অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

মানসিক বিসংগতি

‌মানসিক বিসংগতি হৈছে একপ্ৰকাৰৰ, মানসিক অথবা আচৰণগত সমস্যা। মানসিক বিসংগতি থকা ব্যক্তিয়ে সাধাৰণ জীৱন যাপন কৰিব নোৱাৰে নাইবা সাধাৰণ জীৱন যাপনৰ ক্ষমতা হেৰুৱাই পেলায়। বিভিন্ন ধৰণৰ মানসিক বিসংগতি দেখা পোৱা যায়, আৰু এনে বিসংগতিৰ লক্ষণো বিভিন্ন ধৰণৰ হয়। মানসিক বিসংগতিৰ কাৰণবোৰ স্পষ্ট নহয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০১৫ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

‌মানসিক বিসংগতি হৈছে একপ্ৰকাৰৰ, মানসিক অথবা আচৰণগত সমস্যা। মানসিক বিসংগতি থকা ব্যক্তিয়ে সাধাৰণ জীৱন যাপন কৰিব নোৱাৰে নাইবা সাধাৰণ জীৱন যাপনৰ ক্ষমতা হেৰুৱাই পেলায়। বিভিন্ন ধৰণৰ মানসিক বিসংগতি দেখা পোৱা যায়,১ আৰু এনে বিসংগতিৰ লক্ষণো বিভিন্ন ধৰণৰ হয়।১

মানসিক বিসংগতিৰ কাৰণবোৰ স্পষ্ট নহয়। এজন ব্যক্তিৰ অনুভৱ, কাৰ্য, চিন্তাধাৰা, আদিৰ ভিত্তিত এনে বিসংগতিৰ বৰ্ণনা কৰা হয়।১ ই মানুহৰ মস্তিষ্কৰ লগত জড়িত আৰু মানসিক স্বাস্থ্যৰ লগত সম্পৰ্কৃত। মানসিক বিসংগতিৰ বৈজ্ঞানিক অধ্যয়নক মনোৰোগ বিজ্ঞান বোলে।

মানসিক ৰোগৰ চিকিৎসালয় ভিত্তিক সেৱা, অথবা সামাজিক অনুষ্ঠান, আৰু মনোৰোগ বিশেষজ্ঞ, মনোবিজ্ঞানী আৰু সামাজিক চিকিৎসা কৰ্মীৰ বিভিন্ন অভীক্ষাৰ দ্বাৰা মানসিক বিসংগতিৰ চিকিৎসা কৰা হয়। ইয়াৰ বাবে প্ৰায়ে নিৰীক্ষণ আৰু প্ৰশ্নকৰণৰ সহায় লোৱা হয়। বিভিন্ন মানসিক স্বাস্থ্য কৰ্মীৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয়। এনে দুটা প্ৰধান উপায় হৈছে Psychotherapy আৰু Psychiatric medication। অন্যান্য চিকিৎসা পদ্ধতিবোৰ হৈছে সামাজিক বাৰ্তালাপ, দলীয় সেৱা আৰু আত্ম সহায়। কিছুক্ষেত্ৰত অনৈচ্ছিক কাৰাবাস অথবা চিকিৎসাৰো ব্যৱহাৰ কৰা হয়। অৱসাদ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন ধৰণৰ আঁচনি কাৰ্যকৰী কৰা হৈছে।১

সাধাৰণ মানসিক বিসংগতিত, অৱসাদ (যাৰ দ্বাৰা বিশ্বজুৰি প্ৰায় ৪০০ নিযুত লোক প্ৰভাৱিত), ডিমেন্‌চিয়া ( বিশ্বজুৰি প্ৰায় ৩৫ নিযুত লোক প্ৰভাৱিত), আৰু স্কিজ'ফ্ৰেনিয়াক, (বিশ্বজুৰি দ্বাৰা প্ৰায় ২১ নিযুত লোক প্ৰভাৱিত) অন্তৰ্ভুক্ত কৰা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ (October 2014). Mental disorders Fact sheet N°396. World Health Organisation

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানসিক বিসংগতি” প্ৰবন্ধৰ সংশোধন ১৫৫৮০৫ (২৮ ছেপ্তেম্বৰ ২০১৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।