পাচন তন্ত্ৰ (Digestive system) হৈছে মানুহ আৰু আন উচ্চস্তৰৰ প্ৰাণীসমূহৰ পাচন প্ৰক্ৰিয়া সমাধা কৰা এক অংগ তন্ত্ৰ। মানুহৰ পাচন তন্ত্ৰ এডাল খাদ্যনলী আৰু কিছুমান পাচক গ্ৰন্থিৰে গঠিত। খাদ্যনলী হ'ল মুখৰপৰা আৰম্ভ কৰি পায়ু পৰ্যন্ত পাকখোৱা ন মিটাৰ মান দৈৰ্ঘ্যৰ এডাল দীঘল নলী।১ বিভিন্ন কাৰ্য সমাধা কৰাৰ বাবে নলীডাল বিভিন্ন অংশত বিভক্ত:-মুখ, মুখগহ্বৰ, টেটু (ডিঙি), গ্ৰাসনলী, পাকস্থলী, অন্ত্ৰ আদি। অন্ত্ৰ দুটা পুনৰ দুটা ভাগত বিভক্ত - ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰ। ক্ষুদ্ৰান্ত ডুৱেডেনাম, মধ্যান্ত্ৰ বা জেজুনাম আৰু ইলিয়ামেৰে গঠিত। বৃহদান্ত্ৰ ক'লন (colon) আৰু মলভাণ্ডাৰে গঠিত। মানুহৰ পাচন তন্ত্ৰত পাঁচ প্ৰকাৰৰ পাচন গ্ৰন্থি থাকে - লালটি গ্ৰন্থি, যকৃৎ, অগ্নাশয়, পাকস্থলী গ্ৰন্থি আৰু আন্ত্ৰিক গ্ৰন্থি। এই গ্ৰন্থিবোৰৰপৰা নিঃসৰিত পাচক ৰসে খাদ্যৰ পাচন কাৰ্যত সহায় কৰে।
মানুহৰ পাচন
মানুহৰ পাচন তন্ত্ৰত, খাদ্য মুখত প্ৰৱেশ কৰে আৰু গুড়াকৰণৰ (চব্যন, এক প্ৰকাৰৰ mechanical পাচন) দ্বাৰা পাচন আৰম্ভ হয়, লালটিয়ে খাদ্যবোৰ তিয়াই পেলায়। লালটি হৈছে লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা একপ্ৰকাৰৰ পাচক ৰস, ইয়াত থকা ছেলিভাৰী এমাইলেইজ নামৰ এবিধ উৎসেচকে খাদ্যত থকা স্বেতসাৰৰ পাচন ঘটাই; লালটিত থকা মিউকাছে, খাদ্যখিনি পিছল কৰে, আৰু হাইড্ৰ'কাৰ্বনেটে, এমাইলেইজৰ কাৰ্য ক্ষমতা বঢ়াবলৈ উপযুক্ত pHৰ আদৰ্শ পৰিৱেশ (ক্ষাৰকীয়) সৃষ্টি কৰে। গুড়াকৰণ আৰু স্বেতসাৰ পাচনৰ পাছত, খাদ্যবোৰ সৰু পিণ্ড আকাৰ লৈ খাদ্যনলীৰ মাজেৰে পাকস্থলীত প্ৰৱেশ কৰে। পাকস্থলীত গেছট্ৰিক ৰসে মাংসসাৰৰ পাচন আৰম্ভ কৰে। গেছট্ৰিক ৰসত প্ৰধানকৈ হাইড্ৰ'ক্লৰিক এচিড আৰু পেপছিন থাকে। এই দুবিধ ৰসে পাকস্থলীৰ বেৰ ক্ষতিসাধন কৰাৰ পৰা সুৰক্ষা দিবৰ বাবে পাকস্থলীৰ পৰা ক্ষৰিত মিউকাছে ইয়াৰ বেৰত এটা পাতল তৰপৰ সৃষ্টি কৰে। পাকস্থলীৰ সংকোচন-প্ৰসাৰণ ঘটাৰ ফলত খাদ্য আৰু পাচকৰ ৰসবোৰ ভালদৰে মিহলি হৈ পৰে।
কিছুসময়ৰ পাছত (যেনে, মানুহৰ ১–২ ঘণ্টা, ঘৰুৱা কুকুৰৰ ৪–৬ ঘণ্টা, ঘৰুৱা মেকুৰীৰ ৩–৪ ঘণ্টা), গাঢ় জুলীয়া খাদ্য বোৰ ডুঅ'ডেনামত প্ৰৱেশ কৰে। ইয়াত এই অৰ্ধ পাচন হোৱা খাদ্য খিনিত অগ্নাশয়ৰ পৰা পাচক উৎসেচক আৰু যকৃৎৰ পৰা পিত্ত ৰস আহি মিহলি হয় আৰু ক্ষুদ্ৰান্ত্ৰৰ মাজেৰে আগবাঢ়ি যায়, পাচন কাৰ্য চলি থাকে। সম্পূৰ্ণ পাচন হোৱাৰ পাচত ই তেজলৈ শোষিত হয়। ক্ষুদ্ৰান্ত্ৰত ৯৫% শোষণ সম্পন্ন হয়। বৃহদান্ত্ৰত (ক'লন) তেজলৈ পানী আৰু খনিজ লৱণ পুনৰ শোষিত হয়। ইয়াত বেক্টেৰিয়াই উৎপাদন কৰা কিছুমান ভিটামিন, যেনে বায়টিন আৰু ভিটামিন K (K2MK7) আদিৰো শোষণ হয়। অৱশিষ্ট বৰ্জ্য পদাৰ্থবোৰ পায়ুৰ যোগেদি মল আকাৰে দেহৰ পৰা নিস্কাষিত হয়।২
তথ্যসূত্ৰ
- ↑ Kong F, Singh RP. (June 2008). Disintegration of solid foods in human stomach. J. Food Sci.. পৃ. R67–80
- ↑ Maton, Anthea; Jean Hopkins; Charles William McLaughlin. (1993). Human Biology and Health. Prentice Hall. ISBN 0-13-981176-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাচন তন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩১০৩০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।