ঔষধ
৭ প্ৰবন্ধ
-
প্ৰতিজৈৱিক
প্ৰতিজৈৱিক বা বেক্টেৰিয়ানাশক হৈছে বেক্টেৰিয়াজনিত সংক্ৰমণৰ চিকিৎসা আৰু প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ পদাৰ্থ। এইবোৰে বেক্টেৰিয়াক ধংশ কৰে নাইবা সিহঁতৰ বৃদ্ধিত বাধা জন্মাই।
-
পেনিচিলিন
পেনিচিলিন হৈছে কিছুমান প্ৰতিজৈৱিক (Antibiotic)ৰ সমষ্টি যাৰ ভিতৰত পেনিচিলিন জি, পেনিচিলিন ভি, পেনিচিলিন প্ৰকেইন আৰু বেঞ্জাথিন পেনিচিলিন অন্তৰ্ভুক্ত। এইবোৰ পেনিচিলিয়াম নামৰ ভেঁকুৰৰ পৰা উৎপন্ন হয়। পেনিচিলিন বিটা লেক্টাম( β-lactam) প্ৰতিজৈৱিকৰ ভিতৰত পৰে।
-
বাহক
বাহক হৈছে ভাৰত উপমহাদেশত পোৱা একপ্ৰকাৰৰ ভেষজ উদ্ভিদ। এই উদ্ভিদ সাধাৰণতে দুই প্ৰকাৰৰ। বগা বাহক আৰু ৰঙা বাহক বা তিতাফুল। ভাৰত উপমহাদেশৰ প্ৰায় সৰ্বত্ৰ এই উদ্ভিদ জন্মে। হিন্দীত ইয়াক কোৱা হয় ‘আডুছা’, ‘বানছা’ অথবা ‘ভাছিকা’। সংস্কৃত নাম ‘বাসক’ৰ ভিত্তিত ইয়াৰ ব্যৱসায়িক নাম “বাহক”।
-
চ্যৱনপ্ৰাশ
চ্যৱনপ্ৰাশ (च्यवनप्राश), হৈছে চেনি, মৌ, ঘিউ, আমলখি, তিলৰ তেল, জামু আৰু বিভিন্ন বনৌষধি আৰু মছলাৰে ৰন্ধা এক মিশ্ৰণ। আয়ুৰ্বেদিক গ্ৰন্থত দিয়া পৰামৰ্শ বা নিৰ্দেশনা অনুসৰি ইয়াক প্ৰস্তুত কৰা হয়। ভাৰতত খাদ্য পৰিপূৰক হিচাপে চ্যৱনপ্ৰাশ বহুলভাৱে বিক্ৰী আৰু সেৱন কৰা হয়।
-
সৰ্প প্ৰতিবিষ
সৰ্প প্ৰতিবিষ (ইংৰাজী: Snake antivenom) বা স্নেক এণ্টিভেনম বিষাক্ত সাপৰ দংশনৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা প্ৰতিদেহৰ দ্বাৰা গঠিত ঔষধ। ই এক প্ৰকাৰৰ প্ৰতিবিষ। সৰ্প প্ৰতিবিষ এবিধ জৈৱিক পদাৰ্থ। ইয়াক সাধাৰণতে ঘোঁৰা বা ভেড়াৰ দৰে পোহনীয়া প্ৰাণীৰ পৰা আহৰণ কৰা বিষ নিষ্ক্ৰিয় কৰিব পৰা প্ৰতিদেহৰ দ্বাৰা গঠিত।
-
ছেমাগ্লুটাইড
ছেমাগ্লুটাইড ডায়েবেটিছ টাইপ 2 আৰু মেদবহুলতাৰ চিকিৎসাৰ বাবে ব্যৱহৃতঅ 'জেম্পিক ব্ৰেণ্ড নামেৰে বিক্ৰী কৰা এবিধ ঔষধ যদিও মেট্ৰ 'ফৰ্মিন ঔষধ হিচাপে কম পচন্দ কৰা হয়, তথাপি সেইবোৰ একেলগে ব্যৱহাৰ কৰিব পাৰি।
-
বটচ’
বটচ’ এবিধ কোট ডি আইভৰিত বিক্ৰী হোৱা ক্ৰীম, যি স্তন আৰু নিতম্বৰ আকাৰ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে, যিটো ববাৰাবা নৃত্যৰ বাবে ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে।