অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া

হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া (Hamidabad College, Satsia) খন ১৯৭৯ চনৰ ১৬ নৱেম্বৰ তাৰিখত প্ৰতিষ্ঠিত হৈছিল। অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ জামাদাৰহাট নামৰ ঠাইখনত এই মহাবিদ্যালয়খন অৱস্থিত। মহাবিদ্যালয়খন পোৰাভিটা বজাৰৰ পৰা আধা কিলোমিটাৰ দূৰৈত সাতশিয়া গাঁৱত অৱস্থিত।

হালনাগাদ: ৯ নৱেম্বৰ ২০২৩ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া (Hamidabad College, Satsia) খন ১৯৭৯ চনৰ ১৬ নৱেম্বৰ তাৰিখত প্ৰতিষ্ঠিত হৈছিল। অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ জামাদাৰহাট নামৰ ঠাইখনত এই মহাবিদ্যালয়খন অৱস্থিত। মহাবিদ্যালয়খন পোৰাভিটা বজাৰৰ পৰা আধা কিলোমিটাৰ দূৰৈত সাতশিয়া গাঁৱত অৱস্থিত। ফকিৰগঞ্জ থানাৰ পৰা প্ৰায় ১০ কিলোমিটা দূৰৈত (উত্তৰ-পশ্চিম মেৰুত) অৱস্থিত, টিক্ৰিকিল্লা বজাৰ (মেঘালয়)ৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত, লক্ষিপুৰ নগৰৰ পৰা পশ্চিম-উত্তৰ মেৰুত প্ৰায় ২৫ কিলোমিটাৰ দূৰত। হামিদাবাদ মহাবিদ্যালয়ৰ মুঠ আসনৰ সংখ্যা ৯০০ খন। মহাবিদ্যালয়খনত আৰ্টচ ষ্ট্ৰিম (কলা শাখা) কোৰ্চবোৰ পঢ়ুৱা হয়। লগতে এটা মেজৰ বিষয়ো বাছি ল’ব পাৰে। আৰ্টচৰ বাহিৰে এই মহাবিদ্যালয়খনত বিজ্ঞান তথা বাণিজ্য শাখাৰ বিষয়সমূহ লোৱাৰ সুবিধা নাই। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীন।১

ইতিহাস

হামিদাবাদ মহাবিদ্যলয়ৰ প্ৰৱেশপথ
হামিদাবাদ মহাবিদ্যলয়ৰ প্ৰৱেশপথছবি: হানিফ আলী · CC BY-SA 4.0

এই মহাবিদ্যালয়খন ১৯৭৯ চনৰ ১৬ নৱেম্বৰ তাৰিখত মৰহুম মৌলনা পীৰ আব্দুল হামিদ খাঁন ভাষানী চাহাবে এই অঞ্চলৰ শিক্ষাৰ উন্নতিৰ হকে স্থাপন কৰিছিল। কলেজখন স্থাপন হোৱাৰ পিছৰ পৰাই দীৰ্ঘদিন ধৰি চৰকাৰীকৰণ হোৱা নাছিল। অৱশেষত দীৰ্ঘদিন পিছত মহাবিদ্যালয়খন ০১/০১/২০১৩ চনৰ পৰা অসম চৰকাৰৰ কৰ্তৃক প্ৰৱৰ্তিত হৈছে, এয়া মহাবিদ্যালয়ৰ শুভাকাংক্ষীৰ বাবে অপৰিসীম আনন্দ আৰু গৌৰৱৰ কথা।২

তথ্যসূত্ৰ

  1. ↑ About Hamidabad College, Satsia. indcareer.com
  2. ↑ LIST OF COLLEGES AFFILIATED TO THE GAUHATI UNIVERSITY (AS ON to 31.10. 2016) Page No: 5

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া” প্ৰবন্ধৰ সংশোধন ৩৯০৮৪৬ (৯ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।