মানসিক ৰোগ
৮ প্ৰবন্ধ
-
আত্মহত্যা
আত্মহত্যা হৈছে ইচ্ছাকৃতভাৱে কৰা এটা কাৰ্য যাৰ পৰিণাম হৈছে নিজৰেই মৃত্যু। প্ৰায়েই নিৰাশাৰ বাবে আত্মহত্যা কৰা দেখা যায়। যেতিয়া কোনোলোকে আত্মহত্যা কৰে, তেতিয়া জনগণ প্ৰক্ৰিয়াকে আত্মহত্যা কৰিছে বুলি প্ৰচাৰ কৰে। চিকিৎসক সকলে আত্মহত্যাৰ চেষ্টাক মানসিক অৱসাদজনিত গুৰুতৰ উপসৰ্গ হিচাপে বিবেচনা কৰে।
-
উদ্বিগ্নতা
উদ্বিগ্নতা (মানসিক উদ্বিগ্নতা, anxiety) মনোজগতৰ অস্থিৰতাৰ জৰিয়তে দেখা দিয়া এক বিশেষ অপ্ৰীতিকৰ আৰু অনাকাংক্ষিত আৱেগিক প্ৰাৱস্থা। মানসিক উদ্বিগ্নতা সাধাৰণতেই স্নায়ৱিক বিৱশতাৰ আচৰণ, যেনে উচপিচনি (লৰা-ঢপৰাকৈ অগা-পিছা কৰা), স্বেচ্ছাপ্ৰবৃত্ত বা ছ'মাটিক (somatic) উদ্বেগ, আৰু অপ্ৰত্যাশিত পৰিস্থিতি বা…
-
স্কিজ'ফ্ৰেনিয়া
স্কিজ'ফ্ৰেনিয়া (Schizophrenia) এক মানসিক ৰোগ যাৰ বৈশিষ্ট্য হৈছে সঘনাই বা একেৰাহে চাইক'চিছ হোৱা। প্ৰধান লক্ষণসমূহ হ’ল ভ্ৰম (সাধাৰণতে এনে মাত শুনা যি প্ৰকৃততে নাই), অস্বাভাৱিক বিশ্বাস আৰু অসংগঠিত চিন্তাধাৰা। আন লক্ষণসমূহ হ’ল সামাজিকভাৱে আঁতৰি যোৱা, আৰু আবেগহীন হোৱা।
-
আসক্তি
আসক্তি হৈছে কিছুমান বস্তুৰ (যেনে: মদ, ধঁপাত আৰু অনান্য মাদক দ্ৰব্য) ব্যৱহাৰ বা গ্ৰহণ কৰাৰ পাছত ৰক্ত আৰু মস্তিষ্কৰ প্ৰতিবন্ধকতা অতিক্ৰম কৰাৰ ফলত সাময়িকভাৱে হোৱা মস্তিষ্কৰ ৰাসায়নিক দ্ৰব্যৰ পাৰিপাৰ্শিক অবস্থাৰ পৰিবৰ্তন। অনেকে এই তালিকাত মানসিক প্ৰবৃত্তি সৃষ্টিকাৰী আৰু অনেক ধ্ৰুৱক অন্তৰ্ভুক্ত কৰে।
-
ডিমেন্চিয়া
ডিমেন্চিয়া (Dementia) এক প্ৰকাৰৰ মানসিক ৰোগ। এনে মানসিক অৱস্থাত ভুগি থকা ব্যক্তিৰ বুদ্ধি, স্মৃতিশক্তি আৰু ব্যক্তিত্ব ক্ৰমান্বয়ে লোপ পায়। সাধাৰণতে, বহুতো প্ৰাপ্তবয়স্ক লোক বয়সৰ লগেলগে এই ৰোগত আক্ৰান্ত হয় যদিও, এই ৰোগ মস্তিষ্ক ক্ষতিগ্ৰস্ত বা আঘাত হ'লেও হʼব পাৰে।
-
পূৰ্ণতাবাদ
পূৰ্ণতাবাদ, নিখুঁততা, বা পাৰমিতা (Perfectionism) হৈছে মানুহৰ ব্যক্তিত্বৰ এক বিশেষ চাৰিত্ৰিক বৈশিষ্ট্য। কোনো ক্ষেত্ৰত ব্যক্তিবিশেষৰ নিজস্ব নিখুঁততা আৰু উৎকৰ্ষৰ প্ৰতি দৃঢ়-প্ৰয়াসৰ সংস্ৰৱৰ জৰিয়তে পূৰ্ণতাবাদ চিহ্নিত কৰা হয়।
-
উদ্বেগজনিত বিকাৰ
উদ্বেগজনক বিকাৰ (Anxiety disorder) হৈছে মানসিক বিকাৰৰ এটা গোট যাৰ বৈশিষ্ট্য হৈছে উদ্বেগ আৰু ভয়ৰ উল্লেখযোগ্য অনুভূতি। উদ্বেগ হৈছে জৱিষ্যতৰ পৰিঘটনাৰ চিন্তা, আনহাতে ভয় হৈছে সাম্প্ৰতিক পৰিঘটনাৰ প্ৰতিক্ৰিয়া।
-
ট্ৰিকোটিলোমেনিয়া
ট্ৰিকোটিলোমেনিয়া (Trichotillomania) হৈছে এক মানসিক বিকাৰ। এই ৰোগত আক্ৰান্ত লোকসকলে নিৰন্তৰ নিজৰ চুলি উঘালী থাকে। এই বিকাৰৰ ফলত মূৰৰ চুলি বহু পৰিমাণে কমি যায়। চুলি উঘালীবলৈ বন্ধ কৰাৰ প্ৰচেষ্টা সাধাৰণতে বিফল হয়।