অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কৰদৈয়ান ননবু

কৰদৈয়ান ননবু (ইংৰাজী: Karadaiyan Nonbu) তামিল হিন্দু সম্প্ৰদায়ৰ মহিলাসকলে স্বামীৰ লগতে হ’বলগীয়া স্বামীৰ কল্যাণৰ বাবে পালন কৰা এক উৎসৱ। এই উৎসৱৰ সৈতে সবিত্ৰীয়ে নিজৰ স্বামীক যমধৰ্ম ৰজাৰ পৰা ৰক্ষা কৰা আখ্যানৰ সৈতে সম্পৰ্ক আছে। দক্ষিণ ভাৰতীয় পঞ্জিকাৰ পাংগুনী মাহৰ প্ৰথম দিনটোত এই উৎসৱ পালন কৰা হয়।

হালনাগাদ: ১৪ ফেব্ৰুৱাৰী ২০২৫ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কৰদৈয়ান ননবু (ইংৰাজী: Karadaiyan Nonbu) তামিল হিন্দু সম্প্ৰদায়ৰ মহিলাসকলে স্বামীৰ লগতে হ’বলগীয়া স্বামীৰ কল্যাণৰ বাবে পালন কৰা এক উৎসৱ। এই উৎসৱৰ সৈতে সবিত্ৰীয়ে নিজৰ স্বামীক যমধৰ্ম ৰজাৰ পৰা ৰক্ষা কৰা আখ্যানৰ সৈতে সম্পৰ্ক আছে। দক্ষিণ ভাৰতীয় পঞ্জিকাৰ পাংগুনী মাহৰ প্ৰথম দিনটোত এই উৎসৱ পালন কৰা হয়।

কিংবদন্তি আৰু উদ্‌যাপন

ঐতিহাসিক তথ্য অনুসৰি বিবাহিত মহিলাসকলে নিজ নিজ স্বামীৰ দীৰ্ঘায়ু আৰু মংগলৰ কামনা কৰি হিন্দু দেৱী গৌৰীক উপাসনা কৰিছিল। মহাকাব্য মহাভাৰত এক আখ্যানমতে সাবিত্ৰী আৰু সত্যৱানৰ কাহিনীত উল্লেখ কৰাৰ দৰে সাবিত্ৰীয়ে স্বামী সত্যৱানৰ প্ৰতি যি ভক্তি আৰু মৰম প্ৰদৰ্শন কৰিছিল সেয়া সকলো নাৰীয়ে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে। বিবাহিত মহিলাসকলে সেইদিনা উপবাসে থাকে। শুভ সময়ৰ আগতে মহিলাসকলে নিজৰ পূজা কক্ষৰ সন্মুখত কোলাম (আল্পনা বা ৰংগোলী) আঁকে আৰু স্নান কৰি পূজা অনুষ্ঠানৰ আয়োজন কৰে। সাধাৰণতে চাউলৰ গুড়ি আৰু গুৰেৰে তৈয়াৰী প্ৰসাদ প্ৰস্তুত কৰি দেৱীলৈ আগবঢ়োৱা হয়। কোৱা হয় যে সাবিত্ৰীৰ গৌৰী দেৱীৰ প্ৰতি থকা ভক্তিয়ে তেওঁ মৃত্যুৰ দেৱতা যমৰ হাতৰ পৰা নিজৰ স্বামীৰ প্ৰাণ ঘূৰাই আনিবলৈ শক্তি আৰু জ্ঞান প্ৰদান কৰিছিল। এই যুদ্ধ তেওঁ অস্ত্ৰৰ দ্বাৰা নহয়, চতুৰ যুক্তিৰ বলতহে জয়ী হৈছিল।১২ যম দেৱতাই যেতিয়া সাবিত্ৰীক এটা বৰ গ্ৰহণ কৰিবলৈ কৈছিল, তেতিয়া তেওঁ হাজাৰ পুত্ৰৰ বাবে প্ৰাৰ্থনা কৰিছিল। তেওঁ সন্মতি দিয়াৰ পিছত সাবিত্ৰীয়ে এই ইচ্ছা পূৰণৰ বাবে মৃত স্বামীৰ প্ৰাণ ঘূৰাই দিয়াতো কামনা কৰিছিল।৩ ভাৰতৰ ওড়িশা, বিহাৰ, উত্তৰ প্ৰদেশ আৰু নেপালত সাবিত্ৰী ব্ৰত একেধৰণৰ উৎসৱ পালন কৰা হয়।

ভোগ প্ৰস্তুত

ভোগ হৈছে চাউলৰ পিঠা গুৰি, মাহ, গুড় আৰু নাৰিকলৰ পৰা প্ৰস্তুত কৰা এক বিশেষ খাদ্যবস্তু। ইয়াক গৰমে গৰমে মাখনৰ সৈতে খোৱা হয়।৪

তথ্যসূত্ৰ

  1. ↑ Savitri
  2. ↑ Shanta Rameshwar Rao. (1 January 1986). In Worship of Shiva. Orient Longman. পৃ. 29–. ISBN 978-0-86131-684-7
  3. ↑ Arun, Sharma. Karva Chauth for South India today
  4. ↑ Athira, M. Slice of tradition. The Hindu

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰদৈয়ান ননবু” প্ৰবন্ধৰ সংশোধন ৪৭৭৩২৬ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।