স্তন কেন্সাৰ (Breast cancer) হৈছে স্তনৰ কোষকলাৰ পৰা বিকশিত হোৱা একপ্ৰকাৰৰ কৰ্কট ৰোগ।১ স্তনৰ কৰ্কট ৰোগৰ লক্ষণবোৰৰ ভিতৰত প্ৰধানকৈ স্তনত পিণ্ডৰ সৃষ্টি হোৱা, স্তনৰ আকৃতিৰ পৰিৱৰ্তন, ছালৰ ডিম্পলিং, স্তনবৃন্তৰ পৰা তৰল নিৰ্গমন, অতিৰিক্ত ভাৱে নতুনকৈ ওলোৱা স্তনবৃন্ত, বা ছালৰ ৰঙাপৰা ইত্যাদি দেখা যায়।
ৰোগবিধ স্তনৰ বহু অংশত বিয়পি পৰাৰ ফলত হাড়ৰ বিষ, লসীকা গ্ৰন্থি ফুলা, উশাহ চুটি হোৱা, ছাল হালধীয়া পৰাৰ দৰে পৰিঘটনা কিছুমান প্ৰত্যক্ষ হয়।২
এই ৰোগৰ বিপদাশংকাৰ মুখ্য কাৰকবোৰ হৈছে স্ত্ৰী ভূমিকা, মেদবহুলতা, শাৰীৰিক ব্যায়ামৰ অভাৱ, সুৰাপান, ৰজোনিবৃত্তিৰ সময়ত হৰমন প্ৰতিষ্ঠাপন থেৰাপী, আয়নীয় বিকিৰণ, কম বয়সতে প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হোৱা, বহু পলমকৈ অৰ্থাৎ বেছি বয়সত সন্তান জন্ম দিয়া বা সন্তানহীনতা, বৃদ্ধ বয়স, পৰিয়ালত স্তন কৰ্কটৰোগৰ ব্যক্তি থাকিলে বংশগত ভাৱে এই ৰোগ হোৱা।৩ বিআৰচিএ-১ আৰু বিআৰচিএ-২ ৰ লগতে এই ৰোগৰ প্ৰায় ৫-১০% ঘটনাই এজন ব্যক্তিৰ পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে হোৱা।
লক্ষণ সমূহ

স্তনৰ কৰ্কট ৰোগৰ লক্ষণ সচৰাচৰ এক পিণ্ড হিচাপে ধৰা দিয়ে যি স্তনৰ বাকী কলাতকৈ পৃথক। স্তনত এনে পিণ্ড চিনাক্ত হ'লে এয়া কৰ্কট ৰোগ হিচাপে ৮০% ৰো অধিক নিশ্চিতি লাভ কৰিব পাৰি।৪ অৱশ্যে পূৰ্বে লক্ষণ নেদেখা কিন্তু বহু পলমকৈ ধৰা দিয়া স্তনৰ কৰ্কট ৰোগ মেম'গ্ৰাফিৰ দ্বাৰাহে ধৰা পৰে।৫৬ স্তনৰ কাষত অৱস্থিত লসীকা গ্ৰন্থিত পোৱা পিণ্ডবোৰে স্তনৰ কৰ্কট ৰোগো সূচিত কৰিব পাৰে। পিণ্ডৰ বাহিৰে স্তনৰ কৰ্কট ৰোগৰ ইঙ্গিতৰ স্বৰূপ লক্ষণ সমূহ হ'ল: আন স্তন কলাতকৈ পৃথক হোৱা, এটা স্তন ডাঙৰ বা তললৈ ওলমি পৰা, স্তনবৃন্ত সলনি হোৱা বা আকৃতি সলনি হোৱা, ছালৰ বৰণ সলনি হোৱা বা ডিম্পলিং, স্তনবৃন্তৰ ওপৰত বা চাৰিওফালে চোকোৰা পৰা, স্তনবৃন্তৰ পৰা স্ৰাৱ, স্তন বা কাষৰ অংশত নিৰন্তৰ বিষ আৰু তলৰ ফালে বা কলাৰবোনৰ চাৰিওফালে ফুলি উঠা ইত্যাদি। স্তনৰ কৰ্কট ৰোগৰ উপস্থিতি বা অনুপস্থিতি নিৰ্ধাৰণ কৰাৰ বাবে স্তনত অনুভৱ হোৱা বিষ ("মেষ্টোডাইনিয়া") হৈছে এক অনিৰ্ভৰযোগ্য লক্ষণ, অৱশ্যে এই বিষ স্তনৰ অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ পৰিচায়কো হ'ব পাৰে।৪৫৭
স্তনৰ কৰ্কটৰোগৰ আন এক জটিল লক্ষণ হৈছে পেজেটৰ স্তনৰ ৰোগ। এই লক্ষণটো একজিমাৰ দৰে ছালৰ পৰিৱৰ্তন হিচাপে ধৰা দিয়ে; যেনে স্তন ৰঙা পৰা, এইদৰে ৰঙা পৰা স্তনবৃন্তৰ ছালৰ মৃদু ফ্লেকিং। স্তনত আৰম্ভ হোৱা এই কৰ্কটৰোগ আগবাঢ়ি যোৱাৰ লগে লগে, দেখা দিব পৰা লক্ষণবোৰৰ ভিতৰত জিনজিননি অনুভৱ হোৱা, খজুৱতি, বৰ্ধিত সংবেদনশীলতা, জ্বলা-পোৰা, আৰু বিষ আদি অন্যতম। ইয়াৰোপৰি স্তনবৃন্তৰ পৰা জুলীয়া পদাৰ্থৰ নিৰ্গমন হোৱাও দেখা যায়। পেজেটৰ স্তনৰ ৰোগত আক্ৰান্ত প্ৰায় আধা মহিলাৰ স্তনতে পিণ্ড থাকে।৮৯
প্ৰদাহজনক স্তন কেন্সাৰ হৈছে এক বিৰল কৰ্কট ৰোগ। ইয়াৰ প্ৰভাৱত স্তন ফুলিবলৈ ধৰা, ৰঙা আদিবোৰ দৃশ্যমান লক্ষণ। প্ৰদাহজনক স্তন কৰ্কটৰোগৰ দৃশ্যমান প্ৰভাৱ বোৰ কৰ্কট কোষৰ দ্বাৰা লিম্ফ নলীবোৰ অৱৰোধ হোৱাৰ ফলস্বৰূপে দেখা দিয়ে। এই ধৰণৰ স্তন কৰ্কট ৰোগ কম সচৰাচৰ বয়সৰ, মেদবহুল মহিলা আৰু আফ্ৰিকান আমেৰিকান মহিলাৰ ক্ষেত্ৰত অধিক পৰিমাণে ধৰা পৰে। যিহেতু প্ৰদাহজনক স্তনকৰ্কট ৰোগৰ লক্ষণত পিণ্ড চিনাক্ত নহয় সেয়েহে কেতিয়াবা ৰোগ নিৰ্ণয়ত পলম হ'ব পাৰে।১০
ৰোগ নিৰ্ণয়
স্তনৰ ৰোগৰ দ্বাৰা প্ৰভাৱিত স্থানৰ নমুনা বা বায়'প্সিৰ আণুবীক্ষণিক বিশ্লেষণৰ দ্বাৰা বেছিভাগ স্তন কৰ্কট ৰোগ নিৰ্ণয় কৰা সহজ হৈ পৰে। লগতে স্তনৰ কৰ্কট ৰোগৰ এনে কিছুমান প্ৰকাৰ আছে যি সমূহ ধৰা পৰিবৰ বাবে বিশেষ পৰীক্ষাগাৰত পৰীক্ষা কৰা প্ৰয়োজন।
দুটা আটাইতকৈ বেছি ব্যৱহৃত স্ক্ৰীণিং পদ্ধতি হিচাপে স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ দ্বাৰা স্তনৰ শাৰীৰিক পৰীক্ষণ আৰু মেমোগ্ৰাফীয়ে এক আনুমানিক সম্ভাৱনা প্ৰদান কৰিব পাৰে। ইয়াৰ দ্বাৰা স্তনত দেখা দিয়া পিণ্ড আৰু আন কিছুমান ঘাঁ চিনাক্ত কৰিব পাৰি (যেনে সৰল চিষ্ট)। ১১ বায়'প্সি অন্যান্য বিকল্পবোৰৰ ভিতৰত আছে মুখ্য বায়'প্সি বা ভেকুৱাম-সহায়ক স্তন বায়'প্সি।১২
ব্যৱস্থাপনা
স্তন কৰ্কট ৰোগৰ ব্যৱস্থাপনা বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেইসমূহৰ ভিতৰত আছে কৰ্কট ৰোগৰ স্তৰ আৰু ৰোগীজনৰ বয়স। যেতিয়া কৰ্কট ৰোগৰ স্তৰ অধিক হয় বা চিকিৎসাৰ পিছত কৰ্কট ৰোগৰ পুনৰাবৃত্তি হোৱাৰ আশংকা অধিক হয় তেতিয়া ব্যৱস্থাপনাৰ চিকিৎসা অধিক আক্ৰমণাত্মক হয়। স্তনৰ কৰ্কট ৰোগৰ চিকিৎসা সাধাৰণতে অস্ত্ৰোপচাৰৰ দ্বাৰা কৰা হয়, পৰৱৰ্তী পৰ্যায়ত কেমোথেৰাপী বা বিকিৰণ চিকিৎসা, বা দুয়োটা হ'ব পাৰে।১৩ হৰমন ৰিচেপ্টৰ-পজিটিভ কৰ্কট ৰোগবোৰ প্ৰায়ে কেইবা বছৰৰ ক্ৰমত হৰমন-অৱৰোধ চিকিৎসাৰ দ্বাৰা চিকিৎসা কৰা হয়। মেটাষ্টেটিক আৰু স্তন কৰ্কটৰোগৰ অন্যান্য উন্নত স্তৰ কিছুমানৰ ক্ষেত্ৰত মনোক্ল'নেল এণ্টিবডি, বা অন্যান্য ৰোগ প্ৰতিৰোধ-মডুলেটিং চিকিৎসা প্ৰদান কৰা হ'ব পাৰে। অৱশ্যে চিকিৎসাৰ এই পৰিসৰটো এতিয়াও পৰীক্ষামূলক পৰ্যায়তে আছে।১৪
অস্ত্ৰোপচাৰৰ পিছত আৰু ব্যৱহৃত ঔষধবোৰক এডজুভেণ্ট থেৰাপী বুলি কোৱা হয়। অস্ত্ৰোপচাৰৰ আগতে কেমোথেৰাপী বা অন্যান্য প্ৰকাৰৰ থেৰাপীক নিয়াডজুভেণ্ট থেৰাপী বুলি কোৱা হয়। আন চিকিৎসাৰ সৈতে ব্যৱহাৰ কৰিলে এচপিৰিনে স্তনৰ কৰ্কটৰোগৰ পৰা মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰে।১৫১৬
তথ্যসূত্ৰ
- ↑ (January 1980). Breast Cancer. NCI
- ↑ Saunders, Christobel; Jassal, Sunil. (2009). Breast cancer. Oxford University Press. পৃ. Chapter 13. ISBN 978-0-19-955869-8
- ↑ (2014). World Cancer Report 2014. World Health Organization. পৃ. Chapter 5.2. ISBN 978-92-832-0429-9
- ↑ Merck Manual of Diagnosis and Therapy. (February 2003). Breast Disorders: Breast Cancer
- ↑ American Cancer Society. (2007). Cancer Facts & Figures 2007
- ↑ (January 2007). Mammographic density and the risk and detection of breast cancer. The New England Journal of Medicine. পৃ. 227–36
- ↑ (23 August 2006). Breast Cancer Evaluation. eMedicine
- ↑ (September 1970). Paget's disease of the breast. Cancer. পৃ. 680–5
- ↑ (August 1998). Paget's disease of the breast: a 33-year experience. Journal of the American College of Surgeons. পৃ. 171–7
- ↑ (1 December 2000). Molecular biology of breast cancer metastasis. Inflammatory breast cancer: clinical syndrome and molecular determinants. Breast Cancer Research. পৃ. 423–9
- ↑ (2004). Clinical breast examination: practical recommendations for optimizing performance and reporting. CA: A Cancer Journal for Clinicians. পৃ. 327–44
- ↑ (April 2010). Diagnostic value of vacuum-assisted breast biopsy for breast carcinoma: a meta-analysis and systematic review. Breast Cancer Research and Treatment. পৃ. 469–79
- ↑ (April 2012). Role of the multidisciplinary team in breast cancer management: results from a large international survey involving 39 countries. Annals of Oncology. পৃ. 853–9
- ↑ (May 2016). The future of cancer treatment: immunomodulation, CARs and combination immunotherapy. Nature Reviews. Clinical Oncology. পৃ. 273–90
- ↑ (August 2018). Antiplatelet Therapy in Breast Cancer Patients Using Hormonal Therapy: Myths, Evidence and Potentialities – Systematic Review. Arquivos Brasileiros de Cardiologia. পৃ. 205–212
- ↑ (March 2010). Aspirin intake and survival after breast cancer. Journal of Clinical Oncology. পৃ. 1467–72
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্তন কেন্সাৰ” প্ৰবন্ধৰ সংশোধন ৬৩১৫১১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।