সংযোগ
৪ প্ৰবন্ধ
-
ইমেইল
ইমেইল বা ই-মেইল বা ইলেক্ট্ৰনিক মেইল (প্ৰায় ১৯৯৩ চনৰ পৰা) ইলেক্ট্ৰনিক যন্ত্ৰ ব্যৱহাৰ কৰি বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণৰ এক পদ্ধতি। কুৰি শতিকাৰ শেষৰ ফালে ইয়াক মেইল (সেয়েহে ই-+ মেইল)ৰ ডিজিটেল সংস্কৰণ বা সমকক্ষ হিচাপে কল্পনা কৰা হৈছিল।
-
বিজ্ঞাপন
বিজ্ঞাপন হৈছে এক জনসংযোগ, যাৰ দ্বাৰা কোনো বস্তু বা সেৱাৰ বিষয়ে উপভোক্তা সকলক জনোৱা হয়। বিজ্ঞাপনৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰা হয়, যেনে বাতৰি কাকত, আলোচনী, টেলিলভিছন, ৰেডিও, ইণ্টাৰনেট, বিলবৰ্ড, ভিডিও গেম, দেৱাল লিখন, প'ষ্টাৰ, বেনাৰ ইত্যাদি ইত্যাদি।
-
স্মাৰ্টফোন
স্মাৰ্টফোন হৈছে এক বিশেষ শ্ৰেণীৰ ম'বাইল ফোন বা ভ্ৰাম্যভাষ যাৰ দ্বাৰা একাধিক কাৰ্য সম্পাদন কৰিব পাৰি। সাধাৰণ ফোন আৰু স্মাৰ্টফোনৰ মাজত একাধিক বৈসাদৃশ্য আছে। যাৰ ভিতৰত শক্তিশালী হাৰ্ডৱেৰ আৰু উৎকৃষ্ট পৰ্যায়ৰ ম'বাইল অপাৰেটিঙ ছিষ্টেমেই প্ৰধান।
-
এনিগ্মা যন্ত্ৰ
এনিগ্মা যন্ত্ৰ (Enigma machine) হৈছে এক বিশেষ সংকেতসূচক যন্ত্ৰ যিটো কুৰি শতিকাৰ প্ৰথমৰ পৰা মাজভাগলৈ ব্যৱহৃত কৰা হৈছিল। এনিগ্মা যন্ত্ৰৰ সহায়ত বাণিজ্যিক, ৰণনীতিক আৰু সামৰিক যোগাযোগ সুৰক্ষিত ভাৱে কৰা হৈছিল।