আদি শংকৰাচাৰ্য (Adi Shankaracharya) ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত জি ভি আয়াৰ পৰিচালিত এখন সংস্কৃত ভাষাৰ চলচ্চিত্ৰ। অদ্বৈত বেদান্ত (অদ্বৈতবাদ) মতবাদক হিন্দু দৰ্শনত সুদৃঢ় কৰি তোলা হিন্দু দাৰ্শনিক আদি শংকৰৰ জীৱন আৰু তেওঁৰ সময়ক ছবিখনত চিত্ৰিত কৰা হৈছে। এই ছবিখন কন্নড় ভাষা চলচ্চিত্ৰ উদ্যোগত সংঘটিত পৰীক্ষামূলক চলচ্চিত্ৰ যুগৰ এক মুখ্য উদাহৰণ আৰু সংস্কৃত ভাষাত নিৰ্মিত ভাৰতৰ প্ৰথমখন ছবি।১ ১৯৮৩ চনত আদি শংকৰাচাৰ্যই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবি, শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফী আৰু শ্ৰেষ্ঠ অডিঅ'গ্ৰাফীকে ধৰি চাৰিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (৩১তম) লাভ কৰিবলৈ সক্ষম হয়।২৩
আদি শংকৰাচাৰ্যৰ পিছত ১৯৮৬ আৰু ১৯৮৯ চনত আয়াৰে শংকৰাচাৰ্যৰ শিষ্য ক্ৰমে মাধৱাচাৰ্য্ আৰু ৰামানুজাচাৰ্যৰ জীৱনৰ আধাৰত একে নামেৰে আন দুখন ছবি পৰিচালনা কৰিছিল।
অভিনয়শিল্পী
- সৰ্বদমন ডি বেনাৰ্জী (আদি শংকৰাচাৰ্য)
- শ্ৰীনিবাস প্ৰভু (প্ৰাজ্ঞনা)
- টি এচ নাগবৰণ (মৃত্যু)
- ভাৰত ভূষণ (শংকাচাৰ্যৰ পিতৃ)
- মঞ্জুনাথ ভাট (পদ্মপদ)
- গোপাল (থোতাকা)
- ভি আৰ কে প্ৰসাদ (হস্তমলাকা)
- এম ভি নাৰায়ণ ৰাও (সুৰেশ্বৰ)
- গোপীনাথ দাস (গোবিন্দ ভাগৱতপদ)
- এল ভি সাৰদা ৰাও (শংকাৰচাৰ্যৰ মাতৃ)
- লীলা নাৰায়ণ ৰাও (অভয় ভাৰতী)
বঁটা
- ১৯৮৩-৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি
- শ্ৰেষ্ঠ চিত্ৰনাট্য: জি ভি আয়াৰ
- শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ (ৰঙীন): মধু অম্বট
- শ্ৰেষ্ঠ অডিঅ’গ্ৰাফী: এচ পি ৰামানাথন
তথ্যসূত্ৰ
- ↑ Adi Shankaracharya (1983). IMDb
- ↑ 31st National Film Awards. India International Film Festival
- ↑ 31st National Film Awards (PDF). Directorate of Film Festivals
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদি শংকৰাচাৰ্য (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৪৩৩৬৭ (৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।