অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তঃৰাষ্ট্ৰীয় কয়ৰ সংগ্ৰহালয়

আন্তঃৰাষ্ট্ৰীয় কয়ৰ সংগ্ৰহালয় (International Coir Museum) ভাৰতৰ কেৰালা ৰাজ্যত অৱস্থিত এখন সংগ্ৰহালয়। এই সংগ্ৰহালয়টো আলাপ্পুয়া জিলাৰ কালাভূৰত অৱস্থিত। ই ভাৰত চৰকাৰৰ এক সংবিধিবদ্ধ সংস্থা ভাৰতীয় কয়ৰ ব’ৰ্ডৰ অধীনস্থ এখন সংগ্ৰহালয়।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

আন্তঃৰাষ্ট্ৰীয় কয়ৰ সংগ্ৰহালয় (International Coir Museum) ভাৰতৰ কেৰালা ৰাজ্যত অৱস্থিত এখন সংগ্ৰহালয়। এই সংগ্ৰহালয়টো আলাপ্পুয়া জিলাৰ কালাভূৰত অৱস্থিত। ই ভাৰত চৰকাৰৰ এক সংবিধিবদ্ধ সংস্থা ভাৰতীয় কয়ৰ ব’ৰ্ডৰ অধীনস্থ এখন সংগ্ৰহালয়। ২০২৫ চনলৈকে কয়ৰ অৰ্থাৎ নাৰিকলৰ আঁহৰ এইখন বিশ্বৰ প্ৰথম আৰু বৰ্তমানৰ একমাত্ৰ সংগ্ৰহালয়।

অৱলোকন

নাৰিকলৰ আঁহ বা কয়ৰ উদ্যোগটো কেৰালাৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশসমূহৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।১ আলাপপ্লায়া জিলাত এই আন্তঃৰাষ্ট্ৰীয় কয়ৰ সংগ্ৰহালয়টো স্থাপন কৰাৰ মূল কাৰণ হ’ল এই অঞ্চলটোত বৃহৎ পৰিমাণে নাৰিকলৰ আঁহ, ইয়াৰপৰা তৈয়াৰী সামগ্ৰী আৰু ইয়াৰ উদ্যোগসমূহ কেন্দ্ৰীভূত হৈ আছে।১ বিশ্বৰ ভিতৰতে এইখন প্ৰথম আৰু বৰ্তমানৰ একমাত্ৰ কয়ৰ সংগ্ৰহালয়।২৩

ইতিহাস

এখন আন্তঃৰাষ্ট্ৰীয় কয়ৰ সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱ তদানীন্তন কয়ৰ ব’ৰ্ডৰ অধ্যক্ষ প্ৰফেচাৰ জি বালচন্দ্ৰনে আগবঢ়াইছিল।২ ২০১২ চনৰ মে’ মাহত কোচিত অনুষ্ঠিত ২০৮তম কয়ৰ ব’ৰ্ডৰ বৈঠকত এই আন্তঃৰাষ্ট্ৰীয় কয়ৰ সংগ্ৰহালয়টো আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয়।৪ ২০১৪ চনত, ভাৰতীয় কয়ৰ ব’ৰ্ড গঠনৰ হীৰক জয়ন্তী বৰ্ষত, ব’ৰ্ডে এই সংগ্ৰহালয়টো স্থাপন কৰে। ইয়াত কয়ৰ খণ্ডৰ ঐতিহাসিক পৰিঘটনা আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ ক্ৰমবিকাশ প্ৰদৰ্শন কৰা হৈছে। ২০১৪ চনৰ ২৭ মে’ত কেৰালাৰ তদানীন্তন মুখ্যমন্ত্ৰী উমেন চণ্ডীয়ে কালাভূৰৰ কয়ৰ ব’ৰ্ড কমপ্লেক্সত এই আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয়টো উদ্বোধন কৰে।৫

উদ্দেশ্য

বিগত বছৰবোৰত ভাৰতৰ কয়ৰ উদ্যোগত হোৱা বৈপ্লৱিক উন্নয়নসমূহ জনসাধাৰণৰ সন্মুখত দাঙি ধৰাৰ উদ্দেশ্যেই এই আন্তঃৰাষ্ট্ৰীয় কয়ৰ সংগ্ৰহালয়টো স্থাপন কৰা হৈছিল।৫

আকৰ্ষণসমূহ

সংগ্ৰহালয়ৰ ভিতৰত নাৰিকলৰ আঁহেৰে নিৰ্মিত কলা-সামগ্ৰীসমূহ
সংগ্ৰহালয়ৰ ভিতৰত নাৰিকলৰ আঁহেৰে নিৰ্মিত কলা-সামগ্ৰীসমূহছবি: Ganesh Mohan T · CC BY-SA 4.0

সংগ্ৰহালয়টোত নাৰিকলৰ আঁহ আৰু ইয়াৰ সামগ্ৰী উৎপাদনৰ পৰম্পৰাগত প্ৰক্ৰিয়া, প্ৰযুক্তিৰ বিকাশ, আঁহ নিষ্কাশন আৰু কয়ৰ খণ্ডত যান্ত্ৰিকীকৰণৰ সূচনা আদি প্ৰদৰ্শন কৰা হৈছে।৫ ইয়াত প্ৰদৰ্শিত কয়ৰ উদ্যোগৰ এটা চুটি তথ্যচিত্ৰই এই উদ্যোগৰ উৎপত্তি, বিকাশ আৰু গৱেষণা তথা উন্নয়নৰ জৰিয়তে হোৱা শেহতীয়া প্ৰগতিৰ বিষয়ে তথ্য প্ৰদান কৰে।৫

সংগ্ৰহালয়ৰ কাষতে এটা উপহাৰৰ দোকান আছে। ইয়াৰপৰা দৰ্শনাৰ্থীসকলে বিভিন্ন ধৰণৰ নাৰিকল আঁহৰ হস্তশিল্প, দলিচা আৰু অলংকাৰ ক্ৰয় কৰিব পাৰে।৫৬

প্ৰৱেশ

সোমবাৰৰ সাপ্তাহিক বন্ধৰ দিনটোক বাদ দি প্ৰতিদিনে-ৰাতিপুৱা ৯.৩০ বজাৰপৰা আবেলি ৫.০০ বজালৈকে এই সংগ্ৰহালয়টো সৰ্বসাধাৰণৰ বাবে খোলা থাকে।৭ সৰ্বসাধাৰণৰ বাবে প্ৰৱেশ মাছুল ধাৰ্য কৰা হৈছে।৭

অৱস্থিতি

এই সংগ্ৰহালয়টো আলাপ্পুয়া জিলাৰ কালাভূৰত অৱস্থিত। আটাইতকয়ে ওচৰৰ বাছ আস্থানটো হৈছে ৮ কিঃমিঃ দূৰত অৱস্থিত আলাপ্পুয়া বাছ আস্থান। নিকটৱৰ্তী ৰেল ষ্টেচনটো হ’ল কালাভূৰ ৰেল ষ্টেচন আৰু প্ৰধান ৰেল ষ্টেচনটো ১০ কিঃমিঃ দূৰত অৱস্থিত আলাপ্পুয়া ৰেল ষ্টেচন। আটাইতকয়ে ওচৰৰ বিমানবন্দৰটো হ’ল ৭৫ কিঃমিঃ দূৰত অৱস্থিত কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।১

তথ্যসূত্ৰ

  1. ↑ International Coir Museum. DTPC Alappuzha. District Tourism Promothion Council, Alppuzha
  2. ↑ (15 August 2016). TOPICS Coir: The revolutionary fibre. The Himalayan Times
  3. ↑ Six offbeat museums in south India to add to your travel list
  4. ↑ archive, our online. (16 May 2012). International Coir Museum soon. The New Indian Express
  5. ↑ International Coir Museum. Coir Board of India
  6. ↑ About International Coir Museum Alappuzha: International Coir Museum Photos, History & Significance. Incredible India
  7. ↑ International Coir Museum. Central Coir Research Institute

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ সংগ্ৰহালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তঃৰাষ্ট্ৰীয় কয়ৰ সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৬২৬৩৪৯ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।