যৌনকৰ্মী (Sex worker) হ'ল সেইগৰাকী ব্যক্তি, যি নিয়মীয়াকৈ বা অনিয়মীয়াকৈ যৌন কাৰ্যৰ সৈতে জড়িত।১ যৌন উদ্যোগৰ সকলো সৈতে জড়িত লোকসকলক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়।২৩
এটা মত অনুসৰি যৌন নিৰ্যাতন বা কোনো ব্যক্তিক যৌন কাৰ্য্ত জড়িত হ’বলৈ বাধ্য কৰোৱাৰ সৈতে “যৌনকাৰ্য পৃথক”; কাৰণ যৌন কাৰ্য স্বেচ্ছামূলক আৰু “ইয়াক ধন বা সামগ্ৰীৰ বিনিময়ত যৌনতাৰ বাণিজ্যিক বিনিময় হিচাপে গণ্য কৰিব পাৰি”।৪
পৰিভাষা
১৯৭৮ চনত যৌনকৰ্মীৰ অধিকাৰৰ হকে কাম কৰা কেৰল লিই "যৌন কৰ্মী" শব্দটোৰ উদ্ভাৱন কৰিছিল।৫ ১৯৮৭ চনত ফ্ৰেডেৰিক ডেলাকোষ্ট আৰু প্ৰিচিলা আলেকজেণ্ডাৰৰ সম্পাদনাত চেক্স ৱৰ্ক: ৰাইটিংছ বাই উইমেন ইন দ্য চেক্স ইণ্ডাষ্ট্ৰী নামৰ সংকলনখন প্ৰকাশ পোৱাৰ পিছত শব্দটোৰ ব্যৱহাৰ জনপ্ৰিয় হৈ উঠে।৬৭৮ তাৰ পিছৰ পৰা "যৌনকৰ্মী" শব্দটো ব্যাপকভাবে বিয়পি পৰে আৰু শৈক্ষিক প্ৰকাশন, বেচৰকাৰী সংস্থা, শ্ৰমিক সংঘ আৰু চৰকাৰী আৰু বিশ্ব স্বাস্থ্য সংস্থা আদি আন্তঃচৰকাৰী সংস্থা আদিয়েও ব্যৱহাৰ কৰিবলৈ লয়।৯ ইয়াক অক্সফৰ্ড ইংৰাজী অভিধান২ আৰু মেৰিয়াম-ৱেবষ্টাৰৰ অভিধানত তালিকাভুক্ত কৰা হৈছে।১০
“বেশ্যা”ৰ পৰিৱৰ্তে “যৌনকৰ্মী” শব্দটো ব্যৱহাৰ কৰি যৌন উদ্যোগৰ সৈতে জড়িত অধিক ব্যক্তিক প্ৰতিনিধিত্ব কৰিব পৰা যায় আৰু প্ৰকৃততে যিসকল বেশ্যা তেওঁলোকক যাতে এককভাৱে পৃথক কৰা নহয় আৰু “বেশ্যা”ৰ নেতিবাচক অৰ্থৰ সৈতে় সম্পৰ্কিত কৰা নহয়, সেয়া নিশ্চিত কৰাত সহায়ক হয়। কিছুমানে যুক্তি আগবঢ়ায় যে যিসকলে "যৌনকৰ্মী" শব্দটো পছন্দ কৰে তেওঁলোকে নিজৰ বৃত্তিটোক নিজৰ ব্যক্তিত্বৰ পৰা পৃথক কৰিব বিচাৰে। কাৰোবাক যৌনকৰ্মী বুলি বৰ্ণনা কৰিলে স্বীকাৰ কৰা হয় যে ব্যক্তিজনৰ বহুতো ভিন্ন দিশ থাকিব পাৰে, আৰু তেওঁলোকৰ কৰ্মৰ দ্বাৰা সংজ্ঞায়িত হোৱাটো বাধ্যতামূলক নহয়।
অনুশীলন
যৌন কাৰ্যই পতিতাবৃত্তি, ষ্ট্ৰিপিং বা লেপ ডান্সিং, পৰ্ণগ্ৰাফী, ফোন বা ইণ্টাৰনেট চেক্সত অভিনয়, বা আৰ্থিক বা বস্তুগত লাভৰ বিনিময়ত আগবঢ়োৱা অন্য যৌন সেৱা- এই সকলোবোৰ সামৰি লয়। যিসকল যৌনকৰ্মীয়ে তেওঁলোকৰ সেৱাৰ অংশ হিচাপে যৌন সংগমত অংশ লয়, তেওঁলোকক সম্পূৰ্ণ সেৱাৰ যৌনকৰ্মী বুলি গণ্য কৰা হয়।১১ যৌনকৰ্মই সামৰি লোৱা কামসমূহৰ বৈচিত্ৰ্যই যৌনকৰ্মীসকলে তেওঁলোকৰ বৃত্তিত সন্মুখীন হোৱা বিপদাশংকাৰ তীব্ৰতা আৰু প্ৰকৃতি দুয়োটা দিশতে এক বৃহৎ পৰিসৰৰ সৃষ্টি কৰে। যৌনকৰ্মীসকলে ব্যক্তি হিচাপে স্বতন্ত্ৰভাৱে কাম কৰিব পাৰে, কোনো প্ৰতিষ্ঠানৰ বাবে কাম কৰিব পাৰে বা বেশ্যালয়ৰ অংশ হিচাপে কাম কৰিব পাৰে।১২
যৌনকৰ্মীলৈ সমৰ্থন
যৌনকৰ্মীৰ অধিকাৰৰ হকে মাত মতাসকলে যুক্তি আগবঢ়ায় যে যৌনকৰ্মীসকলৰ আন শ্ৰমিক লোকৰ দৰেই মৌলিক মানৱ আৰু শ্ৰমিক অধিকাৰ থাকিব লাগে।১৩ কানাডিয়ান গীল্ড ফৰ ইৰোটিক লেবাৰে যৌন কামৰ বৈধকৰণ, আন শ্ৰমিক আৰু ব্যৱসায়ৰ ওপৰত আৰোপ কৰা নিয়মাৱলীতকৈ অধিক দমনমূলক ৰাজ্যিক নিয়মাৱলী বৰ্জন, শ্ৰম আৰু নিযুক্তি আইনৰ অধীনত স্বীকৃতি আৰু সুৰক্ষাৰ অধিকাৰ, পেছাদাৰী সংগঠন বা সংস্থা গঠন আৰু যোগদানৰ অধিকাৰ প্ৰদানৰ বাবে আহ্বান জনাইছে। সমৰ্থকসকলে যৌনকৰ্মৰ সৈতে জড়িত আইনী পদ্ধতিৰ পৰিৱৰ্তনও হোৱাটো বিচাৰে।১৪
তথ্যসূত্ৰ
- ↑ Clearing Up Some Myths About Sex Work. www.opensocietyfoundations.org
- ↑ Oxford English Dictionary, "sex worker"
- ↑ Burnes, Theodore R. (2017). The SAGE Encyclopedia of Psychology and Gender. SAGE Publications, Inc. পৃ. 1467–1470. ISBN 9781483384283
- ↑ (2014-11-04). Carol Leigh coins the term "sex work". www.nswp.org
- ↑ (2014-11-04). Carol Leigh coins the term "sex work". www.nswp.org
- ↑ Delacoste, Frédérique; Alexander, Priscilla. (1987). Sex Work: Writings by Women in the Sex Industry.. Cleis Press Start. ISBN 9781573447010
- ↑ "The Etymology of the terms 'Sex Work' and 'Sex Worker'", BAYSWAN.org. Accessed 2009-09-11
- ↑ Nagle. (1997). Whores and Other Feminists. Psychology Press. ISBN 978-0-415-91822-0
- ↑ (2005). Violence Against Sex Workers and HIV Prevention. World Health Organization
- ↑ sex worker. Merriam-Webster Dictionary
- ↑ Sawicki, Danielle A.; Meffert, Brienna N.; Read, Kate. (2019-07-03). Culturally competent health care for sex workers: an examination of myths that stigmatize sex work and hinder access to care. Sexual and Relationship Therapy. পৃ. 355–371
- ↑ Ryan, Chris; Kinder, Rachel. (1996). Sex, tourism and sex tourism: fulfilling similar needs?.. Tourism Management. পৃ. 507–518
- ↑ Tucker, Joseph; Astrid Tuminez. (2011). Reframing the Interpretation of Sex Worker Health: A Behavioral–Structural Approach. Journal of Infectious Diseases. পৃ. S1206–10
- ↑ Sex Worker Rights Organizations and Projects Around the World. Prostitutes' Education Network
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যৌনকৰ্মী” প্ৰবন্ধৰ সংশোধন ৬৩০৯৪৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।