মানৱ গৰ্ভধাৰণ
৯ প্ৰবন্ধ
-
গৰ্ভধাৰণ
গৰ্ভধাৰণ (Pregnancy, gravidity বা gestation বুলিও কোৱা হয়) হৈছে কোনো মহিলাৰ দেহত এটা বা একাধিক অপত্য বিকশিত হোৱা সময়খিনি। বহু গৰ্ভধাৰণত একাধিক অপত্যৰ বিকাশ হয়, যেনে- যমজ সন্তান। যৌন ক্ৰিয়া অথবা সহকাৰী প্ৰজনন প্ৰযুক্তিৰ দ্বাৰা গৰ্ভধাৰণ হয়।
-
গৰ্ভপাত
গৰ্ভপাত (Abortion)বা ভ্ৰূণহত্যা হৈছে কোনো ভ্ৰূণ গৰ্ভৰ বাহিৰত জীয়াই থাকিবলৈ সক্ষম হোৱাৰ আগতেই গৰ্ভৰ পৰা অপসাৰণ অথবা মাতৃগৰ্ভৰ পৰা জোৰপূৰ্বক বাহিৰ কৰি দি গৰ্ভধাৰণৰ অবসান ঘটোৱা কাৰ্য। গৰ্ভপাত স্বয়ংক্ৰিয়ভাবেও হ'ব পাৰে, এইক্ষেত্ৰত ইয়াক প্ৰায়েই স্বতঃস্ফূৰ্ত গৰ্ভপাত বোলা হয়।
-
ৰজোনিবৃত্তি
ৰজোনিবৃত্তি বা মেনোপজ (Menopause) হৈছে মহিলাৰ জীৱনত এটা সময় যেতিয়া তেওঁলোকৰ মাহেকীয়া ঋতুস্ৰাৱ সম্পূৰ্ণৰূপে বন্ধ হৈ যায় যাৰ ফলত তেওঁলোকে আৰু গৰ্ভধাৰণ কৰিবলৈ সক্ষম নহয়। ৰজোনিবৃত্তি সাধাৰণতে ৪৯ ৰ পৰা ৫২ বছৰ বয়সত হয়।
-
ছাৰোগেছি
ছাৰোগেছি বা মাতৃ প্ৰতিনিধিত্ব (surrogacy) হৈছে এক আইনী চুক্তিৰ দ্বাৰা সমৰ্থিত ব্যৱস্থা যাৰ দ্বাৰা এগৰাকী মহিলাই (ছাৰোগেট মাতৃ) নিজৰ গৰ্ভত আন এটা দম্পতীৰ হৈ এটা সন্তান বহন আৰু প্ৰসৱ কৰিব পাৰে। দুই প্ৰকাৰৰ ছাৰোগেছি আছে: আংশিক (জেনেটিক), আৰু সম্পূৰ্ণ (গৰ্ভধাৰণ)।
-
স্বতঃস্ফূৰ্ত গৰ্ভপাত
স্বতঃস্ফূৰ্ত গৰ্ভপাত (Spontaneous abortion) হৈছে ভ্ৰণ বা গৰ্ভস্থ সন্তানৰ স্বতন্ত্ৰভাৱে জীয়াই থাকিবলৈ সক্ষম হোৱাৰ আগতে হোৱা মৃত্যু। গৰ্ভধাৰণৰ বিংশ সপ্তাহত বা তাৰ পাছত হোৱা গৰ্ভস্থ সন্তানৰ মৃত্যুক জন্মমৃত বুলি কোৱা হয়।
-
কৈশোৰ গৰ্ভাৱস্থা
কৈশোৰ গৰ্ভাৱস্থা বা কিশোৰী বয়সত গৰ্ভধাৰণ (Teenage pregnancy) হৈছে ২০ বছৰৰ তলৰ মহিলাৰ হোৱা গৰ্ভধাৰণ। এগৰাকী কিশোৰীৰ ঋতুমতি হোৱাৰ পিছত যৌন সম্ভোগৰ দ্বাৰা গৰ্ভধাৰণ হয়, কিন্তু ডিম্বস্ফোটন আৰম্ভ হোৱাৰ পিছত এক কিশোৰীৰ প্ৰথম ঋতুস্ৰাৱৰ অলপদিন আগতেও গৰ্ভধাৰণ হ'ব পাৰে।
-
মাতৃত্বকালীন মৃত্যু
মাতৃত্বকালীন মৃত্যুৰ (Maternal death) সংজ্ঞা কেইবাটাও ভিন্ন স্বাস্থ্য সংস্থাই অলপ বেলেগ বেলেগ ধৰণে দিয়ে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মতে গৰ্ভাৱস্থাৰ সৈতে জড়িত জটিলতাৰ বাবে গৰ্ভৱতী মাতৃৰ মৃত্যু অথবা গৰ্ভাৱস্থাৰ ব্যৱস্থাপনাৰ ফলত অধিক অৱনতি হোৱা অন্তৰ্নিহিত অৱস্থাৰ কাৰণে হোৱা মৃত্যুক মাতৃত্বকালীন…
-
জন্ম নিয়ন্ত্ৰণ
জন্ম নিয়ন্ত্ৰণ বা গৰ্ভনিৰোধক বা উৰ্বৰতা নিয়ন্ত্ৰণ (Birth control) হৈছে গৰ্ভধাৰণ প্ৰতিৰোধ কৰা পদ্ধতি বা সঁজুলি। প্ৰাচীন কালৰ পৰা জন্ম নিয়ন্ত্ৰণ প্ৰচলিত হৈ আহিছে, কিন্তু জন্ম নিয়ন্ত্ৰণৰ কাৰ্যকৰী আৰু সুৰক্ষিত পদ্ধতি কেৱল বিংশ শতিকাত হে উপলব্ধ হৈছিল।
-
মানৱ দুগ্ধ বেংক
মানৱ দুগ্ধ বেংক বা মাতৃদুগ্ধ বেংক (Human milk bank) প্ৰাপক শিশুৰ সৈতে জৈৱিকভাৱে সম্পৰ্কিত নোহোৱা দুগ্ধৱতী মাতৃসকলে দান কৰা মানৱ দুগ্ধ সংগ্ৰহ, সংৰক্ষণ, সংসাধন আৰু বিতৰণ কৰা একপ্ৰকাৰৰ সেৱা। নৱজাতক শিশুৰ বাবে সৰ্বোত্তম পুষ্টিৰ উৎস হৈছে মাতৃদুগ্ধ।