কৰে।৬ নিৰ্মূল হোৱা দুটা সংক্ৰমণৰ ভিতৰত আনটো হৈছে ২০১১ চনত নিৰ্মূল ঘোষণা কৰা rinderpest ৰোগ।১৭১৮১৯

অতিৰিক্ত পঠন

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ryan KJ, Ray CG (editors). (2004). Sherris Medical Microbiology. McGraw Hill. পৃ. 525–8. ISBN 0-8385-8529-9
  2. ↑ "The History of Smallpox and Its Spread around the World ". Accessed 28 Jan 2013
  3. ↑ La Belle Compagnie. "Medieval Diseases ". Accessed 28 Jan 2013
  4. ↑ Barquet N, Domingo P. (15 October 1997). Smallpox: the triumph over the most terrible of the ministers of death. Annals of Internal Medicine. পৃ. 635–42
  5. ↑ সম্পাদক- ড: মহেশ্বৰ নেওগ, ৰজনীকান্ত দেশশৰ্মা, নৱকান্ত বৰুৱা. (তৃতীয় প্ৰকাশ, ১৯৮৭). আধুনিক অসমীয়া অভিধান. অসম প্ৰকাশন পৰিষদ. পৃ. ২৭
  6. ↑ Smallpox. WHO Factsheet
  7. ↑ Behbehani AM. (1 December 1983). The smallpox story: life and death of an old disease. Microbiol Rev. পৃ. 455–509
  8. ↑ Smallpox. Armed Forces Institute of Pathology: Department of Infectious and Parasitic Diseases
  9. ↑ Jezek Z, Hardjotanojo W, Rangaraj AG. (1981). Facial scarring after varicella. A comparison between variola major and variola minor. Am. J. Epidemiol.. পৃ. 798–803
  10. ↑ Hopkins, Donald. Ramses V:Earliest known victim?. WHO
  11. ↑ J. N. Hays (2005). "Epidemics and pandemics: their impacts on human history". ABC-CLIO. p.151. ISBN 1-85109-658-2
  12. ↑ "Smallpox and Vaccinia". National Center for Biotechnology Information.
  13. ↑ Riedel S. (2005). Edward Jenner and the history of smallpox and vaccination. Proc (Bayl Univ Med Cent). পৃ. 21–5
  14. ↑ Koplow, David A. (2003). Smallpox: the fight to eradicate a global scourge. University of California Press. ISBN 0-520-24220-3
  15. ↑ UC Davis Magazine, Summer 2006: Epidemics on the Horizon
  16. ↑ How Poxviruses Such As Smallpox Evade The Immune System, ScienceDaily, February 1, 2008
  17. ↑ De Cock, Kevin M. (2001). (Book Review) The Eradication of Smallpox: Edward Jenner and The First and Only Eradication of a Human Infectious Disease. Nature Medicine. পৃ. 15–6
  18. ↑ Tognotti E. (2010). The eradication of smallpox, a success story for modern medicine and public health: What lessons for the future?. J Infect Dev Ctries. পৃ. 264–266
  19. ↑ (2011-05-25). 'The world is free of rinderpest'. The Mail and Guardian

সম্পৰ্কিত শ্ৰেণী

ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰআই” প্ৰবন্ধৰ সংশোধন ৬৩১৭৪৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।