দূৰসংযোগ
১০ প্ৰবন্ধ
-
ম’বাইল ফোন
ম’বাইল ফোন বা চেলুলাৰ ফোন বা ভ্ৰাম্যভাষ যন্ত্ৰ হ’ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ। ম’বাইল ফোনৰ অসমীয়া প্ৰতিশব্দ হ’ল ভ্ৰাম্যভাষ যন্ত্ৰ।
-
টেলিফোন
টেলিফোন বা দূৰভাষ (সংক্ষেপে ফোন বুলি কোৱা হয়) হৈছে এটা দূৰসংযোগ যন্ত্ৰ যিয়ে দুজন বা তাতকৈ অধিক ব্যৱহাৰকাৰীক বহু দূৰৈত থাকিলেও সহজে প্ৰত্যক্ষভাৱে শুনিব পৰাকৈ কথোপকথন চলাবলৈ সক্ষম কৰে। টেলিফোনে শব্দক অতি কাৰ্যক্ষমভাৱে ইলেক্ট্ৰনিক সংকেতলৈ ৰূপান্তৰিত কৰে।
-
এয়াৰচে'ল
এয়াৰচেল গোট (Aircel group)ভাৰতবৰ্ষৰ এটা ম'বাইল নেটৱৰ্ক পৰিচালন প্ৰতিষ্ঠান। তামিলনাডুৰ চেন্নাইত মুখ্য কাৰ্যালয় অৱস্থিত এই প্ৰতিষ্ঠানটোৱে ৱায়াৰলেছ ভয়্চ, বাৰ্তা সৰবৰাহ আৰু তথ্য সৰবৰাহৰ সেৱা আগবঢ়ায়।
-
জিঅ'
জিঅ (চমুকৈ ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেড) হৈছে ভাৰতৰ এখন দূৰসংযোগ সেৱা প্ৰদানকাৰী কোম্পানী।ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ই প্ৰি-পেড, পোষ্ট-পেড, ফিক্সড লাইনৰ দ্বাৰা ৪জি আৰু ৫জি সেৱা আগবঢ়ায়।
-
টাটা ড'ক'ম'
জনপ্ৰিয় ভাৱে ড'ক'ম নামেৰে জনাজাত টাটা ড'ক'ম (জাপানৰ NTT Docomo-ৰ পৰা পৃথক) এক ভাৰতীয় ম'বাইল পৰিসেৱা আগবঢ়োৱা প্ৰতিষ্ঠান। জাপানৰ বৃহৎ দূৰসংযোগ কোম্পানী NTT Docomo আৰু ভাৰতীয় দূৰসংযোগ কোম্পানী টাটা টেলিচাৰ্ভিছৰ মাজৰ পদ্ধতিগত যুগ্ম উদ্যম ৰূপে ২০০৮ চনৰ নৱেম্বৰ মাহত টাটা ড'ক'ম' গঢ় লৈ উঠিছিল।
-
ভোডাফ'ন ভাৰত
পূৰ্বতে ভোডাফ'ন এছাৰ আৰু হাটচিছন এছাৰ নামেৰে প্ৰখ্যাত বৰ্তমানৰ ভোডাফ'ন ভাৰত দেশৰ তৃতীয় বৃহত্তম ম'বাইল সেৱা যোগানকাৰী প্ৰতিষ্ঠান। গ্ৰাহকৰ পৰিসংখ্যাৰ তথ্যৰ পৰা এয়াৰটে'ল আৰু ৰিলায়েন্স কমিউনিকেছনছৰ পিছতেই ভোডাফ'ন ভাৰতৰ স্থান।
-
ভাৰতৰ ডি টি এইছ অপাৰেটৰ
ভাৰতবৰ্ষত ঘৰলৈ পোনপটীয়া টেলিভিশ্যন (ইংৰাজী:Direct-To-Home/DTH) দূৰদৰ্শন সেৱা আগবঢ়োৱা অপাৰেটৰ সমূহৰ তালিকা এখন তলত দিয়া হৈছে। DTH মানে ইংৰাজীত Direct-To-Home television আৰু অসমীয়াত সাধাৰণভাৱে ঘৰলৈ পোনপটীয়া টেলিভিশ্যন বুলি ক'ব পাৰি।
-
ভাৰতৰ ম'বাইল নেটৱ'ৰ্ক অপাৰেটৰ
{| ! স্থান !! অপাৰেটৰৰ নাম !! ব্যৱহৃত প্ৰযুক্তি !! গ্ৰাহক পৰিসংখ্যা (মিলিয়নত) !! মালিকীস্বত্ত্ব |- | ১ || এয়াৰটে'ল || জি এছ এম এড্জ হাই স্পীড পেকেট একচেছ টি ডি-এল টি ই || ১৮৮.৭৯ <small>(এপ্ৰিল ২০১৩)<small> || ভাৰতী এন্টাৰপ্ৰাইজেছ (৬৪.৭৬%) ছিংটেল (৩২%) ভ'ডাফ'ন (৪.৪%) |- | ৪ || আইডিয়া চেলুলাৰ ||…
-
ম'ৰ্চ ক'ড
ম'ৰ্চ ক'ড (Morse code) হৈছে দূৰসংযোগৰ পদ্ধতি য'ত দুটা সংকেত, বিন্দু আৰু ডেচক নিৰ্দিষ্ট ক্ৰমত ৰাখি আখৰ আৰু সংখ্যাসমূহ সংকেতলৈ পৰিৱৰ্তন কৰি বাৰ্তা পঠিওৱা হয়। টেলিগ্ৰাফৰ উদ্ভাৱক ছেমুৱেল ম'ৰ্চ নামেৰেই ইয়াক ম'ৰ্চ ক'ড নাম দিয়া হৈছিল। ম'ৰ্চ ক'ডত সৰুফলা আৰু ডাঙৰফলা আখৰৰ মাজত পাৰ্থক্য নাৰাখে।
-
য়ুগ'স্লেভিয়াৰ দূৰভাষ নম্বৰ
য়ুগ'স্লেভিয়াৰ দূৰভাষ নম্বৰ সমূহৰ আৰম্ভণিতে থাকে ৩টা সংখ্যাযুক্ত স্থান সংকেত আৰু তাৰ পিছত ৬টা সংখ্যা। চাৰ্বিয়াত সাধাৰণতে নম্বৰসমূহ '১'ৰে আৰম্ভ হয়, মেচিড'নিয়াত '৯'ৰে, ক্ৰ'ৱেচিয়াত '৫'ৰে, বচ্নিয়াত '৭'ৰে আৰু মণ্টেনেগ্ৰ'ত '৮'ৰে।