কৰ্কট ৰোগ
১৫ প্ৰবন্ধ
-
কৰ্কট ৰোগ
কৰ্কট ৰোগ বা কেঞ্চাৰ (Cancer) ৰোগৰ এটা শ্ৰেণী, চিকিৎসা বিজ্ঞানৰ মতে যাৰ নাম মেলিগনেণ্ট নিঅ'প্লাজম (Malignant neoplasm)। এই শ্ৰেণীৰ ৰোগৰ মূল পৰিঘটনা হৈছে কোষৰ সংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি। এই ৰোগত মৃত্যুৰ হাৰ বহু বেছি। কাৰণ প্ৰাথমিক অৱস্থাত কৰ্কট ৰোগ সহজে ধৰা নপৰে।
-
স্তন কেন্সাৰ
স্তন কেন্সাৰ (Breast cancer) হৈছে স্তনৰ কোষকলাৰ পৰা বিকশিত হোৱা একপ্ৰকাৰৰ কৰ্কট ৰোগ। স্তনৰ কৰ্কট ৰোগৰ লক্ষণবোৰৰ ভিতৰত প্ৰধানকৈ স্তনত পিণ্ডৰ সৃষ্টি হোৱা, স্তনৰ আকৃতিৰ পৰিৱৰ্তন, ছালৰ ডিম্পলিং, স্তনবৃন্তৰ পৰা তৰল নিৰ্গমন, অতিৰিক্ত ভাৱে নতুনকৈ ওলোৱা স্তনবৃন্ত, বা ছালৰ ৰঙাপৰা ইত্যাদি দেখা যায়।
-
লিউকিমিয়া
লিউকিমিয়া (leukemia) ৰক্ত কেন্সাৰৰ এটা গোট যি সাধাৰণতে অস্থি মজ্জাত আৰম্ভ হয় আৰু ফলস্বৰূপে অধিকসংখ্যক অস্বাভাৱিক ৰক্তকণিকা বৃহৎ পৰিমাণে বৃদ্ধি হয়। এই ৰক্তকণিকাবোৰ সম্পূৰ্ণৰূপে বিকশিত নহয় আৰু এইবোৰক ব্লাষ্ট বা লিউকিমিয়া কোষ বুলি কোৱা হয়।
-
লিম্ফ'মা
লিম্ফ'মা (Lymphoma) হৈছে লিম্ফ'ছাইটৰ (শ্বেত ৰক্ত কোষৰ এক প্ৰকাৰ) পৰা বিকশিত তেজ আৰু লসীকা বা লিম্ফৰ টিউমাৰৰ এটা গোট। বৰ্তমান সময়ত লিম্ফ'মা নামটোৱে সাধাৰণতে এনে সকলো টিউমাৰৰ পৰিৱৰ্তে কেৱল কৰ্কট ৰোগজনিত সংস্কৰণক বুজায়।
-
অভাৰিয়ান কেন্সাৰ
অভাৰিয়ান কেন্সাৰ (Ovarian cancer) হৈছে ডিম্বাশয়ত উৎপন্ন হোৱা এবিধ কেন্সাৰ বা কৰ্কট ৰোগ। ইয়াৰ ফলত ডিম্বাশয়ত সৃষ্টি হোৱা অস্বাভাৱিক কোষবোৰে শৰীৰৰ অন্য অংশকো আক্ৰমণ কৰিব পাৰে। তদুপৰি ইয়াৰ মেটাষ্টেছিছলৈ ৰূপান্তৰিত হোৱাৰো সক্ষমতা আছে।
-
ক’ল’ৰেক্টেল কেন্সাৰ
ক’ল’ৰেক্টেল কেন্সাৰ (Colorectal cancer), যাক বাৱেল কেন্সাৰ, ক’লন কেন্সাৰ, অন্ত্ৰৰ কেন্সাৰ, বা মলদ্বাৰৰ কেন্সাৰ বুলিও জনা যায়, হৈছে ক’লন বা ৰেক্টাম (বৃহদান্ত্ৰৰ অংশ)ৰপৰা সৃষ্টি হোৱা কৰ্কট ৰোগ।
-
বিশ্ব কৰ্কট ৰোগ দিৱস
বিশ্ব কৰ্কট ৰোগ দিৱস (ইংৰাজী: World Cancer Day) প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে গোটেই বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সকলে পালন কৰে। কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে ৰোগ চিনাক্ত কৰণ সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰা এই দিৱসৰ মূল উদ্দেশ্য।
-
হাওঁফাওঁৰ কৰ্কট ৰোগ
হাওঁফাওঁৰ কৰ্কট ৰোগ (Lung cancer) হৈছে হাওঁফাওঁৰ কলাত উৎপত্তি হোৱা এবিধ মাৰাত্মক টিউমাৰ। শ্বাসনলীৰ কোষবোৰৰ ডি.এন.এ. জিনীয়ভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ হয়। এই ৰোগ প্ৰায়ে ছিগাৰেট সেৱন বা উশাহত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ গ্ৰহণ কৰাৰ বাবে হয়।
-
ইউটেৰাইন কেন্সাৰ
ইউটেৰাইন কেন্সাৰ (Uterine cancer) হৈছে জৰায়ুৰ কলাৰ পৰা বিকশিত হোৱা এবিধ কেন্সাৰ বা কৰ্কট ৰোগ। ইউটেৰাইন কেন্সাৰক গৰ্ভাশয়ৰ কেন্সাৰ (Womb cancer) বুলিও কোৱা হয়। ইউটেৰাইন কেন্সাৰ দুই ধৰণৰ— এণ্ড'মেট্ৰিয়েল কেন্সাৰ আৰু ইউটেৰাইন চাৰক'মা।
-
চাৰ্ভিকেল কেন্সাৰ
চাৰ্ভিকেল কেন্সাৰ (cervical cancer) হৈছে চাৰ্ভিক্সত উৎপন্ন হোৱা এবিধ কেন্সাৰ বা কৰ্কট ৰোগ। প্ৰথমাৱস্থাত কোনোধৰণৰ লক্ষণ পৰিলক্ষিত নহয় চাৰ্ভিকেল কেন্সাৰত আক্ৰান্ত ৯০ শতাংশতকৈও অধিক লোক হিউমেন পেপিল'মাভাইৰাছৰ দ্বাৰা সংক্ৰমিত।
-
ছালৰ কৰ্কট ৰোগ
ছালৰ কৰ্কট ৰোগ (Skin cancer) হৈছে ছালৰপৰা উৎপত্তি হোৱা কৰ্কট ৰোগ। শৰীৰৰ অন্যান্য অংশলৈ বিয়পি পৰাৰ বা আক্ৰমণ কৰাৰ ক্ষমতাসম্পন্ন অস্বাভাৱিক কোষৰ বিকাশৰ ফলত এই ৰোগ হয়। যেতিয়া ছালৰ কোষবোৰ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাই মেলিগনেণ্ট টিউমাৰ (মাৰাত্মক টিউমাৰ) গঠন কৰে, তেতিয়াই এই ৰোগৰ সৃষ্টি হয়।
-
পাকস্থলীৰ কৰ্কট ৰোগ
পাকস্থলীৰ কৰ্কট ৰোগ (Stomach cancer), যাক গেষ্ট্ৰিক কেন্সাৰ বুলিও জনা যায়, হৈছে পাকস্থলীৰ এক মাৰাত্মক টিউমাৰ। পাকস্থলীৰ আৱৰণীত অস্বাভাৱিক কোষৰ বৃদ্ধিৰ ফলত এই কৰ্কট ৰোগৰ সৃষ্টি হয়।
-
প্ৰষ্টেট কেন্সাৰ
প্ৰষ্টেট কেন্সাৰ (Prostate cancer) হ’ল পুৰুষ প্ৰজনন তন্ত্ৰৰ মূত্ৰাশয়ৰ তলত অৱস্থিত এক গ্ৰন্থি, অৰ্থাৎ প্ৰষ্টেটত কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধি। প্ৰষ্টেট কলাৰ অস্বাভাৱিক বৃদ্ধি সাধাৰণতে স্ক্ৰীনিং পৰীক্ষাৰ জৰিয়তে ধৰা পৰে, যিবোৰ সাধাৰণতে তেজৰ পৰীক্ষা যিয়ে প্ৰষ্টেট-স্পেচিফিক এণ্টিজেন (PSA)ৰ মাত্ৰা পৰীক্ষা…
-
মেষ্টেক্টমী
মেষ্টেক্টমী (Mastectomy) হৈছে এটা বা দুয়োটা স্তন অস্ত্ৰোপচাৰৰ দ্বাৰা আংশিকভাৱে বা সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাৰ চিকিৎসাৰ পদ্ধতি। সাধাৰণতে স্তন কেন্সাৰৰ চিকিৎসাৰ বাবে মেষ্টেক্টমী কৰা হয়।
-
শাৰী কৰ্কট ৰোগ
শাৰী কৰ্কট ৰোগ (ইংৰাজী: Sari cancer) শাৰী পিন্ধা মহিলাৰ কঁকালৰ ৰেখাত হোৱা এক প্ৰকাৰৰ ছালৰ কৰ্কট ৰোগ৷ কঁকালত টানকৈ শাৰী পিন্ধাৰ বাবে হোৱা অহৰহ খচখচনি নাইবা জ্বলনৰ ফলত উদ্ভৱ হোৱা এই কৰ্কট ৰোগৰ ফলত ছালৰ তৰপ এৰাই যায় আৰু ছালৰ ৰং সলনি হ’ব পাৰে।