কুম্মি নৃত্য ( Kummi Dance) ভাৰতৰ তামিলনাডু আৰু কেৰালাত প্ৰচলিত এবিধ লোকনৃত্য। সেই অঞ্চলত এই নৃত্য বেছ জনপ্ৰিয়। পুৰুষ-মহিলা উভয়েই এই নৃত্যত অংশগ্ৰহণ কৰে। তামিল পুৰুষ আৰু মহিলাই এটা বৃত্তত এই নৃত্য কৰে। অঞ্চল ভেদে নৃত্যৰ ধৰণ বেলেগ বেলেগ হ’ব পাৰে। কোনো কোনো ঠাইত ই অতি সহজ, য’ত ছন্দময় তালত হাতচাপৰি বজাই বা ঢোলৰ ছেঁৱত নচা হয়। আন কোনো ঠাইত নৃত্য শিল্পীসকলে বিভিন্ন ধৰণৰ কৃষি শস্য চপোৱাৰ অনুকৰণত নৃত্যৰ ভংগিমা দেখুৱায়। এই নৃত্যত প্ৰায়ে গীত সংযোজন কৰা হয়।১ কুম্মি নৃত্যৰ সৈতে গোৱা গীতক কুম্মি গীত বোলে। কুম্মি নৃত্য উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়। এই নৃত্য শ্ৰীলংকাত থকা তামিলসকলৰ মাজতো অনুষ্ঠি হয়। কুম্মি গীত আধুনিক যুগত কুথিয়োত্তম উৎসৱৰ জনপ্ৰিয় সংযোজন হৈ পৰিছে।২ কুম্মি শব্দটোৰ উৎপত্তি তামিল শব্দ “কম্মাই’’ৰ পৰা হৈছে। কম্মাই শব্দৰ অৰ্থ হাতচাপৰি বজাই নৃত্য কৰা। যেতিয়া সমাজত বাদ্যযন্ত্ৰ উদ্ভাৱন হোৱা নাছিল, তেতিয়াই এই নৃত্যৰ উৎপত্তি হৈছিল। ৩ গতিকে, ই অতি প্ৰাচীন নৃত্য।
নৃত্যৰ ধৰণ
নৃত্য আৰম্ভ হোৱাৰ আগতে এগৰাকী গাঁৱৰ মহিলাই জনপ্ৰিয় গীত এটা আৰম্ভ কৰে। লগে লগে সেই গীতত সংগত কৰিবলৈ আন কিছুমানে গীত গায় আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বা গীতৰ তাল ৰাখিবলৈ গীতটি গাই গাই হাত চাপৰি বজাই যোগদান কৰে। গীত পৰিবেশন কৰে বৃত্তাকাৰে নাচি থকা মহিলাসকলে। পুৰুষসকলে যোগদান কৰিলেও তেওঁলোক বৃত্তৰ বাহিৰত থাকি আন এটা বৃত্ত গঠন কৰি নৃত্যত অংশ লয়। ৪তেওঁলোকৰ প্ৰত্যেকৰে হাতত একোডাল লাঠি থাকে। দুই ধৰণৰ কুম্মি নৃত্যত দুই ধৰণৰ শৈলী প্ৰয়োগ কৰা হয়। সৰল কুম্মি নৃত্যত মহিলাসকলে বৃত্তাকাৰে থিয় হৈ ছন্দময়ভাৱে হাত চাপৰি বজাই নাচে ভৰি সঞ্চালন কৰে। নৃত্যৰ খোজবোৰো পুনৰাবৃত্তিমূলক; হাতত হাত ধৰি আগবাঢ়ি যায় আৰু কুঁজা হৈ হাত চাপৰি বজায়। এগৰাকী মহিলাই প্ৰিয় গীত এটাৰে গায়কীৰ নেতৃত্ব দিয়ে আৰু বাকীসকলে নৃত্য কৰিবলৈ লয়। প্ৰতিজনী অংশ লোৱা মহিলাই পাল পাতি গীতটিৰ এটা নতুন শাৰী গায় আৰু এইদৰে সকলোৱে ভাগৰি পৰিলে নৃত্য বন্ধ হৈ যায়। কুম্মি নৃত্যত মুখৰ ভাব প্ৰকাশেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কুম্মি নৃত্যৰ অনুশীলন আৰু পৰিৱেশন বিভিন্ন শৈলীত কৰিব পাৰি যেনে- পুনথাট্টি কুম্মি, দীপা কুম্মি, কুলাৱৈ কুম্মি, কাদিৰ কুম্মি, মুলাইপাৰী কুম্মি, ইত্যাদি।৫
তথ্যসূত্ৰ
- ↑ Folk Dance
- ↑ Filippo Osella, Katy Gardner, "Migration, Modernity, and Social Transformation in South Asia", p. 131-132
- ↑ Singh, Mahima. (2020-08-21). Kolattam- Stick Dance of Andhra Pradesh. Auchitya
- ↑ Guru, Travel. (2015-01-25). Kummi Dance. Beautiful Indian Tourist Spots
- ↑ formsofdancesintamilnadu.wordpress.com/kummi/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুম্মি নৃত্য” প্ৰবন্ধৰ সংশোধন ৫২২৬৮৩ (৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।