স্বতন্ত্ৰ মহিলা মঞ্চ (Independent Women's Forum) হৈছে মহিলাসকলৰ বাবে চিন্তা-উদ্ৰেককাৰী অৰ্থনৈতিক নীতি-জড়িত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰক্ষণশীল, অ-লাভজনক সংস্থা।১২ ১৯৯২ চনত ক্লেৰেন্স থমাছৰ বিতৰ্কিত উচ্চতম ন্যায়ালয়ৰ মনোনয়নৰ পিছত "নাৰীবাদী নীতিৰ ৰক্ষণশীল বিকল্প" প্ৰচাৰৰ বাবে কৰ্মী ৰোজালি ছিলবাৰমেনে এই মঞ্চ প্ৰতিষ্ঠা কৰিছিল।৩ স্বতন্ত্ৰ মহিলা মঞ্চৰ ভগ্নী সংগঠন হৈছে ৫০১(গ)(৪)সংস্থা স্বতন্ত্ৰ মহিলা কণ্ঠ (Independent Women's Voice,IWV)।
গোটটোৱে "সমানতা নাৰীবাদ"ৰ ( Equity feminism) পোষকতা কৰে, যিটো শব্দ আই ডব্লিউ এফৰ লেখিকা ক্ৰীষ্টিনা হফ ছমাৰ্ছে প্ৰথমে "পৰম্পৰাগত, ধ্ৰুপদীভাৱে উদাৰ, মানৱতাবাদী নাৰীবাদ"ক "লিংগ নাৰীবাদ"ৰ পৰা পৃথক কৰিবলৈ ব্যৱহাৰ কৰিছিল৷৪ এই বিষয়ে তেওঁ 'Who stole feminism?'ত লিখিছিল৷ ছমাৰ্ছৰ সমানতা নাৰীবাদক সমালোচকসকলে নাৰীবিৰোধী বুলি অভিহিত কৰিছে।৫৬
উৎপত্তি আৰু ইতিহাস
১৯৯২ চনত ৰোজালি ছিলবাৰমেন, অনিতা কে ব্লেয়াৰ আৰু বাৰ্বাৰা অলচনে স্বতন্ত্ৰ মহিলা মঞ্চ প্ৰতিষ্ঠা কৰিছিল৷ আই ডব্লিউ এফ "জজ থমাছৰ বাবে মহিলা" নামৰ ad hoc গোটৰ পৰা গঢ় লৈ উঠিছিল। যৌন নিৰ্যাতন আৰু অন্যান্য যৌন ভিত্তিক অবৈধ আচৰণৰ অভিযোগৰ বিৰুদ্ধে আৰু ইইঅ'চিৰ অধ্যক্ষ হিচাপে কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আৰু বৈষম্যৰ বিৰুদ্ধে আইন বলবৎ কৰিবলৈ অস্বীকাৰ কৰা ক্লেৰেন্স থমাছক ইয়াক শক্তিশালী কৰিবলৈ ইয়াৰ সৃষ্টি কৰা হৈছিল।৩৭১৯৯৬ চনলৈকে সংস্থাটোৰ প্ৰায় ৭০০ জন ধন পৰিশোধ কৰা সদস্য আছিল যিয়ে নিয়মিতভাৱে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত একত্ৰিত হৈ নানান চিন্তা আৰু ধাৰণাৰ ভাগ-বতোৱাৰা কৰিছিল।৮ ছিলবাৰমেন মঞ্চখনৰ প্ৰথম সভাপতি আছিল৷ পৰৱৰ্তী নেতাসকলৰ ভিতৰত আছে নেন্সি ফ'টেনহাউৰ আৰু অনিতা ব্লেয়াৰ। সংস্থাটোৰ বৰ্তমানৰ সভাপতি কেৰী লুকাছ।৯আই ডব্লিউ এফক "ৱাশ্বিংটনৰ ৰিপাব্লিকান প্ৰতিষ্ঠানৰ ভাৰ্চুৱেল 'Who's Who'" বুলি অভিহিত কৰা হৈছে।১০ ২০০৬ চনত এই সংস্থাটোৰ সদস্য আছিল ২০,৩৩৭ জন আৰু বাজেট আছিল ১.০৫ মিলিয়ন ডলাৰ।৯১১
ঘৰুৱা নীতি আৰু কাৰ্যসূচী
আমেৰিকাৰ স্বাস্থ্যসেৱা নীতি
২০০৯ চনত আই ডব্লিউ এফে ইউটিউব আৰু আঠখন ৰাজ্যত চলোৱা এটা ৰাজনৈতিক বিজ্ঞাপন প্ৰস্তুত কৰি যুক্তি দিছিল যে যদিহে আমেৰিকাৰ স্বাস্থ্যসেৱাত চৰকাৰী পুঁজিৰে বিকল্প অন্তৰ্ভুক্ত কৰা হয় তেন্তে "৩ লাখ স্তন কেন্সাৰ ৰোগী আমেৰিকান মহিলাৰ মৃত্যু হ'ব পাৰে"।১২১৩ FactCheck.org এ আই ডব্লিউ এফৰ বিজ্ঞাপনটোক "মহিলাৰ ভয়ৰ প্ৰতি ভুৱা আবেদন" বুলি অভিহিত কৰা হৈছিল, য'ত আই ডব্লিউ এফৰ বিজ্ঞাপনটোক পুৰণি পৰিসংখ্যা, ভুল যুক্তি আৰু ভুৱা ইংগিতৰ ওপৰত নিৰ্ভৰশীল" বুলি বিবেচনা কৰা হৈছিল।১৪
আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচী

প্ৰতিষ্ঠাৰ কালৰে পৰাই আইডব্লিউএফে আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজত ইয়াৰ বাৰ্তা প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা বহুতো সন্মিলন, পেনেল আৰু অন্যান্য কাৰ্যসূচীৰ পৃষ্ঠপোষকতা কৰি আহিছে। ইয়াৰ ভিতৰত মূলতঃ ইৰাক১৫আৰু আফগানিস্তানৰ দৰে দেশসমূহত আলোচনা কৰা বা সংঘটিত হোৱা কাৰ্যকলাপ আৰু অনুষ্ঠানসমূহ অন্তৰ্ভুক্তি তথা গণতন্ত্ৰত মহিলাৰ অংশগ্ৰহণক প্ৰসাৰিত কৰাত গুৰুত্ব দিয়া হয়।১৬
আন্তঃৰাষ্ট্ৰীয় মহিলা কাৰ্যসূচী আৰু পদক্ষেপতো আই ডব্লিউ এফৰ হাত আছে। উদাহৰণস্বৰূপে, "২০০২ চনৰ বসন্ত কালত আই ডব্লিউ এফৰ সভানেত্ৰী নেন্সি ফ'টেনহাউৰক আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছে ৰাষ্ট্ৰসংঘৰ মহিলাৰ অৱস্থা আয়োগৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়ে।"১৭
পুঁজিৰ ব্যৱস্থা
স্বতন্ত্ৰ মহিলা মঞ্চলৈ পুঁজি আগবঢ়োৱা দাতাসকলৰ ভিতৰত আছে ড'নাৰ্ছ ট্ৰাষ্ট, জন উইলিয়াম পোপ সংস্থা, লিণ্ড আৰু হেৰী ব্ৰেডলি সংস্থা, স্কাইফ সংস্থা, ৰেণ্ডলফ সংস্থা আৰু জন এম অলিন সংস্থা।১৮১৯২০ আন এটা প্ৰধান পৃষ্ঠপোষক হৈছে চাৰ্লছ কোচ ইনষ্টিটিউট৷ আনহাতে ফেচবুক, ডিক ডিভ'ছ আৰু ৱালটন ফেমিলি সংস্থাইও সংস্থাটোক ধন দিছে।২১
পৰিষদৰ সদস্যসকল

পৰিষদৰ অধ্যক্ষসকল হৈছে ব্যৱসায়ী হিদাৰ হিগিন্স আৰু অন্যান্য সদস্য ইভন বয়চ, কেলিয়ান কনৱে (অস্থায়ী ছুটী), জিওভানা কুগনাস্কা, নান হেৱৰ্থ, লেৰী কুডল' আৰু এডেল মালপাছ।২২সংস্থাটোৰ সঞ্চালক এমেৰিটাসকলৰ ভিতৰত আছে আমেৰিকাৰ প্ৰাক্তন দ্বিতীয় মহিলা লিন ভি চেনী, লেখিকা মিডজ ডেক্টাৰ, কিম্বাৰ্লি অ’ ডেনিছ, অৰ্থনীতিবিদ ৱেণ্ডী লি গ্ৰেম, এলিজাবেথ লুৰী, সাংবাদিক কেট অ’বেয়াৰ্নে, নেন্সি ফ’টেনহাউৰ, চেলি পাইপছ, মাইকেলন ৰাইট, ৰেণ্ডী ছিলবাৰমেন, আৰু লুইজ ভি অলিভাৰ।২২
তথ্যসূত্ৰ
- ↑ Schreiber, Ronnee. (2008). Righting Feminism: Conservative Women and American Politics. Oxford University Press. ISBN 9780195331813 Publisher's details.
- ↑ See also: * Holley, Joe. (February 21, 2007). Rosalie Silberman; Created Independent Women's Forum. The Washington Times "The idea for the IWF was to provide a conservative alternative to feminist tenets." * Tabor, Nathan. (January 23, 2007). WF in the News: Strong Women for a Strong America. iwf.org. Independent Women's Forum "However, our visitor from another planet would be surprised to discover there are many groups out there that represent conservative women who believe in equality but shun socialism and big government. One of those organizations is the Independent Women's Forum." * Schreiber, Ronnee. (October 2002). [https://archive.org/details/sim_sex-roles_2002-10_47_7-8/page/331 Injecting a woman's voice: Conservative w
- ↑ Holley, Joe. (February 21, 2007). Rosalie Silberman; Created Independent Women's Forum. Washington Post
- ↑ Hoff Sommers, Christina. (1995). Who Stole Feminism?. Touchstone/Simon & Schuster. পৃ. 22. ISBN 9780671794248
- ↑ Chapin, Bernard. (February 7, 2007). Post Super Bowl Feminism. The American Spectator
- ↑ Pozner, Jennifer. (1997). Uncovering the Right on Campus: a Guide to Resisting Conservative Attacks on Equality and Social Justice. Center for Campus Organizing. ISBN 9780945210078 Excerpt. via Internet Archive
- ↑ (May 27, 2005). IWF Celebration Dinner and Woman of Valor Award. Independent Women's Forum
- ↑ Spindel, Barbara. (2003). Conservatism as the "Sensible Middle": The Independent Women's Forum, Politics, and the Media. Social Text. পৃ. 99
- ↑ (August 11, 1996). Independent Women; Independent Women's Forum Members speak out on their views of feminism vs. the traditional. 60 Minutes
- ↑ McVeigh, Karen. (January 10, 2012). Does the GOP have a problem with women?. The Guardian
- ↑ Schreiber, Ronnee. (2011). Crisis of Conservatism? The Republican Party, the Conservative Movement, & American Politics After Bush. Oxford University Press. পৃ. 134–135. ISBN 9780199764020
- ↑ Rachel Maddow Show. MSNBC (Microsoft and NBC Universal)
- ↑ Kurokawa, Nicole. (August 20, 2009). IWF in the News: Battling Cancer Under Obamacare. iwf.org. Independent Women's Forum
- ↑ (September 4, 2009). A False Appeal to Women's Fears. FactCheck.org
- ↑ Project: Women in Iraq: The War in Iraq, The War Against Terrorism, and The Fight for Democratic Freedom. iwf.org. Independent Women's Forum
- ↑ Lukas, Carrie; Noory, Lida. (February 9, 2006). Afghan Optimism. National Review Online
- ↑ Schreiber, Ronnee. (2002). Injecting a Woman's Voice: Conservative Women's Organizations, Gender Consciousness, and the Expression of Women's Policy Preferences. Sex Roles. পৃ. 331–342
- ↑ Greenberg, Zoe. (January 20, 2015). Major Conservative Women's Group Hides Anti-Choice Connections. RH Reality Check
- ↑ Shipps, Joan. (November 25, 2014). Look Who's Funding This Top Conservative Women's Group. Inside Philanthropy
- ↑ John M. Olin Foundation. SourceWatch
- ↑ Koch-backed group fuels opposition to school mask mandates, leaked letter shows. The Washington Post, October 1, 2021
- ↑ About Us. Independent Women's Forum
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বতন্ত্ৰ মহিলা মঞ্চ” প্ৰবন্ধৰ সংশোধন ৬৩১০০২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।