সৰ্বভাৰতীয় মহিলা আইনজীৱী সংস্থা বা অল ইণ্ডিয়া ফেডাৰেচন অৱ উইমেন ল'য়াৰ্ছ হৈছে ভাৰতীয় মহিলা উকীলৰ এটা সংস্থা।১ ২০০৭ চনত এই ফেডাৰেচন স্থাপন কৰা হয়।২ ই সমাজ পঞ্জীয়ন আইনৰ অধীনত পঞ্জীয়নভুক্ত সংস্থা। এই ফেডাৰেচন আন্তঃৰাষ্ট্ৰীয় মহিলা আইনজীৱী সংস্থা (ফিডা)ৰ সৈতে জড়িত।
ফেডাৰেচনৰ লক্ষ্য
- ভাৰতৰ সংবিধান ৰক্ষা কৰা আৰু আইনৰ শাসন ৰক্ষাৰ বাবে কাম কৰা।
- ন্যায়পালিকাৰ স্বাধীনতা বজাই ৰখা আৰু ন্যায় প্ৰশাসনত অধিক কাৰ্যক্ষমতা নিশ্চিত কৰা।
- বিশেষকৈ আইন প্ৰণয়নৰ জৰিয়তে মহিলা আৰু শিশুৰ অধিকাৰ আৰু কল্যাণক প্ৰসাৰ কৰা আৰু তেওঁলোকৰ অধিকাৰৰ ব্যৱহাৰত সহায় কৰা।
- মহিলা অধিবক্তাৰ মৰ্যাদা, স্বাৰ্থ, প্ৰতিপত্তি, অধিকাৰ আৰু বিশেষাধিকাৰ আৰু মৰ্যাদাক সমৰ্থন, সুৰক্ষা আৰু ৰক্ষা কৰা।
- ন্যায়বিজ্ঞান আৰু তুলনামূলক আইন বিজ্ঞানৰ অধ্যয়নক প্ৰসাৰ কৰা।
- বিভিন্ন দেশ আৰু বিশেষকৈ মহিলা আৰু শিশু সম্পৰ্কীয় আইনসমূহৰ জ্ঞানৰ প্ৰসাৰ অধিক আগুৱাই নিয়া।
- সকলো কেন্দ্ৰীয় আৰু ৰাজ্যিক আইন আৰু বিশেষকৈ মহিলা আৰু শিশুৰ অধিকাৰ, বিশেষাধিকাৰ আৰু স্বাৰ্থ সম্পৰ্কীয় বা প্ৰভাবিত কৰা আইনসমূহৰ ওপৰত অধ্যয়ন আৰু মতামত প্ৰকাশ কৰা।
- ন্যায়ৰ সুবিধা কম খৰচী কৰি তুলিবলৈ চেষ্টা কৰা।৩
ফেডাৰেচনৰ সভাপতিসকল
শ্ৰীমতী শীলা অনিশ ফেডাৰেচনৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল আৰু এতিয়া তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা উকীল ফেডাৰেচনৰ সঞ্চালিকা।৪ অতীতৰ আন আন সভাপতিসকলৰ ভিতৰত ভিপি সীমান্দিনী, এম ভাস্কৰলক্ষ্মী, কে সান্তাকুমাৰী, অমি য়াগনিক আৰু ইন্দ্ৰায়নী পাটানি অন্যতম।৫ বৰ্তমানৰ সভানেত্ৰী হেমলতা মহিষী এগৰাকী প্ৰেকটিচিং উকীল। বহুতো অতীতৰ সভাপতি আৰু অন্যান্য বিষয়ববীয়াই নিজ নিজ ৰাজ্যভিত্তিক মহিলা উকীলৰ ফেডাৰেচনৰ সভাপতি হৈ আহিছে।
ফেডাৰেচনৰ সন্মিলনসমূহ
ফেডাৰেচনৰ বিগত সন্মিলনসমূহৰ ভিতৰত আছিল বাংগালুৰুত অনুষ্ঠিত এছিয়া মহিলা উকীল সন্মিলন, ছেপ্টেম্বৰ ২০০৭; আৰু কোচি (ডিচেম্বৰ ২০০৯), হায়দৰাবাদ (জানুৱাৰী ২০১১), চেন্নাই (জানুৱাৰী ২০১২), মুম্বাই (ডিচেম্বৰ ২০১৩), বাংগালুৰু (নৱেম্বৰ ২০১৪), আৰু আহমেদাবাদ (ছেপ্টেম্বৰ ২০১৭)ত অনুষ্ঠিত হোৱা এআইএফডব্লিউএল ৰাষ্ট্ৰীয় সন্মিলন।৬
ফেডাৰেচনে ২০০৭ চনৰ ছেপ্টেম্বৰ মাহত বাংগালুৰুত এছিয়া মহিলা উকীল সন্মিলনৰ আয়োজন কৰে,৭ য'ত ভাৰতৰ মুখ্য ন্যায়াধীশ কে.জি.বালাকৃষ্ণন আৰু কৰ্ণাটকৰ মুখ্য ন্যায়াধীশ চাইৰিয়াক জোচেফ উপস্থিত আছিল।৮ ফেডাৰেচনে ৰাষ্ট্ৰীয় আইন সেৱা কৰ্তৃপক্ষৰ সৈতে যৌথভাৱে ২০০৮ চনৰ ১৬ মাৰ্চত গাৰ্ল চাইল্ডৰ ওপৰত এখন আলোচনা-চক্ৰৰ আয়োজন কৰিছিল আৰু ই সংবাদ মাধ্যমৰ কভাৰ পেজত বন্দী হৈছিল আৰু আলোচনা-চক্ৰখন জনসাধাৰণৰ দৃষ্টিগোচৰ হৈছিল। ২০০৮ চনত ইটালীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মহিলা উকীল সন্মিলনত প্ৰতিনিধিত্ব কৰিছিল এআইএফডব্লিউএলৰ সদস্যসকলে। ২০০৯ চনত কোচিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সন্মিলনত ভি.পি.সীমন্দিনি ফেডাৰেচনৰ তেতিয়াৰ সভাপতি আছিল। লে মেৰিডিয়েন আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰত অনুষ্ঠিত হয় এই সন্মিলন। ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল সেই সন্মিলনত মুখ্য অতিথি আছিল।৯১০ ২০১২ চনত যেতিয়া চেন্নাইত ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল, তেতিয়া অধিবক্তা কে সান্তাকুমাৰী ফেডাৰেচনৰ সভাপতি আছিল।১১
তথ্যসূত্ৰ
- ↑ American Bar Association
- ↑ Website AIFWL
- ↑ All India Federation of Women Lawyers
- ↑ News Deccan Herald 14 April 2012
- ↑ All India Federation of Women Lawyers
- ↑ AIFWL: Conferences
- ↑ News The Hindu 20 September 2007
- ↑ The Hindu 22 September 2007
- ↑ News The Hindu 28 December 2009
- ↑ News The Hindu 24 December 2009
- ↑ News The Hindu 7 January 2012
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বভাৰতীয় মহিলা আইনজীৱী সংস্থা” প্ৰবন্ধৰ সংশোধন ৬৪০৩১০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।