অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

হাঁহৰ তেজ আৰু ভাৰ্মিকেলি চুপ

হাঁহৰ তেজ আৰু ভাৰ্মিকেলি চুপ (চীনা: 鸭血粉丝汤) হৈছে জাংছু প্ৰদেশৰ ৰাজধানী নানজিঙৰ এক পৰম্পৰাগত সুস্বাদু খাদ্য, আৰু ইয়াক চীনৰ অন্যান্য প্ৰান্ততো খোৱা হয়। পোলেণ্ড, বেলাৰুছ আৰু লিথুৱানিয়াতো ইয়াৰ সৈতে মিল থকা এটা ব্যঞ্জন খোৱা হয়, য’ত ইয়াক জাৰনিনা বুলি কোৱা হয়।

হালনাগাদ: ২২ ছেপ্তেম্বৰ ২০২৬ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

হাঁহৰ তেজ আৰু ভাৰ্মিকেলি চুপ (চীনা ভাষা: 鸭血粉丝汤) হৈছে জাংছু প্ৰদেশৰ ৰাজধানী নানজিঙৰ এক পৰম্পৰাগত সুস্বাদু খাদ্য, আৰু ইয়াক চীনৰ অন্যান্য প্ৰান্ততো খোৱা হয়। পোলেণ্ড, বেলাৰুছ আৰু লিথুৱানিয়াতো ইয়াৰ সৈতে মিল থকা এটা ব্যঞ্জন খোৱা হয়, য’ত ইয়াক জাৰনিনা বুলি কোৱা হয়।১

কিংবদন্তি

হাঁহৰ তেজ আৰু ভাৰ্মিকেলি চুপ নানজিঙৰ এক পৰম্পৰাগত খাদ্য। কোৱা হয় যে এসময়ত নানজিঙত এজন দৰিদ্ৰ লোক আছিল। তেওঁ এটা হাঁহ মাৰি হাঁহৰ তেজখিনি ৰাখিবলৈ এটা বাটি ব্যৱহাৰ কৰিছিল, কিন্তু দুৰ্ঘটনাবশতঃ বাতিটোত কিছু ভাৰ্মিকেলি (চাউলৰ চেৱৈ) পৰি গৈছিল। তেওঁ সেইবোৰ একেলগে ৰান্ধি গম পালে যে চুপটো আচৰিত ধৰণৰ সুস্বাদু হৈছে। এজন চহকী মানুহে এই কথা শুনি সেই দৰিদ্ৰ লোকাজনক নিজৰ পৰিয়ালৰ বাবে এই ব্যঞ্জনবিধ ৰান্ধিবলৈ কামত মকৰল কৰে।২

উপাদানসমূহ

এই চুপটো প্ৰস্তুত কৰিবলৈ হাঁহৰ তেজ, ভাৰ্মিকেলি, শুকানকৈ ভজা টফু, শুকুৱাই থোৱা সৰু মিছামাছ, হাঁহৰ গিলা (gizzards), হাঁহৰ অন্ত্ৰ, হাঁহৰ কলিজা, নহৰু পাত আৰু ধনিয়া ব্যৱহাৰ কৰা হয়।২ নানজিঙত কেতিয়াবা চুপৰ আধাৰত জলকীয়া তেল আৰু ভিনেগাৰো যোগ কৰা হয়।

আচল বা খাঁটি হাঁহৰ তেজ আৰু ভাৰ্মিকেলি চুপ বিশটাতকৈও অধিক চীনা ভেষজ ঔষধ বা বনৌষধিৰ সৈতে ৰন্ধা হয়। যিসকলে ইয়াক এইদৰে প্ৰস্তুত কৰে, তেওঁলোকৰ একাংশই বিশ্বাস কৰে যে এই উপাদানসমূহে তেজৰ চলাচল বৃদ্ধি কৰে, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায় আৰু সৌন্দৰ্য ধৰি ৰাখে, লগতে হজম প্ৰক্ৰিয়াত সহায় কৰে আৰু পাকস্থলী গৰম কৰি ৰাখে।৩

ইয়াৰ প্ৰধান উপাদান ভাৰ্মিকেলি মিঠা আলুৰ পৰা তৈয়াৰ কৰা হয়। ই মিহি, কোমল আৰু আঠালতীয়া হয়। অন্যান্য উপাদানসমূহ হ’ল হাঁহৰ তেজ, ভজা শুকান টফু, শুকান সৰু মিছামাছ, হাঁহৰ গিলা, হাঁহৰ অন্ত্ৰ আৰু হাঁহৰ কলিজা। নিমখ, পিঁয়াজ, আদা, তিল তেল আৰু জীৰা ইয়াৰ সাধাৰণ মছলা।

তথ্যসূত্ৰ

  1. ↑ Pang, Kevin; Borrelli, Christopher. (October 27, 2011). There will be blood. Chicago Tribune
  2. ↑ 南京鸭血粉丝汤
  3. ↑ "补血、清热解毒的不二的美食选择鸭血粉丝汤" Accessed November 2011

সম্পৰ্কিত শ্ৰেণী

চীনা ৰন্ধনপ্ৰণালীখাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাঁহৰ তেজ আৰু ভাৰ্মিকেলি চুপ” প্ৰবন্ধৰ সংশোধন ৬৩৬৬১৬ (২২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।