অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

স্তন

স্তন হৈছে এক প্ৰকাৰৰ দুগ্ধ গ্ৰন্থী। প্ৰতিটো গ্ৰন্থী মাইকী আদিমানৱৰ বক্ষৰ ওপৰৰ অংশত থাকে। এই গ্ৰন্থীয়ে উৎপাদন আৰু নিঃসৰণ কৰা গাখীৰ অপত্যই খায়। মতা আৰু মাইকী উভয়ৰে একে ভ্ৰূণীয় কলাৰ পৰা ইয়াৰ বিকাশ হয়, কিন্তু যৌন সক্ষমতা লাভ কৰাৰ সময়ত, এষ্ট্ৰ'জেন আৰু অন্য বৃদ্ধিৰ লগত জড়িত হ'ৰমনৰ প্ৰভাৱত কেৱল…

হালনাগাদ: ১ মাৰ্চ ২০১৮ ২৮৫ শব্দ · ২ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

স্তন হৈছে এক প্ৰকাৰৰ দুগ্ধ গ্ৰন্থী। প্ৰতিটো গ্ৰন্থী মাইকী আদিমানৱৰ বক্ষৰ ওপৰৰ অংশত থাকে। এই গ্ৰন্থীয়ে উৎপাদন আৰু নিঃসৰণ কৰা গাখীৰ অপত্যই খায়।১ মতা আৰু মাইকী উভয়ৰে একে ভ্ৰূণীয় কলাৰ পৰা ইয়াৰ বিকাশ হয়, কিন্তু যৌন সক্ষমতা লাভ কৰাৰ সময়ত, এষ্ট্ৰ'জেন আৰু অন্য বৃদ্ধিৰ লগত জড়িত হৰম'নৰ প্ৰভাৱত কেৱল স্ত্ৰীলিংগৰ ক্ষেত্ৰতহে ই স্তনলৈ বিকশিত হয়। পুংলিগৰ ক্ষেত্ৰত প্ৰকৃত স্তন বা স্তনৰ পূৰ্ণ বিকাশ নহয় কাৰণ পুং প্ৰাণীৰ শৰীৰত কম পৰিমানৰ এষ্ট্ৰ'জেন আৰু অধিক পৰিমানৰ টেষ্ট'ষ্টেৰণ নামৰ এণ্ডজেনৰ উৎপাদন হয়, যিয়ে স্তন কলাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এষ্ট্ৰ'জেনৰ প্ৰভাৱক প্ৰশমিত কৰে। স্ত্ৰী স্তন পুং স্তনতকৈ আকাৰত বহু ডাঙৰ হয়।

স্তনৰ অন্তঃভাগত উপচৰ্মীয় চৰ্বীয়ে আগুৰি থকা অসংখ্য নলীকাৰে গঠিত এখন জালিকা থাকে। এই নলীকাবোৰ স্তনৰ অগ্ৰাংশলৈ ক্ৰমে সংকুচিত হৈ আহে, আৰু এই কলাবোৰেই স্তনৰ আকাৰ আৰু আকৃতি প্ৰদান কৰে। এই নলীবোৰৰ প্ৰান্তত কিছুমান পিণ্ডিকা বা বায়ুকোষ থাকে, ইয়াতেই হ'ৰমনৰ সংকেতৰ প্ৰভাৱত গাখীৰ উৎপাদন আৰু সংৰক্ষণ হয়।২

গৰ্ভাৱস্থাত, স্তনে এষ্ট্ৰ'জেন, প্ৰজেষ্টেৰণ, প্ৰ'লেক্টন আদি কিছুমান বিকাশ সম্পূৰ্ণ হোৱাত মধ্যস্থতাকাৰী হ'ৰমনৰ জটিল আন্তঃক্ৰিয়াৰ প্ৰতি সঁহাৰি দিয়ে আৰু দুগ্ধ উৎপাদন আৰু দুগ্ধপাণ কৰাবৰ বাবে প্ৰস্তুত হয়, ইয়াকে পিণ্ডীয়বায়ুকৌষ্ঠিক পূৰ্ণতা বোলে। সন্তান জন্ম হোৱালৈকে, বায়ুকোষবোৰে দুগ্ধ প্ৰস্তুত আৰু অপত্যৰ বাবে দুগ্ধ নিঃসৰণৰ বাবে উদ্দীপনা লাভ কৰি থাকে।

অপত্যক খাদ্যৰ যোগান ধৰাৰ লগতে, স্ত্ৰী স্তনৰ সামাজিক তথা যৌন বৈশিষ্টও বিৰাজমান। স্তন অতীতৰ স্থাপত্য, কলা, আৰু চিত্ৰৰো এটা বিষয় আছিল। স্তনে মহিলাৰ দৈহিক সৌন্দৰ্য আৰু যৌন আকৰ্ষণ বৃদ্ধি কৰে। কিছুমান পশ্চিমীয়া সংস্কৃতিত স্তনক যৌনতাৰ লগত সম্পৰ্কীত কৰে আৰু নগ্ন স্তনক অশ্লীলতা বা অভদ্ৰতা বুলি গণ্য কৰে। স্তন আৰু বিশেষকৈ ইয়াৰ অগ্ৰাংশ স্ত্ৰীৰ কামোত্তেজক স্থান। স্তনৰ আকাৰ আৰু আকৰ্ষণীয়তাৰ মাজত সম্পৰ্ক স্থাপন কৰা কিছুমান সংস্কৃতিৰ প্ৰভাৱত বহু মহিলাই স্তনৰ আকাৰ ডাঙৰ হোৱাতো বিচাৰে বা বিভিন্ন অস্ত্ৰোপচাৰৰ জৰিয়তে স্তনৰ আকাৰ বৃদ্ধি বা হ্ৰাস কৰিব বা শিথিলতা নাইকিয়া কৰিব বিচাৰে।

স্তনযুগল ঢাকি ৰাখিবলৈ নাৰীয়ে বক্ষবন্ধনী পৰিধান কৰে।

চিত্ৰ

গৰ্ভৱতী নাৰীৰ স্তন
গৰ্ভৱতী নাৰীৰ স্তনছবি: Tom Adriaenssen (Inferis at Flickr) · CC BY-SA 2.0

তথ্যসূত্ৰ

  1. ↑ Breast – Definition of breast by Merriam-Webster. merriam-webster.com
  2. ↑ SEER Training: Breast Anatomy. National Cancer Institute

সম্পৰ্কিত শ্ৰেণী

প্ৰাণীৰ গঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্তন” প্ৰবন্ধৰ সংশোধন ১৭৬৬৬৭ (১ মাৰ্চ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।