চিকিৎসা বিজ্ঞান
৫৬ প্ৰবন্ধ
-
চিকিৎসা-বিজ্ঞান
চিকিৎসা-বিজ্ঞান ৰোগ উপশমৰ বিজ্ঞান আৰু কলা। মানৱ শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে ৰখাৰ উদ্দেশ্যেৰে ৰোগ নিৰাময় আৰু ৰোগ প্ৰতিষেধৰ বিষয়ে চিকিৎসা-বিজ্ঞানত অধ্যয়ন কৰা হয় আৰু প্ৰয়োজন অনুসৰি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়।
-
সংক্ৰমণ
সংক্ৰমণ বুলিলে জীৱৰ দেহত ৰোগ সৃষ্টিকাৰী বীজাণুৱে কৰা আক্ৰমণ, সংখ্যা বৃদ্ধি আৰু বীজাণু বা ইয়াৰ বিষাক্ত পদাৰ্থৰ প্ৰতি দেহৰ কলাৰ সঁহাৰিক বুজায়। সংক্ৰমণৰ পৰা হোৱা ৰোগক সংক্ৰামক ৰোগ বোলে।
-
ৰোগ
ৰোগ হৈছে এক বিশেষ ধৰণৰ অস্বাভাৱিক অৱস্থা, কোনো গঠন বা ক্ৰিয়াৰ বিসংগতি, যি কোনো জীৱৰ কোনো এটা অংশ অথবা সমগ্ৰ জীৱটোক প্ৰভাৱ পেলায়। ৰোগ সম্পৰ্কীয় অধ্যয়নক ৰোগবিজ্ঞান বোলে। ৰোগ বুলিলে প্ৰায়ে বিশেষ লক্ষণ আৰু চিহ্নযুক্ত চিকিৎসা সম্বন্ধীয় পৰিস্থিতি বুলি কোৱা হয়।
-
শৰীৰতত্ত্ব
শৰীৰতত্ত্ব (Physiology) ) জৈৱিক প্ৰণালীসমূহৰ সাধাৰণ কাম আৰু তাত জড়িত থকা ৰাসায়নিক আৰু অন্যান্য প্ৰক্ৰিয়াসমূৰ বিষয়ে অধ্যয়ন কৰা জীৱ বিজ্ঞানৰ শাখা।। ইয়াত জীৱ, অঙ্গ প্ৰণালী, অঙ্গ, কোষ, জৈৱিক অণু আদিৰ কৰ্মপ্ৰক্ৰিয়া সামৰি লোৱা হয়।
-
ষ্ট্ৰ'ক
ষ্ট্ৰ'ক হৈছে মগজুত সীমিত ৰক্ত প্ৰৱাহৰ ফলত মগজু কোষৰ মৃত্যু হোৱা। ষ্ট্ৰ'ক প্ৰধানকৈ দুই প্ৰকাৰৰ: ইচচেমিক, ৰক্ত প্ৰৱাহৰ অভাৱ ঘটিলে হয়, আৰু হিম'ৰেজিক, ৰক্তক্ষৰণৰ বাবে হয়। ইয়াৰ ফলত মগজুৰ কাৰ্যক্ষমতা নাইকিয়া হয়।
-
জণ্ডিছ
জণ্ডিচ বুলিলে শৰীৰৰ ছাল আৰু চকুৰ বগা অংশত হালধীয়া ৰঙ দেখা দিয়া এবিধ ৰোগৰ লক্ষণক বুজায়। জণ্ডিচৰ হালধীয়া ৰঙ দেহৰ মিউকাছ কোষাবৰণত বেছিকৈ দেখা যায়। চকুৰ বগা অংশৰ বাহিৰে মুখ-গহ্বৰ আদিত এই হালধীয়া ৰঙ সহজে ধৰিব পাৰি। এই লক্ষণত প্ৰসাৱৰ ৰঙো হালধীয়া হয়। জণ্ডিছ বিভিন্ন ৰোগৰ বাবে হ'ব পাৰে।
-
শৰীৰস্থান
শৰীৰস্থান (Anatomy; এনাটমী) হৈছে জীৱৰ শৰীৰৰ অভ্যন্তৰীণ গঠন, তন্ত্ৰসমূহৰ অৱস্থান আদিৰ বিষয়ে কৰা অধ্যয়ন। ই জীৱবিদ্যা আৰু ভেষজ বিদ্যাৰ এটা ভাগ। এনাটমী শব্দটো গ্ৰীক এনাটমীয়া শব্দৰ পৰা আহিছে যাৰ মূল অৰ্থ হ’ল ana: পৃথক কৰা আৰু temnein: কাটি চোৱা।
-
ঔষধ
ঔষধ হৈছে ৰোগৰ কাৰণ, চিকিৎসা, আৰু ৰোগ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ দৰৱ। চিকিৎসা ক্ষেত্ৰত ঔষধ এটা অতি প্ৰয়োজনীয় অংগ, ঔষধিয় বিজ্ঞানৰ ক্ৰমাগত বিকাশ আৰু ঔষধালয়বোৰৰ যথাৰ্থ পৰিচালনাৰ বাবেও ঔষধ এটা প্ৰয়োজনীয় আহিলা।
-
হিপ'ক্ৰেটিছ
হিপ'ক্ৰেটিছ (Hippocrates বা Hippocrates of Cos বা Hippokrates of Kos), (খ্ৰী.পূ. ৪৬০ - খ্ৰী.পূ. ৩৭০) প্ৰাচীন গ্ৰীক চিকিৎসক। এখেতক পাশ্চাত্য চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়। হিপ'ক্ৰেটিছেই চিকিৎসা-বিজ্ঞানক দৰ্শন আৰু ধৰ্ম শাস্ত্ৰৰ আয়ত্ত্বৰ বাহিৰলৈ আনি স্বকীয় বৈশিষ্ট্যৰ বিজ্ঞান বুলি চিহ্নিত কৰে।
-
সৰ্পদংশন
সাপে খোঁটাৰ ফলত হোৱা আঘাতকে সৰ্পদংশন (ইংৰাজী ভাষাত Snakebite) বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হ'ব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে (envenomation)। সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে।
-
প্ৰদাহ
প্ৰদাহ বা Inflammation (লেটিন inflammatioৰ পৰা) ক্ষতিকৰ উদ্দীপক যেনে জীৱাণু, ধ্বংসগ্ৰস্ত কোষ, বা কোনো উত্তাপকৰ (irritant) ফলত শৰীৰৰ কোষত হোৱা এক জটিল জৈৱিক প্ৰত্যুত্তৰৰ অংশ। প্ৰতিৰক্ষা কোষ, ৰক্ত নলীকা আৰু আণৱিক দ্ৰব্যক সামৰি হোৱাই এক সুৰক্ষাজনিত প্ৰক্ৰিয়া।
-
বৈশ্বিক মহামাৰী
বৈশ্বিক মহামাৰী বা বিশ্বমাৰী (Pandemic; য়ুনানী (গ্ৰীক) শব্দ πᾶν পেন "সকলো" + δῆμος ডেম'চ "লোক"ৰ পৰা) হৈছে সংক্ৰামক ৰোগৰ এক মহামাৰী (Epidemic) যি জনসংখ্যাৰ মধ্যমীয়াৰ পৰা এক বিশাল ক্ষেত্ৰজুৰি, উদাহৰণ স্বৰূপে, এটা মহাদ্বীপ, বা সমগ্ৰ পৃথিৱী জুৰি বিয়পিব পাৰে।
-
ছিটা
ছিটা বা প্ৰতিষেধক ছিটা (Vaccine) হৈছে এক ধৰণৰ ৰাসায়নিক যৌগ বা মিশ্ৰণ যি দেহত এণ্টিবডি তৈয়াৰ হোৱা প্ৰক্ৰিয়াক উত্তেজিত কৰি দেহৰ কোনো ৰোগৰ বাবে প্ৰতিৰোধ ক্ষমতা বা অসংক্ৰামতা জন্মাত সহায় কৰে৷ কোনো প্ৰাণীৰ দেহত ৰোগ সৃষ্টিকাৰী ভাইৰাছ, বেক্টেৰিয়া ইত্যাদিৰ জীৱিত (যাৰ ৰোগ সৃষ্টিকাৰী ক্ষমতা শূন্য) বা…
-
অণুজীৱবিজ্ঞান
অণুজীৱবিজ্ঞান (Microbiology) চকুৰে মণিব নোৱাৰা জীৱ বা জীৱসদৃশ কণাৰ জীৱন প্ৰণালী, ইহঁতৰ প্ৰভাৱ, প্ৰতিৰোধ আৰু শৰীৰে এনে জীৱৰ প্ৰতি দেখুওৱা প্ৰতিক্ৰিয়াৰ অধ্যয়ন। এই বিষয়ৰ ক্ষুদ্ৰ জীৱ যেনে, ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী, ভেঁকুৰ, পেলু ইত্যাদি সাঙুৰি লোৱা হয়।
-
বায়’প্সি
বায়’প্সি (biopsy) সাধাৰণতে অস্ত্ৰোপচাৰ বিশেষজ্ঞ, ইণ্টাৰভেন্চনেল ৰেডিঅ’লজিষ্ট বা ইণ্টাৰভেন্চনেল হৃদৰোগ বিশেষজ্ঞই কৰা ৰোগীৰ এক চিকিৎসা পৰীক্ষা। এই প্ৰক্ৰিয়াত কোনো ৰোগৰ উপস্থিতি বা পৰিসৰ নিৰ্ণয় কৰিবলৈ শৰীৰৰ নমুনা কোষ বা কলা পৰীক্ষাৰ বাবে নিষ্কাশন কৰা হয়।
-
অলিগুৰিয়া
অলিগুৰিয়া বা হাইপ'ইউৰেচিছ হৈছে প্ৰস্ৰাৱৰ কম উৎপাদন বিশেষকৈ দিনে ৮০ মিলিলিটাৰকৈ অধিক কিন্তু ৪০০ মিলিলিটাৰতকৈ কম। প্ৰস্ৰাৱৰ উৎপাদন হ্ৰাস পোৱাটো পানীলগা, বৃক্ক বিকলতা, হাইপ’ভ’লেমিক শ্বক, হাইপাৰঅস্মোলাৰ হাইপাৰগ্লাইচেমিক ননকেটটিক চিনড্ৰম (HHNS), মাল্টিপল অৰ্গেন ডিছফংচন চিনড্ৰম, প্ৰস্ৰাৱৰ বাধা/প্ৰস্ৰাৱ…
-
এনাফাইলেক্সিছ
এনাফাইলেক্সিছ (Anaphylaxis) এক গুৰুতৰ এলাৰ্জিৰ প্ৰতিক্ৰিয়া যি হঠাতে আৰম্ভ হৈ মৃত্যু পৰ্যন্ত ঘটাব পাৰে। ইয়াৰ ফলত অনেক লক্ষণ যেনে হাত-ভৰি, মুখমণ্ডল ফুলি উঠা, ছালৰ খজুৱতি, শ্বাস-প্ৰশ্বাস কষ্টকৰ হৈ উঠা, ৰক্ত চাপ কমি যোৱা আদি দেখা দিয়ে।
-
এনুৰিয়া
এনুৰিয়া (ইংৰাজীত এনুৰিয়া) হৈছে প্ৰস্ৰাৱ নোহোৱা, বা কাৰ্যক্ষেত্ৰত ইয়াক এদিনত ১০০ মিলিলিটাৰতকৈ কম প্ৰস্ৰাৱ হোৱাক কোৱা হয়। প্ৰায়ে বৃক্কৰ কাৰ্যক্ষমতা বিকল হোৱাৰ বাবে এনুৰিয়া হয়। বৃক্কত পাথৰ বা টিউমাৰৰ দৰে কিছুমান গুৰুতৰ বিকাৰৰ বাবেও এনুৰিয়া হ’ব পাৰে। শেষ পৰ্যায়ত ই বৃক্কৰ ৰোগৰ লগত লগ হ’ব পাৰে।
-
এলাৰ্জী
এলাৰ্জী হৈছে দেহৰ প্ৰতিৰোধ প্ৰণালীৰ অতিসংবেদনশীলতা (hypersensitivity) হোৱা বিকাৰ। সাধাৰণতে ক্ষতি নকৰা চৌপাশৰ পদাৰ্থৰ বিৰুদ্ধে ব্যক্তি এজনৰ প্ৰতিৰোধ প্ৰণালীয়ে (immune system) ক্ৰিয়া কৰিলে এলাৰ্জীৰ সৃষ্টি হয়। এনেকৈ ক্ৰিয়া কৰা পদাৰ্থবোৰক 'এলাৰ্জেন' (allergen) বোলা হয়।
-
থাইৰয়ড
থাইৰয়ড বা থাইৰয়ড গ্ৰন্থি (Thyroid)মেৰুদণ্ডী প্ৰাণীৰ অন্তঃস্ৰাৱী গ্ৰন্থি। মানুহৰ ক্ষেত্ৰত ই আদমচ্ এপল্ বা ডিঙিৰ ঘটিকাৰ তলৰ ডিঙিত অৱস্থিত পখিলাৰ আকৃতিৰ গ্ৰন্থি। ই দুটা সংযুক্ত লোবৰ দ্বাৰা গঠিত। লোবৰ তলৰ দুই তৃতীয়াংশ অংশ ইষ্টমাছ নামৰ কলাৰ এটা পাতল বেণ্ডেৰে সংযুক্ত হৈ থাকে।
-
দন্ত চিকিৎসা
দন্ত চিকিৎসা মুখ গহ্বৰ, সাধাৰণতে দাঁত যদিও লগতে মুখৰ বিশেষকৈ মেক্সফেচিয়েল অঞ্চলৰ আৱৰণি কলাৰ গঠন আদিৰ অধ্যয়ন, চিকিৎসা, ৰোগৰ প্ৰতিৰোধ আৰু উপচাৰ, বিসংগতি আৰু পৰিস্থিতিৰ সৈতে জড়িত চিকিৎসা বিজ্ঞানৰ এটা শাখা।
-
হোমিঅ’পেথি
হোমিঅ’পেথি(Homeopathy, ৰ ব্যৱহাৰ পৃথিৱীৰ সকলো ঠাইতে হোৱা দেখা যায়। যথেষ্ট নিৰাপদ আৰু ৰোগ নিৰাময়ৰ গুণৰ বাবে ভাৰতবৰ্ষৰ প্ৰতি ঘৰতে ইয়াৰ আদৰ বৃদ্ধি পাবলৈ ধৰিছে।
-
বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা
বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা (WHO Model List of Essential Medicines) হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰকাশিত এখন তালিকা য'ত স্বাস্থ্য ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আটাইতকৈ ফলপ্ৰসূ আৰু নিৰাপদ বুলি বিবেচিত ঔষধসমূহ অন্তৰ্ভুক্ত কৰা…
-
মাতৃত্বকালীন মৃত্যু
মাতৃত্বকালীন মৃত্যুৰ (Maternal death) সংজ্ঞা কেইবাটাও ভিন্ন স্বাস্থ্য সংস্থাই অলপ বেলেগ বেলেগ ধৰণে দিয়ে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মতে গৰ্ভাৱস্থাৰ সৈতে জড়িত জটিলতাৰ বাবে গৰ্ভৱতী মাতৃৰ মৃত্যু অথবা গৰ্ভাৱস্থাৰ ব্যৱস্থাপনাৰ ফলত অধিক অৱনতি হোৱা অন্তৰ্নিহিত অৱস্থাৰ কাৰণে হোৱা মৃত্যুক মাতৃত্বকালীন…
-
মানৱ শৰীৰ
মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে বিজ্ঞানৰ অভুতপূৰ্ব উন্নতি হৈছে৷ ইয়াৰ যোগেদি মানুহে আৱিষ্কাৰ কৰিছে ন ন অত্যাধুনিক যন্ত্ৰপাতি৷ উন্নতিৰ সোপানৰ শীৰ্ষস্থানত আৰোহন কৰিও মানুহে আজিলৈকে এনে এটি যন্ত্ৰ নিৰ্মান কৰিব পৰা নাই যাৰ তুলনা মানৱ দেহৰ লগত কৰিব পাৰি৷ মানৱ দেহৰ "যন্ত্ৰ-পাতি"ৰ বৈচিত্ৰৰ কথা ভাবিলে অতি…
-
ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক)
ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক) (National Eligibility cum Entrance Test (Undergraduate) বা NEET (UG)) হৈছে ভাৰতত চিকিৎসা বিজ্ঞান ভিত্তিক অধ্যয়নৰ বাবে অনুষ্ঠিত প্ৰৱেশ পৰীক্ষা। পূৰ্বে ইয়াক অল ইণ্ডিয়া প্ৰি-মেডিকেল টেষ্ট (এআইপিএমটি) নামেৰে জনা গৈছিল।
-
অৰ্শৰোগ
অৰ্শৰোগ (US English) বা বিভিন্ন অৰ্শৰোগ, হৈছে শিৰা সম্বন্ধীয় গুহ্যদ্বাৰ ত থকা এক বিন্যাস যি মল নিয়ন্ত্ৰণ কৰাত সহায়ক হয়৷ সেইবোৰ ৰুগীয়া বা অৰ্শত পৰিণত হয়, যেতিয়া ফুলি উঠে বা পোৰণি উঠে.
-
ক’ল’ৰেক্টেল কেন্সাৰ
ক’ল’ৰেক্টেল কেন্সাৰ (Colorectal cancer), যাক বাৱেল কেন্সাৰ, ক’লন কেন্সাৰ, অন্ত্ৰৰ কেন্সাৰ, বা মলদ্বাৰৰ কেন্সাৰ বুলিও জনা যায়, হৈছে ক’লন বা ৰেক্টাম (বৃহদান্ত্ৰৰ অংশ)ৰপৰা সৃষ্টি হোৱা কৰ্কট ৰোগ।
-
গ্ৰেইজ এনাটমী
গ্ৰেইজ এনাটমী (Gray's Anatomy) এখন ইংৰাজী ভাষাত লিখা মানৱ শৰীৰস্থান সম্পৰ্কীয় পাঠ্যপুথি। শৰীৰস্থানবিদ হেনৰী গ্ৰেই (Henry Gray) নামৰ ব্যক্তিজনে প্ৰথমে এই গ্ৰন্থখন লিখিছিল। আগৰ সংস্কৰণসমূহৰ নাম এনাটমী: ডেছ্ক্ৰিপ্টিভ এণ্ড চাৰ্জিকেল আছিল, কিন্তু পিছলৈ নামটো চুটি কৰি "গ্ৰেইজ এনাটমী" ৰখা হয়।
-
চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব
চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব (anterior lobe of cerebellum) হৈছে মস্তিষ্কৰ অন্যতম লোব, যিয়ে অচেতন প্ৰ’প্ৰ’চেপচনৰ মধ্যস্থতাকাৰী হিচাপে দায়বদ্ধ। মস্তিষ্কৰ আগফালৰ লোবত ইনপুট প্ৰধানকৈ মেৰুদণ্ডৰ পৰা হয়। ইয়াক কেতিয়াবা “পেলিঅ’চেৰবেলাম’’ৰ বুলিও কোৱা হয়।