ৰোগৰ চিহ্ন আৰু লক্ষণ
৯ প্ৰবন্ধ
-
জণ্ডিছ
জণ্ডিচ বুলিলে শৰীৰৰ ছাল আৰু চকুৰ বগা অংশত হালধীয়া ৰঙ দেখা দিয়া এবিধ ৰোগৰ লক্ষণক বুজায়। জণ্ডিচৰ হালধীয়া ৰঙ দেহৰ মিউকাছ কোষাবৰণত বেছিকৈ দেখা যায়। চকুৰ বগা অংশৰ বাহিৰে মুখ-গহ্বৰ আদিত এই হালধীয়া ৰঙ সহজে ধৰিব পাৰি। এই লক্ষণত প্ৰসাৱৰ ৰঙো হালধীয়া হয়। জণ্ডিছ বিভিন্ন ৰোগৰ বাবে হ'ব পাৰে।
-
মূৰৰ বিষ
মূৰৰ বিষ হৈছে মূৰ বা ডিঙি অঞ্চলৰ যিকোনো অংশত হোৱা যিকোনো ধৰণৰ বিষ বা বেদনা। ই মূৰ বা ডিঙিত দেখা দিয়া যিকোনো পৰিস্থিতিক লক্ষণ হ'ব পাৰে।
-
এনুৰিয়া
এনুৰিয়া (ইংৰাজীত এনুৰিয়া) হৈছে প্ৰস্ৰাৱ নোহোৱা, বা কাৰ্যক্ষেত্ৰত ইয়াক এদিনত ১০০ মিলিলিটাৰতকৈ কম প্ৰস্ৰাৱ হোৱাক কোৱা হয়। প্ৰায়ে বৃক্কৰ কাৰ্যক্ষমতা বিকল হোৱাৰ বাবে এনুৰিয়া হয়। বৃক্কত পাথৰ বা টিউমাৰৰ দৰে কিছুমান গুৰুতৰ বিকাৰৰ বাবেও এনুৰিয়া হ’ব পাৰে। শেষ পৰ্যায়ত ই বৃক্কৰ ৰোগৰ লগত লগ হ’ব পাৰে।
-
থাইৰয়ড
থাইৰয়ড বা থাইৰয়ড গ্ৰন্থি (Thyroid)মেৰুদণ্ডী প্ৰাণীৰ অন্তঃস্ৰাৱী গ্ৰন্থি। মানুহৰ ক্ষেত্ৰত ই আদমচ্ এপল্ বা ডিঙিৰ ঘটিকাৰ তলৰ ডিঙিত অৱস্থিত পখিলাৰ আকৃতিৰ গ্ৰন্থি। ই দুটা সংযুক্ত লোবৰ দ্বাৰা গঠিত। লোবৰ তলৰ দুই তৃতীয়াংশ অংশ ইষ্টমাছ নামৰ কলাৰ এটা পাতল বেণ্ডেৰে সংযুক্ত হৈ থাকে।
-
কিট’নিউৰিয়া
কিট’নিউৰিয়া হৈছে প্ৰস্ৰাৱত কিট’ন বডি থকা এক চিকিৎসাজনিত অৱস্থা। এনে পৰিস্থিতিত শৰীৰে শক্তিৰ বিকল্প উৎস ব্যৱহাৰ কৰাৰ ইংগিত হিচাপে অতিৰিক্ত কিট’ন উৎপন্ন কৰা দেখা যায়। উপবাসৰ সময়ত বা বেছিকৈ টাইপ ওৱান ডায়েবেটিছ মেলিটাছত ইয়াক দেখা যায়।
-
প্ৰস্ৰাৱৰ অস্বাভাৱিক ৰং
সাধাৰণতে মানুহৰ প্ৰস্ৰাৱৰ ৰং খেৰৰ দৰে হালধীয়া হয়। খেৰৰ হালধীয়া ৰঙৰ উপৰি প্ৰস্ৰাৱৰ আন ৰঙে কেতিয়াবা মানুহৰ কোনো অস্বাভাৱিকতা—এটা অন্তৰ্নিহিত ৰোগজনিত অৱস্থা—প্ৰতিফলিত কৰে।
-
বিটুৰিয়া
ৰঙা বা গোলাপী ৰঙৰ প্ৰস্ৰাৱ বাহিৰ হৈ যোৱাটোৱেই হৈছে বিটুৰিয়া। ই বীট বা বীটৰ নিষ্কাশিত ৰস বা বীটৰ বিটালিন ৰঞ্জক পদাৰ্থৰে ৰং কৰা খাদ্য খোৱাৰ পাছত হয়। বিটালিন ৰঞ্জক পদাৰ্থ যেনে বিটানিন নিৰ্গত হোৱাৰ ফলত এই ৰং হয়।
-
ভাৰ্টিগো
ভাৰ্টিগো (Vertigo) মানৱ শৰীৰৰ এনে এক অৱস্থা য’ত ব্যক্তিয়ে অনুভৱ কৰে যে, তেওঁ লৰচৰ বা গতি নকৰা অৱস্থাতে লৰচৰ কৰি আছে, বা তেওঁৰ চাৰিওফালে থকা বস্তুবোৰ লৰচৰ কৰি আছে৷ দীৰ্ঘ সময়ৰ বাবে গতিৰ সংস্পৰ্শলৈ অহাৰ পিছত যেনে জাহাজত থকা বা চকু বন্ধ কৰি ঘূৰি থকাৰ পিছত শাৰীৰিক ভাৰ্টিগো হ’ব পাৰে৷ আন কাৰণসমূহ হ’ব…
-
মেষ্টিটিছ
মেষ্টিটিছ হৈছে স্তন বা ওহাৰৰ বাঁতৰ বিষ বা প্ৰদাহ, যই সাধাৰণতে স্তন্যপানৰ সৈতে জড়িত। লক্ষণসমূহৰ ভিতৰত স্তন্যাগ্ৰত বিষ আৰু ৰঙা পৰা দেখা যায়। ইয়াৰ লগত জড়িত বেক্টেৰিয়াটো হ'ল ষ্টেফাইলোককাছ অৰেয়াছ। সাধাৰণতে লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় কৰা হয়।