মহিলাৰ স্বাস্থ্যবিধি
১২ প্ৰবন্ধ
-
ৰজোনিবৃত্তি
ৰজোনিবৃত্তি বা মেনোপজ (Menopause) হৈছে মহিলাৰ জীৱনত এটা সময় যেতিয়া তেওঁলোকৰ মাহেকীয়া ঋতুস্ৰাৱ সম্পূৰ্ণৰূপে বন্ধ হৈ যায় যাৰ ফলত তেওঁলোকে আৰু গৰ্ভধাৰণ কৰিবলৈ সক্ষম নহয়। ৰজোনিবৃত্তি সাধাৰণতে ৪৯ ৰ পৰা ৫২ বছৰ বয়সত হয়।
-
চেনিটেৰী পেড
চেনিটেৰী নেপকিন, চেনিটেৰী টাৱেল, চেনিটেৰী পেড, মাহেকীয়াৰ পেড, বা পেড মহিলাই অন্তৰ্বাসৰ তলত পৰিধান কৰা এক শোষক সামগ্ৰী। মাহেকীয়া ঋতুস্ৰাৱ, সন্তান জন্মৰ পাছৰ স্ৰাৱ, স্ত্ৰীৰোগৰ অস্ত্ৰোপচাৰৰ পাছত, গৰ্ভপাতৰ পাছত বা যোনিৰ পৰা ওলোৱা তেজ শোষণ কৰিবলগীয়া যিকোনো পৰিস্থিতিত ইয়াক ব্যৱহাৰ কৰা হয়।
-
ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী
ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী (Culture and menstruation) এক গুৰুত্বপূৰ্ণ বিষয় কাৰণ এই প্ৰক্ৰিয়াটো বহুতো সমাজত কিছু বিশেষ ধাৰণা, গোপনীয়তা আৰু পৌৰাণিক কাহিনীৰ দ্বাৰা পৰিবেষ্টিত হৈ আহিছে।
-
ভাৰতত মহিলাৰ স্বাস্থ্য
ভাৰতত মহিলাৰ স্বাস্থ্যক (Women's health in India) একাধিক সূচকৰ দ্বাৰা পৰীক্ষা কৰিব পাৰি। যেনে: ভৌগোলিক, আৰ্থ-সামাজিক অৱস্থান আৰু সাংস্কৃতিক ইত্যাদি। ভাৰতৰ মহিলাসকলৰ স্বাস্থ্যৰ অৱস্থাৰ সঠিক মাপাংকন কৰিবলৈ অথবা অৱস্থা উন্নীত কৰিবলৈ তেওঁলোকৰ স্বাস্থ্যক বিশ্ব স্বাস্থ্যৰ গড় আৰু ভাৰতৰ পুৰুষৰ লগত তুলনা…
-
ঋতুস্ৰাৱ আৰু হাস্যৰসৰ চিকিৎসা
আধুনিক যুগৰ আৰম্ভণিতে ঋতুস্ৰাৱৰ পৰিমাণ হাস্যৰসৰ সৈতে জড়িত আছিল, যিটো প্ৰাচীন গ্ৰীক আৰু ৰোমান চিকিৎসকে প্ৰৱৰ্তন কৰা চিকিৎসা ব্যৱস্থা বুলি পৰিগণিত। মানুহে বিশ্বাস কৰিছিল যে মানুহৰ শৰীৰত চাৰিটা হাস্যৰস থাকে: তেজ, কফ, হালধীয়া পিত্ত আৰু ক'লা পিত্ত।
-
ঋতুস্ৰাৱৰ ছুটী
ঋতুস্ৰাৱৰ ছুটী (Menstrual leave) হ’ল ঋতুস্ৰাৱৰ সময়ত ল'ব পৰা ছুটী৷ ঋতুস্ৰাৱৰ সময়ছোৱাত মহিলাগৰাকীয়ে কামলৈ যাব নোৱাৰিলে তেওঁ নিজৰ কৰ্মসংস্থাপনৰ পৰা বৈতনিক বা অবৈতনিকভাৱে এনে ছুটী ল'ব পাৰে।
-
গৰ্ভপাতৰ পিছৰ যত্ন
গৰ্ভপাতৰ পিছৰ যত্ন (PAC) হৈছে গৰ্ভপাতৰ পিছত মহিলাসকললৈ দিয়া চিকিৎসা আৰু পৰামৰ্শ। ইয়াৰ ভিতৰত নিৰাময়মূলক যত্ন, যেনে গৰ্ভপাতৰ জটিলতাৰ চিকিৎসা, লগতে প্ৰতিৰোধমূলক যত্ন, যেনে ভৱিষ্যতে অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা আদি অন্তৰ্ভুক্ত।
-
গৰ্ভনিৰোধক সুৰক্ষা
গৰ্ভনিৰোধক সুৰক্ষা হ'ল পৰিয়াল পৰিকল্পনা আৰু যৌন সংক্ৰামক ৰোগ প্ৰতিৰোধৰ বাবে ব্যক্তিৰ গুণগত গৰ্ভনিৰোধক নিৰ্ভৰযোগ্যভাৱে বাছনি, লাভ আৰু ব্যৱহাৰ কৰাৰ ক্ষমতা।
-
নাৰী আৰু ধূম্ৰপান
ধঁপাত সেৱনে শৰীৰত গুৰুতৰ নেতিবাচক প্ৰভাৱ পেলায়। বিভিন্ন ধৰণৰ ৰোগ আৰু চিকিৎসাজনিত পৰিঘটনাই লিংগক বেলেগ বেলেগ ধৰণে প্ৰভাৱিত কৰে আৰু ধঁপাতৰ প্ৰভাৱৰ ক্ষেত্ৰতো একেই কথা খাটে।
-
পিনোপড
পিনোপড (পিনোপড আৰু ইউটেৰ'ডম বুলিও জনা যায়) হৈছে জৰায়ুৰ এপিথেলিয়াল কোষৰ এপিকেল কোষীয় পৰ্দাত থকা প্ৰত্ৰুচন বা পিণ্ড। পিনোপডৰ পিনোচাইট'টিক ভূমিকাৰ (সেয়েহে পিনোপড নাম - গ্ৰীক ভাষাত "ভৰি পিয়া"), লগতে নিঃসৰণকাৰী ভূমিকাও আছে।
-
পিৰিয়'ড৷এ'ণ্ড অফ চে'নটে'নচ৷
পিৰিয়'ড। এ'ণ্ড অফ চে'নটে'নচ। (Period. End of Sentence.) হ'ল ৰায়কা জেহতাবচিৰ দ্বাৰা পৰিচালিত ২০১৮ চনৰ এখন চুটি তথ্যচিত্ৰ য'ত ভাৰতীয় মহিলাসকলে ঋতুস্ৰাৱৰ স্বাস্থ্যৰ নিস্তব্ধ বিপ্লৱৰ নেতৃত্ব দি আছে। ছবিখনত অভিনয় কৰিছে অৰুণাচলম মুৰুগানাথম, শাবানা খান, গৌৰী চৌধুৰী, অজেয়া আৰু অনিতাই।
-
শাৰী কৰ্কট ৰোগ
শাৰী কৰ্কট ৰোগ (ইংৰাজী: Sari cancer) শাৰী পিন্ধা মহিলাৰ কঁকালৰ ৰেখাত হোৱা এক প্ৰকাৰৰ ছালৰ কৰ্কট ৰোগ৷ কঁকালত টানকৈ শাৰী পিন্ধাৰ বাবে হোৱা অহৰহ খচখচনি নাইবা জ্বলনৰ ফলত উদ্ভৱ হোৱা এই কৰ্কট ৰোগৰ ফলত ছালৰ তৰপ এৰাই যায় আৰু ছালৰ ৰং সলনি হ’ব পাৰে।