অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

হা-টোমাৰ

হা-টোমাৰ (ইংৰাজী: Ha-Tomer; হিব্ৰু: התומר; অৰ্থ: দ্য টোমাৰ) হ’ল এটা কলা সমবায় যি ১৯২০ চনত তেল আভিভ-জাফাত সক্ৰিয় আছিল। ইয়াৰ সদস্যসকল ইজৰাইলত আধুনিকতাবাদী শিল্পৰ সমৰ্থন আৰু ৰূপায়ণ কৰা প্ৰথমসকলৰ ভিতৰত আছিল। হা-টোমাৰে অঞ্চলটোৰ প্ৰথমটো আৰ্ট গেলেৰী হিচাপেও কাম কৰিছিল।

হালনাগাদ: ১২ মাৰ্চ ২০২৬ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

হা-টোমাৰ (ইংৰাজী ভাষা: Ha-Tomer; হিব্ৰু ভাষা: התומר; অৰ্থ: দ্য টোমাৰ) হ’ল এটা কলা সমবায় যি ১৯২০ চনত তেল আভিভ-জাফাত সক্ৰিয় আছিল। ইয়াৰ সদস্যসকল ইজৰাইলত আধুনিকতাবাদী শিল্পৰ সমৰ্থন আৰু ৰূপায়ণ কৰা প্ৰথমসকলৰ ভিতৰত আছিল।১২৩৪ হা-টোমাৰে অঞ্চলটোৰ প্ৰথমটো আৰ্ট গেলেৰী হিচাপেও কাম কৰিছিল।৫

ইতিহাস

সংগ্ৰাহক জেকব পেৰেমেনে এই গোটটো এটা শিল্প সমবায় হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াত শিল্পী ইজাক ফ্ৰেনকেল, ভাস্কৰ লিভ হালপাৰিন, মিৰিয়াম হাড গাদিয়া, জুডিথ আৰু যোচেফ কনষ্টাণ্টিনোভস্কি (পিছলৈ কনষ্টাণ্ট) অন্তৰ্ভুক্ত আছিল।৬৩৭৮ হা-টোমাৰক জাফাৰ "হাপোৱেল হাতজাইৰৰ চাকৰি মন্ত্ৰ্যালয়"য়ে সমৰ্থন কৰিছিল। সমবায়ৰ সদস্যসকলে অট্টালিকা সজাই আৰু শিল্পকৰ্ম বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছিল, কিন্তু কমসংখ্যক অৰ্ডাৰৰ বাবে তেওঁলোকে মূলতঃ চিৰামিক পাত্ৰ, কিতাপ, পষ্টাৰ, পাম্ফলেট, নিজৰা আদি সজোৱাৰ লগতে জাফাত এখন শিল্প বিদ্যালয় স্থাপনত নিয়োজিত হৈছিল।৯৪

শিল্পী সমবায়টোৱে নেভে চালোম চুবুৰিত এটা ফ্লেট ভাড়া কৰিছিল, যিটো শিল্পী আৰু শিল্পপ্ৰেমীসকলৰ বাবে এটা ক্লাবত পৰিণত হৈছিল। ফ্লেটটোৰ ভাড়া শিল্পীসকলে কৰা আলংকাৰিক কামৰদ্বাৰা পৰিশোধ কৰা হৈছিল। সমবায়টোৰ দুজন শিল্পী: ফ্ৰেনকেল আৰু কনষ্টাণ্টে হাৰ্জলিয়া হিব্ৰু জিমনেছিয়াম স্কুলত কলা শিক্ষা দিছিল।৪

এই শিল্প সমবায়টোৱে ইৰেটজ ইজৰাইলত "প্ৰথম কলা প্ৰদৰ্শনী"ৰ আয়োজন কৰিছিল। পেৰেমেন আৰু কনষ্টাণ্টৰদ্বাৰা আয়োজিত এই প্ৰদৰ্শনীত শিল্পীসকলৰ কিছুমান কৃতি হাৰ্জলিয়া হিব্ৰু জিমনেছিয়ামত প্ৰদৰ্শন কৰা হৈছিল।৪ সেই সময়ত আৰম্ভ হোৱা ১৯২০ চনৰ হত্যাকাণ্ডৰ পৰিপ্ৰেক্ষিতত প্ৰদৰ্শনীখন বন্ধ কৰাৰ পূৰ্বে মাত্ৰ এসপ্তাহৰ বাবে প্ৰদৰ্শিত হৈছিল। আনকি তেল আভিভৰ মেৰ মেয়াৰ ডিজেনগফেও কাৰোবাক শিল্পকৰ্ম কিনিবলৈ সৈমান কৰিব পৰা নাছিল।৪

আৰ্থিক নাটনি আৰু তেওঁলোকৰ আধুনিকতাবাদী শিল্পৰ প্ৰতি সন্মানৰ অভাৱৰ বাবে ১৯২০ চনত যোচেফ আৰু জুডিথ কনষ্টাণ্ট মিচৰলৈ গুচি যায় আৰু ইজাক ফ্ৰেনকেলো তেওঁলোকৰ সৈতে যোগ দি পিছলৈ পেৰিছলৈ যায়। ফ্ৰেনকেল ১৯২৫ চনতহে পুনৰ উভতি আহে।৪ যদিও জেকব পেৰেমেনে সমবায়ৰ কামসমূহ প্ৰদৰ্শন কৰি আছিল, ইয়াৰ প্ৰধান সদস্যসকল গুচি যোৱাৰ কিছুসময়ৰ পাছতে সমবায়টোৰ কাম-কাজ বন্ধ হৈ যায়। এনেদৰেই যিশুভৰ প্ৰথমটো আধুনিক শিল্প গোটৰ অন্ত পৰে।৪

তথ্যসূত্ৰ

  1. ↑ (2019-06-17). התומר · מה זה, מי זה ওמה הפירוש של - מידע מהיר
  2. ↑ Israel. www.frenkel-frenel.org
  3. ↑ תערוכת אודסה - תל אביב · אנו - מוזיאון העם היהודי. Museum of the Jewish People
  4. ↑ Ofrat, Gideon. (23 November 1979). Enough with all the Frenkels!. Haaretz Weekly. পৃ. 28, 29, 30
  5. ↑ (9 September 2024). New art exhibit salutes work of pioneer Isaac Alexander Frenkel. The Jerusalem Post
  6. ↑ הסופৰ יעקב פרמן. סימניה
  7. ↑ Bidspirit - Houses and real estate on auction · free. Bidspirit
  8. ↑ (2011)
  9. ↑ Ashni, Yeshayahu. (23 September 1971). Miracle of Resurrection of the painter Isaac Frenkel. Davar

সম্পৰ্কিত শ্ৰেণী

সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হা-টোমাৰ” প্ৰবন্ধৰ সংশোধন ৫৮৭২৪৫ (১২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।