ৰোগ
৪২ প্ৰবন্ধ
-
কৰ্কট ৰোগ
কৰ্কট ৰোগ বা কেঞ্চাৰ (Cancer) ৰোগৰ এটা শ্ৰেণী, চিকিৎসা বিজ্ঞানৰ মতে যাৰ নাম মেলিগনেণ্ট নিঅ'প্লাজম (Malignant neoplasm)। এই শ্ৰেণীৰ ৰোগৰ মূল পৰিঘটনা হৈছে কোষৰ সংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি। এই ৰোগত মৃত্যুৰ হাৰ বহু বেছি। কাৰণ প্ৰাথমিক অৱস্থাত কৰ্কট ৰোগ সহজে ধৰা নপৰে।
-
এইচ.আই.ভি/এইড্ছ
এইচ.আই.ভি/এইড্ছ (HIV/AIDS;সম্পূৰ্ণ নাম Acquired ImmunoDeficiency Syndrome; অৰ্থ: অৰ্জিত প্ৰতিৰোধহীনতাৰ লক্ষণ) হ'ল এইচ.আই.ভিৰ সংক্ৰমণৰ ফলত হোৱা জটিলতা। এইচ.আই.ভি.
-
জ্বৰ
জ্বৰ (Fever) প্ৰকৃততে কোনো ৰোগ নহয়, ই শৰীৰত হোৱা যিকোনো ৰোগৰ বাহ্যিক লক্ষণহে। মানুহৰ দেহৰ স্বাভাৱিক উষ্ণতা ৩৭ ডিগ্ৰী ছেণ্টিগ্ৰেট বা ৯৮ ডিগ্ৰী ফাৰেনহাইট থাকে। এই উত্তাপ যেতিয়া স্বাভাৱিকতকৈ বেছি হয় তেতিয়াই জ্বৰ উঠা বুলি কোৱা হয়। ইয়াৰ অন্য নাম Pyrexia।
-
মেদবহুলতা
মেদবহুলতা হৈছে দেহত অতিমাত্ৰা চৰ্বী জমা হোৱাৰ ফলত সৃষ্টি হোৱা শাৰীৰিক সমস্যাজনিত এক অৱস্থা। বৰ্তমান ভাৰতবৰ্ষৰ এক কোটিৰো অধিক লোক মেদবহুলতাৰ চিকাৰ। বি এম আই (Body Mass Index) মান অনুসৰি, কোনো ব্যক্তিৰ শৰীৰৰ ওজনক তেওঁৰ শৰীৰৰ উচ্চতাৰ (মিটাৰ এককত) বৰ্গফলেৰে হৰণ কৰি পোৱা মান, ৩০ কি.
-
বৰআই
বৰআই (smallpox) বা বসন্ত ৰোগ'ভেৰিঅ'লা মেজৰ (Variola major) and ভেৰিঅ'লা মাইনৰ (Variola minor) নামৰ দুবিধ ভাইৰাছে কৰা এবিধ সংক্ৰামক বেমাৰ। ইয়াক লেটিন নাম variola বা variola vera নামেৰেও জনা যায়। এই নাম দুটা varius ("দাগযুক্ত") বা varus ("শালমন")ৰ পৰা উদ্ভুত হৈছে।
-
এইচ.আই.ভি.
এইচ.আই.ভি. (HIV) (Human immunodeficiency viruses, অৰ্থ: মানৱ প্ৰতিৰোধহীনতাৰ ভাইৰাছ) হৈছে লেণ্টিভাইৰাছ (ৰেট্ৰ’ভাইৰাছৰ এটা উপগোট)ৰ দুটা প্ৰজাতি যিয়ে মানুহক সংক্ৰমিত কৰে। সময়ৰ লগে লগে ইহঁতে এইডছ (Acquired ImmunoDeficiency Syndrome) সৃষ্টি কৰে।
-
বসন্ত ৰোগ
বসন্ত ৰোগ হৈছে ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰামক ৰোগ। অসমত জনবিশ্বাসমতে শীতলা দেৱীক এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱীৰূপে গণ্য কৰি ৰোগটোক ‘আই’ বোলা হয়। শীতকালৰ শেষৰফালে আৰু বসন্তকালৰ আৰম্ভণিতে এই ৰোগৰ আধিক্য বেছি বাবে ‘বসন্ত’ বুলি কোৱা হয়। এই ৰোগ তিনি প্ৰকাৰৰ।
-
যৌন সংক্ৰামক ৰোগ
যৌন সংক্ৰামক ৰোগ হৈছে যৌনতাৰ দ্বাৰা সংক্ৰমন হোৱা একশ্ৰেণীৰ সংক্ৰামক ৰোগ। এনে বেচিভাগ ৰোগৰে কোনো প্ৰাৰম্ভিক লক্ষণ দেখা নাযায়। ইয়াৰ ফলত এই ৰোগবোৰ এজনৰ পৰা আন এজনলৈ বিয়পাৰ সম্ভাৱনা বাঢ়ি যায়। গৰ্ভাৱস্থাত বা তাৰ আগত হোৱা সংক্ৰমণৰ ফলত শিশুৰ জন্মত সমস্যাৰ সৃষ্টি হয়।
-
মৃগীৰোগ
মৃগীৰোগ (Epilepsy) এক স্নায়ুজনীত ৰোগ, যি মস্তিষ্কৰ অস্বাভাৰিক অৱস্থাৰ পৰা এই ৰোগ হয়। এনে ৰোগী সাধাৰণ অৱস্থাত আন মানুহৰ দৰেই থাকে। ৰোগটো হোৱাৰ লগে লগে ৰোগী অজ্ঞান হৈ পৰে আৰু মাটিত পৰি ছটফটাবলৈ ধৰে। এই ছটফটাই থকা অৱস্থা সাধাৰণতে ১ৰ পৰা ২ মিনিট থাকে আৰু অজ্ঞান অৱস্থা ১০ৰ পৰা ১৫ মিনিট থাকে।
-
এনচেফেলাইটিচ
মস্তিষ্কৰ ‘ইনফ্লেমেচন’ ঘটিলে এনচেফেলাইটিচ (IPA: ɛnˌsɛfəˈlaɪtɪs, encephalitis ) হোৱা বুজায়। ইনফ্লেমেচনৰ অৰ্থ হ'ল- জীৱিত কোষত হোৱা কোনো প্ৰতিক্ৰিয়াৰ ফলত এই চাৰিটা গুণৰ মিশ্ৰণ ঘটা: বিষ হোৱা, উত্তাপ হোৱা, ফুলি উঠা আৰু ৰঙা পৰা। মস্তিষ্কৰ আৱৰণীত ইনফ্লেমেচন ঘটিলে মেনিনজাইটিচ হোৱা বুজায়।
-
বধিৰতা
শ্ৰৱণ বিসংগতি বা বধিৰতা হৈছে আংশিক বা সম্পূৰ্ণভাৱে শ্ৰৱণ ক্ষমতা লুপ্ত হৈ যোৱা। ই এখন বা দুয়োখন কাণৰ ক্ষেত্ৰত হ'ব পাৰে। ইয়াৰ ফলত শিশুসকলৰ ভাষা শিক্ষণত আৰু বয়স্কসকলৰ বিভিন্ন কাৰ্যত অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ বাবেই কিছুমান লোক, বিশেষকৈ বয়সস্থ সকল, নিঃসংগতাত ভুগিব লগা হয়।
-
বাত বিষ
বিশ্বৰ জনসংখ্যাৰ শতকৰা এভাগ "ৰিউমেটিজমৰ" চিকাৰ। পুৰুষৰ তুলনাত মহিলা ভূক্তভোগী হ'ল তিনিগুণ। ৰিউমেটিজম নিৰ্দিষ্ট এবিধ ৰোগ নহয়। ৰিউমেটিজম বুলিলে কমেও দুশ বিভিন্ন এনে পৰিস্থিতিক বুজায় য'ত হাঁড়ৰ গাঁঠিৰ বিষ হয় আৰু নিম্নলিখিত লক্ষণসমূহ থাকে: - গাঁঠিৰ জঠৰতা (Joint stiffness), গাঁঠি বা জোৰাবিলাক ফুলি…
-
আলজেমাৰ ৰোগ
আলজেমাৰ ৰোগ হৈছে এক প্ৰকাৰৰ স্নায়বিক ৰোগ। ইয়াৰ প্ৰধান লক্ষণ হৈছে শেহতীয়া ঘটনাৱলী সোঁৱৰণ (তৎকালীন স্মৃতি) কৰাত অসুবিধা হোৱা। যদিও ৰোগ বৃদ্ধিৰ হাৰ ভিন্ন, গড় হিতাপে ৰোগী নৰ পৰা দহ বছৰৰ ভিতৰত মৃত্যুমুখত পৰে। আলজেমাৰ ৰোগৰ কাৰকসমূহ সম্পূৰ্ণৰূপে বুজা গৈছে।
-
গুৰুতৰ অৱসাদজনিত ব্যাধি
গুৰুতৰ অৱসাদজনিত ব্যাধি (Major depressive disorder-MDD), (যাক সচৰাচৰ হতাশগ্ৰস্ততা বা অৱসাদ হিচাপেও জনা যায়), হৈছে একধৰণৰ মানসিক ব্যাধি যাৰ বৈশিষ্ট্য হ'ল যে দুসপ্তাহ বা ততোধিক কালজুৰি নিম্ন মনোৱস্থা বিস্তৃত হৈ থাকে।
-
থাইৰয়ড
থাইৰয়ড বা থাইৰয়ড গ্ৰন্থি (Thyroid)মেৰুদণ্ডী প্ৰাণীৰ অন্তঃস্ৰাৱী গ্ৰন্থি। মানুহৰ ক্ষেত্ৰত ই আদমচ্ এপল্ বা ডিঙিৰ ঘটিকাৰ তলৰ ডিঙিত অৱস্থিত পখিলাৰ আকৃতিৰ গ্ৰন্থি। ই দুটা সংযুক্ত লোবৰ দ্বাৰা গঠিত। লোবৰ তলৰ দুই তৃতীয়াংশ অংশ ইষ্টমাছ নামৰ কলাৰ এটা পাতল বেণ্ডেৰে সংযুক্ত হৈ থাকে।
-
কুকুৰীকণা
কুকুৰীকণা ( Nyctalopia ) ( গ্ৰীক νύκτ-, nykt- "ৰাতি"; ἀλαός, alaos "অন্ধ, দেখা নাই", আৰু ὄψ, ops "চকু"), ইংৰাজীত আন এটা নাম হৈছে ৰাতিৰ অন্ধতা। এই ৰোগত তুলনামূলকভাৱে ম্লান পোহৰত দেখাটো কঠিন বা প্ৰায় অসম্ভৱ। আচলতে ই একপ্ৰকাৰ চকুৰ ৰোগৰ লক্ষণ।
-
এইচ আই ভি আৰু সম লিংগৰ ব্যক্তিৰ মাজত যৌন অভিসাৰ
১৯৮০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম যেতিয়া মানৱ শৰীৰত এইড্ছ ৰোগৰ ভাইৰাছ ধৰা পৰে, তেতিয়াৰ পৰাই সমকামী পুৰুষ, উভকামি ব্যক্তিৰ দেহত প্ৰায়ে এই ৰোগৰ ভাইৰাছৰ উপস্থিতিৰ তথ্য চিকিৎসকৰ হাতলৈ আহে।
-
এন'ৰেক্সিয়া নাৰ্ভ'ছা
এন'ৰেক্সিয়া নাৰ্ভ'ছা বা এন'ৰেক্সিয়া (anorexia nervosa) হৈছে এক খাদ্যাভাসৰ বিকাৰ, যাৰ বিশেষত্ব হৈছে কম ওজন, খাদ্যৰ সীমাবদ্ধতা, ওজন বৃদ্ধি হোৱাৰ ভয় আৰু ক্ষীণ হোৱাৰ তীব্ৰ আকাংক্ষা। এনোৰেক্সিয়া থকা বহুলোকে নিজকে অধিক ওজনৰ বুলি বিবেচনা কৰে যদিও তেওঁলোকৰ ওজন প্ৰকৃততে কম।
-
এপেণ্ডিছাইটিছ
এপেণ্ডিছাইটিছ হৈছে অন্ত্ৰপুচ্ছ বা এপেণ্ডিক্স উখহি অসহনীয় বিষ হোৱা এবিধ ৰোগ। এই ৰোগৰ লক্ষণসমূহ হৈছে সোঁ কাষৰ তলপেটৰ বিষ, বমি ভাৱ, বমি হোৱা আৰু ভোক কমি যোৱা। তথাপিও এই ৰোগত আক্ৰান্ত প্ৰায় ৪০% লোকৰ এই সাধাৰণ লক্ষণসমূহে দেখা নিদিবও পাৰে। ইয়াৰ প্ৰধান কাৰণ হৈছে মলৰ পৰা তৈয়াৰ হোৱা কেলচিফাইড "পাথৰ"।
-
কিট’নিউৰিয়া
কিট’নিউৰিয়া হৈছে প্ৰস্ৰাৱত কিট’ন বডি থকা এক চিকিৎসাজনিত অৱস্থা। এনে পৰিস্থিতিত শৰীৰে শক্তিৰ বিকল্প উৎস ব্যৱহাৰ কৰাৰ ইংগিত হিচাপে অতিৰিক্ত কিট’ন উৎপন্ন কৰা দেখা যায়। উপবাসৰ সময়ত বা বেছিকৈ টাইপ ওৱান ডায়েবেটিছ মেলিটাছত ইয়াক দেখা যায়।
-
টনছিলাইটিছ
টনছিলাইটিছ (tonsillitis) ডিঙিৰ ভিতৰত হোৱা ৰোগবোৰৰ ভিতৰত অন্যতম হ’ল। যিকোনো বয়সৰ লোকৰ, বছৰৰ যিকোনো সময়তে এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। তথাপি তুলনামূলক ভাৱে শীতকালত সৰু ল’ৰা ছোৱালীৰ মাজত ই অধিক হোৱা দেখা যায়।
-
ডিচমেনৰিয়া
ডিচমেনৰিয়া (Dysmenorrhea) হৈছে নাৰীৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ যিয়ে তেওঁৰ দৈনিক কাম-কাজত বাধা জন্মায়। কিন্তু সাধাৰণতে ঋতুস্ৰাৱৰ বিষকে ডিচমেনৰিয়া বুলি কোৱা হয়। এই প্ৰবন্ধত প্ৰথম সংজ্ঞাটো ব্যৱহাৰ কৰা হৈছে। বিশ্বৰ বিভিন্ন ঠাইত চলোৱা সমীক্ষা মতে ৫০% ৰো অধিকাংশ মহিলাৰ এনে বিষ অনুভৱ হয়।
-
পিত্ত পাথৰ
পিত্ত পাথৰ (Gallstone) পিত্তথলীৰ ভিতৰত নিঃসৰণ হোৱা পিত্তৰ উপাদানৰ পৰা গঠিত কঠিন খণ্ড। আৰু কলেড’ক’লিথিয়াচিছে পিত্তনলীৰ ভিতৰত প্ৰব্ৰজিত পিত্তপাথৰৰ উপস্থিতিক বুজায়। পিত্তত পাথৰ হোৱা বেছিভাগ লোকেই (প্ৰায় ৮০%) লক্ষণবিহীন।
-
পিত্তথলী
পিত্তথলী বা যাক ইংৰাজীত আৰু জনপ্ৰিয়ভাৱে গলব্লাডাৰ বুলি কোৱা হয়, মেৰুদণ্ডী প্ৰাণীৰ দেহত থকা দেখা যায়। ইয়াক কলেচিষ্ট বুলিও কোৱা হয়। ই এটা সৰু ফোঁপোলা অংগ, য’ত পিত্ত ক্ষুদ্ৰান্ত্ৰলৈ মুক্ত হোৱাৰ আগতেই জমা কৰি ঘনীভূত কৰা হয়।
-
প্ৰি-এক্লাম্পছিয়া
প্ৰি-এক্লাম্পছিয়া (Pre-eclampsia) হৈছে গৰ্ভাৱস্থাৰ এক বিকাৰ। উচ্চ ৰক্তচাপৰ আৰম্ভণি আৰু প্ৰস্ৰাৱত বুজন পৰিমাণৰ প্ৰ'টিনৰ উপস্থিতিৰ দ্বাৰা ইয়াৰ চৰিত্ৰাংকণ কৰা হয়। কোনো মহিলাৰ গৰ্ভধাৰণৰ ২০ সপ্তাহ পাছতহে ইয়াৰ লক্ষণসমূহ পৰিলক্ষিত হ'বলৈ ধৰে। প্ৰি-এক্লাম্পছিয়া গুৰুতৰ হ'লে বিভিন্ন জটিলতাই দেখা দিব পাৰে।
-
প্ৰিয়ন
প্ৰিয়ন হৈছে কেৱল অস্বাভাৱিক প্ৰ'টিনেৰে গঠিত এবিধ সংক্ৰমণ কাৰক। ইয়াৰ বিপৰীতে আন সংক্ৰমণ কাৰকসমূহ (ভাইৰাছ, বেক্টেৰিয়া, ফাংগাছ আৰু পৰজীৱ) নিউক্লিক এচিডেৰে (ডি এন এ, আৰ এন এ বা দুয়োটা) গঠিত। ১৯৮২ চনত ষ্টেনলী বি. প্ৰুছিনাৰে protein আৰু infection শব্দ দুটাৰ পৰা "প্ৰিয়ন" শব্দটো উদ্ভাৱন কৰে।
-
বাইপ’লাৰ ৰোগ
বাইপোলাৰ ডিছঅৰ্ডাৰ'(পূৰ্বতে মেনিক ডিপ্ৰেচন নামেৰে জনাজাত) হৈছে এক মানসিক ব্যাধি যাৰ বৈশিষ্ট্য হৈছে হতাশা আৰু অস্বাভাৱিকভাৱে অস্থিৰ মন। যদি অস্থিৰ মন গুৰুতৰৰ হ'লে মেনিআ বা হাইপোমেনিয়া বুলি কোৱাটো হয়। উন্মাদ আচৰণৰ সময়ত, এজন ব্যক্তিয়ে অস্বাভাৱিকভাৱে উদ্যমী, সুখী বা খিংখিঙিয়া আচৰণ কৰে বা অনুভৱ কৰে।
-
হাণ্টাভাইৰাছ সংক্ৰমণ
হাণ্টাভাইৰাছ সংক্ৰমণ বা হাণ্টাভাইৰাছ ৰোগ হৈছে অৰ্থোহাণ্টাভাইৰাছ প্ৰজাতিৰ ভাইৰাছৰদ্বাৰা হোৱা মানুহৰ সংক্ৰামক ৰোগ। ইয়াৰ ফলত ৰেনাল চিনড্ৰম (HFRS) বা হাণ্টাভাইৰাছ পালমোনাৰী চিনড্ৰম (HPS)ৰ সৈতে ৰক্তক্ষৰণজনিত জ্বৰ হ’ব পাৰে।
-
ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ
ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন (International Classification of Diseases (ICD))
-
অনিৰ্ণেয় = অসংক্ৰমণযোগ্য
অনিৰ্ণেয় = অসংক্ৰমণযোগ্য (Undetectable=Untransmitable; U = U) এইচ.আই.ভি. অভিযানত ব্যৱহৃত স্বাস্থ্য-শিক্ষা সম্বন্ধিত এক বাৰ্তা। ইয়াৰ অৰ্থ হ'ল- যদি কোনো এইচ.আই.ভি. পজিটিভ ব্যক্তিৰ দেহত এইচ.আই.ভি.ভাইৰাছৰ পৰিমাণ ধৰা নপৰে, তেন্তে সেইব্যক্তিৰ দেহৰপৰা এইচ.আই.ভি.