কোডিয়েট্টম (Kodiyettam) হৈছে আদূৰ গোপালকৃষ্ণনে ৰচনা আৰু পৰিচালনা কৰা এখন মালায়ালম ভাষাৰ চলচ্চিত্ৰ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভাৰত গোপীয়ে। আন উল্লেখযোগ্য সৰু চৰিত্ৰত কে. পি. এ. চি. ললিতা, কুট্টিয়েডাথি ভিলাসিনী, আজীজ আৰু আদূৰ ভৱানীয়ে অভিনয় কৰিছে৷ ছবিখনে শংকৰণ কুট্টি নামৰ এজন নিৰ্ভাৰ, সৰল-সৰল মানুহৰ জীৱনক কেন্দ্ৰ কৰি কাহিনী আগবঢ়ায়। জীৱনৰ প্ৰতি কোনো বিশেষ দায়িত্ববোধ নথকা এই মানুহজন ক্ৰমে জীৱনৰ অভিজ্ঞতাৰ মাজেৰে পৰিপক্ব আৰু দায়িত্বশীল প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰিত হয়। ছবিখনৰ শিৰোনাম কোডিয়েট্টম-ৰ অৰ্থ হৈছে ‘আৰোহণ’ বা ‘উত্থান’; যিটো শংকৰণ কুট্টিৰ মানসিক আৰু ব্যক্তিত্বগত বিকাশৰ প্ৰতীক।১
কোডিয়েট্টম আছিল ভাৰত গোপীৰ দ্বিতীয়খন চলচ্চিত্ৰ। তেওঁৰ প্ৰথমখন ছবি আছিল আদূৰ গোপালকৃষ্ণনৰ স্বয়ংৱৰম (১৯৭২)। অৱশ্যে কোডিয়েট্টমতেই তেওঁ প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰসমূহৰ এটাত অভিনয় কৰাৰ সুযোগ লাভ কৰে। ছবিখনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে - ইয়াত কোনো ধৰণৰ নেপথ্য সংগীত ব্যৱহাৰ কৰা হোৱা নাই। পৰিচালকৰ সম্পাদিত সংস্কৰণত ছবিখনৰ কিছুমান দৃশ্যও বাদ দিয়া হৈছিল।২
ছবিখন চিত্ৰলেখা ফিল্ম ছ’চাইটিয়ে প্ৰযোজনা কৰিছিল। আদূৰ গোপালকৃষ্ণন নিজেই এই সংগঠনটোৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। কোডিয়েট্টম আছিল ইয়াৰ বেনাৰত তেওঁৰ দ্বাৰা প্ৰযোজিত দ্বিতীয় আৰু শেষখন ছবি। ছবিখনে সমালোচকৰ পৰা ব্যাপক প্ৰশংসা লাভ কৰে আৰু মালয়ালম চলচ্চিত্ৰৰ নতুন ঢৌৰ চলচ্চিত্ৰ আন্দোলন বা সমান্তৰাল চলচ্চিত্ৰ ধাৰাৰ অন্যতম অগ্ৰণী ছবি হিচাপে পৰিগণিত হয়। কোডিয়েট্টমে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। শংকৰণ কুট্টিৰ চৰিত্ৰত ভাৰত গোপীৰ অভিনয়ে তেওঁক শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰায়। আনহাতে, আদূৰ গোপালকৃষ্ণনে মালয়ালম ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাতো ছবিখনে যথেষ্ট সফলতা লাভ কৰে। ভাৰত গোপীয়ে প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে। আদূৰ গোপালকৃষ্ণনে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ কাহিনীৰ বঁটা লাভ কৰে। এন. শিৱনে শ্ৰেষ্ঠ কলা পৰিচালকৰ বঁটা লাভ কৰে। কোডিয়েট্টমক মালয়ালম চলচ্চিত্ৰৰ এক ক্লাছিক হিচাপে গণ্য কৰা হয় আৰু ব্যক্তিৰ মানসিক তথা ব্যক্তিত্বগত বিকাশক সূক্ষ্মভাৱে অনুসন্ধান কৰা ছবিসমূহৰ ভিতৰত ইয়াৰ এক গুৰুত্বপূৰ্ণ স্থান আছে।৩
কাহিনী
ছবিখনে মুখ্য চৰিত্ৰ শংকৰণ কুট্টিৰ জীৱনৰ এক বিশেষ পৰিৱৰ্তনক ধৰি ৰখা হৈছে—এজন নিৰ্ভাৰ, দায়িত্বহীন মানুহৰ পৰা তেওঁ ক্ৰমে এজন পৰিপক্ব আৰু দায়িত্বশীল প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰিত হয়। ছবিখনৰ আৰম্ভণিতে শংকৰণ কুট্টিক এখন মন্দিৰৰ উৎসৱত অংশগ্ৰহণ কৰা দেখা যায়। তাৰ পাছত তেওঁৰ দায়িত্বহীন আৰু প্ৰায় যাযাবৰসদৃশ জীৱনশৈলী উন্মোচিত হয়। দেখাত মধ্যবয়সৰ সীমাত উপনীত হোৱা যেন লাগিলেও শংকৰণ কুট্টিয়ে বেছিভাগ সময় শিশুসকলৰ সৈতে খেলি, ৰাজনৈতিক সমদলত অংশ লৈ আৰু গাঁৱৰ মানুহক বিভিন্ন কামত সহায় কৰি কটাই দিয়ে। অৱশ্যে যেতিয়া মন্দিৰৰ উৎসৱ থাকে, তেতিয়া তেওঁ তাতো উপস্থিত থাকে। তেওঁৰ জীৱন-যাপনৰ খৰচ তেওঁৰ সৰু ভনীয়েকে বহন কৰে। ভনীয়েক তিৰুৱনন্তপুৰম চহৰত ঘৰুৱা সহায়িকা হিচাপে কাম কৰে। ভায়েকৰ জীৱনটো কিছু শৃংখলিত কৰাৰ উদ্দেশ্যে ভনীয়েকে তেওঁৰ বিয়াৰ ব্যৱস্থা কৰে। কিন্তু নতুন পত্নীৰ হতাশাৰ কাৰণ হোৱা স্বত্ত্বেও শংকৰণ কুট্টিয়ে আগৰ জীৱনশৈলী ত্যাগ নকৰে।
তেওঁ প্ৰায়ে কেইবাদিনো, কেতিয়াবা কেইবা সপ্তাহলৈকে ঘৰৰ পৰা আঁতৰি থাকে। ইতিমধ্যে গৰ্ভৱতী হৈ পৰা পত্নীগৰাকীয়ে অৱশেষত তেওঁক এৰি গুচি যায়। কিন্তু শংকৰণ কুট্টিয়েও তেওঁক ঘূৰাই আনিবলৈ কোনো চেষ্টা নকৰে। ইয়াৰ পাছতেই তেওঁৰ জীৱনে এক নতুন দিশ লয়। ভনীয়েকে নতুন স্বামীৰ সৈতে পৰিয়ালৰ ঘৰতে থাকিবলৈ আৰম্ভ কৰে আৰু ক্ৰমে শংকৰণ কুট্টিয়ে নিজকে সেই ঘৰত অচিনাকি যেন অনুভৱ কৰিবলৈ ধৰে। তেওঁৰ সৰলতা আৰু নিষ্কপটতা ক্ৰমে আঁতৰি যাবলৈ ধৰে। ছবিখনৰ এটা উপ-কাহিনীৰ জৰিয়তে এই পৰিৱৰ্তনটো বিশেষভাৱে প্ৰকাশ কৰা হৈছে। তেওঁৰ প্ৰতি সদায় সহায়ৰ হাত আগবঢ়োৱা এগৰাকী বিধৱা মহিলাই প্ৰেমত প্ৰতাৰিত হৈ আত্মহত্যা কৰাৰ পাছত শংকৰণ কুট্টিয়ে জীৱনৰ কঠিন বাস্তৱতাৰ মুখামুখি হয়। এই ঘটনাই তেওঁৰ জীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা কৰে। অৱশেষত তেওঁ এখন ট্ৰাকৰ সহায়কৰ কামত যোগদান কৰে। আৰম্ভণিতে নতুন কামটোৰ দায়িত্ব তেওঁৰ বাবে অত্যন্ত কঠিন যেন লাগে। কিন্তু লাহে লাহে তেওঁ সেই কামৰ সৈতে নিজকে খাপ খুৱাই লয় আৰু জীৱনৰ নতুন দায়িত্বসমূহ গ্ৰহণ কৰিবলৈ শিকে। একে সময়তে তেওঁ নিজৰ পত্নীৰ সৈতে সম্পৰ্ক পুনৰ গঢ়ি তুলিবলৈও চেষ্টা কৰে। ছবিখনৰ শেষত শংকৰণ কুট্টিৰ পত্নীৰ সৈতে পুনৰ মিলন ঘটে আৰু তেওঁ নিজৰ নৱজাত কন্যাক লগ পায়। এই পুনৰমিলনেই তেওঁৰ ব্যক্তিত্বৰ সম্পূৰ্ণ ৰূপান্তৰৰ এক প্ৰতীকী সমাপ্তি হিচাপে পৰিগণিত হয়।
সমাদৰ
ছবিখনে বাণিজ্যিকভাৱেও সফলতা লাভ কৰিছিল, যিটো সাধাৰণতে আৰ্ট-হাউছ বা কলাত্মক চলচ্চিত্ৰৰ ক্ষেত্ৰত বিৰল ঘটনা।৪
শ্যামাপ্ৰসাদে Asianetক দিয়া এটা সাক্ষাৎকাৰত কোডিয়েট্টমক তেওঁৰ আদূৰ গোপালকৃষ্ণনৰ আটাইতকৈ প্ৰিয় ছবি বুলি উল্লেখ কৰিছে। তেওঁৰ মতে, ছবিখনৰ কাহিনী কোৱাৰ সৰলতা আৰু আকৰ্ষণীয় ভংগীয়ে তথাকথিত ‘আৰ্ট-মুভি’ৰ গতানুগতিক ধাৰাৰ পৰা এক সতেজ পৰিৱৰ্তন আনে। এখন গাঁৱৰ সৰল মানুহৰ পৰিপক্ব হৈ উঠাৰ কাহিনীটোক ছবিখনে ইটোৰ পাছত সিটো সৰু-ডাঙৰ, কেতিয়াবা হাস্যৰসাত্মক আৰু কেতিয়াবা বিষাদময় ঘটনা আৰু চৰিত্ৰৰ মাজেৰে আগবঢ়াই নিয়ে। অৱশেষত শংকৰণ কুট্টিয়ে প্ৰাপ্তবয়স্ক জীৱনৰ দায়িত্ব গ্ৰহণ কৰিবলৈ শিকে৷ তেওঁ আদূৰ গোপালকৃষ্ণনৰ চিত্ৰনাট্যখনক গাঁথনিগতভাৱে নিখুঁত আৰু বহু সময়ত গভীৰভাৱে স্পৰ্শকাতৰ বুলি অভিহিত কৰে। ছবিখনৰ প্ৰযোজনাৰ প্ৰায় প্ৰতিটো দিশতে একধৰণৰ কঠোৰ সংযম বজাই ৰখা হৈছে। এই সংযমে ছবিখনক এক বিশ্বাসযোগ্যতা আৰু অকৃত্ৰিম বাস্তৱতাৰ অনুভূতি প্ৰদান কৰিছে, যিয়ে ছবিখনৰ কেন্দ্ৰীয় বিষয়টোক আৰু অধিক শক্তিশালী কৰি তোলে। বিশেষকৈ নেপথ্য সংগীত প্ৰায় সম্পূৰ্ণৰূপে পৰিহাৰ কৰাটো তেওঁ পৰিচালকৰ বাস্তৱ জীৱনক যিমান পাৰি সত্যনিষ্ঠভাৱে প্ৰতিনিধিত্ব কৰাৰ প্ৰতি থকা সততাৰ প্ৰকাশ বুলি গণ্য কৰে।
The New Indian Expressৰ কে. ভেনুগোপালে ছবিখনত ভাৰত গোপীৰ অভিনয়ৰ বিশেষ প্ৰশংসা কৰিছে। তেওঁৰ মতে, শংকৰণ কুট্টিৰ চৰিত্ৰটো পৰ্দাত ইমানেই স্বাভাৱিকভাৱে উপস্থাপন কৰা হৈছিল যে তেওঁক কোনো অভিনয় কৰা চৰিত্ৰ যেন নালাগিছিল; বৰং এনে লাগিছিল যেন দৰ্শকে নিজৰ গাঁও বা শৈশৱৰ পৰাই শংকৰণ কুট্টিৰ দৰে কোনো মানুহক চিনি আহিছে। আনকি নিজৰ ভিতৰলৈ গভীৰভাৱে চালে, মনৰ কোনোবা এটা কোণত মাটিৰ বেৰৰ কাষত ভেজা দি থকা, হৃদয়ৰ পৰা ওলাই অহা সেই সহজ হাঁহিটোৰ সৈতে শংকৰণ কুট্টিক বিচাৰি পোৱা যাব পাৰে। এই চৰিত্ৰটোৰ সৰলতা আৰু গভীৰতাই ভাৰত গোপীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰাত সহায় কৰিছিল।৫
চলচ্চিত্ৰ সমালোচক এছ. ৰাণাৰ মতে, ছবিখন গাঁৱলীয়া জীৱনৰ মন্থৰ লয়ত আগবাঢ়ে আৰু প্ৰাত্যহিক জীৱনৰ অতি সৰু সৰু কথাবোৰৰ ওপৰতো দৃষ্টি নিবদ্ধ কৰে৷ ইয়াৰ ভিতৰত আছে: কোনো মানুহে মনোযোগেৰে খাদ্য খোৱা, এগৰাকী মহিলাই কাপোৰ ধোৱা, কোনোবাই কাঠ কটা আৰু ঘাম মচোঁতে কাঠৰ সৰু সৰু টুকুৰা তেওঁৰ শৰীৰত লাগি থকা, অথবা এখন গৰুগাড়ীৰ চালকে পৃথিৱীৰ অসাৰতাৰ বিষয়ে দাৰ্শনিক গীত গোৱা। ৫
বঁটা-বাহন
ছবিখনে তলত দিয়া বঁটাসমূহ লাভ কৰিছিল—
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা — ১৯৭৮
- শ্ৰেষ্ঠ অভিনেতা — ভাৰত গোপী
- মালয়ালম ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ
কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা — ১৯৭৮
- শ্ৰেষ্ঠ ছবি
- শ্ৰেষ্ঠ অভিনেতা — ভাৰত গোপী
- শ্ৰেষ্ঠ কাহিনী — আদূৰ গোপালকৃষ্ণন
- শ্ৰেষ্ঠ পৰিচালক — আদূৰ গোপালকৃষ্ণন
- শ্ৰেষ্ঠ কলা পৰিচালক — এন. শিৱন
তথ্যসূত্ৰ
- ↑ Kodiyettam (1978). www.malayalachalachithram.com
- ↑ List of Malayalam Movies under the banner Chithralekha Films. www.malayalachalachithram.com
- ↑ Kodiyettam (1977) featuring Bharat Gopy. Bharat Gopy
- ↑ Archived copy. Twitter
- ↑ Rana, S. M. (2009-11-07). Onlyne: Kodiyettam(1977): the flag hoisting. Onlyne
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোডিয়েট্টম (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২৬৫৩৪ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।