শৰীৰস্থান
১১ প্ৰবন্ধ
-
মুখ
1. মুখচিদ্ৰ (Mouth): নাকৰ ঠিক তলতে অৱস্থিত অনুপ্ৰস্থীয় বহল মুখচিদ্ৰটো ওপৰোষ্ঠ আৰু নিম্নোষ্ঠৰে আবেষ্ঠিত হৈ থাকে। মুখচিদ্ৰটো খাদ্য গ্ৰহণ কৰা কাৰ্যত ব্যৱহাৰ কৰা হয়।
-
মস্তিষ্ক
মস্তিষ্ক বা মগজু (brain) বুলিলে সকলো মেৰুদণ্ডী প্ৰাণী আৰু প্ৰায়বোৰ অমেৰুদণ্ডী প্ৰাণীৰ স্নায়ু তন্ত্ৰৰ কেন্দ্ৰৰূপে কাম কৰা অংগটোক বুজায়। কেৱল কেইবিধমান অমেৰুদণ্ডী প্ৰাণী যেনে স্প'ঞ্জ, জেলীফিছ, টুনিকে'ট আৰু ষ্টাৰফিছৰ মস্তিষ্ক নাথাকে; তাৰ সলনি এখন স্নায়ু জালিকা (nerve net) থাকে।
-
চকু
চকু (ইংৰাজী:Eyes) হৈছে দৰ্শন অংগ। চকুৱে পোহৰক নিউৰণত বিদ্যুৎ-ৰাসায়নিক সংকেতলৈ ৰূপান্তৰ কৰে। চকুৰ আইৰিছে চাৰিওকাষৰ পোহৰক নিয়ন্ত্ৰিতভাৱে লেন্স মাজেৰে প্ৰৱেশ কৰিবলৈ দিয়ে। এই পোহৰক নিউৰণে কিছুমান সংকেতৰূপে স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ কৰে। মগজুত এই সংকেতৰ বিশ্লেষণ হয় আৰু জীৱই দেখা পাবলৈ সক্ষম হয়।
-
শৰীৰস্থান
শৰীৰস্থান (Anatomy; এনাটমী) হৈছে জীৱৰ শৰীৰৰ অভ্যন্তৰীণ গঠন, তন্ত্ৰসমূহৰ অৱস্থান আদিৰ বিষয়ে কৰা অধ্যয়ন। ই জীৱবিদ্যা আৰু ভেষজ বিদ্যাৰ এটা ভাগ। এনাটমী শব্দটো গ্ৰীক এনাটমীয়া শব্দৰ পৰা আহিছে যাৰ মূল অৰ্থ হ’ল ana: পৃথক কৰা আৰু temnein: কাটি চোৱা।
-
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (central nervous system বা CNS) বুলিলে মগজু আৰু স্নায়ুৰজ্জুৰে গঠিত স্নায়ু তন্ত্ৰৰ অংশক বুজায়। দ্বি সমমিত প্ৰাণীৰ ক্ষেত্ৰত (bilaterally symmetric animals) বা স্প'ঞ্জ আৰু জেলীফিছৰ দৰে প্ৰাণীৰ বাহিৰে সকলো বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত ই গোতেই শৰীৰৰে পৰা তথ্য গ্ৰহণ, সমন্বয়কৰণ…
-
হাড়
মানুহৰ কংকালতন্ত্ৰ(Human skeletal system): শৰীৰৰ টান অংশবোৰক একেলগে কংকালতন্ত্ৰ বোলা হয়। দেহৰ বাহিৰফালে থকা টান অংশবোৰক বহিঃকংকাল (Exoskeleton) আৰু শৰীৰৰ ভিতৰফালে থকা টান অংশবোৰক অন্তঃকংকাল (Endoskeleton) বোলা হয়। বহিঃকংকালবোৰে শৰীৰৰ কোমল অংশবোৰক সুৰক্ষা প্ৰদান কৰে।
-
স্নায়ুকোষ
স্নায়ুকোষ বা নিউৰ'ন ( বা স্নায়ুতন্ত্ৰৰ মুখ্য গঠনমূলক আৰু কাৰ্যকৰী একক। এই জৈৱিক কোষে বৈদ্যুতিক বা ৰাসায়নিক সংকেতৰ মাধ্যমেৰে তথ্য প্ৰেৰণ আৰু আহৰণ কৰে। স্নায়ুকোষবোৰ মাজত ছাইনাপ্স (Synapse) নামৰ বিশেষ সংযোগৰ যোগেদি সংকেতৰ আদান-প্ৰদান হয়।
-
মস্তিষ্ক আৱৰণী
মস্তিষ্ক আৱৰণী বা meninges (, একক:'meninx ( বা ), μῆνιγξ, বিশেষণ:'meningeal ) বুলিলে মস্তিষ্ক আৰু স্নায়ুৰজ্জুক আবৃত কৰি ৰখা সংযোজী কলাৰ আৱৰণীসমূহক বুজায়। স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত এই আৱৰণীৰ তিনিটা স্তৰ থাকে: ডুৰা মেটাৰ, এৰেক্নয়ড্ মেটাৰ আৰু পায়া মেটাৰ।
-
মানৱ মস্তিষ্ক
মানৱ মস্তিষ্ক (human brain) মানুহৰ স্নায়ু তন্ত্ৰৰ প্ৰধান অংগ। ই মূৰৰ ভিতৰত অৱস্থিত আৰু ইয়াক কৰোটিয়ে আৱৰি থাকে। ইয়াৰ সাধাৰণ গঠন আন স্তন্যপায়ী প্ৰাণীবোৰৰ মগজুৰ দৰে একে, কিন্তু চেৰিব্ৰেল কৰ্টেক্স অধিক বিকশিত।
-
আঁঠু
আঁঠু (Knee) নামৰ এই গাঁঠি, জোৰা বা সন্ধি আমাৰ উৰু আৰু ভৰিৰ মাজভাগত থকা এটা অতি আৱশ্যকীয় গাঁঠি৷ ইয়াত উৰুৰ ডাঙৰ হাড় ফিমাৰ আৰু ভৰিৰ ফালৰ দীঘল আৰু সবল হাড় টিবিয়া আহি লগ লাগিছে৷ তদুপৰি আঁঠুৰ ঘিলা নামৰ এটা সৰু আৰু প্ৰায় ঘূৰণীয়া হাড়ো এই গাঁঠিটোৰ সন্মুখ ভাগত থাকে৷ এই তিনিডাল হাড় লগ লাগি আঁঠুটো…
-
সংবেদন তন্ত্ৰ
সংবেদন তন্ত্ৰ (ইং: sensory system) হৈছে স্নায়ু তন্ত্ৰৰ এটা ভাগ। এই তন্ত্ৰই জীৱক সংবেদন প্ৰদান কৰে। সংবেদন তন্ত্ৰ গ্ৰাহক, নিষ্ক্ৰিয় পথ, আৰু সংবেদনৰ সৈতে জড়িত মগজুৰ এটা অংশৰ দ্বাৰা গঠন হয়। সংবেদন বুলিলে সাধাৰণতে দৰ্শন, শ্ৰৱণ, স্পৰ্ষণ, আস্বাদন, ঘ্ৰাণ আৰু সঞ্চালনক (ভাৰসাম্যতা/চলন) বুজায়।