যৌন সংক্ৰামক ৰোগ
৯ প্ৰবন্ধ
-
এইচ.আই.ভি/এইড্ছ
এইচ.আই.ভি/এইড্ছ (HIV/AIDS;সম্পূৰ্ণ নাম Acquired ImmunoDeficiency Syndrome; অৰ্থ: অৰ্জিত প্ৰতিৰোধহীনতাৰ লক্ষণ) হ'ল এইচ.আই.ভিৰ সংক্ৰমণৰ ফলত হোৱা জটিলতা। এইচ.আই.ভি.
-
এইচ.আই.ভি.
এইচ.আই.ভি. (HIV) (Human immunodeficiency viruses, অৰ্থ: মানৱ প্ৰতিৰোধহীনতাৰ ভাইৰাছ) হৈছে লেণ্টিভাইৰাছ (ৰেট্ৰ’ভাইৰাছৰ এটা উপগোট)ৰ দুটা প্ৰজাতি যিয়ে মানুহক সংক্ৰমিত কৰে। সময়ৰ লগে লগে ইহঁতে এইডছ (Acquired ImmunoDeficiency Syndrome) সৃষ্টি কৰে।
-
হেপাটাইটিছ বি
হেপাটাইটিছ বি হৈছে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা যকৃৎৰ প্ৰদাহ (Inflammation) সৃষ্টিকাৰী ৰোগ। পূৰ্বে "ছিৰাম হেপাটাইটিছ" (serum hepatitis) নামৰে জনা যোৱা এই ৰোগে এছিয়া আৰু আফ্ৰিকাৰ কোনো কোনো অঞ্চলত মহামাৰীৰ সৃষ্টি কৰিছে, আৰু চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।
-
চিফিলিছ
চিফিলিছ (Syphilis) হ’ল মূলতঃ যৌনসংগমৰ জৰিয়তে বিয়পা ৰোগ। ট্ৰিপ’নেমা পেলিডাম নামৰ বীজাণুৰ পৰা এই ৰোগ হয়।
-
গনৰিয়া
গনৰিয়া (Gonorrhea) এবিধ যৌনসংগমৰ দ্বাৰা সংক্ৰমিত ৰোগ। নেচেৰিয়া গনৰিয়া নামৰ এবিধ বেক্টেৰিয়াৰপৰা এই ৰোগ হয়। জনন অংগৰ উত্তাপ আৰু আৰ্দ্ৰ ঠাইবোৰত ই অতি সোনকালে বৃদ্ধি পায়। ই মুখ, ডিঙি, চকু আৰু শৌচদ্বাৰতো বৃদ্ধি পাব পাৰে।
-
ক্লামিডিয়া সংক্ৰমণ
ক্লামিডিয়া সংক্ৰমণ (Chlamydia infection) এবিধ যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ। ই ক্লামিডিয়া ট্ৰাকোমেটিকছ নামৰ বেক্টেৰিয়াৰ জৰিয়তে হয়। এই বেক্টেৰীয়া পুৰুষ আৰু মহিলা উভয়ৰ দেহলৈ সংক্ৰমিত হব পাৰে এই বেক্টেৰীয়াই মহিলাৰ প্ৰজনন অংগবোৰৰ ক্ষতিসাধন কৰে।
-
এইচ আই ভি আৰু সম লিংগৰ ব্যক্তিৰ মাজত যৌন অভিসাৰ
১৯৮০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম যেতিয়া মানৱ শৰীৰত এইড্ছ ৰোগৰ ভাইৰাছ ধৰা পৰে, তেতিয়াৰ পৰাই সমকামী পুৰুষ, উভকামি ব্যক্তিৰ দেহত প্ৰায়ে এই ৰোগৰ ভাইৰাছৰ উপস্থিতিৰ তথ্য চিকিৎসকৰ হাতলৈ আহে।
-
হাৰ্পিছ ছিম্প্লেক্স
যৌনাংগৰ হাৰপিছ (Herpes ) হ’ল যৌন সংক্ৰামক এটি ৰোগ। এই ৰোগ হাৰপিছ চিমপ্লেক্স ভাইৰাছ টাইপ-১ (HSV-1) আৰু চিমপ্লেক্স ভাইৰাছ টাইপ-২ (HSV-2) সংক্ৰমণৰ ফলত হয়।
-
শ্ৰোণিৰ প্ৰদাহ ৰোগ
শ্ৰোণীৰ প্ৰদাহ ৰোগ বা পি আই ডি (Pelvic Inflammatory Disease) হ'ল পেলভিক ইনফ্লেমেটৰি ডিজিজ। সাধাৰণতে জৰায়ু, ডিম্বনলী আৰু আন প্ৰজনন অংগৰ সংক্ৰামণক এই ৰোগ বোলা হয়। এইৰোগ কেৱল মহিলাসকলৰ ক্ষেত্ৰত হোৱা দেখা যায়।