কেৰালা ভূমি সংগ্ৰহালয় ভাৰতৰ কেৰালা ৰাজ্যৰ তিৰুৱনন্তপুৰম জিলাৰ পৰোট্টুকোণমত অৱস্থিত কেন্দ্ৰীয় মৃত্তিকা বিশ্লেষণ পৰীক্ষাগাৰ (Central Soil Analytical Laboratory) চৌহদৰ এখন সংগ্ৰহালয়।১২ এই সংগ্ৰহালয়টোত ৰাজ্যখনত পোৱা বিভিন্নপ্ৰকাৰৰ মাটি প্ৰদৰ্শন কৰা হৈছে। কেৰালা চৰকাৰৰ ভূমি জৰীপ আৰু সংৰক্ষণ বিভাগৰদ্বাৰা স্থাপন কৰা এই সংগ্ৰহালয়টো ২০১৪ চনৰ ১ জানুৱাৰীত উদ্বোধন কৰা হয়।৩৪ ইয়াক বিশ্বৰ সৰ্ববৃহৎ ভূমি সংগ্ৰহালয় আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰে নিৰ্মিত ভাৰতৰ প্ৰথম ভূমি সংগ্ৰহালয় বুলি বৰ্ণনা কৰা হৈছে।৫৬
ইতিহাস
কেৰালাৰ মাটি আৰু খনিজ সম্পদৰ চহকীতা প্ৰদৰ্শন কৰাৰ লগতে মাটি সংৰক্ষণ আৰু পাৰিপাৰ্শ্বিক সুৰক্ষাৰ বিষয়ে জনসজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই ভূমি সংগ্ৰহালয়টো স্থাপন কৰিছিল।৭ সংগ্ৰহালয়টোৰ কৰ্মচাৰীসকলক নেদাৰলেণ্ডৰ ৱাগেনিঙেন বিশ্ববিদ্যালয়ৰ বিশ্ব ভূমি সংগ্ৰহালয়ৰ বিশেষজ্ঞসকলৰদ্বাৰা প্ৰশিক্ষণ দিয়া হৈছিল।৬
প্ৰদৰ্শনীবোৰ

সংগ্ৰহালয়টোৰ আটাইতকয়ে গুৰুত্বপূৰ্ণ প্ৰদৰ্শনী হৈছে ১.৫ মিটাৰ ওখ ৮২টা প্ৰদৰ্শনী বাকচৰ এটা গোট, য’ত কেৰালাই আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া ৮২টা মৃত্তিকা শ্ৰেণীৰ (soil series) অখণ্ড মাটিৰ ধৰণসমূহ (soil profile) সংৰক্ষণ আৰু প্ৰদৰ্শন কৰা হৈছে।৪ প্ৰতিটো কণীয়া অখণ্ড মাটিৰ অংশ ইয়াৰ উপাদানসমূহৰ ক্ষতি নকৰাকৈ মাটিৰপৰা খন্দা হৈছিল আৰু সংগ্ৰহালয়ত প্ৰদৰ্শন কৰাৰ পূৰ্বে এক মাহ বা তাতকৈ অধিক সময় প্ৰক্ৰিয়াকৰণ কৰা হৈছিল। প্ৰতিটো মাটিৰ অংশৰ কাষতে মাটিখিনিৰ ভৌতিক বৈশিষ্ট্য, ই ক’ত পোৱা যায়, ইয়াৰ পুষ্টিৰ স্থিতি, ইয়াৰ বাবে আটাইতকয়ে উপযোগী শস্য আৰু সেই মাটি থকা ভূমিৰ ব্যৱহাৰ তথা ব্যৱস্থাপনাৰ পৰামৰ্শসহ বিস্তৃত তথ্য উল্লেখ কৰা হৈছে।৪৬ সংগ্ৰহালয়ত প্ৰদৰ্শন কৰা মাটিৰ শ্ৰেণীবিভাজনসমূহ আমেৰিকাৰ কৃষি বিভাগৰ মৃত্তিকা শ্ৰেণীবিন্যাসৰ ওপৰত আধাৰিত।৪
অন্যান্য প্ৰদৰ্শনীসমূহৰ ভিতৰত কেৰালাৰ ভূ-তাত্ত্বিক মানচিত্ৰ, ৰাজ্যখনত প্ৰতিনিধিত্ব কৰা আঠটা মৃত্তিকা ক্ৰমৰ বিতৰণ দৰ্শোৱা কেৰালাৰ মানচিত্ৰ, শিলা আৰু খনিজ পদাৰ্থৰ সংগ্ৰহ, মাটিৰ ভৌতিক উপাদান যেমন— বোকা মাটি, পলস, বালি, শিল আৰু গ্ৰেভেল আদি অন্তৰ্ভুক্ত। ইয়াৰ উপৰি মাটি কেনেকৈ গঠিত হয় আৰু খাদ্য সুৰক্ষা তথা জলবায়ু পৰিৱৰ্তনৰ দৰে সমস্যৰ সৈতে মাটিৰ সম্পৰ্ক ব্যাখ্যা কৰা বিভিন্ন প্ৰদৰ্শনী ইয়াত স্থান পাইছে।৪
সংগ্ৰহালয়টোৰ সৈতে এটা মৃত্তিকা তথ্য কেন্দ্ৰ (Soil Information Centre) সংলগ্ন হৈ আছে, য’ত এটা জলবিভাজিকাৰ আৰ্হি প্ৰদৰ্শন কৰা হৈছে। ইয়াত জলবিভাজিকাৰ উপাদান আৰু বিভিন্ন ধৰণৰ সংৰক্ষণমূলক ব্যৱস্থাসমূহ দেখুওৱা হৈছে।৪
তথ্যসূত্ৰ
- ↑ State Soil Museum & Soil Information Centre · Soil Museums in Kerala · Tourist Places in Thiruvananthapuram. www.keralatourism.org
- ↑ State Soil Museum · Kerala Soil Survey. www.keralasoils.gov.in
- ↑ (2 January 2014). First Soil Museum Inaugurated. The New Indian Express
- ↑ T. Nandakumar. (2 January 2014). Museum to Showcase Soil Diversity in Kerala. The Hindu
- ↑ CM inaugurates Soil Museum. Government of Kerala
- ↑ (2 January 2013). World's Biggest Soil Museum. The New Indian Express
- ↑ Viju B. (11 June 2012). India's first soil museum to come up in Kerala. দ্য টাইম্ছ অৱ ইণ্ডিয়া. Bennett, Coleman & Co
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰালা ভূমি সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৬২৩৪১৯ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।