অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

হেড টাই

হেড টাই, যাক হেডৰেপ বুলিও কোৱা হয়, মহিলাৰ কাপোৰৰ হেড স্কাৰ্ফ; যি সাধাৰণতে পশ্চিম আফ্ৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ বহু ঠাইত পৰিধান কৰা হয়। হেড টাইক অলংকাৰিক হেড কভাৰিং বা ফেশ্বন এক্সেচৰিজ হিচাপে ব্যৱহাৰ কৰা হয় বা বিভিন্ন ধৰণৰ উপযোগিতাৰ বাবে ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ১৪ মাৰ্চ ২০২৪ ৩৫৭ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ
আইভৰিয়ান মহিলাৰ হেড-টাই
আইভৰিয়ান মহিলাৰ হেড-টাইছবি: Steve Evans from India and USA · CC BY 2.0
ইয়োৰুবা মহিলাৰ গেলে নামৰ হেড টাই
ইয়োৰুবা মহিলাৰ গেলে নামৰ হেড টাইছবি: Jamie Tubers · CC BY-SA 4.0

হেড টাই, যাক হেডৰেপ বুলিও কোৱা হয়, মহিলাৰ কাপোৰৰ হেড স্কাৰ্ফ; যি সাধাৰণতে পশ্চিম আফ্ৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ বহু ঠাইত পৰিধান কৰা হয়। হেড টাইক অলংকাৰিক হেড কভাৰিং বা ফেশ্বন এক্সেচৰিজ হিচাপে ব্যৱহাৰ কৰা হয় বা বিভিন্ন ধৰণৰ উপযোগিতাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ ব্যৱহাৰ বা অৰ্থ ইয়াক পিন্ধাসকলৰ দেশ আৰু/বা ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হ'ব পাৰে।

ইহুদী মহিলাসকলৰ মাজত চুলি ঢাকিবলৈ বাইবেলৰ উৎস বামিদবাৰ পাৰ্শ্বাছ নাছ'ৰ এখন কিতাপ তওৰাতৰ পৰা আহিছে; য'ত ইয়াৰ উৎস, বিবাহিত মহিলাৰ চুলি ঢাকি ৰখাৰ বাধ্যবাধকতা সম্পৰ্কে আছে। বৰ্ণিত কাহিনীত ইছা ছ’তাহ এনে এগৰাকী মহিলা, যাৰ স্বামীয়ে তেওঁক অনৈতিক কাম কৰা বুলি সন্দেহ কৰে। তওৰাহে কোহেইনক বিভিন্ন পদক্ষেপ ল’বলৈ আদেশ দিছে, যাতে ছ’তাহে বেছিভাগ বিবাহিত ইহুদী মহিলাৰ বিনয়ী আৰু নিষ্ঠাবান পথৰ পৰা বিচ্যুত হৈছে নেকি চাব পাৰে। পদ্ধতিসমূহৰ ভিতৰত পাছুকত স্পষ্টকৈ লিখা আছে: "ufora es rosh haisha..." আৰু তেওঁ মহিলাগৰাকীৰ মূৰৰ চুলি উন্মুক্ত কৰিব লাগিব। আগতে ঢাকি ৰখা কিবা এটাহে উন্মোচন কৰিব পাৰি; এই ক্ষেত্ৰত তওৰাতে বিবাহিত মহিলাৰ চুলিক বুজাইছে।১ আফ্ৰিকা আৰু কেৰিবিয়ানৰ দৰে বিশ্বৰ কিছুমান বিশেষ অঞ্চলৰ খ্ৰীষ্টান মহিলাসকলৰ মাজত ১ কৰিন্থীয়া পদৰ আজ্ঞা পালনৰ বাবে হেড টাইৰে মূৰ ঢাকি ৰখাধৰণে পিন্ধা হয়।২

পশ্চিম আফ্ৰিকাত

নাইজেৰিয়াত হেড-টাইবোৰক গেলে (ইয়োৰুবা ভাষাৰ শব্দ আৰু সাজ-পোছাক) বুলি জনা যায় আৰু ই যথেষ্ট ডাঙৰ আৰু আলংকাৰিক হ’ব পাৰে। যদিও গেলে দৈনন্দিন কাম-কাজৰ বাবে পিন্ধিব পাৰি, বিশেষ আলংকাৰিক গেলে বিয়া, বিশেষ অনুষ্ঠান আৰু গীৰ্জাৰ কামত পিন্ধিব পাৰি।৩ ইয়াক সাধাৰণতে নিয়মীয়া কাপোৰতকৈয়ো দৃঢ় বস্তুৰে তৈয়াৰ কৰা হয়। বিশেষকৈ অধিক জাকজমকীয়া অনুষ্ঠানৰ বাবে পিন্ধিলে ই সাধাৰণতে মহিলাৰ গোটেই চুলিৰ লগতে কাণো ঢাকি ৰাখে। উন্মুক্ত অংশটো হ’ল কেৱল পিন্ধোতা মহিলাৰ মুখখন আৰু কাণৰ তলৰ অংশত থকা কাণফুলি। গেলেৰ লগত পৰম্পৰাগত স্থানীয় সাজ-পোছাক থাকে, যাৰ আৰ্হি হেডটাইৰ দৰে একে আৰ্হিৰ হ'ব পাৰে বা নহ'বও পাৰে।৩

ঘানাত ডুকু পিন্ধাৰ সুযোগ সাধাৰণতে শুকুৰবাৰ, শনিবাৰ বা দেওবাৰৰ ধৰ্মীয় দিনত পৰে। এইটো নিৰ্ভৰ কৰে পিন্ধাসকল মুছলমান, গীৰ্জাৰ ধৰ্মযাজক নে কেৱল দেওবাৰৰ গীৰ্জালৈ যোৱা খ্ৰীষ্টান নেকি তাৰ ওপৰত।

দক্ষিণ আফ্ৰিকাত

দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াত গ্ৰাম্য অঞ্চলৰ বেছিভাগ বৃদ্ধ স্থানীয় মহিলাৰ মাজত ব্যৱহাৰ কৰা পৰম্পৰাগত মূৰ ঢাকিবলৈ আফ্ৰিকান শব্দ doek (অৰ্থাৎ "কাপোৰ") নামৰ কাপোৰ ব্যৱহাৰ কৰা হয়। নাইজেৰিয়ান শৈলীৰ তুলনাত মালাউইৰ হেড-টাই সাধাৰণতে সৰু আৰু পৰিশীলিত। অন্ত্যেষ্টিক্ৰিয়াৰ দৰে বিশেষ অনুষ্ঠানত মহিলাসকলে ডুকু পিন্ধে। চুলিৰ বেণী গুঠি থকা চহৰীয়া মহিলাসকলেও সংস্কৃতিৰ প্ৰতি সন্মানৰ জনাবলৈ গ্ৰাম্য অঞ্চললৈ গ’লে ডুকু পিন্ধে। তদুপৰি, মহিলাসকলে চুলি ঠিকে ৰাখিবলৈ ৰাতি শোৱাৰ সময়ত ডুকু পিন্ধিব পাৰে।৪ দক্ষিণ আফ্ৰিকাৰ গীৰ্জাৰ প্ৰাৰ্থনাৰ সময়ত মহিলাসকলে মূৰ ঢাকিবলৈ বগা "ডুকু" পিন্ধিব পাৰে। দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় পেণ্টেকোষ্টাল গীৰ্জাত বিবাহিত মহিলাসকলে বগা ‘ডুকু’ পিন্ধে।

জিম্বাবৱে আৰু দক্ষিণ আফ্ৰিকাৰ শ্বাংগান মহিলাসকলে ফেশ্বনৰ আনুষংগিক সামগ্ৰী হিচাপে ‘ডুকু’ পিন্ধে।৫৬ জিম্বাবৱেৰ অন্যান্য সামাজিক অনুষ্ঠানত মহিলাসকলে ডুকু পিন্ধিব পাৰে।৬

উইটৱাটাৰছ্ৰেণ্ড ইনষ্টিটিউট ফৰ ছ'চিয়েল এণ্ড ইকনমিক ৰিচাৰ্চৰ অধ্যাপিকা হ্লনিফা মকোয়েনাৰ মতে,৭ ঐতিহাসিকভাৱে বহু উপনিৱেশিক এলেকাৰ কৃষ্ণাংগ মহিলাৰ ওপৰত বিদেশী বগা পুৰুষৰ কামুকতাৰ পৰা নিজক বচাবলৈ নীতি-নিয়ম বা সামাজিক আইনৰ দোহাই দি ড'ক বা হেডস্কাৰ্ফ জাপি দিয়া হৈছিল।৮ ২০১৬ চনত দক্ষিণ আফ্ৰিকাৰ বিভিন্ন ঠাইত থকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত FeesMustFall আন্দোলনৰ জৰিয়তে ড’ক পিন্ধা ব্যৱস্থাৰ পুনৰ উত্থান ঘটিছিল।৯১০

তথ্যসূত্ৰ

  1. ↑ Reiss, Breindy. (28 June 2012). The Torah Source For Covering One's Hair
  2. ↑ Lum, Kenneth Anthony. (18 January 2000). Praising His Name In The Dance: Spirit Possession in the Spiritual Baptist Faith and Orisha Work in Trinidad, West Indies. Routledge. পৃ. 224. ISBN 978-1-136-76630-5
  3. ↑ Make Up by Marah. www.marahglitz.co.za
  4. ↑ (2016-06-13). African Head Gear and African Identity. Global Black History
  5. ↑ "Shangaan Woman". Evan Church
  6. ↑ D., Cannon. (19 April 2000). Culture of Zimbabwe. East Buchanan Community School District
  7. ↑ Hlonipha Mokoena. WiSER. Wits Institute for Social & Economic Research, University of Witwatersrand
  8. ↑ Khoabane, Rea. (31 January 2016). Doeks: mark of a good woman – or a bad hair day?. Sunday Times. TimesLIVE
  9. ↑ Khoabane, Rea. (2 June 2016). The doek - more than just a fashion statement. Sowetan LIVE. Tiso Blackstar Group
  10. ↑ Pumza Fihlani. (11 June 2016). How South African women are reclaiming the headscarf. BBC News

সম্পৰ্কিত শ্ৰেণী

বস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেড টাই” প্ৰবন্ধৰ সংশোধন ৪১১৮০৩ (১৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।