অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

১৯৭৯ চনত তেহৰাণত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰতিবাদ

১৯৭৯ চনৰ ৮ মাৰ্চত তেহৰানত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত প্ৰতিবাদ ১৯৭৯ চনৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্য্যে ইৰাণৰ তেহৰাণত মহিলাৰ পদযাত্ৰা অনুষ্ঠিত হৈছিল। এই পদযাত্ৰাটো প্ৰথমে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদ্‌যাপনৰ উদ্দেশ্য আছিল যদিও ইৰাণ বিপ্লৱৰ সময়ত মহিলাৰ অধিকাৰৰ পৰিৱৰ্তনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদলৈ…

হালনাগাদ: ১৪ মে’ ২০২৬ ৮৬১ শব্দ · ৫ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ
১৯৭৯ চনৰ ৮ মাৰ্চত তেহৰাণত প্ৰতিবাদ
১৯৭৯ চনৰ ৮ মাৰ্চত তেহৰাণত প্ৰতিবাদছবি: Rana Javadi · Public domain
১৯৭৯ চনৰ ৮ মাৰ্চত তেহৰাণত প্ৰতিবাদ
১৯৭৯ চনৰ ৮ মাৰ্চত তেহৰাণত প্ৰতিবাদছবি: Unknown author · Public domain

১৯৭৯ চনৰ ৮ মাৰ্চত তেহৰাণত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত প্ৰতিবাদ ১৯৭৯ চনৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্য্যে ইৰাণৰ তেহৰাণত মহিলাৰ পদযাত্ৰা অনুষ্ঠিত হৈছিল। এই পদযাত্ৰাটো প্ৰথমে আন্তৰ্জাতিক নাৰী দিৱস উদ্‌যাপনৰ উদ্দেশ্য আছিল যদিও ইৰাণ বিপ্লৱৰ সময়ত মহিলাৰ অধিকাৰৰ পৰিৱৰ্তনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদলৈ পৰিণত হৈছিল। বিশেষকৈ বাধ্যতামূলক হিজাব বা বোৰ্খা সকলো মহিলাই বাধ্যতামূলকভাৱে পিন্ধাটো এই দিৱসৰ আগদিনা পদযাত্ৰাৰ মাত্ৰ এদিন আগতে ঘোষণা কৰা হৈছিল। ১৯৭৯ চনৰ ৮ মাৰ্চৰপৰা ১৪ মাৰ্চলৈকে একেৰাহে ছয় দিন ধৰি চলিছিল এই প্ৰতিবাদত হাজাৰ হাজাৰ মহিলাই অংশগ্ৰহণ কৰিছিল। এই প্ৰতিবাদত হিংসা আৰু খোমেইন সমৰ্থক ইছলামিক শক্তিৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হয়। ১

সেই সময়ত মৌলবী নেতৃত্বাধীন ইছলামিক গোটক প্ৰতিদ্বন্দ্বী ৰাজনৈতিক প্ৰাৰ্থীক কোণত ৰাখিব পৰা ক্ষমতা আৰু প্ৰভাৱৰ অভাৱ আছিল; সেয়েহে প্ৰতিবাদৰ পিছত তেওঁলোকে এই লক্ষ্যসমূহৰপৰা পিছুৱাই যাবলৈ বাধ্য হয়।১ কিন্তু ইয়াৰ কিছুসময়ৰ পাছতে ইছলামিক দলে মুছলমান মহিলাসকলক তেওঁলোকে ৰূপায়ণ কৰিব বিচৰা নতুন ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাটোৰ সমৰ্থনত একত্ৰিত হ'বলৈ সংগঠিত কৰে।১ ১৯৮১ চনৰ জুন মাহলৈকে ইৰাণৰ উদাৰ আৰু বাঁওপন্থী ৰাজনৈতিক শিবিৰৰ এটা বৃহৎ অংশ খোমেইন সমৰ্থক দলৰ নিয়ন্ত্ৰণত পৰে।১ তাৰ পিছত ১৯৮৩ চনত ইৰাণৰ সংসদে (মজলিছে) এনে এখন আইন প্ৰণয়ন কৰে য'ত "ৰাষ্ট্ৰই নিৰ্ধাৰিত বোৰ্খা প্ৰথা নিয়ম মানি চলিবলৈ অস্বীকাৰ কৰা মহিলাসকলক শাস্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিল।" ১ তেতিয়াৰপৰাই বাধ্যতামূলক বোৰ্খা পিন্ধাৰ সপক্ষে এনে আইনসমূহ "মহিলাৰ ৰাজনৈতিক সক্ৰিয়তা আৰু বিৰোধিতা দমন কৰাৰ" এক প্ৰধান উপায় হৈ পৰিছে; তদুপৰি তেওঁলোকে ১৯৭৯ চনৰ পিছৰ ইৰাণী নেতৃত্বক বিভিন্ন মতাদৰ্শৰ মহিলা কৰ্মীক হাৰাশাস্তি, ভয় দেখুৱাই, আক্ৰমণ, কাৰাগাৰত ভৰোৱাৰ সুবিধাজনক অজুহাত দিছে। ১

পটভূমি

ৰেজা শ্বাহৰ ৰাজত্বকালত ১৯৩৬ চনৰ কাছফ-ই-হিজাব আইন অনুসৰি এই ওৰণি বা বোৰ্খা প্ৰথা বন্ধ কৰা হয়, আৰু পাঁচ বছৰৰ বাবে এই ওৰণি নিষিদ্ধ কৰা হয়। ১৯৪১ চনৰপৰা ৰেজা শ্বাহৰ পুত্ৰ আৰু উত্তৰাধিকাৰী মহম্মদ ৰেজা পাহলৱীৰ অধীনত মহিলাসকলে নিজৰ ইচ্ছামতে সাজ-পোছাক পৰিধান কৰাৰ স্বাধীনতা লাভ কৰে। ২ কিন্তু তেওঁৰ ৰাজত্বকালত পৰ্দাক পিছপৰাৰ প্ৰতীক আৰু নিম্ন শ্ৰেণীৰ অন্তৰ্গত হোৱাৰ চিন হিচাপে গণ্য কৰা হৈছিল। ওৰণি পিন্ধা মহিলাসকলক ৰক্ষণশীল ধৰ্মীয় পৰিয়ালৰ আৰু সীমিত শিক্ষাৰ লোক বুলি গণ্য কৰা হৈছিল, আনহাতে ওৰণি বা বোৰ্খা পৰিধান নকৰা মহিলাসকলক শিক্ষিত আৰু পেছাদাৰী আৰু উচ্চ বা মধ্যবিত্ত শ্ৰেণীৰ বুলি গণ্য কৰা হৈছিল। ২

সত্তৰৰ দশকৰ শেষৰফালে হোৱা বিপ্লৱৰ সময়ত হিজাব ৰাজনৈতিক প্ৰতীকত পৰিণত হয়। ৰক্ষণশীল পৰম্পৰাবাদীসকলে হিজাবক সতীত্বৰ প্ৰতীক বুলি গণ্য কৰিছিল আৰু সেয়েহে ইয়াৰ অবিহনে নাৰীক ইয়াৰ বিপৰীত হিচাপে দেখা গৈছিল। বিৰোধীসকলৰ কিছুমানে হিজাব নথকা নাৰীক পশ্চিমীয়া সাংস্কৃতিক ঔপনিৱেশিকতাবাদৰ প্ৰতীক বুলি গণ্য কৰিছিল বা "পশ্চিমীয়া ঔপনিৱেশিকতা"; তেওঁলোকক "প্ৰদূষিত পশ্চিমীয়া সংস্কৃতি"ৰ প্ৰচাৰক হিচাপে দেখা গৈছিল যিয়ে "সমাজৰ নৈতিক মূল্যবোধ"ৰ পৰম্পৰাবাদী ধাৰণাক ভেঙুচালি কৰি আছিল; আৰু তেওঁলোকক অত্যধিক সজ্জিত "বুৰ্জোৱা পুতলা" হিচাপে দেখা গৈছিল যিয়ে নিজৰ মৰ্যাদা হেৰুৱাই পেলাইছিল।৩ পাহলৱী শাসকসকলে হিজাবক তেওঁলোকৰ আধুনিকীকৰণ নীতিৰ প্ৰত্যাখ্যান হিচাপে লয়, আৰু ফলস্বৰূপে তেওঁলোকৰ শাসনক প্ৰত্যাখ্যান কৰা; আৰু ইৰাণী বিপ্লৱৰ সময়ত বিৰোধীৰ সৈতে জড়িত বহুতো ধৰ্মনিৰপেক্ষ আৰু অৰক্ষণশীল মহিলায়ো হিজাব পিন্ধিছিল, কাৰণ ই পাহলৱী শাসনৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰতীক হৈ পৰিছিল। ৪

বিপ্লৱৰ পূৰ্বে গণ প্ৰতিবাদৰ সময়ত বিক্ষোভত অংশগ্ৰহণ কৰা মহিলাসকলে প্ৰায়ে বোৰ্খা পিন্ধিছিল আৰু ইয়াৰ অবিহনে দেখা দিয়া মহিলাসকলক প্ৰায়ে উগ্ৰ বিপ্লৱীসকলে হাৰাশাস্তি কৰিছিল।৫ ১৯৭৯ চনৰ বিপ্লৱৰ দুটা শ্লোগান আছিল: "বোৰ্খা পিন্ধক, নহ'লে আমি আপোনাৰ মূৰত ঘুচা মাৰিম" আৰু "বোৰ্খা নিপিন্ধাসকলৰ মৃত্যু।" ৬১ ১৯৭৮–১৯৭৯ চনত ইছলামিক বিপ্লৱৰ আৰম্ভণিতে শ্বাহ বিৰোধী ফ্ৰণ্টত উদাৰবাদী, ধৰ্মীয় জাতীয়তাবাদী, উগ্ৰ ইছলামিক, মাৰ্ক্সবাদী–লেনিনবাদী, উগ্ৰপন্থী ইছলামিক, মাৰ্ক্সবাদী–লেনিনবাদী, পুঁজিপতি, আৰু ধৰ্মঘটকাৰী তেলৰ শ্ৰমিক এইসকল আছিল।১ তথাপি আয়াতুল্লাহ খোমেইনীয়ে এজন ছিয়া ধৰ্মগুৰু তথা বিপ্লৱৰ মূল নেতা হিচাপে নিজকে দ্ৰুতগতিত প্ৰতিষ্ঠা কৰিলে। ১ শ্বাহক ক্ষমতাৰপৰা আঁতৰোৱাৰ প্ৰয়াসত তেওঁ মহিলাসকলক আন্দোলনত যোগদান কৰিবলৈ সক্ৰিয়ভাৱে উৎসাহিত কৰিছিল; কিন্তু একে সময়তে তেওঁ বাধ্যতামূলক বোৰ্খা প্ৰথা জাপি দিব বিচৰাৰ কোনো ইংগিত নিদিলে বা অতি কমেইহে বিপ্লৱৰ পিছৰ ইৰাণত মহিলাৰ কিছুমান অধিকাৰ বিলুপ্ত কৰিব বিচাৰে। ১ ইৰাণলৈ উভতি অহাৰ পাছতহে তেওঁৰ আৰু ৰাজনৈতিক মিত্ৰসকলৰ বক্তব্যৰ ভয়ংকৰ পৰিৱৰ্তন ঘটিছিল। ১

বিপ্লৱৰ লগে লগে ওৰণি লোৱাটো বাধ্যতামূলক কৰা কোনো আনুষ্ঠানিক আইন জাৰি কৰা হোৱা নাছিল যদিও যিহেতু উন্মোচিত মহিলাসকলক প্ৰায়ে হাৰাশাস্তি আৰু হেঁচা দিয়া হৈছিল, সেয়েহে তেওঁলোকৰ বহুতেই হাৰাশাস্তিৰপৰা হাত সাৰিবলৈ ওৰণি বা বোৰ্খা পিন্ধাৰ আশ্ৰয় লৈছিল। ৫

১৯৭৯ চনৰ ৭ মাৰ্চত আয়াতুল্লাহ খোমেইনীয়ে এক ডিক্ৰী জাৰি কৰি সকলো মহিলাই নিজৰ কৰ্মস্থলীত ওৰণি পৰিধান কৰিব লাগিব; তেওঁ লগতে আদেশ দিছিল যে কোনো মহিলাই নিজৰ কৰ্মস্থলী বা কোনো চৰকাৰী কাৰ্যালয়ত ওৰণি নোহোৱাকৈ বা হিজাব পৰিধান নকৰাকৈ প্ৰৱেশ কৰিব নোৱাৰিব। হিজাব বা ওৰণিবিহীন মহিলাক তেওঁ "নগ্নতা" বুলি অভিহিত কৰিছিল। ৭

প্ৰতিবাদ

৮ মাৰ্চৰ পুৱা তেহৰাণৰ নতুন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বাহিৰত হাজাৰ হাজাৰ মহিলা সমবেত হয়। আয়াতুল্লাহ খোমেইনীৰ গৃহ ধৰ্মীয় চহৰ কুমত ৩ হাজাৰ মহিলাই হিজাব বা ওৰণি পৰিধান নকৰাকৈ প্ৰতিবাদ সাব্যস্ত কৰে। এই বিক্ষোভত অধিকাংশই মধ্যবিত্ত আৰু শিক্ষিত আছিল যদিও সকলো শ্ৰেণীৰ মহিলাই অংশগ্ৰহণ কৰে।

মহিলাসকলে নিজৰ অধিকাৰ কৰ্তনৰ প্ৰচেষ্টাৰ বিৰুদ্ধে শ্লোগান দিয়ে, যেনে, "আমি বিপ্লৱক পিছুৱাই যাবলৈ কৰা নাছিলো।" এজন প্ৰতিবাদকাৰীয়ে স্মৰণ কৰি কয়, "আমাৰ মনত কোনো সন্দেহ নাছিল যে এইটোৱেই আমাক দমন কৰাৰ প্ৰথম প্ৰচেষ্টা, আৰু আমি ইয়াৰ বিৰুদ্ধে থিয় দিব লাগিব – মহিলা আৰু বিপ্লৱী দুয়োটা হিচাপে।" আন কিছুমানে ধ্বনি দিলে, "স্বাধীনতাৰ আৰম্ভণিতে স্বাধীনতা নিজেই অনুপস্থিত।" প্ৰতিবাদকাৰীসকলৰ যেতিয়া বিক্ষোভৰ প্ৰদৰ্শন বেছি হোৱাত মহিলাসকলক ভয় প্ৰদৰ্শন কৰিবলৈ তেতিয়া চৰকাৰৰফালৰপৰা বতাহত গুলীচালনা কৰা হৈছিল।

মহিলা প্ৰতিবাদকাৰীক সুৰক্ষা দিবলৈ পুৰুষ সমৰ্থকে তেওঁলোকৰ পদযাত্ৰাৰ চাৰিওফালে মানৱ শিকলি গঠন কৰে। অৱশ্যে এই শিকলিবোৰ কেইবাবাৰো ভাঙি একাংশ প্ৰতিবাদকাৰী আহত হয়। ৰাজপথত প্ৰতিবাদকাৰীয়ে মহিলাসকলক কটাৰী, শিল, ইটা, ভঙা কাঁচ আদিৰে আক্ৰমণ কৰে। পুৰুষ দৰ্শক আৰু বুৰ্কা পৰিহিত মহিলা উভয়ে প্ৰতিবাদকাৰীক নিৰ্যাতন চলায়। এটা বিক্ষোভৰ সময়ত ১৫,০০০ প্ৰতিবাদকাৰীয়ে আদালত গৃহ দখল কৰি তিনি ঘণ্টা ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে আঠটা দাবীৰ তালিকা আবৃত্তি কৰে। তালিকাখনত তেওঁলোকে ইচ্ছামতে সাজ-পোছাক পিন্ধাৰ অধিকাৰ অন্তৰ্ভুক্ত আছিল; পুৰুষৰ সৈতে সমান নাগৰিক অধিকাৰ; ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অধিকাৰৰ ক্ষেত্ৰত বৈষম্যহীনতা; আৰু মহিলাৰ আইনী অধিকাৰ আৰু স্বাধীনতাৰ সম্পূৰ্ণ সুৰক্ষাৰ নিশ্চয়তা।

ইৰাণত প্ৰতিক্ৰিয়া

চৰকাৰ আৰু ইছলামিক নেতাই প্ৰতিবাদ শান্ত কৰাৰ চেষ্টা চলাইছিল। আয়াতুল্লাহৰ সহায়কসকলে প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ কেৱল "বিনয়ী সাজ-পোছাক" পৰিধান কৰাৰ আহ্বান জনাইছে। চৰকাৰৰপৰা মাহমুদ তালেঘানীয়ে হিজাব বলবৎ কৰা নহ'ব, কেৱল উৎসাহিত কৰা হ'ব বুলি জনসাধাৰণক আশ্বস্তু কৰা এই বক্তব্যৰ ফলত প্ৰতিবাদ শান্ত হৈ পৰিল।৮

আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া

এই প্ৰতিবাদসমূহে বহিঃৰাজ্যৰ নাৰীবাদীসকলৰ কিছু সমৰ্থন লাভ কৰিছিল। জাৰ্মানী, ফ্ৰান্স, ইজিপ্ত আৰু আন কেইবাখনো দেশৰ নাৰীবাদীসকলে সংহতি সমিতি (CIDF) গঠন কৰে।৮ছিমন ডি ব'ভ'য়াৰৰ নেতৃত্বত আন্তৰ্জাতিক মহিলা অধিকাৰ সমিতি (যাক সংহতি সমিতি বা চিআইডিএফ বুলিও কোৱা হয়)ৰপৰা এটা প্ৰতিনিধি দল পঠিওৱা হৈছিল।৭

ছাত্ৰ কৰ্মীসকলৰ আমন্ত্ৰণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰীবাদী কেট মিলেটেও এই প্ৰতিবাদত যোগদান কৰে।৭ মিলেটে কয় যে-

তেওঁ কৈছিল "মই ইয়াত আহিছো কাৰণ এইটো হ'ব লাগিছিল।" "এইটোৱেই হৈছে বৰ্তমান ধুমুহাৰ কেন্দ্ৰবিন্দু। সমগ্ৰ বিশ্বৰ মহিলাসকলে চাই আছে। এইটো এটা ইছলামিক জগতখনৰ এটা চুক। যি ঠাইত আমি পোৱাটো আটাইতকৈ কঠিন হ'ব বুলি ভাবিছিলো; আৰু, বাহ, চাওকচোন ই কেনেকৈ আগবাঢ়িছে!

এই প্ৰতিবাদসমূহৰ ওপৰত ১২ মিনিটৰ এখন তথ্যচিত্ৰ প্ৰস্তুত কৰিছিল ফৰাচীৰ এটা উগ্ৰ নাৰীবাদী গোট চাইকোএনালিচিছ এণ্ড পলিটিক্সে। এই গোটৰ সদস্যসকলে এই পদযাত্ৰাত অংশগ্ৰহণ কৰি বাটত যি দেখিছিল তাক চিত্ৰগ্ৰহণ কৰিছিল। সেই ঘটনাবোৰক লৈ এই তথ্যচিত্ৰখনেই হৈছে একমাত্ৰ বিদ্যমান ছবি।

ফল আৰু তাৰ পিছৰ পৰিণতি

কিন্তু ১৯৮১ চনৰ জুন মাহৰ ভিতৰত যেতিয়া বাঁওপন্থী আৰু উদাৰবাদী গোটসমূহ নিৰ্মূল কৰা হয়, ১ আৰু ৰক্ষণশীলসকলে ক্ষমতা সম্পূৰ্ণৰূপে দখল কৰে, তেতিয়া সকলো মহিলাৰ বাবে ওৰণিখন বাধ্যতামূলক কৰা হয়।৩ ইয়াৰ আৰম্ভণি হৈছিল ১৯৮০ চনৰ জুলাই মাহত "কাৰ্যালয়ৰ ইছলামকৰণ"ৰ পৰা, যেতিয়া ওৰণি নথকা মহিলাসকলক চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা ভৱনত প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল; তেওঁলোকে কৰ্মক্ষেত্ৰত ওৰণি নোহোৱাকৈ প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল আৰু তেনে নকৰিলে চাকৰিৰপৰা বৰ্খাস্ত কৰাৰ ভাবুকি দিয়া হৈছিল।[5] ৰাজপথত ওৰণি নথকা মহিলাক আক্ৰমণ কৰিছিল বিপ্লৱীসকলে। ১৯৮১ চনৰ জুলাই মাহত ৰাজহুৱা স্থানত বাধ্যতামূলক পৰ্দা আদেশ জাৰি কৰা হয়; ইয়াৰ পিছত ১৯৮৩ চনত "ইছলামিক দণ্ডবিধি আইন" প্ৰণয়ন কৰা হয়, য'ত ওৰণি নিপিন্ধা মহিলাসকলক শাৰীৰিক শাস্তিৰ ব্যৱস্থা কৰা হয়:২১ "হিজাব অবিহনে ৰাজহুৱা স্থানত উপস্থিত হোৱা মহিলাসকলক ৭৪টা কোবলৈকে শাস্তি দিয়া হ'ব।" ৫ এই আইনখন ৰাজপথত টহল দিয়া "ইছলামিক বিপ্লৱ সমিতি"ৰ সদস্যসকলে বলবৎ কৰিছিল, আৰু পিছলৈ "গাইডেন্স পেট্ৰ'ল" হৈ পৰে।

তেতিয়াৰপৰাই বাধ্যতামূলক পৰ্দাক সমৰ্থন কৰা এনে আইনসমূহ "মহিলাৰ ৰাজনৈতিক সক্ৰিয়তা আৰু মতানৈক্যক পুলিচিং"ৰ এক মূল উপায় হৈ পৰিছে; তেওঁলোকে ১৯৭৯ চনৰ পিছৰ ইৰাণী নেতৃত্বক "বিভিন্ন মতাদৰ্শৰ মহিলা কৰ্মীক হাৰাশাস্তি, ভয়, আক্ৰমণ আৰু কাৰাগাৰত ভৰোৱাৰ" সুবিধাজনক অজুহাতো প্ৰদান কৰিছে। ১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Sadeghi-Boroujerdi, Eskandar. (2023). Iran's uprisings for 'Women, Life, Freedom': Over-determination, crisis, and the lineages of revolt. Politics. পৃ. 6-7
  2. ↑ Sanam Vakil: Women and Politics in the Islamic Republic of Iran: Action and Reaction
  3. ↑ John Foran, Theorizing Revolutions
  4. ↑ El Guindi, Fadwa (1999). Veil: Modesty, Privacy and Resistance, Oxford; New York: Berg Publishers; Bloomsbury Academic, pp. 3, 13–16, 130, 174–176
  5. ↑ Thirty-five years of forced hijab. Justice for Iran
  6. ↑ (21 December 2020). Why Iranian authorities force women to wear a veil. DW
  7. ↑ (March 8, 2019). The Stolen Revolution: Iranian Women of 1979. cbc.ca
  8. ↑ Azadeh Fatehrad, The Poetics and Politics of the Veil in Iran: An Archival and Photographic ...

সম্পৰ্কিত শ্ৰেণী

ইৰাননাৰীৰ অধিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৭৯ চনত তেহৰাণত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰতিবাদ” প্ৰবন্ধৰ সংশোধন ৬০৬২৫৮ (১৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।