অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কোৰিয়াল শাৰী

কোৰিয়াল শাৰী ( Korial Saree) পশ্চিম বংগৰ পৰম্পৰাগত হাতে বোৱা শাৰী। এই হস্ততাঁত শাৰীবোৰ ৰঙা পাৰি, নক্সাৰ অভিনৱত্ব, অলংকাৰযুক্ত আঁচল, বয়নত প্ৰাকৃতিক আঁহৰ (পাটসূতা) ব্যৱহাৰৰ বাবে বিখ্যাত। শাৰীখন আছিল পবিত্ৰতা, বিশুদ্ধতা আৰু মংগলৰ প্ৰতীক।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৫ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কোৰিয়াল শাৰী ( Korial Saree) পশ্চিম বংগৰ পৰম্পৰাগত হাতে বোৱা শাৰী। এই হস্ততাঁত শাৰীবোৰ ৰঙা পাৰি, নক্সাৰ অভিনৱত্ব, অলংকাৰযুক্ত আঁচল, বয়নত প্ৰাকৃতিক আঁহৰ (পাটসূতা) ব্যৱহাৰৰ বাবে বিখ্যাত। শাৰীখন আছিল পবিত্ৰতা, বিশুদ্ধতা আৰু মংগলৰ প্ৰতীক। ২০২৪ চনত কোৰিয়াল শাৰীয়ে পঞ্জীয়নভুক্ত ভৌগোলিক নিৰ্দেশক (GI) হিচাপে স্বীকৃতি লাভ কৰে।১

কোৰিয়াল শাৰী পৰম্পৰাগতভাৱে হাতশালত বোৱা হয়, আৰু নক্সা তৈয়াৰ কৰিবলৈ জালা ব্যৱস্থা ব্যৱহাৰ কৰে। হাতশালত মাকো হাতেৰে এফালৰ পৰা আন এটা ফাললৈ চলায়। বোৱাৰ বাবে ১০০ কাউণ্টৰ ৰেচমৰ সূতা ব্যৱহাৰ কৰা হয় আৰু লগতে প্ৰয়োজন অনুসৰি জৰী ব্যৱহাৰ কৰা হয়। শাড়ীত সৰল বোৱনৰ পাৰি বা অতিৰিক্ত দীঘ ব্যৱহাৰ কৰা পাৰি থাকে; আঁচলত পৰম্পৰাগত ফুল আৰু জ্যামিতিক নক্সা থাকে, যিবোৰ জালা পদ্ধতি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। শাৰীখনৰ গাত বুটি নক্সা থাকে, যিটো অতিৰিক্ত বাণিসুতা জালা পদ্ধতি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। কোৰিয়াল শাড়ীৰ বিশেষত্ব হ’ল ইয়াক বোৱাৰ পিছত সাধাৰণ পৰম্পৰাগত “খৈ” মাড় দিয়া হয় আৰু এটা নিৰ্দিষ্ট সময়ৰ বাবে শুকুৱাই লোৱা হয়। শেষত শাৰীখন সাৱধানে ভাঁজ কৰা হয়।

২০২৪ চনৰ তথ্য অনুসৰি পশ্চিম বংগৰ মুৰ্চিদাবাদ আৰু বীৰভূম জিলাত ১৪৬ গৰাকী শিপিনী কোৰিয়াল শাৰী বোৱাৰ কামত নিয়োজিত হৈ আছে। ২০১৮-১৯ বিত্তীয় বৰ্ষত এই শাৰীৰ বাৰ্ষিক বিক্ৰী আছিল ২.৪৫ কোটি টকা।২

তথ্যসূত্ৰ

  1. ↑ Application details of the Korial Saree - Geographical Indications. Intellectual Property India
  2. ↑ Three varieties of handloom sarees in West Bengal get GI tag

সম্পৰ্কিত শ্ৰেণী

পশ্চিম বংগৰ সংস্কৃতিপশ্চিম বংগৰ ভৌগলিক সূচক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোৰিয়াল শাৰী” প্ৰবন্ধৰ সংশোধন ৪৮০০০৩ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।