অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কুমকুম ভাগ্য

কুমকুম ভাগ্য (ইংৰাজী: Kumkum Bhagya; অনুবাদ: মোৰ ভাগ্যৰ সেন্দূৰ) হ’ল বালাজী টেলিফিল্মছৰ অধীনত একতা কাপুৰৰদ্বাৰা নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ধাৰাবাহিক। ২০১৪ চনৰ ১৫ এপ্ৰিলৰপৰা ২০২৫ চনৰ ২১ ছেপ্টেম্বৰলৈ জী টিভিত সম্প্ৰচাৰিত হোৱা এই ধাৰাবাহিকখন ডিজিটেল মাধ্যম ZEE5-তো উপলব্ধ।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৩৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কুমকুম ভাগ্য (ইংৰাজী ভাষা: Kumkum Bhagya; অনুবাদ: মোৰ ভাগ্যৰ সেন্দূৰ) হ’ল বালাজী টেলিফিল্মছৰ অধীনত একতা কাপুৰৰদ্বাৰা নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ধাৰাবাহিক।১ ২০১৪ চনৰ ১৫ এপ্ৰিলৰপৰা ২০২৫ চনৰ ২১ ছেপ্টেম্বৰলৈ জী টিভিত সম্প্ৰচাৰিত হোৱা এই ধাৰাবাহিকখন ডিজিটেল মাধ্যম ZEE5-তো উপলব্ধ।২ ইয়াত শ্ৰীতি ঝা, শবীৰ আহলুৱালিয়া, মুগ্ধা চাপেকাৰ, কৃষ্ণ কৌল, ৰাচী শৰ্মা, অব্ৰাৰ কাজী, প্ৰণালী ৰাথোড় আৰু নামিক পলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ভাৰতীয় টেলিভিছনৰ অন্যতম দীৰ্ঘদিনীয়া ধাৰাবাহিক হিচাপে পৰিগণিত এই শ্ব’টোৰ মূল ধাৰণাটো জেন অষ্টিনৰ উপন্যাস ‘ছেন্স এণ্ড ছেঞ্চিবিলিটি’ৰ ওপৰত আধাৰিত আছিল।

কাহিনী

ধাৰাবাহিকখনৰ কাহিনী কলেজৰ প্ৰবক্তা প্ৰজ্ঞা আৰোৰা আৰু এজন ধনী ৰকষ্টাৰ অভিষেক "অভি" মেহৰাক লৈ আৰম্ভ হয়, যাৰ বিবাহ পৰিয়ালৰ হস্তক্ষেপত সম্পন্ন হয়। অভিৰ ভগ্নী আলিয়া আৰু তেওঁৰ প্ৰাক্তন সংগী তনুৰ চক্ৰান্তৰ বাবে আৰম্ভণিতে তেওঁলোকৰ সম্পৰ্কত ঘুণে ধৰে। কাহিনীটোত বাৰে বাৰে হোৱা ভুল বুজা-বুজি, ষড়যন্ত্ৰ, স্মৃতিশক্তি হেৰুওৱাৰ ঘটনা আৰু বিচ্ছেদৰ পৰম্পৰা অনুসৰণ কৰা হৈছে। অসংখ্য বাধাৰ সত্বেও প্ৰজ্ঞা আৰু অভি কেইবাবাৰো একত্ৰিত হয়। তেওঁলোকৰ যমজ কন্যা প্ৰাচী আৰু ৰিয়াৰ জন্মৰ সময়তে আন এক ডাঙৰ বিচ্ছেদ ঘটে, যাৰ ফলত সন্তান দুটি পৃথকে ডাঙৰ-দীঘল হয়।

বিছবছৰীয়া জপন (leap)ৰ পিছত, কাহিনীটো প্ৰাচী আৰোৰা আৰু ৰিয়া মেহৰাৰ ওপৰত কেন্দ্ৰীভূত হয়, যিয়ে তেওঁলোক যে যমজ ভগ্নী সেই কথা নজনাকৈয়ে ডাঙৰ হয়। প্ৰাচীয়ে ৰণবীৰ কোহলীৰ সৈতে এক সম্পৰ্ক গঢ়ি তোলে, আনহাতে ৰিয়াৰ ৰণবীৰৰ প্ৰতি থকাভাৱে তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ সৃষ্টি কৰে। পাৰিবাৰিক হস্তক্ষেপ আৰু গোপন সত্যই তেওঁলোকৰ জীৱন জটিল কৰি তোলে যেতিয়ালৈকে ভগ্নীদ্বয়ৰ প্ৰকৃত পৰিচয় পোহৰলৈ নাহে। যদিও অভি আৰু প্ৰজ্ঞা তেওঁলোকৰ ছোৱালীহঁতৰ সৈতে অলপ সময়ৰ বাবে পুনৰ একত্ৰিত হয়, তথাপি ধাৰাবাহিক ভুল বুজাবুুজিয়ে পৰিয়ালটোক প্ৰভাবিত কৰে। প্ৰাচীয়ে অৱশেষত ৰণবীৰক বিয়া কৰায়, কিন্তু তেওঁলোকৰ সম্পৰ্কত ৰণবীৰৰ পৰিয়াল, ৰিয়াৰ ৰণবীৰৰ প্ৰতি থকা আসক্তি আৰু বহুতো ভুল বুজা-বুজিৰপৰা সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হয়।

পৰৱৰ্তী এটা জপনে প্ৰাচী আৰু ৰণবীৰৰ কন্যা খুছী আৰু পূৰ্বীক চিনাকি কৰাই দিয়ে। পাৰিবাৰিক সংঘাতৰ বাবে বেলেগ বেলেগ পৰিস্থিতিত ডাঙৰ হোৱা ভগ্নীদ্বয়ৰ জীৱন গোপন পৰিচয় আৰু উত্তৰাধিকাৰী সূত্ৰে পোৱা উত্তেজনাৰ মাজত পাৰ হয়। ৰাজবংশ মালহোত্ৰাৰ সৈতে পূৰ্বীৰ সম্পৰ্ক এই পৰ্যায়ৰ কেন্দ্ৰীয় বিষয় হৈ পৰে। অতীতৰ ক্ষোভবোৰ পুনৰ ওপঙি অহাৰ লগে লগে পৰিয়ালটোৱে আকৌ এবাৰ বিচ্ছেদ আৰু মিলনৰ সন্মুখীন হয়।

আন এক প্ৰজন্মৰ পৰিৱৰ্তনে প্ৰাৰ্থনা পাৰিখ আৰু ৰৌনক জাভেৰীকে ধৰি নতুন নায়ক-নায়িকাৰ পৰিচয় দিয়ে, যাৰ জীৱন আগৰ চৰিত্ৰবোৰৰ সৈতে জড়িত পাৰিবাৰিক আৰু ব্যাৱসায়িক মিত্ৰতাৰ জৰিয়তে একত্ৰিত হয়। তেওঁলোকৰ সম্পৰ্কটো অবিশ্বাস, প্ৰতিদ্বন্দ্বিতা আৰু গোপন উদ্দেশ্যৰদ্বাৰা গঢ় লৈ উঠে। যদিও পুৰণি চৰিত্ৰসমূহ মাজে মাজে দেখা পোৱা যায়, কাহিনীভাগ মূলতঃ নতুন প্ৰজন্মৰ ওপৰত কেন্দ্ৰীভূত হয় যিয়ে পৰিয়ালটোৰ অতীতৰপৰা সৃষ্টি হোৱা সংঘাতবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে। ইয়াৰ জৰিয়তে ধাৰাবাহিকখনৰ ভাগ্য আৰু পুনৰ মিলনৰ বিষয়-বস্তুসমূহ অব্যাহত থাকে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ekta Kapoor brings another love story on TV with 'Kumkum Bhagya' The Indian Express.Retrieved on 15 September 2014
  2. ↑ Kumkum Bhagya to replace Pavitra Rishta Hindustan Times, Retrieved on 15 September 2014

সম্পৰ্কিত শ্ৰেণী

দূৰদৰ্শন ধাৰাবাহিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমকুম ভাগ্য” প্ৰবন্ধৰ সংশোধন ৫৯৮৮৯০ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।