অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কেৰালাৰ দেৱাল চিত্ৰকলা

কেৰালাৰ দেৱাল চিত্ৰকলা কেৰালাৰ হিন্দু পুৰাণৰ আখ্যানসমূহক ফুটাই তোলা এক বিশেষ ধৰণৰ ফ্ৰেছক’ বা ভিত্তিচিত্ৰ। [ভাৰত]]ৰ কেৰালাত থকা প্ৰাচীন মন্দিৰ আৰু প্ৰাসাদসমূহত এই দেৱাল চিত্ৰকলাৰ এক চহকী পৰম্পৰা দেখিবলৈ পোৱা যায়। এই চিত্ৰসমূহ মূলতঃ নৱম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰৰ।

হালনাগাদ: ৪ আগষ্ট ২০২৬ ৬৪৮ শব্দ · ৪ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কেৰালাৰ দেৱাল চিত্ৰকলা কেৰালাৰ হিন্দু পুৰাণৰ আখ্যানসমূহক ফুটাই তোলা এক বিশেষ ধৰণৰ ফ্ৰেছক’ বা ভিত্তিচিত্ৰ। [ভাৰত]]ৰ কেৰালাত থকা প্ৰাচীন মন্দিৰ আৰু প্ৰাসাদসমূহত এই দেৱাল চিত্ৰকলাৰ এক চহকী পৰম্পৰা দেখিবলৈ পোৱা যায়। এই চিত্ৰসমূহ মূলতঃ নৱম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰৰ। সেই সময়ত এই শিল্পকলাই ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল।

এই চিত্ৰসমূহৰ শাস্ত্ৰীয় আধাৰ কেইখনমান সংস্কৃত গ্ৰন্থত পোৱা যায়। সেইসমূহ হ’ল— চিত্ৰসূত্ৰম, পোন্ধৰ শতিকাৰ নাৰায়ণনৰ দ্বাৰা ৰচিত তন্ত্ৰসমুচ্চয়, দ্বাদশ শতিকাৰ অভিলাষিতাৰ্থ চিন্তামণি আৰু ষোড়শ শতিকাৰ শ্ৰীকুমাৰনৰ দ্বাৰা ৰচিত শিল্পৰত্ন।১ দেৱাল চিত্ৰত থকা পৌৰাণিক চৰিত্ৰসমূহৰ মূৰ্তিকলা ধ্যানশ্লোকৰ ওপৰত আধাৰিত।২

বৈকম মন্দিৰত থকা দেৱাল চিত্ৰ
বৈকম মন্দিৰত থকা দেৱাল চিত্ৰছবি: Sivavkm · CC BY-SA 3.0

থিৰুনাধিক্কৰা গুহা মন্দিৰ (বৰ্তমান তামিলনাডুৰ অন্তৰ্গত) আৰু তিৰুভাঞ্চিকুলামৰ দেৱাল চিত্ৰসমূহক কেৰালাৰ নিজস্ব শৈলীৰ আটাইতকৈ পুৰণি অৱশেষ বুলি গণ্য কৰা হয়। কেৰালাৰ দেৱাল চিত্ৰকলাৰ শ্ৰেষ্ঠ নিদৰ্শনসমূহৰ ভিতৰত— এট্টুমানুৰৰ শিৱ মন্দিৰ, মত্তনচেৰী প্ৰসাদৰ ৰামায়ণৰ দেৱাল চিত্ৰ আৰু বডাককুন্নাথ মন্দিৰ অন্তৰ্ভুক্ত।

কান্নুৰ জিলাৰ থোডী ক্কলাম শিৱ মন্দিৰ
কান্নুৰ জিলাৰ থোডী ক্কলাম শিৱ মন্দিৰছবি: Vijayakumarblathur · CC BY-SA 4.0

অন্যান্য সুন্দৰ দেৱাল চিত্ৰসমূহ ত্ৰিকোডীথানম, বৈকম মন্দিৰ, পুণ্ডৰীকাপুৰম, উদয়নাপুৰম, ত্ৰিপ্ৰাংগোড, গুৰুভায়ুৰ, কুমাৰনাল্লুৰ, আয়মানম, থ্ৰিচূৰৰ বডাককুন্নাথ মন্দিৰ, কান্নুৰৰ থোডী ক্কলাম মন্দিৰ আৰু তিৰুৱনন্তপুৰমৰ পদ্মনাভস্বামী মন্দিৰত দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও অল্লুৰ, চালাকুডী, কাঞ্জোৰ, এডাপল্লী, ভেচুৰ আৰু মুলাস্থুৰুথীৰ গীৰ্জাসমূহতো দেৱাল চিত্ৰ আছে।৩ কায়ামকুলামৰ ওচৰৰ কৃষ্ণপুৰম প্ৰাসাদ আৰু পদ্মনাভপুৰম প্ৰাসাদতো এনে চিত্ৰ দেখিবলৈ পোৱা যায়।

ড° এম জি শশী ভূষণে তেওঁৰ 'কেৰালাথিলে চুৱৰ চিত্ৰংগল' নামৰ গ্ৰন্থত কেৰালাৰ দেৱাল চিত্ৰকলাক চাৰিটা পৰ্যায়ত বিভক্ত কৰিছে।

পুনৰুজ্জীৱন

কেৰালাৰ পৰম্পৰাগত দেৱাল চিত্ৰশিল্পীসকল বিভিন্ন শাসকৰ পৃষ্ঠপোষকতাত আছিল। কিন্তু ব্ৰিটিছ শাসনকালত এই শিল্পকলাৰ ব্যাপক ক্ষতিসাধন হয়। আনকি ই বিলুপ্তিৰ গৰাহতো পৰিছিল। ১৯৪৭ চনত ভাৰতৰ স্বাধীনতা লাভৰ পিছত এই পৰম্পৰাৰ পুনৰুজ্জীৱন ঘটে। কেৰালাৰ ডাঙৰ ডাঙৰ মন্দিৰসমূহত এই কাৰ্য আৰম্ভ হয়। কেৰালাৰ ত্ৰিশূৰ জিলাৰ গুৰুভায়ুৰ দেৱস্বম ব’ৰ্ডে 'চেণ্টাৰ ফৰ ষ্টাডী অৱ ম্যুৰেল পেইণ্টিংছ' নামৰ এখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে। মাম্মিয়ুৰ কৃষ্ণন কুট্টী নায়াৰ ইয়াৰ প্ৰধান প্ৰশিক্ষক আছিল। এই প্ৰতিষ্ঠানে পুনৰুজ্জীৱনৰ এই পৰ্যায়টোক প্ৰতিনিধিত্ব কৰে।১ একেদৰে কালাডীৰ শ্ৰী শংকৰাচাৰ্য সংস্কৃত বিশ্ববিদ্যালয়ৰ ভূমিকাও উল্লেখযোগ্য। এই বিশ্ববিদ্যালয়ত ড° সাজু থুৰুথিলৰ নিৰ্দেশনাত এই কাৰ্য চলিছিল।

পদ্ধতি

পৰম্পৰাগতভাৱে এই চিত্ৰকলাত চাৰিটা ভিন্ন প্ৰক্ৰিয়া জড়িত হৈ থাকে,

  1. মাধ‍্যম প্ৰস্তুতকৰণ (গ্ৰেনাইট আৰু লেটেৰাইট দেৱাল)
  2. খচৰা বা আউটলাইন অংকন
  3. ৰং প্ৰয়োগ আৰু
  4. আলংকাৰিক সবিশেষ যোগ কৰা

সংস্কৃত গ্ৰন্থসমূহত চিত্ৰশৈলী, বিভিন্ন ৰঙৰ কাৰ্যকাৰিতা, বিভিন্ন ৰঞ্জক পদাৰ্থ মিহলাই প্ৰস্তুত কৰিব পৰা বাঞ্ছনীয় সংমিশ্ৰণ, ৰং লগোৱাৰ বাবে ভিত্তি প্ৰস্তুত কৰাৰ পদ্ধতি আৰু বিভিন্ন প্ৰাকৃতিক উৎসৰ পৰা ৰং প্ৰস্তুত কৰাৰ প্ৰণালীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে।১

দেৱাল প্ৰস্তুতকৰণ

দেৱাল প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিভিন্ন পদাৰ্থৰে দেৱালখন প্লাষ্টাৰ কৰাৰ তিনিটা পৰ্যায় জড়িত হৈ থাকে।

  1. ১:২ অনুপাতত চূণ আৰু পৰিষ্কাৰ বালিৰ মিশ্ৰণৰ প্লাষ্টাৰ।
  2. ১:২ অনুপাতত চূণ আৰু বালি, আৰু কপাহৰ (Gossypium herbaceum) মিশ্ৰণৰ প্লাষ্টাৰ। দেৱালখনক জিলিকি থকা বগা ৰূপ দিবলৈ কপাহ ব্যৱহাৰ কৰা হয়।
  3. পোৰা চূণ আৰু অতি কোমল ডাবৰ পানীৰ মিশ্ৰণৰ ২৫-৩০ বাৰ প্ৰলেপ বা ৱাছ।২

ৰং প্ৰস্তুতকৰণ

পৰম্পৰাগত দেৱাল চিত্ৰত কেৱল 'পঞ্চবৰ্ণ' (পাঁচটা ৰং) ব্যৱহাৰ কৰা হৈছিল, অৰ্থাৎ ৰঙা, হালধীয়া, সেউজীয়া, ক’লা আৰু বগা।২ ইয়াত বগা ৰঙটো দেৱালখনৰ নিজা ৰং আছিল। ৰংসমূহ উদ্ভিদ আৰু খনিজ ৰঞ্জক পদাৰ্থৰ পৰা প্ৰস্তুত কৰা হয়। ৰঙা ৰং ৰঙা লেটেৰাইট মাটিৰ পৰা, হালধীয়া ৰং হালধীয়া লেটেৰাইট মাটিৰ পৰা, বগা ৰং চূণশিলৰ পৰা আৰু ক’লা ৰং চাকিৰ ছাই বা কাজলৰ পৰা আহৰণ কৰা হয়। নীল গছৰ (Indigofera tinctoria) পাত চেপি তাৰ ৰস শুকুৱাই লোৱা হয় আৰু সেউজীয়া ৰং পাবলৈ ইয়াক Eravikkara (Garcinia morella)-ৰ সৈতে মিহলাই ব্যৱহাৰ কৰা হয়। ৰং মিহলাবলৈ কাঠৰ সঁজুলি ব্যৱহাৰ কৰা হয় আৰু বাইণ্ডিং মিডিয়া বা আঠা হিচাপে ডাবৰ পানী আৰু নিম গছৰ (Azadirachta indica) ৰস ব্যৱহাৰ কৰা হয়।২

ধৰ্মীয় শাস্ত্ৰত বৰ্ণনা কৰা অনুসৰি দেৱাল চিত্ৰৰ চৰিত্ৰসমূহক সিহঁতৰ গুণ বা বৈশিষ্ট্য অনুসৰি ৰং কৰা হয়। আধ্যাত্মিক, ঐশ্বৰিক আৰু ধাৰ্মিক চৰিত্ৰসমূহক (সাত্বিক) সেউজীয়া ৰঙৰ বিভিন্ন শেডত চিত্ৰিত কৰা হয়। ক্ষমতা আৰু পাৰ্থিৱ সম্পত্তিৰ প্ৰতি আকৰ্ষিত চৰিত্ৰসমূহক (ৰাজসিক) ৰঙাৰ পৰা সোনালী হালধীয়া ৰঙৰ শেডত অঁকা হয়। অসুৰ, দুষ্ট আৰু নীচ চৰিত্ৰসমূহক (তামসিক) সাধাৰণতে বগা বা ক’লা ৰঙেৰে অংকন কৰা হয়।২

অধিক সমল

তথ্যসূত্ৰ

  1. ↑ Nayar, T. S.; Binu, S.; Pushpangadan, P. (1999-01-01). Uses of Plants and Plant Products in Traditional Indian Mural Paintings. Economic Botany. পৃ. 41–50
  2. ↑ Mini, P. V. (2010). Preparation techniques of pigments for traditional mural paintings of Kerala. Indian Journal of Traditional Knowledge
  3. ↑ Menachery, St. Thomas Christian Encyclopaedia, II, Trichur, 1973; Indian Church History Classics, Saras, Ollur, 1998

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ সংস্কৃতিচিত্ৰকলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰালাৰ দেৱাল চিত্ৰকলা” প্ৰবন্ধৰ সংশোধন ৬২৩৩১৭ (৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।