অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

হিন্দী দিৱস

হিন্দী দিৱস (हिन्दी दिवस) প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ ১৪ তাৰিখে ভাৰতত পালন কৰা হয়। সাধাৰণতে এই দিৱস কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, ফাৰ্ম, বিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানত এই দিৱস পালন কৰা হয়। হিন্দী ভাষাৰ চৰ্চাৰে ইয়াৰ উৎকৰ্ষ সাধন কৰা এই দিৱসৰ মূল উদ্দেশ্য।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

হিন্দী দিৱস (हिन्दी दिवस) প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ ১৪ তাৰিখে ভাৰতত পালন কৰা হয়। সাধাৰণতে এই দিৱস কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, ফাৰ্ম, বিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানত এই দিৱস পালন কৰা হয়।১ হিন্দী ভাষাৰ চৰ্চাৰে ইয়াৰ উৎকৰ্ষ সাধন কৰা এই দিৱসৰ মূল উদ্দেশ্য। বিভিন্ন অনুষ্ঠান তথা প্ৰতিযোগিতাৰে এই দিৱস পালন কৰা হয়।

ইতিহাস

হিন্দী বিশ্বৰ প্ৰায় ২৫.৮ কোটি মানুহৰ মাতৃভাষা তথা বিশ্বৰ সকলোতকৈ বেছি ব্যৱহাৰ হোৱা ভাষা সমূহৰ ভিতৰত চতুৰ্থ। ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ সংবিধান প্ৰস্তাৱনা সমিতিয়ে দেৱনাগৰী লিপিৰে লিখা হিন্দীক ভাৰত চৰকাৰৰ চৰকাৰী ভাষা ৰূপে স্বীকৃতি দিয়ে। ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে সংবিধান গ্ৰহণ কৰাৰ লগে লগে হিন্দী ভাৰত চৰকাৰৰ অন্যতম চৰকাৰী ভাষা ৰূপে স্বীকৃতি লাভ কৰিলে। সংবিধানৰ ৩৪৩ নং দফাত দেৱনাগেৰী লিপিৰে লিখা হিন্দী ভাৰত চৰকাৰৰ চৰকাৰী ভাষা ৰূপে উল্লেখ আছে। সেয়ে ১৪ ছেপ্টেম্বৰ দিনটো গোটেই ভাৰতত হিন্দী দিৱস ৰূপে পালন কৰা হয়। উল্লেখযোগ্য যে বৰ্তমান ভাৰতত ২২টা সংবিধান স্বীকৃত ভাষা আছে। তাৰে ভিতৰত হিন্দী আৰু ইংৰাজী ভাৰত চৰকাৰৰ চৰকাৰী ভাষা। বাকী ভাষা সমূহ আঞ্চলিক চৰকাৰী ভাষা ৰূপে ব্যৱহাৰ হয়।

উল্লেখযোগ্য অনুষ্ঠান

এই দিৱসৰ কিছুমান উল্লেখযোগ্য অনুষ্ঠান হল:

  • হিন্দী দিৱসত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে হিন্দীৰ লগত সম্পৰ্কিত বিভিন্ন ভাগত বঁটা আগবঢ়ায়।
  • বিভাগীয় মন্ত্ৰী, বিভাগ, চৰকাৰী উদ্যোগ প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয়কৃত বেংকক ৰাজভাষা বঁটা প্ৰদান কৰা হয়।২

ভাৰতৰ গৃহ মন্ত্ৰণালয়ে ২০১৫ সোণৰ ২৫ মাৰ্চ তাৰিখে প্ৰতি বছৰে প্ৰদান কৰা দুটা বঁটাৰ নাম সলনি কৰে। ১৯৮৬ চনত আৰম্ভ কৰা 'ইন্দিৰা গান্ধী ৰাজভাষা পুৰস্কাৰ'ৰ পৰা 'ৰাজভাষা কীৰ্তি পুৰস্কাৰ' আৰু 'ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় জ্ঞান-বিজ্ঞান মৌলিক পুস্তক লেখন পুৰস্কাৰ'ৰ পৰা 'ৰাজভাষা গৌৰৱ পুৰস্কাৰ'ৰলৈ সলনি কৰা হৈছে।৩

তথ্যসূত্ৰ

  1. ↑ (14 Sep 2014). Hindi-rance Diwas: Making a case to celebrate bhasha, not rajbhasha. The Economic Times
  2. ↑ (15 Sep 2014). India observed Hindi Divas on 14 September. Jagran Josh
  3. ↑ (21 April 2015). Names of Indira Gandhi, Rajiv Gandhi knocked off Hindi Diwas awards. The Economic Times

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহহিন্দী ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিন্দী দিৱস” প্ৰবন্ধৰ সংশোধন ৬২৯১৬৪ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।