স্বাস্থ্য আৰু চিকিৎসা
ৰোগ, চিকিৎসা, মানৱ শৰীৰ আৰু জনস্বাস্থ্য · ৩৫০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চিফিলিছ
চিফিলিছ (Syphilis) হ’ল মূলতঃ যৌনসংগমৰ জৰিয়তে বিয়পা ৰোগ। ট্ৰিপ’নেমা পেলিডাম নামৰ বীজাণুৰ পৰা এই ৰোগ হয়।
-
টেলিফোন
টেলিফোন বা দূৰভাষ (সংক্ষেপে ফোন বুলি কোৱা হয়) হৈছে এটা দূৰসংযোগ যন্ত্ৰ যিয়ে দুজন বা তাতকৈ অধিক ব্যৱহাৰকাৰীক বহু দূৰৈত থাকিলেও সহজে প্ৰত্যক্ষভাৱে শুনিব পৰাকৈ কথোপকথন চলাবলৈ সক্ষম কৰে। টেলিফোনে শব্দক অতি কাৰ্যক্ষমভাৱে ইলেক্ট্ৰনিক সংকেতলৈ ৰূপান্তৰিত কৰে।
-
প্ৰতিজৈৱিক
প্ৰতিজৈৱিক বা বেক্টেৰিয়ানাশক হৈছে বেক্টেৰিয়াজনিত সংক্ৰমণৰ চিকিৎসা আৰু প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ পদাৰ্থ। এইবোৰে বেক্টেৰিয়াক ধংশ কৰে নাইবা সিহঁতৰ বৃদ্ধিত বাধা জন্মাই।
-
মৃগীৰোগ
মৃগীৰোগ (Epilepsy) এক স্নায়ুজনীত ৰোগ, যি মস্তিষ্কৰ অস্বাভাৰিক অৱস্থাৰ পৰা এই ৰোগ হয়। এনে ৰোগী সাধাৰণ অৱস্থাত আন মানুহৰ দৰেই থাকে। ৰোগটো হোৱাৰ লগে লগে ৰোগী অজ্ঞান হৈ পৰে আৰু মাটিত পৰি ছটফটাবলৈ ধৰে। এই ছটফটাই থকা অৱস্থা সাধাৰণতে ১ৰ পৰা ২ মিনিট থাকে আৰু অজ্ঞান অৱস্থা ১০ৰ পৰা ১৫ মিনিট থাকে।
-
সংবহন তন্ত্ৰ
সংবহন তন্ত্ৰ (Circulatory System) হৈছে একপ্ৰকাৰৰ অংগ তন্ত্ৰ। এই তন্ত্ৰৰ প্ৰধান কাম হৈছে তেজৰ সহায়ত শৰীৰৰ বিভিন্ন দেহ কোষৰ মাজত পুষ্টি দ্ৰব্য (যেনে এমিন' এছিড আৰু শৰ্কৰা), অক্সিজেন, কাৰ্বন ডাই-অক্সাইড, হৰমন, আৰু ৰক্ত কোষৰ আদান-প্ৰদান কৰা তথা অলাগতীয়াল দ্ৰব্য সমুহ কোষৰ পৰা ঘূৰাই অনা।
-
সৰ্পদংশন
সাপে খোঁটাৰ ফলত হোৱা আঘাতকে সৰ্পদংশন (ইংৰাজী ভাষাত Snakebite) বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হ'ব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে (envenomation)। সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে।
-
অপুষ্টি
অপুষ্টি হৈছে কম পুষ্টিকাৰক আহাৰ বা অত্যাধিক পুষ্টিকাৰক আহাৰৰ খোৱাৰ ফলত হোৱা এক প্ৰকাৰৰ স্বাস্থ্যজনিত সমস্যাৰ পৰিস্থিতি। ইয়াৰ লগত কেল'ৰি, প্ৰ'টিন, শৰ্কৰা, ভিটামিন বা খনিজ লৱন জড়িত হৈ থাকে। সাধাৰণভাৱে অপুষ্টি বুলিলে পুষ্টিহীনতাকেই বুজায়।
-
চুলি
চুলি ( Hair) হৈছে ছালৰ নোমকূপৰ পৰা গজি উঠা এক প্ৰটিনযুক্ত আঁহ(প্ৰ’টিন ফিলামেণ্ট)। স্তন্যপায়ী জীৱৰ অন্যতম সংজ্ঞায়িত বৈশিষ্ট্য হৈছে চুলি। মানৱ শৰীৰৰ কিছুমান মিহি ছালৰ বাহিৰেও, ফোলিকলেৰে আবৃত ছাল থাকে, যি ফোঁপোলা আৰু মিহি চুলিৰে আবৃত থাকে। চুলি এক গুৰুত্বপূৰ্ণ জৈৱপদাৰ্থ, যি মূলতঃ প্ৰটিনেৰে গঠিত।
-
ডেংগি জ্বৰ
ডেংগি জ্বৰ ডেংগি ভাইৰাছৰ ফলত হোৱা এক মহজনিত ক্ৰান্তীয় ৰোগ। এটা প্ৰকাৰৰ সংক্ৰমণে সেইবিধৰ প্ৰতি আজীৱন প্ৰতিৰক্ষা আৰু বাকীবোৰৰ প্ৰতি হস্ৰম্যাদী প্ৰতিৰক্ষা প্ৰদান কৰে। পাছত বেলেগ প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ হ'লে জটিলতাৰ সম্ভাৱনা বাঢ়ে।
-
মূৰৰ বিষ
মূৰৰ বিষ হৈছে মূৰ বা ডিঙি অঞ্চলৰ যিকোনো অংশত হোৱা যিকোনো ধৰণৰ বিষ বা বেদনা। ই মূৰ বা ডিঙিত দেখা দিয়া যিকোনো পৰিস্থিতিক লক্ষণ হ'ব পাৰে।
-
বৃহদান্ত্ৰ
বৃহদান্ত্ৰ হৈছে মেৰুদণ্ডীৰ পাচন তন্ত্ৰৰ একেবাৰে শেষৰ অংশ। ইয়াক ক'লন বুলিও কোৱা হয়। ইয়াত পানীৰ শোষণ হয় আৰু অৱশিষ্ট খিনি মলত্যাগৰ দ্বাৰা দেহৰ পৰা বহিস্কাৰ নোহোৱা পৰ্যন্ত মল হিচাপে জমা হৈ থাকে। চিকাম, ক'লন, মলভাণ্ড, পায়ুনলীৰ সমন্বয়ত বৃহদান্ত্ৰ গঠিত বুলি বহু বিশেষজ্ঞই মত পোষণ কৰে।
-
বৈশ্বিক মহামাৰী
বৈশ্বিক মহামাৰী বা বিশ্বমাৰী (Pandemic; য়ুনানী (গ্ৰীক) শব্দ πᾶν পেন "সকলো" + δῆμος ডেম'চ "লোক"ৰ পৰা) হৈছে সংক্ৰামক ৰোগৰ এক মহামাৰী (Epidemic) যি জনসংখ্যাৰ মধ্যমীয়াৰ পৰা এক বিশাল ক্ষেত্ৰজুৰি, উদাহৰণ স্বৰূপে, এটা মহাদ্বীপ, বা সমগ্ৰ পৃথিৱী জুৰি বিয়পিব পাৰে।
-
লোকচিকিৎসা
লোকচিকিৎসা বা পৰম্পৰাগত চিকিৎসা (Folk medicine বা Ethnomedicime)ত পৰম্পৰাগত জ্ঞানৰ চিকিৎসাগত দিশবোৰ অন্তৰ্ভুক্ত থাকে যি সমূহ আধুনিক ঔষধৰ যুগৰ আগতে বিভিন্ন সমাজৰ লোক বিশ্বাসৰ মাজত প্ৰজন্মজুৰি বিকশিত হৈছিল।
-
স্কিজ'ফ্ৰেনিয়া
স্কিজ'ফ্ৰেনিয়া (Schizophrenia) এক মানসিক ৰোগ যাৰ বৈশিষ্ট্য হৈছে সঘনাই বা একেৰাহে চাইক'চিছ হোৱা। প্ৰধান লক্ষণসমূহ হ’ল ভ্ৰম (সাধাৰণতে এনে মাত শুনা যি প্ৰকৃততে নাই), অস্বাভাৱিক বিশ্বাস আৰু অসংগঠিত চিন্তাধাৰা। আন লক্ষণসমূহ হ’ল সামাজিকভাৱে আঁতৰি যোৱা, আৰু আবেগহীন হোৱা।
-
ইব'লা ভাইৰাছ ৰোগ
ইব'লা ভাইৰাছ ৰোগ বা ইব'লা ৰক্তক্ষৰিত ৰোগ (Ebola virus disease (EVD বা Ebola hemorrhagic fever,EHF) ইব'লা নামৰ ভাইৰাছবিধৰ বাবে হোৱা মানুহৰ এটা ৰোগ। ইয়াৰ লক্ষণ সাধাৰণতে ভাইৰাছবিধ সংক্ৰমিত হোৱাৰ ২ দিনৰ পৰা তিনি সপ্তাহৰ ভিতৰত দেখা দিব পাৰে।
-
কংকাল
কংকাল বা জকা (Skeleton) হৈছে হাড়ৰ দ্বাৰা গঠিত দেহৰ এনে এটা সজ্জা যি জীৱক অৱলম্বন প্ৰদান কৰে। কংকাল দুই প্ৰকাৰৰ: বহিঃ কংকাল, যি জীৱক বাহিৰৰ পৰা অৱলম্বন প্ৰদান কৰে, আৰু অন্তঃ কংকাল, অৱলম্বন প্ৰদানকাৰী সজ্জাটো দেহৰ ভিতৰত থাকে।
-
গনৰিয়া
গনৰিয়া (Gonorrhea) এবিধ যৌনসংগমৰ দ্বাৰা সংক্ৰমিত ৰোগ। নেচেৰিয়া গনৰিয়া নামৰ এবিধ বেক্টেৰিয়াৰপৰা এই ৰোগ হয়। জনন অংগৰ উত্তাপ আৰু আৰ্দ্ৰ ঠাইবোৰত ই অতি সোনকালে বৃদ্ধি পায়। ই মুখ, ডিঙি, চকু আৰু শৌচদ্বাৰতো বৃদ্ধি পাব পাৰে।
-
চেনিটেৰী পেড
চেনিটেৰী নেপকিন, চেনিটেৰী টাৱেল, চেনিটেৰী পেড, মাহেকীয়াৰ পেড, বা পেড মহিলাই অন্তৰ্বাসৰ তলত পৰিধান কৰা এক শোষক সামগ্ৰী। মাহেকীয়া ঋতুস্ৰাৱ, সন্তান জন্মৰ পাছৰ স্ৰাৱ, স্ত্ৰীৰোগৰ অস্ত্ৰোপচাৰৰ পাছত, গৰ্ভপাতৰ পাছত বা যোনিৰ পৰা ওলোৱা তেজ শোষণ কৰিবলগীয়া যিকোনো পৰিস্থিতিত ইয়াক ব্যৱহাৰ কৰা হয়।
-
নাথ-যোগী সম্প্ৰদায়
নাথ-যোগী ভাৰতবৰ্ষৰ এক ধৰ্মীয় সম্প্ৰদায়। সাধনাৰ জৰিয়তে শিৱক লাভ কৰাত এই সম্প্ৰদায়ৰ লোকে বিশ্বাস ৰাখে। শিৱ এই সম্প্ৰদায়ৰ আদি গুৰু। ইয়াৰোপৰি নাথসকলৰ বহুজন গুৰু আছে। এইসকলৰ ভিতৰত ৯-১০ শতাব্দীৰ মৎসেন্দ্ৰনাথ আৰু গোৰক্ষনাথৰ দ্বাৰা বিকশিত বিচাৰ আৰু সংগঠনসমূহ মহত্ত্বপূৰ্ণ।
-
পেনিচিলিন
পেনিচিলিন হৈছে কিছুমান প্ৰতিজৈৱিক (Antibiotic)ৰ সমষ্টি যাৰ ভিতৰত পেনিচিলিন জি, পেনিচিলিন ভি, পেনিচিলিন প্ৰকেইন আৰু বেঞ্জাথিন পেনিচিলিন অন্তৰ্ভুক্ত। এইবোৰ পেনিচিলিয়াম নামৰ ভেঁকুৰৰ পৰা উৎপন্ন হয়। পেনিচিলিন বিটা লেক্টাম( β-lactam) প্ৰতিজৈৱিকৰ ভিতৰত পৰে।
-
প্ৰতিবন্ধকতা
প্ৰতিবন্ধকতা বা অক্ষমতা (disability) হৈছে যিকোনো প্ৰকাৰৰ শাৰীৰিক, সংজ্ঞানাত্মক, মানসিক, সংবেদনাত্মক, বিকাশজনিত অথবা ইহঁতৰ সংমিশ্ৰিত বিকাৰজনিত সমস্যা। প্ৰতিবন্ধকতা জন্মগতভাৱে বা ব্যক্তিৰ জীৱন কালত দেখা দিব পাৰে।
-
লসিকা তন্ত্ৰ
লসিকা তন্ত্ৰ (ইংৰাজী: Lymphatic system) লসিকা বাহী আৰু লসিকাৰে গঠিত এক অংগ তন্ত্ৰ। ই সংবহন তন্ত্ৰৰে এটা ভাগ। মানুহৰ সংবহন তন্ত্ৰই দৈনিক প্ৰায় ২০ লিটাৰ তেজ পৰিবহণ কৰে। ইয়াৰে কোষীয় পৰিশ্ৰাৱন প্ৰক্ৰিয়াত ৰক্ত কোষবোৰ প্লাজমাৰ পৰা পৃথক হৈ পৰে।
-
লিউকিমিয়া
লিউকিমিয়া (leukemia) ৰক্ত কেন্সাৰৰ এটা গোট যি সাধাৰণতে অস্থি মজ্জাত আৰম্ভ হয় আৰু ফলস্বৰূপে অধিকসংখ্যক অস্বাভাৱিক ৰক্তকণিকা বৃহৎ পৰিমাণে বৃদ্ধি হয়। এই ৰক্তকণিকাবোৰ সম্পূৰ্ণৰূপে বিকশিত নহয় আৰু এইবোৰক ব্লাষ্ট বা লিউকিমিয়া কোষ বুলি কোৱা হয়।
-
আসক্তি
আসক্তি হৈছে কিছুমান বস্তুৰ (যেনে: মদ, ধঁপাত আৰু অনান্য মাদক দ্ৰব্য) ব্যৱহাৰ বা গ্ৰহণ কৰাৰ পাছত ৰক্ত আৰু মস্তিষ্কৰ প্ৰতিবন্ধকতা অতিক্ৰম কৰাৰ ফলত সাময়িকভাৱে হোৱা মস্তিষ্কৰ ৰাসায়নিক দ্ৰব্যৰ পাৰিপাৰ্শিক অবস্থাৰ পৰিবৰ্তন। অনেকে এই তালিকাত মানসিক প্ৰবৃত্তি সৃষ্টিকাৰী আৰু অনেক ধ্ৰুৱক অন্তৰ্ভুক্ত কৰে।
-
এনচেফেলাইটিচ
মস্তিষ্কৰ ‘ইনফ্লেমেচন’ ঘটিলে এনচেফেলাইটিচ (IPA: ɛnˌsɛfəˈlaɪtɪs, encephalitis ) হোৱা বুজায়। ইনফ্লেমেচনৰ অৰ্থ হ'ল- জীৱিত কোষত হোৱা কোনো প্ৰতিক্ৰিয়াৰ ফলত এই চাৰিটা গুণৰ মিশ্ৰণ ঘটা: বিষ হোৱা, উত্তাপ হোৱা, ফুলি উঠা আৰু ৰঙা পৰা। মস্তিষ্কৰ আৱৰণীত ইনফ্লেমেচন ঘটিলে মেনিনজাইটিচ হোৱা বুজায়।
-
জন বেৰী হোৱাইট
ছাৰ জন বেৰী হোৱাইট (Sir John Berry White, জন্ম: ৫ জুন, ১৮৩৪, মৃত্যু: ১৯ নৱেম্বৰ, ১৮৯৬),অসমত চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা। তেওঁ বেংগল মেডিকেল চাৰ্ভিচৰ (Bengal Medical Services) অসামৰিক শল্য চিকিৎসক আছিল।
-
জলাতংক
জলাতংক বা ৰেবিজ (Rabies) মানুহ আৰু আন উষ্ণ ৰক্তৰ জন্তুৰ মগজুত একিউট প্ৰদাহৰ সৃষ্টি কৰা এটা ভাইৰেল ৰোগ। প্ৰাৰম্ভিক লক্ষণবোৰ হৈছে জ্বৰ আৰু সংক্ৰমণৰ ঠাইত জিনজিননি জলাতংক ৰোগ ৰেবিজ ভাইৰাছ আৰু অষ্ট্ৰেলীয় বাদুলী লিছাভাইৰাছকে ধৰি লিছাভাইৰাছ ৰ পৰা হয়।
-
জাপানীজ এন্কেফেলাইটিছ
জাপানিজ এনকেফেলাইটিছ (Japanese encephalitis) মহৰ দ্বাৰা সংক্ৰমিত এটা প্ৰাণীজনিত ৰোগ (Zoonotic disease)। কিউলিছিন মহে এই ৰোগ বিয়পায়। এই ৰোগৰ কাৰক ভাইৰাছ বিধৰ নাম হ’ল জাপানিজ এনকেফেলাইটিছ ভাইৰাছ। প্ৰথমে জাপানত চিনাক্ত হৈছিল বাবে এই ৰোগক জাপানিজ এনকেফেলাইটিছ বুলি নামকৰণ কৰা হৈছিল।
-
পাচন
পাচন হৈছে ৰক্তৰ পাজমালৈ শোষিত হ'ব পৰাকৈ খাদ্যৰ বৃহৎ অনুবোৰ ভাগি ক্ষুদ্ৰ ক্ষুদ্ৰ জলদ্ৰাব্য অণুলৈ পৰিণত হোৱা প্ৰক্ৰিয়া। কিছুমান জীৱৰ, ক্ষুদ্ৰান্ত্ৰত এই ক্ষুদ্ৰ অণুবোৰ প্লাজমালৈ শোষিত হয়। পাচন দুই প্ৰকাৰে হব পাৰে: mechanical আৰু ৰাসায়নিকভাৱে।
-
পেশী তন্ত্ৰ
পেশী তন্ত্ৰ (ইংৰাজী: Muscular system) হৈছে কংকালীয় পেশী, মৃসন পেশী আৰু হৃদ পেশীৰ দ্বাৰা গঠিত একপ্ৰকাৰৰ অংগ তন্ত্ৰ। পেশী তন্ত্ৰই দেহৰ সঞ্চালন, শৰীৰৰ অৱস্থান নিয়ন্ত্ৰণ, আৰু তেজৰ চলাচল কৰোৱাই।