অংগ তন্ত্ৰ
২২ প্ৰবন্ধ
-
স্নায়ু তন্ত্ৰ
স্নায়ু তন্ত্ৰ হৈছে জীৱদেহৰ ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু শৰীৰৰ বভিন্ন অংশলৈ সংকেত পৰিবহন কৰা এক অংগ তন্ত্ৰ। প্ৰায় সকলো জীৱ প্ৰজাতিৰে স্নায়ু তন্ত্ৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (CNS) আৰু প্ৰান্তীয় স্নায়ু তন্ত্ৰ (PNS) নামৰ দুটা ভাগত বিভক্ত।
-
পাচন তন্ত্ৰ
পাচন তন্ত্ৰ (Digestive system) হৈছে মানুহ আৰু আন উচ্চস্তৰৰ প্ৰাণীসমূহৰ পাচন প্ৰক্ৰিয়া সমাধা কৰা এক অংগ তন্ত্ৰ। মানুহৰ পাচন তন্ত্ৰ এডাল খাদ্যনলী আৰু কিছুমান পাচক গ্ৰন্থিৰে গঠিত। খাদ্যনলী হ'ল মুখৰপৰা আৰম্ভ কৰি পায়ু পৰ্যন্ত পাকখোৱা ন মিটাৰ মান দৈৰ্ঘ্যৰ এডাল দীঘল নলী।
-
অন্তঃস্ৰাৱী তন্ত্ৰ
অন্তঃস্ৰাৱী তন্ত্ৰ (ইংৰাজী- Endocrine System) হৈছে জীৱৰ হ'ৰমন নিঃসৰণ কৰা কিছুমান গ্ৰন্থীৰ সমষ্টি। এই অংগ তন্ত্ৰই হ'ৰমন প্ৰত্যক্ষভাৱে সংবহন তন্ত্ৰত নিঃসৰণ কৰে আৰু তেজে তাক নিৰ্দিষ্ট লক্ষকোষলৈ কঢ়িয়াই নিয়ে।
-
প্ৰতিৰোধ তন্ত্ৰ
প্ৰতিৰোধ তন্ত্ৰ (Immune system) হৈছে কোনো এটা জীৱৰ দেহত থকা, বহুতো জীৱবৈজ্ঞানিক গঠন আৰু জীৱবৈজ্ঞানিক পদ্ধতিৰে গঠিত এক প্ৰকাৰৰ প্ৰতিৰোধ প্ৰণালী যি জীৱটোক ৰোগ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে।
-
অংগ তন্ত্ৰ
অংগ তন্ত্ৰ হৈছে কোনো জীৱদেহৰ কোনো নিৰ্দিষ্ট কাৰ্যৰ সম্পাদনৰ বাবে একত্ৰ হোৱা বিভিন্ন অংগৰ সমষ্টি। জীৱবিদ্যাত বিভিন্ন তন্ত্ৰৰ উল্লেখ পোৱা যায়, যেনে- জীৱসমষ্টি হৈছে বহু জীৱৰ সমষ্টি, কলা তন্ত্ৰ হৈছে বিভিন্ন কোষৰ সমষ্টি আদি।
-
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (central nervous system বা CNS) বুলিলে মগজু আৰু স্নায়ুৰজ্জুৰে গঠিত স্নায়ু তন্ত্ৰৰ অংশক বুজায়। দ্বি সমমিত প্ৰাণীৰ ক্ষেত্ৰত (bilaterally symmetric animals) বা স্প'ঞ্জ আৰু জেলীফিছৰ দৰে প্ৰাণীৰ বাহিৰে সকলো বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত ই গোতেই শৰীৰৰে পৰা তথ্য গ্ৰহণ, সমন্বয়কৰণ…
-
শ্বাস তন্ত্ৰ
শ্বাসতন্ত্ৰ হৈছে সকলো প্ৰাণীৰে এক অবিচ্ছেদ্য অংগ। শ্বাসতন্ত্ৰত মূলতঃ নাক, শ্বাসনলী, হাওঁফাওঁ আদিৰে গঠিত। বিশেষ শ্বাসঅংগৰ জৰিয়তে ৰ সম্পন্ন কৰা এক। শ্বাস তন্ত্ৰৰ সহায়ত জীৱই পৰিৱেশৰ লগত আৰু ৰ বিনিময় কৰে। ৰ দৰে বোৰৰ প্ৰধান শ্বাসঅংগ হৈছে।
-
সংবহন তন্ত্ৰ
সংবহন তন্ত্ৰ (Circulatory System) হৈছে একপ্ৰকাৰৰ অংগ তন্ত্ৰ। এই তন্ত্ৰৰ প্ৰধান কাম হৈছে তেজৰ সহায়ত শৰীৰৰ বিভিন্ন দেহ কোষৰ মাজত পুষ্টি দ্ৰব্য (যেনে এমিন' এছিড আৰু শৰ্কৰা), অক্সিজেন, কাৰ্বন ডাই-অক্সাইড, হৰমন, আৰু ৰক্ত কোষৰ আদান-প্ৰদান কৰা তথা অলাগতীয়াল দ্ৰব্য সমুহ কোষৰ পৰা ঘূৰাই অনা।
-
শ্বেত ৰক্ত কণিকা
শ্বেত ৰক্ত কণিকা বা শ্বেত ৰক্ত কোষ, যাক লিউক’ছাইটছ বুলিও কোৱা হয়, হৈছে সংক্ৰামক ৰোগ আৰু বাহ্যিক আক্ৰমণকাৰীৰ (বীজাণু) পৰা দেহক ৰক্ষা কৰা প্ৰতিৰক্ষা তন্ত্ৰৰ কিছুমান কোষ। সকলো শ্বেত ৰক্ত কোষ মেৰু মজ্জাত থকা হিমেট'পেটিক ষ্টীম ছেল নামৰ এবিধ বহু ক্ষমতাসম্পন্ন কোষৰ পৰা সৃষ্টি হয়।
-
কংকাল
কংকাল বা জকা (Skeleton) হৈছে হাড়ৰ দ্বাৰা গঠিত দেহৰ এনে এটা সজ্জা যি জীৱক অৱলম্বন প্ৰদান কৰে। কংকাল দুই প্ৰকাৰৰ: বহিঃ কংকাল, যি জীৱক বাহিৰৰ পৰা অৱলম্বন প্ৰদান কৰে, আৰু অন্তঃ কংকাল, অৱলম্বন প্ৰদানকাৰী সজ্জাটো দেহৰ ভিতৰত থাকে।
-
লসিকা তন্ত্ৰ
লসিকা তন্ত্ৰ (ইংৰাজী: Lymphatic system) লসিকা বাহী আৰু লসিকাৰে গঠিত এক অংগ তন্ত্ৰ। ই সংবহন তন্ত্ৰৰে এটা ভাগ। মানুহৰ সংবহন তন্ত্ৰই দৈনিক প্ৰায় ২০ লিটাৰ তেজ পৰিবহণ কৰে। ইয়াৰে কোষীয় পৰিশ্ৰাৱন প্ৰক্ৰিয়াত ৰক্ত কোষবোৰ প্লাজমাৰ পৰা পৃথক হৈ পৰে।
-
পেশী তন্ত্ৰ
পেশী তন্ত্ৰ (ইংৰাজী: Muscular system) হৈছে কংকালীয় পেশী, মৃসন পেশী আৰু হৃদ পেশীৰ দ্বাৰা গঠিত একপ্ৰকাৰৰ অংগ তন্ত্ৰ। পেশী তন্ত্ৰই দেহৰ সঞ্চালন, শৰীৰৰ অৱস্থান নিয়ন্ত্ৰণ, আৰু তেজৰ চলাচল কৰোৱাই।
-
আচ্ছাদন তন্ত্ৰ
আচ্ছাদন তন্ত্ৰ হৈছে এক অংগ তন্ত্ৰ যি জীৱদেহক পানীৰ অৱক্ষয় বা বাহ্যিক আঘাট আদিৰ পৰা ৰক্ষা কৰে। চৰ্ম বা চাল আৰু ইয়াৰ উপাংগ (নোম বা চুলি, বাকলি, পাখি আৰু নখ আদি) সমূহৰ দ্বাৰা এই তন্ত্ৰ গঠিত হৈছে।
-
প্ৰজনন তন্ত্ৰ
প্ৰজনন তন্ত্ৰ (Reproductive system) হৈছে জীৱৰ বংশবৃদ্ধিৰ বাবে সংগঠিত ভাৱে কাৰ্য কৰা যৌন অংগৰ সমষ্টি। বহুতো অজৈৱ পদাৰ্থ যেনে- তৰল, হৰমন, ফেৰমন আদিয়েও প্ৰজনন তন্ত্ৰত সহযোগী হিচাপে কাৰ্য কৰে। জীৱৰ লিংগভেদে প্ৰজনন তন্ত্ৰ মাজত যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়, যিটো অন্য অংগ তন্ত্ৰৰ ক্ষেত্ৰত দেখা নাযায়।
-
ৰেচন তন্ত্ৰ
ৰেচন তন্ত্ৰ (Excretory system) হৈছে জীৱদেহৰ প্ৰধান বৰ্জনীয় পদাৰ্থ ইউৰিক এচিডক তেজৰ পৰা পৰিস্ৰাৱন কৰি মুত্ৰ আকাৰে দেহৰ বাহিৰ কৰি দিবলৈ থকা অংগসমূহ। ৰেচন তন্ত্ৰ দুটা বৃক্ক, দুডাল বৃক্ক নলী, এটা মুত্ৰ থলী, আৰু এডাল মুত্ৰ নলীৰে গঠিত হয়। প্ৰতিটো বৃক্কত অসংখ্য ক্ষুদ্ৰ ক্ষদ্ৰ নেফ্ৰন থাকে।
-
কলা (জীৱবিজ্ঞান)
জীৱবিজ্ঞানত কলা হৈছে নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্য দক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টি। কলাক প্ৰায়ে একে ভ্ৰূণৰ উৎপত্তিৰ একে ধৰণৰ কোষ আৰু ইয়াৰ বহিঃকোষীয় মেট্ৰিক্সৰ সমাবেশ বুলি ভবা হয় যিয়ে একেলগে এটা নিৰ্দিষ্ট কাম কৰে। তাৰ পিছত একাধিক কলাৰ কাৰ্য্যকৰী গোটৰ দ্বাৰা অংগ গঠন হয়।
-
মানুহৰ কংকাল
মানুহৰ কংকাল (human skeleton)জন্মৰ সময়ত মুঠতে ৩০০ ডাল হাড়েৰে গঠিত৷ পূৰ্ণবয়স্ক হোৱাৰ পৰ্য্যায়লৈকে কিছুমান হাড় ইডালে সিডালৰ লগত যোৰ খাই শৰীৰত মুঠ ২০৬ ডাল হাড় হয়গৈ৷ মানুহৰ দেহত থকা হাড়ৰ ঘনত্ব ত্ৰিছ বছৰ বয়সৰ সময়ত সৰ্বাধিক হয় বুলি জনা যায়৷ মানুহৰ কংকালটোক দুটাভাগত ভাগ কৰিব পাৰি-অক্ষীয় কংকাল…
-
লোব
শৰীৰবিজ্ঞানত লোব (Lobe) হৈছে কোনো অংগৰ স্পষ্ট শাৰীৰিক বিভাজন বা সম্প্ৰসাৰণ (উদাহৰণস্বৰূপে মগজু, হাওঁফাওঁ, যকৃত বা বৃক্কত দেখাৰ দৰে) যিটো স্থূল শৰীৰবিজ্ঞানৰ স্তৰত মাইক্ৰস্কোপৰ ব্যৱহাৰ নকৰাকৈয়ে নিৰ্ণয় কৰিব পাৰি।
-
প্ৰস্ৰাৱ তন্ত্ৰ
প্ৰস্ৰাৱ তন্ত্ৰ, যাক প্ৰস্ৰাৱ নলী বা বৃক্ক তন্ত্ৰ বুলিও কোৱা হয়, মেৰুদণ্ডী প্ৰাণীৰ আৱৰ্জনা নিষ্কাশন তন্ত্ৰৰ এটা অংশ। মানুহ আৰু প্লেচেণ্টাৰ স্তন্যপায়ী প্ৰাণীত ই বৃক্ক, মূত্ৰনলী, মূত্ৰাশয় আৰু মূত্ৰনলীৰে গঠিত।
-
ফ্ল’কুল’নডুলাৰ লোব
ফ্ল’কুল’নডুলাৰ লোব (vestibulocerebellum) মস্তিষ্কৰ অন্যতম লোব। ই এটা সৰু লোব যিটো বিযোৰ-যুক্ত মধ্যৰেখাৰ নোডুল আৰু দুটা ফ্ল’কুলিৰে গঠিত: নোডুলৰ দুয়োফালে এটা ফ্ল’কুলাছ। লোবটো ভংগিমা আৰু ভাৰসাম্য বজাই ৰখাৰ লগতে মূৰ-চকুৰ গতিবিধিৰ সমন্বয়ৰ লগত জড়িত।
-
মানৱ শৰীৰৰ অংগ ব্যৱস্থাৰ তালিকা
এইখন মানৱ শৰীৰৰ প্ৰধান অংগ প্ৰণালীৰ তালিকা। অংগ ব্যৱস্থা হৈছে এনে এটা অংগৰ গোট, যিয়ে একেলগে কাম কৰি প্ৰধান কাম সম্পন্ন কৰে বা শৰীৰৰ শাৰীৰিক প্ৰয়োজনীয়তা পূৰণ কৰে।
-
সংবেদন তন্ত্ৰ
সংবেদন তন্ত্ৰ (ইং: sensory system) হৈছে স্নায়ু তন্ত্ৰৰ এটা ভাগ। এই তন্ত্ৰই জীৱক সংবেদন প্ৰদান কৰে। সংবেদন তন্ত্ৰ গ্ৰাহক, নিষ্ক্ৰিয় পথ, আৰু সংবেদনৰ সৈতে জড়িত মগজুৰ এটা অংশৰ দ্বাৰা গঠন হয়। সংবেদন বুলিলে সাধাৰণতে দৰ্শন, শ্ৰৱণ, স্পৰ্ষণ, আস্বাদন, ঘ্ৰাণ আৰু সঞ্চালনক (ভাৰসাম্যতা/চলন) বুজায়।