অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ইনফ্লুৱেঞ্জা

ইনফ্লুৱেঞ্জা হৈছে ইনফ্লুয়েঞ্জা ভাইৰাছৰ দ্বৰা হোৱা এবিধ সংক্ৰামক ৰোগ। এই ৰোগৰ কিছুমান সাধাৰণ লক্ষণ হৈছে, অতিপাত জ্বৰ, নাকৰ পৰা পানী ওলোৱা, ডিঙিৰ পিৰপিৰণি, পেশীৰ বিষ, মুৰৰ বিষ, কাহ, আৰু ভাগৰ লগা। ভাইৰাছে আক্ৰমণ কৰা দুদিন পিছৰ পৰাই এই লক্ষণবোৰে দেখা দিয়ে আৰু প্ৰায় এক সপ্তাহ পৰ্যন্ত থাকে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ইনফ্লুৱেঞ্জা হৈছে ইনফ্লুয়েঞ্জা ভাইৰাছৰ দ্বৰা হোৱা এবিধ সংক্ৰামক ৰোগ।১ এই ৰোগৰ কিছুমান সাধাৰণ লক্ষণ হৈছে, অতিপাত জ্বৰ, নাকৰ পৰা পানী ওলোৱা, ডিঙিৰ পিৰপিৰণি, পেশীৰ বিষ, মুৰৰ বিষ, কাহ, আৰু ভাগৰ লগা। ভাইৰাছে আক্ৰমণ কৰা দুদিন পিছৰ পৰাই এই লক্ষণবোৰে দেখা দিয়ে আৰু প্ৰায় এক সপ্তাহ পৰ্যন্ত থাকে। আনহাতে প্ৰায় দুসপ্তাহ পৰ্যন্ত কাহ হৈ থাকিব পাৰে।১ শিশুৰ ক্ষেত্ৰত বমি হোৱাও দেখা যায়। এই ৰোগৰ জটিলতাবোৰ হৈছে, ভাইৰাছজনিত নিউম'নিয়া, গৌণ বেক্টেৰিয়াজনিত নিউম'নিয়া, ছাইনাছ সংক্ৰমন, আৰু এজমা বা হৃদযন্ত্ৰৰ বিকলতাৰ দৰে পুৰণি সমস্যাৰ উক দিয়া।২৩

মানুহক তিনি প্ৰকাৰৰ ইনফ্লুৱেঞ্জাই আক্ৰমণ কৰে।৩ কাহ আৰু হাঁচিৰ জৰিয়তে ৰোগৰ জীৱানু সংক্ৰমিত হয়।১ ৰোগীৰ আশে-পাশে থকা ব্যক্তিলৈ এই ৰোগ বেচিকৈ সোঁচৰে বুলি ভবা হয়।৪ ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰৰ পৰাও এই ৰোগ বিয়পিব পাৰে।২৪ ডিঙি, নাক পৰীক্ষা কৰি ৰোগ নিশ্চিতকৰণ কৰা হয়।

চাবোনৰ প্ৰভাৱত এই ভাইৰাছ নিষ্ক্ৰিয় হয় বাবে সঘনাই হাত ধোলে ৰোগ বিয়পাৰ সম্ভাৱনা বহুত কমি যায়।৫ ছাৰ্জিকেল মাস্ক ব্যৱহাৰ কৰাও অতি মংগলজনক। অতি স্পৰ্শকাতৰ এলেকাত বিশ্ব স্বাস্থ্য সংস্থাই বছৰি ছিতাকৰণৰ অনুমোদন জনাইছে। এই ছিটা তিনি বা চাৰি প্ৰকাৰৰ ইনফ্লুৱেঞ্জাৰ বিপক্ষে কাৰ্যকৰী।১ ভাইৰাছবোৰ বিৱৰ্তিত হৈ থাকে বাবে, এবছৰৰ ছিটাই পৰৱৰ্তী বছৰত কাম নকৰিবও পাৰে। ইনফ্লুৱেঞ্জাৰ চিকিৎসাৰ বাবে ভাইৰাছ প্ৰতিৰোধী ঔষধ ব্যৱহাৰ কৰা হয়। স্বাস্থ্যৱান তথা কম সংকটজনক ৰোগীক ঔষধে ভাল ফলাফল প্ৰদান কৰে।৬ অন্যান্য স্বাস্থ্যজনিত সমস্যা থকা ৰোগীৰ ক্ষেত্ৰত ঔষধে কোনো কামত নিদিয়ে।৬৭

সমগ্ৰ বিশ্বজুৰি এই ৰোগত বছৰি প্ৰায় পাঁচ নিযুত লোক আক্ৰান্ত হয় আৰু তাৰে ২,৫০,০০০ৰ পৰা ৫,০০,০০০ পৰ্যন্ত লোক মৃত্যু মুখত পৰে।১ পৃথিৱীৰ উত্তৰ আৰু দাক্ষিনাত্যৰ অঞ্চলসমূহত এই ৰোগ শীত কালত দেখা দিয়ে যদিও, যদিও ইকুৱেডৰৰ কাষৰীয়া অঞ্চলত বছৰৰ যিকোনো সময়তে হয়।১ ডেকা, বৃদ্ধ আৰু অন্য স্বাস্থ্যৰ সমস্যা থকা ৰোগী সকলৰ মৃত্যু হাৰ বেচি।১ বিংশ শতিকাত তিনিটা ইনফ্লুৱেঞ্জাই গুৰুতৰ ৰূপ ধাৰণ কৰিছিল: ১৯১৮ চনৰ স্পেনিছ ইনফ্লুৱেঞ্জা, ১৯৫৮ চনৰ এছিয়ান ইনফ্লুৱেঞ্জা আৰু ১৯৬৮ চনৰ হংকং ইনফ্লুৱেঞ্জা; প্ৰায় এক নিযুত লোকৰ মৃত্যু ঘটিছিল।৮ ২০০৯ চনত বিশ্ব স্বাস্থ্য সংস্থাই এক প্ৰকাৰৰ নতুন ইনফ্লুয়েঞ্জা এ/H1N1 ক অতি বিপদজনক বুলি চিহ্নিত কৰিছে।৯ গাহৰি, ঘোঁৰা, আৰু চৰাইকে ধৰি অন্য প্ৰাণীবোৰো ইনফ্লুয়েঞ্জাত আক্ৰান্ত হোৱা দেখা যায়।১০

তথ্যসূত্ৰ

  1. ↑ (March 2014). Influenza (Seasonal) Fact sheet N°211. who.int
  2. ↑ (September 9, 2014). Key Facts about Influenza (Flu) & Flu Vaccine. cdc.gov
  3. ↑ Longo, Dan L. (2012). Harrison's principles of internal medicine.. McGraw-Hill. ISBN 9780071748896
  4. ↑ Brankston G, Gitterman L, Hirji Z, Lemieux C, Gardam M. (April 2007). Transmission of influenza A in human beings. Lancet Infect Dis. পৃ. 257–65
  5. ↑ (2011). Physical interventions to interrupt or reduce the spread of respiratory viruses. Cochrane Database Syst Rev. পৃ. CD006207
  6. ↑ Michiels, B; Van Puyenbroeck, K; Verhoeven, V. (2013). The value of neuraminidase inhibitors for the prevention and treatment of seasonal influenza: a systematic review of systematic reviews.. PLoS ONE. পৃ. e60348
  7. ↑ Ebell, MH; Call, M; Shinholser, J. (April 2013). Effectiveness of oseltamivir in adults: a meta-analysis of published and unpublished clinical trials.. Family practice. পৃ. 125–33
  8. ↑ (14 October 2005). Ten things you need to know about pandemic influenza. World Health Organization
  9. ↑ World Health Organization. World now at the start of 2009 influenza pandemic. www.who.int/mediacentre/news/statements/2009/h1n
  10. ↑ Palmer, S. R. (2011). Oxford textbook of zoonoses: biology, clinical practice, and public health control. Oxford Univ. Press. পৃ. 332. ISBN 9780198570028

সম্পৰ্কিত শ্ৰেণী

সংক্ৰামক ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইনফ্লুৱেঞ্জা” প্ৰবন্ধৰ সংশোধন ৬৩২২৬৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।