অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কুলাথুপুড়া অৰণ্য সংগ্ৰহালয়

কুলাথুপুড়া অৰণ্য সংগ্ৰহালয় হ’ল ভাৰতৰ এক বিশেষ সংগ্ৰহালয়। এই সংগ্ৰহালয়টো কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ কুলাথুপুড়াত অৱস্থিত। এইখন কেৰালাৰ প্ৰথম তথা সৰ্ববৃহৎ অৰণ্য সংগ্ৰহালয়।

হালনাগাদ: ৫ আগষ্ট ২০২৬ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কুলাথুপুড়া অৰণ্য সংগ্ৰহালয় হ’ল ভাৰতৰ এক বিশেষ সংগ্ৰহালয়। এই সংগ্ৰহালয়টো কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ কুলাথুপুড়াত অৱস্থিত। এইখন কেৰালাৰ প্ৰথম তথা সৰ্ববৃহৎ অৰণ্য সংগ্ৰহালয়।

অৱলোকন

কুলাথুপুড়া বন বিভাগৰ ৰেঞ্জ কাৰ্যালয়ৰ অধীনত থকা ৩.৩ একৰ ভূমিত এই কুলাথুপুড়া অৰণ্য সংগ্ৰহালয়টো নিৰ্মাণ কৰা হৈছে।১ সংগ্ৰহালয়ৰ ওচৰতে কুলাথুপুড়া নদীৰ (কাল্লাডা নদীৰ এখন উপনদী) পাৰত এখন সৰু অৰণ্য আছে।২ দৰ্শনাৰ্থীসকলে অৰণ্যৰ মাজেৰে খোজ কাঢ়ি যাওঁতে যি ধৰণৰ প্ৰাকৃতিক পোহৰ আৰু শব্দৰ অনুভৱ কৰে, সেই একেই পৰিৱেশ কৃত্ৰিমভাৱে এই সংগ্ৰহালয়টোত ফুটাই তোলা হৈছে।৩ কোল্লাম জিলাৰ কুলাথুপুড়াত অৱস্থিত এই সংগ্ৰহালয়ত দৰ্শনাৰ্থীসকলে অৰণ্যৰ বিভিন্ন আৰ্হি, বিভিন্ন জীৱ-জন্তুৰ ভাস্কৰ্য, বনজ সম্পদ আৰু কাঠৰ প্ৰজাতিৰ নমুনা তথা কেৰালাৰ জনজাতীয় ঐতিহ্যৰ বিভিন্ন উপাদান প্ৰত্যক্ষ কৰিব পাৰে।৪৩ ইয়াৰ আন এক অন্যতম আকৰ্ষণ হৈছে কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ভাৰ্চুৱেল ৰিয়েলিটি (VR) ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এক ‘ভাৰ্চুৱেল চিৰিয়াখানা’।৩ পাঁচটা প্ৰদৰ্শনী কক্ষ থকা এই সংগ্ৰহালয় চৌহদত ল’ৰা-ছোৱালীৰ খেলপথাৰ, ফুড ক’ৰ্ট, ইক’ শ্বপ আৰু অতিথিশালাৰ দৰে সুবিধাসমূহো উপলব্ধ আছে।৩২

এইখন কেৰালাৰ প্ৰথমখন অৰণ্য সংগ্ৰহালয়।৫ ই একে সময়তে কেৰালাৰ আটাইতকয়ে ডাঙৰ অৰণ্য সংগ্ৰহালয়ো বটে।৬

কেৰালা বন বিভাগৰ অধীনত থকা এই সংগ্ৰহালয়টো তিৰুৱনন্তপুৰম বন উন্নয়ন এজেন্সীয়ে পৰিচালনা কৰে।৭

ইতিহাস

২০১৭ চনত চৰকাৰৰদ্বাৰা অনুমোদিত এই অৰণ্য সংগ্ৰহালয় প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম পৰিৱেশ-পৰ্যটন (Eco-tourism) আঁচনিৰ অধীনত ৯.৮৫ কোটি টকাৰ আবণ্টনেৰে ২০২১ চনত সম্পূৰ্ণ হয়।৭ মুঠ ব্যয়ৰ ভিতৰত ৫.৪৮ কোটি টকা ভৱন নিৰ্মাণত আৰু ৪.৩৭ কোটি টকা প্ৰদৰ্শনী সামগ্ৰী তথা ইয়াৰ সৈতে সংলগ্ন পোহৰ আৰু শব্দ ব্যৱস্থাত ব্যয় কৰা হৈছিল।৭ তাৰ পিছত কেৰালাৰ তদানীন্তন বনমন্ত্ৰী এ কে শচীন্দ্ৰ্নে ২০২৩ চনৰ ১৮ আগষ্টত সংগ্ৰহালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি সৰ্বসাধাৰণৰ বাবে মুকলি কৰে।৮

উদ্দেশ্য

এই প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়টোৰ মূল উদ্দেশ্য হৈছে মানুহক প্ৰকৃতি, জৈৱ-বৈচিত্ৰ্য আৰু সংস্কৃতিৰ বিষয়ে শিক্ষিত কৰা আৰু গৱেষণাৰ সুযোগ প্ৰদান কৰা।৩

অৱস্থিতি

কোল্লাম জিলাৰ কুলাথুপুড়া চহৰৰপৰা প্ৰায় ১০ কিঃমিঃ দূৰত তিৰুৱনন্তপুৰম-চেনকোট্টা আন্তঃৰাজ্যিক ঘাইপথৰ কাষত এই সংগ্ৰহালয়টো অৱস্থিত। পথ পৰিবহণৰ জৰিয়তে ই ওচৰৰ চহৰসমূহৰ সৈতে সুন্দৰভাৱে সংযোজিত।৯১০ আটাইতকয়ে ওচৰৰ প্ৰধান ৰেল ষ্টেচনটো হৈছে ২৭ কিঃমিঃ দূৰত অৱস্থিত পুণালুৰ ৰেল ষ্টেচন। আনহাতে নিকটৱৰ্তী বিমানবন্দৰটো হ’ল প্ৰায় ৭৫ কিঃমিঃ দূৰত অৱস্থিত তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।৯

প্ৰৱেশ

সোমবাৰৰ বাহিৰে প্ৰতিদিনে-ৰাতিপুৱা ১০ বজাৰপৰা সন্ধিয়া 6 বজালৈকে এই সংগ্ৰহালয়টো খোলা থাকে। ইয়াত প্ৰৱেশৰ বাবে প্ৰাপ্তবয়স্কসকলৰ বাবে ৩০ টকা আৰু ১২ বছৰৰ তলৰ শিশু তথা পৰিচয়-পত্ৰ থকা ছাত্ৰ-ছাত্ৰীৰ বাবে ১০ টকা প্ৰৱেশ মাচুল ধাৰ্য কৰা হৈছে।৯

ভৱিষ্যতৰ উন্নয়নমূলক লক্ষ্য

সংগ্ৰহালয় প্ৰকল্পৰ প্ৰথম পৰ্যায়টো সফল হোৱাৰ পিছত বন বিভাগে এতিয়া ইয়াৰ দ্বিতীয় পৰ্যায়ৰ উন্নয়নমূলক কাম-কাজৰ বাবে প্ৰস্তুতি চলাইছে। দ্বিতীয় পৰ্যায়ত সংগ্ৰহালয়ৰ কাষেৰে বৈ যোৱা কুলাথুপুড়া নদীৰ পাৰত স্নানাগাৰ বা গা-ধোৱা ঘাট, বহাৰ ব্যৱস্থা আৰু সুন্দৰ উদ্যান নিৰ্মাণ কৰা হ’ব।২

তথ্যসূত্ৰ

  1. ↑ Kulathupuzha Forest Museum · Forest Department. www.keralatourism.org. Department of Tourism, Government of Kerala
  2. ↑ Kulathupuzha, Mansoor. (2024-02-19). സഞ്ചാരികൾക്ക് പ്രിയങ്കരമായി കുളത്തൂപ്പുഴ വനം മ്യൂസിയം · Kulathupuzha Forest Museum is popular among tourists. ://madhyamam.com. Madhyamam
  3. ↑ (2024-12-03). കുളത്തുപ്പുഴ ഫോറസ്റ്റ് മ്യൂസിയം: കേരളത്തിലെ ആദ്യത്തെ വന മ്യൂസിയം. ://news18.com
  4. ↑ (2023-08-16). Kulathupuzha Forest Museum inauguration on Aug. 18. The Hindu
  5. ↑ Kerala's First Forest Museum at Kulathupuzha, Kollam. kerala.gov.in. Government of Kerala
  6. ↑ ലേഖകൻ, സ്വന്തം. (2023-08-19). സംസ്ഥാനത്തെ ഏറ്റവും വലിയ വനംമ്യൂസിയം തുറന്നു. Manoramanews
  7. ↑ നാച്വറല്‍ ഹിസ്റ്ററി ഫോറസ്റ്റ് മ്യൂസിയം ഇന്നു തുറക്കും. Manoramaonline. Malayala Manorama
  8. ↑ (2023-08-18). Forest museum at Kulathupuzha inaugurated. The Hindu
  9. ↑ Kulathupuzha Forest Museum Thiruvananthapuram - Hi TVM Tourist Places. hitvm.in
  10. ↑ സഞ്ചാരികൾക്കായി കുളത്തൂപ്പുഴ മ്യൂസിയം തുറന്നു; കാടിനെ കുറിച്ചറിയേണ്ടവർക്ക് സ്വാഗതം. Samayam Malayalam. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ সংগ্ৰহালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলাথুপুড়া অৰণ্য সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৬২৩৫৭৫ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।