হায়দৰাবাদী বিৰিয়ানী ( Haydrabadi Biriyani) হাইদৰাবাদৰ এক বিশেষ প্ৰকাৰ বিৰিয়ানী যি সমগ্ৰ ভাৰততে খাদ্যৰসিকসকলৰ প্ৰিয়৷ এই বিৰিয়ানী বাচমতী চাউল আৰু মাংসৰে ৰন্ধা হয়৷ এইবিধ খাদ্য হায়দৰাবাদৰ নিজামৰ ৰন্ধনশালৰ পৰা উৎপত্তি হোৱা আৰু ইয়াত মোগলাই ৰন্ধন শৈলী আৰু হায়দৰাবাদৰ নিজা বৈশিষ্ট সোমাই আছে৷
উপকৰণ
হায়দৰাবাদী বিৰিয়ানী ৰান্ধিবলৈ প্ৰয়োজন হোৱা দ্ৰব্যসমূহ হ’ল; বাচমতী চাউল, ছাগলী বা মূৰ্গী বা গৰুৰ মাংস, দৈ, পিঁয়াজ, দালচেনি, লং, ইলাচী, তেজপাত, জাইফল, কালজিৰা, গোৱামুৰি, জাফৰাণ আৰু নেমু৷ খাদ্য সজাই পৰিৱেশন কৰাৰ সময়ত প্ৰয়োজন হয়, ধনীয়া পাত আৰু ভজা পিঁয়াজ৷ আজিকালি মিছামাছৰ সংযোগো কৰা হৈছে৷১
ইতিহাস
হায়দৰাবাদী বিৰিয়ানী সাধাৰণতে মোগলাই আৰু ইৰানী খাদ্যৰ মিশ্ৰণ বুলি কোৱা হয় আৰু ই হায়দৰাবাদৰ নিজামৰ ৰন্ধনশালত তৈয়াৰী হৈছিল৷ বৰ্তমান ই ভাৰতীয় ৰন্ধনশৈলীৰ এক মূকখ্য উপাদান৷২ স্থানীয় প্ৰচলিত বিশ্বাসমতে হায়দৰাবাদৰ এই বিৰিয়ানী প্ৰথম নিজাম “নিজাম-উল-মুলুক আছফ জা ১ম’’ৰ দিনত ১৮শ শতিকাত সৃষ্টি কৰা হৈছিল৷৩১
খাদ্য সম্পৰ্কে থকা এই বিশ্বাসবোৰ অনিশ্চিত; কাৰণ কিংবদন্তিসমূহে ইয়াক নিজামৰ ৰন্ধনশালৰ বুলি কোৱাৰ পিছতো, বিৰিয়ানী দক্ষিণ ভাৰতীয় মূলৰ বুলি জনা যায়৷ ই আৰব ব্যৱসায়ীয়ে দক্ষিণ এছিয়ালৈ লৈ অনা পিলাফ জাতৰ খাদ্যৰ পৰা আহৰণ কৰা। পোলাও হয়তো মধ্যযুগীয় ভাৰতৰ সেনাবাহিনীৰ খাদ্য আছিল। সেনাবাহিনীয়ে যিহৰেই মাংস পাইছিল, তাৰে লগত চাউল সংযোগ কৰি এটা পাত্ৰত ব্যঞ্জন প্ৰস্তুত কৰিছিল। সেই বাবেই হয়তো "পোলাও" আৰু "বিৰিয়ানী"ৰ মাজত বিশেষ পাৰ্থক্য নাথাকে৷৪৫
প্ৰকাৰ
হায়দৰাবাদী বিৰিয়ানী দুই প্ৰকাৰে প্ৰস্তুত কৰা হয়৷ তাত স্থানীয় ভাবে ইয়াক কাচ্চী বিৰিয়ানী আৰু পাক্কি বিৰিয়ানী বুলি কোৱা হয়৷৬
কাচ্চি বিৰিয়ানী
কেঁচা মাংসৰে তৈয়াৰী বিৰিয়ানীক কাচ্চি বিৰিয়ানী বোলে৷ ইয়াৰ বাবে গোটেই ৰাতি কেঁচা মাংস মছলা সানি মেৰিনেটকৰি থোৱা হয় আৰু ৰন্ধাৰ আগতে টেঙা দৈ সনা হয়৷ মাংসৰ টুকুৰাবোৰ সুগন্ধি বাচমতী চাউলৰ মাজত সাৱধানে ৰাখি ময়দাৰ লেপনেৰে মুখ বন্ধ কৰা ডেকচীৰ ভিতৰত দিয়া হয়৷ ডেকচীৰ মুখেৰে গৰম ভাপ বাহিৰ নহ’বলৈ ময়দা পানীৰে গুলি তাত কাপোৰ লেটিয়াই ডেকচীৰ মুখখনত মেৰিয়াই দিয়া হয়৷ জুই কম বা বেছি যাতে নহয়, তাৰ বাবে সতৰ্ক দৃষ্টি ৰখা হয় যাতে জুইৰ তাপত মাংস ভালদৰে সিদ্ধ হ’বলৈ পায়৷৭৮
পাক্কি বিৰিয়ানী
পাক্কি বিৰিয়ানীৰ বাবে মাংসখিনি কম সময়ৰ বাবে মেৰিনেট কৰা হয় আৰু চাউলৰ মাজত সুমুৱাই ৰন্ধন কৰাৰ আগতে চৌকাত বেলেগে উপকৰণসমূহ সিদ্ধ কৰি লোৱা হয়৷
পৰিৱেশন
বিৰিয়ানী সাধাৰণতে দৈৰ চাটনি আৰু জলকীয়া চচৰে সৈতে পৰিৱেশন কৰা হয়৷ তদুপৰি, চালাদ হিচাপে পিঁয়াজ, গাজৰ, টিয়ঁহ আৰু নেমুৰ গোলাকাৰ টুকুৰা দিয়া হয়৷৯
তথ্যসূত্ৰ
- ↑ Colleen Taylor Sen. (2004). Food culture in India. Greenwood Publication. পৃ. 115. ISBN 0-313-32487-5
- ↑ Collingham, Lizzie. (2006). Curry: A Tale of Cooks and Conquerors. Oxford University Press. ISBN 978-0-19-988381-3
- ↑ Rao, Nagarjuna. (6 May 2018). Which is the world's best biryani?. Gulf News
- ↑ Karan, Pratibha. (2009). Biryani. Random House India. পৃ. 1–12, 45. ISBN 978-81-8400-254-6
- ↑ Sanghvi, Vir. Biryani Nation
- ↑ (2005-06-13). Metro Plus Chennai / Eating Out: Back to Biryani. দ্য হিন্দু
- ↑ (2017-04-27). There's more than just one type of Hyderabadi biryani, and here's how different they are. The News Minute
- ↑ Latif, Bilkees. (2000). Essential Andhra Cookbook. Penguin. ISBN 9788184754339
- ↑ (2005-08-18). Telangana / Hyderabad News: Legendary biryani now turns 'single'. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হায়দৰাবাদী বিৰিয়ানী” প্ৰবন্ধৰ সংশোধন ৬১৪৩৩২ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।