সংক্ৰামক ৰোগ
২৩ প্ৰবন্ধ
-
কৰ'নাভাইৰাছ ৰোগ ২০১৯
কৰ'না ভাইৰাছ ৰোগ ২০১৯ (Coronavirus disease 2019; চমুকৈ COVID-19) হ'ল severe acute respiratory syndrome coronavirus 2 (অতিকৈ তীব্ৰ শ্বাসজনীত লক্ষণীয় কৰ'নাভাইৰাছ ২) বা চমুকৈ SARS-CoV-2এ কৰা এক প্ৰকাৰৰ সংক্ৰমণ।
-
যক্ষ্মা
যক্ষ্মা হৈছে বিভিন্ন প্ৰকাৰৰ মাইক'বেক্টেৰিয়া, বিশেষকৈ মাইক'বেক্টেৰিয়াম টিউবাৰকুল'ছিছৰ দ্বাৰা বহুলভাৱে হোৱা এবিধ সংক্ৰামক ৰোগ। এই বীজাণুৱে প্ৰধানকৈ হাঁওফাঁওত আক্ৰমণ কৰে যদিও দেহৰ অন্য অংশতো আক্ৰমণ কৰা দেখা যায়।
-
নিউম'নিয়া
নিউম'নিয়া হৈছে একপ্ৰকাৰৰ অস্বাস্থ্যকৰ শাৰীৰিক অৱস্থা। প্ৰাথমিকভাৱে হাঁওফাঁওৰ আনুবীক্ষণিক বায়ুকোষবোৰৰ ক্ষতিসাধনৰ ফলত নিউম'নিয়া হয়। ভাইৰাছ বা বেক্টেৰিয়া আৰু অন্য কিছুমান বীজাণুৰ সংক্ৰমণ, কিছুমান দৰৱ, আৰু অন্য কিছুমান ৰোগৰ ফলত উদ্ভৱহোৱা পৰিস্থিতিৰ বাবে নিউম'নিয়া দেখা দিয়ে।
-
কলেৰা
কলেৰা বুলিলে ভিব্ৰিঅ' কলেৰি (Vibrio cholerae) নামৰ বেক্টেৰিয়াবিধে মানুহৰ ক্ষুদ্ৰান্ত্ৰত কৰা সংক্ৰমণক বুজায়। লক্ষণসমূহ শূন্যৰ পৰা অলপীয়া বা বেছি হ'ব পাৰে। এই ৰোগৰ দ্ৰুপদী লক্ষণ হৈছে কেইদিনমানৰ বাবে পানীৰ নিচিনা ডায়েৰিয়া হোৱা। ইয়াৰ লগতে বমি আৰু পেশী টানি ধৰা হ'ব পাৰে।
-
হেপাটাইটিছ বি
হেপাটাইটিছ বি হৈছে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা যকৃৎৰ প্ৰদাহ (Inflammation) সৃষ্টিকাৰী ৰোগ। পূৰ্বে "ছিৰাম হেপাটাইটিছ" (serum hepatitis) নামৰে জনা যোৱা এই ৰোগে এছিয়া আৰু আফ্ৰিকাৰ কোনো কোনো অঞ্চলত মহামাৰীৰ সৃষ্টি কৰিছে, আৰু চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।
-
প'লিঅ'মায়েলাইটিছ
প'লিঅ'মায়েলাইটিছ, (প'লিঅ বা শিশুৰ পক্ষাঘাত) প'লিঅ'ভাইৰাছে কৰা এবিধ সংক্ৰামক ৰোগ। প্ৰায় ৯০%ৰ পৰা ৯৫% সংক্ৰমণৰ কোনো লক্ষণ নাথাকে। আন ৫ ৰ পৰা ১০% মানুহৰ সাধাৰণ লক্ষণ যেনে জ্বৰ, মূৰৰ বিষ, বমি, পনীয়া শৌচ, ডিঙি টানি ধৰা আৰু হাত-ভৰিৰ বিষ হ'ব পাৰে। এইসকল ৰোগী এসপ্তাহ বা দুসপ্তাহৰ ভিতৰত ভাল হৈ উঠে।
-
সৰুআই
সৰুআই হৈছে মিজ'লচ্ ভাইৰাছৰ দ্বাৰা হোৱা এক প্ৰকাৰৰ সংক্ৰামক ৰোগ। এই ৰোগৰ প্ৰাথমিক লক্ষণ হৈছে জ্বৰ, প্ৰায়ে 40 °Cত কৈও অধিক, কাহ, নাকৰ পানী ওলোৱা, আৰু চকু ৰঙা পৰা। লক্ষনে দেখা দিয়াৰ দুই তিনি দিনৰ পাছত, সৰু সৰু বগা গুটি ওলায়, Koplik's spots বোলা হয়।
-
ইনফ্লুৱেঞ্জা
ইনফ্লুৱেঞ্জা হৈছে ইনফ্লুয়েঞ্জা ভাইৰাছৰ দ্বৰা হোৱা এবিধ সংক্ৰামক ৰোগ। এই ৰোগৰ কিছুমান সাধাৰণ লক্ষণ হৈছে, অতিপাত জ্বৰ, নাকৰ পৰা পানী ওলোৱা, ডিঙিৰ পিৰপিৰণি, পেশীৰ বিষ, মুৰৰ বিষ, কাহ, আৰু ভাগৰ লগা। ভাইৰাছে আক্ৰমণ কৰা দুদিন পিছৰ পৰাই এই লক্ষণবোৰে দেখা দিয়ে আৰু প্ৰায় এক সপ্তাহ পৰ্যন্ত থাকে।
-
টাইফইড
টাইফইড জ্বৰ, বা চমুকৈ টাইফইড (আন অসমীয়া নাম সন্নিপাত জ্বৰ) ছাল্ম'নেলা টাইফি বেক্টেৰিয়াই কৰা এবিধ সংক্ৰামক ৰোগ। সংক্ৰমণৰ ছয়ৰ পৰা ত্ৰিছ দিনৰ ভিতৰত পাতলীয়া বা গুৰুতৰ লক্ষণে দেখা দিয়ে। প্ৰায়েই লাহে লাহে কেইবাদিন ধৰি অতিপাত জ্বৰ উঠে। হাগনি কম ক্ষেত্ৰত হ'ব পাৰে আৰু বমি বেছিকৈ নহয়।
-
কুষ্ঠ
কুষ্ঠ বা হেন্ছেনৰ ৰোগ (আন অসমীয়া নাম কুঠ আৰু বৰৰোগ) মাইক'বেক্টেৰিয়াম লেপ্ৰি বা মাইক'বেক্টেৰিয়াম লেপ্ৰ'মেট'চিছ বেক্টেৰিয়াৰ ফলত হোৱা এক দীৰ্ঘম্যাদী সংক্ৰামক ৰোগ। দুখীয়া, অস্বাস্থ্যকৰ পৰিবেশত বাস কৰা লোক বেছিকৈ কুষ্ঠত ভোগে।
-
ইব'লা ভাইৰাছ ৰোগ
ইব'লা ভাইৰাছ ৰোগ বা ইব'লা ৰক্তক্ষৰিত ৰোগ (Ebola virus disease (EVD বা Ebola hemorrhagic fever,EHF) ইব'লা নামৰ ভাইৰাছবিধৰ বাবে হোৱা মানুহৰ এটা ৰোগ। ইয়াৰ লক্ষণ সাধাৰণতে ভাইৰাছবিধ সংক্ৰমিত হোৱাৰ ২ দিনৰ পৰা তিনি সপ্তাহৰ ভিতৰত দেখা দিব পাৰে।
-
ডিপথেৰীয়া
ডিপথেৰীয়া বা ঘোঁৰা--শলখা'Corynebacterium diphtheriae নামৰ বেক্টেৰিয়াবিধে কৰা এক সংক্ৰামক ৰোগ। বীজাণুযুক্ত বস্তুৰ মাধ্যেমেৰেও ই বিয়পে। কোনো লোকে লক্ষণ নোহোৱাকৈ বেক্টেৰিয়াবিধ কঢ়িয়াই ফুৰে আৰু আন ব্যক্তিক আক্ৰান্ত কৰিব পাৰে। C. diphtheriaeৰ তিনিটা মূল প্ৰকাৰে ভিন ভিন প্ৰাবল্যৰ ৰোগ কৰে।
-
হেপাটাইটিছ চি
হেপাটাইটিছ চি এক সংক্ৰামক ৰোগ। হেপাটাইটিছ চি ভাইৰাছ (HCV)ৰ ফলত হোৱা এই ৰোগে ঘাইকৈ যকৃতত প্ৰভাৱ পেলায়। সংক্ৰমণৰ আৰম্ভণিতে সামান্য লক্ষণ থাকে বা নাথাকেই। ই পাঁচবিধ জ্ঞাত হেপাটাইটিছ ভাইৰাছৰ এবিধ: এ', বি, চি, ডি, আৰু ই। তেজত ভাইৰাছবিধৰ প্ৰতিদেহ বা আৰ এন এ ধৰা পেলাই ৰোগনিৰ্ণয় কৰা হয়।
-
জলাতংক
জলাতংক বা ৰেবিজ (Rabies) মানুহ আৰু আন উষ্ণ ৰক্তৰ জন্তুৰ মগজুত একিউট প্ৰদাহৰ সৃষ্টি কৰা এটা ভাইৰেল ৰোগ। প্ৰাৰম্ভিক লক্ষণবোৰ হৈছে জ্বৰ আৰু সংক্ৰমণৰ ঠাইত জিনজিননি জলাতংক ৰোগ ৰেবিজ ভাইৰাছ আৰু অষ্ট্ৰেলীয় বাদুলী লিছাভাইৰাছকে ধৰি লিছাভাইৰাছ ৰ পৰা হয়।
-
ধনুষ্টংকাৰ
ধনুষ্টংকাৰ (tetanus বা lockjaw) মাংসপেশী সিৰামূৰিয়ে ধৰা এবিধ সংক্ৰমণ। বেছিকৈ দেখা প্ৰকাৰত সিৰামূৰি মুখৰ পাৰিত আৰম্ভ হৈ গোটেই গাতে বিয়পি পৰে। সিৰামূৰি প্ৰতিবাৰতে কেইমিনিটমান থাকে আৰু তিনি বা চাৰি সপ্তাহলৈ বাৰে বাৰে দেখা দিয়ে।
-
সামাজিক দূৰত্ব স্থাপন
সামাজিক দূৰত্ব স্থাপন (Social distancing) বা শাৰীৰিক দূৰত্ব স্থাপন (physical distancing) হৈছে সংক্ৰামক ৰোগ বিস্তাৰ প্ৰতিৰোধৰ বাবে সংক্ৰমণ নিয়ন্ত্ৰণৰ এক প্ৰকাৰৰ ঔষধবিহীন পদক্ষেপ।
-
ছোৱাইন ফ্লু
ছোৱাইন ফ্লু'ক বৰ্তমান ‘ইনফ্লুৱেঞ্জা-এ(H1N1)’ অথবা ‘H1N1 ফ্লু’ বুলিও জনা যায়। আৰম্ভণিতে গাহৰিৰপৰা মানুহলৈ এই ৰোগৰ সংক্ৰমণ হৈছিল আৰু এই ৰোগবিধ সৃষ্টি কৰা ভাইৰাছ গাহৰিৰ ইনফ্লুৱেঞ্জা কৰা ভাইৰাছৰ সৈতে একে বুলি ভবা হোৱা বাবে ইয়াক ‘ছোৱাইন ফ্লু’ বুলি কোৱা হৈছিল।
-
মাম্প্ছ
মাম্প্ছ বা পিঠা খোৱা মাম্প্ছ ভাইৰাছে কৰা এক ভাইৰেল ৰোগ। ইয়াৰ পাছত এটা বা দুয়োটা লালটী গ্ৰন্থি বিষেৰে ফুলি উঠে। নিশাহৰ কণিকাৰ (respiratory droplet) যোগেদি বা ৰোগীৰ লগত প্ৰত্যক্ষ সংযোগেৰে ভাইৰাছবিধ বিয়পে। এবাৰ সংক্ৰমণ হোৱাৰ পাছত ব্যক্তিজনৰ জীৱনজোৱা অনাক্ৰম্যতা গঢ়ি উঠে।
-
পক্ষীজ্বৰ
বাৰ্ড-ফ্লু (Bird flu) এবিধ ভাইৰাছজনিত সংক্ৰামক বেমাৰ। চৰাই-চিৰিকটিক মুখ্যতঃ আক্ৰমণ কৰা এই ভাইৰাছ (Asianinfluenza Virus) বিধ হৈছে অৰ্থ’মিক্স’ভাইৰাছ (Orthomyxovirus)৷ ই এবিধ RNA ভাইৰাছ৷
-
পানীলগা জ্বৰ
সাধাৰণ পানীলগা জ্বৰ হৈছে এক প্ৰকাৰৰ ভাইৰাছজনিত সংক্ৰামক ৰোগ। ই শ্বাস নলীৰ ওপৰৰ অংশত সংক্ৰমিত হয় আৰু প্ৰাথমিকভাৱে নাকত প্ৰভাৱ পেলায়। পানীলগাৰ সাধাৰণ উপসৰ্গবোৰ হৈছে কাহ, ডিঙিৰ পিৰপিৰণি, নাকৰ পৰা পানী ওলোৱা, হাঁচি, আৰু জ্বৰ।
-
আফ্ৰিকান ছোৱাইন ফিভাৰ
আফ্ৰিকান ছোৱাইন ফিভাৰ (African swine fever) হৈছে ঘৰচীয়া আৰু বনৰীয়া গাহৰিৰ শৰীৰত ভাইৰাছৰ পৰা হোৱা এবিধ মাৰাত্মক সংক্ৰামক ৰোগ। এই বেমাৰবিধ গাহৰিৰ শৰীৰত সাধাৰণতে দেখা দিয়া ক্লাছিকেল ছোৱাইন ফিভাৰতকৈ বেলেগ আৰু এই বেমাৰবিধৰ কোনো প্ৰতিষেধক এতিয়ালৈ ওলোৱা নাই।
-
কন্জাংটিভাইটিছ
কন্জাংটিভাইটিছ বা পিংক আই হৈছে চকুৰ বগা অংশৰ বাহিৰৰ স্তৰ আৰু চকুৰ পতাৰ ভিতৰ পৃষ্ঠত হোৱা প্ৰদাহ। ইয়াৰ ফলত চকুটো গোলাপী বা ৰঙা ৰঙৰ দেখা যায়। কন্জাংটিভাইটিছ এটা বা দুয়োটা চকুতে আক্ৰান্ত হ'ব পাৰে। সাধাৰণ সংক্ৰামক কাৰণসমূহ ভাইৰাছজনিত আৰু বেক্টেৰিয়াজনিত।
-
মাজুআই
মাজুআই, (chickenpox বা varicella) ভেৰিচেলা জ'ষ্টাৰ ভাইৰাছে কৰা এক অত্যাধিক সংক্ৰামক ৰোগ। শিশুতকৈ বয়স্ক মানুহতহে ৰোগৰ প্ৰাবল্য বেছি হয়। ভাইৰাছবিধৰ সংস্পৰ্শলৈ অহাৰ ১০ৰ পৰা ২১ দিনৰ পাছত লক্ষণবোৰে দেখা দিয়ে। মাজুআই এক বায়ুবাহিত ৰোগ; ৰোগীৰ কাহ আৰু হাঁচিৰ পৰা বীজাণু সহজতে বিয়পি পৰে।